প্ৰকৃতি

প্ৰকাশ: ৫ জুন, ২০১৮ | অন্তিম সম্পাদনা: ৯ জুন, ২০১৯

“পৰোপকাৰায় ফলন্তি বৃক্ষাঃ
পৰোপকাৰায় বহন্তি নদ‍্যঃ।
পৰোপকাৰায় দুহন্তি গাৱঃ
পৰোপকাৰাৰ্থ মিদং শৰীৰম্।।”*

পৰোপকাৰী বৃক্ষ,
অবিহনে ধৰা ৰুক্ষ।

জল বায়ু বস্ত্ৰ খাদ‍্য
ষোড়শোপচাৰ নৈবেদ‍্য,
সকলোৰে ই উৎস,
অবিহনে ধৰা ৰুক্ষ।

প্ৰকৃতি পৃথিৱীৰ প্ৰাণ,
প্ৰগতিৰ জীৱন ধাৰণ।
পশু-পক্ষী, পাহাৰ-নদী
কিয়নো ক্ৰুৰতাৰ লক্ষ‍্য?

অকৃপণ হাতেৰে দিয়াৰ পাছতো
নহৱ কিয়নো ক্ষান্ত?
বিদাৰি প্ৰকৃতিৰ বক্ষ,
ৰূপ ললি অনাহুত যক্ষ।

হেৰ’ মানুহ,
স্বাৰ্থপৰতাত নহ’বি অজ্ঞ,
সময় থাকোঁতে নিজেই হ বিজ্ঞ
ৰোধিবলে’ প্ৰকৃতিৰ ধ্বংসযজ্ঞ।

*परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः परोपकारार्थ मिदं शरीरम् ॥

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

২ responses to “প্ৰকৃতি”

  1. Nilamoni Barman Avatar
    Nilamoni Barman

    Very nice initiative

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts