চেণ্ডেলৰ বেলাড

আপোনাৰ সমস্ত ভৰ মই বহন কৰোঁ
এসাগৰ সুখৰ এসাগৰ দুখৰ
নতুবা ব্যস্ততাই কোঙা কৰা ক্লান্ত জীৱনৰ।

মোৰ পিঠিতেই আপোনাৰ যাত্রা শূন্যৰ পৰা শলৈ
জীৱনৰ ইমূৰ সিমূৰ পথ
জন্মৰ পৰা মৃত্যুলৈ।

এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ
স্বপ্নিল আশাৰ শিখৰলৈ
এমুঠি হাঁহিৰ পৰা ব’ব নোৱৰা যন্ত্রণালৈ।

আপোনাৰ সুসজ্জিত সুঠাম দেহটো মই বিনে অসম্পূর্ণ
আধুনিকতাৰ বজাৰত মোক আপোনাৰ লগত নেৰাখিলে
সকলোৱে হাঁহিব, কোনোৱে ক’ব— চাচোন এইটো ক’ৰ ভিক্ষাৰী !

আপোনাৰ মোৰ সম্বন্ধৰ ইতিহাস প্রাচীন
আপোনাৰ কম্পমান হৃদয়ৰ ভাষা মই শুনো
শুনো বিষাদ জর্জৰিত বিননি।

মোৰ জীৱনটো আপোনাৰ নামত উৎসর্গিত
তথাপি আপুনি দলিয়াই দিয়ে মোৰ ফটা-ছিগা দেহটো  
এথানি-এবানি কৰে এলাগি বুলি

এয়াই আপোনাৰ পৰিচয়
নিজ প্রয়োজন পূৰণত ব্যস্ত
আপুনি জীৱ শ্রেষ্ঠ মানুহ।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

ভাস্কৰজিৎ নাথ

লেখকৰ ঠিকনা: নগাওঁ ফোন: ৮৪০৩৮৪০৯১৮ ই-মেইল: bhaskarjit56@gmail.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of