তাপুক কৈৱৰ্ত: বৃটিছ সংসদত বিচাৰৰ প্ৰসংগ উত্থাপন হোৱা সাহসী স্বাধীনতা সংগ্ৰামী

তাপুক কৈৱৰ্ত: বৃটিছ সংসদত বিচাৰৰ প্ৰসংগ উত্থাপন হোৱা সাহসী স্বাধীনতা সংগ্ৰামী
  • 12 Jul, 2023

ভা ৰতীয়সকল ইংৰাজৰ বহতীয়া হৈ পৰিল। আর্য সভ্যতাৰ ঐতিহ্য বহনকাৰী মংগোলীয়, দ্রাবিড়, মোগল-পাঠান সকলোৱে ভাৰতীয় জাতীয়তাবাদৰ ভেটিত একেখন মঞ্চত একত্ৰিত হ’ল। কোনো বহতীয়া হৈ থাকিব নোখোজে। সকলোকে স্বাধীনতা লাগে। লাহে লাহে বগা চাহাবৰ বিৰুদ্ধে ভাৰতবাসী জাগি উঠিল। স্বাধীনতা আনিবৰ বাবে সমগ্ৰ ভাৰতবৰ্ষই মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত একগোট হৈছিল। মহাত্মাই মহান গৌতম বুদ্ধৰ ‘সত্যৰ সদায় জয়’ আৰু ‘অহিংসাই পৰম ধৰ্ম’ আদি বাণী আওৰাই স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিলে। সমগ্র দেশজুৰি বাজি উঠিছিল বৃটিছ খেদা ৰণদুন্দুভি। আবাল-বৃদ্ধ-বণিতাৰ মুক্তিপিয়াসী মন জাগি উঠিছিল সাম্রাজ্যবাদী বগা বঙালৰ বিৰুদ্ধে।

ভাৰতৰ স্বাধীনতা আন্দোলন। স্বাধীনতাৰ যুঁজৰ এই মহান যজ্ঞত নামী-অনামী, পৰিচিত-অপৰিচিত লাখ লাখ লোকৰ অৱদান আছে। তেনে এজন অসমীয়া ডেকাৰ সাহস আৰু ত্যাগৰ কথা আজি পাহৰণিৰ গৰ্ভত। হত্যাৰ প্ৰচেষ্টা (Attempt to commit murder)ৰ অভিযোগত যিজনৰ বিচাৰ সুদূৰ বৃটিছ সংসদত উত্থাপন হৈছিল, সেইজন অসমীয়া অসমৰে নহয়, ভাৰতবাসীৰ বাবেই গৌৰৱ আৰু সাহস।

সাম্ৰাজ্যবাদী বৃটিছৰ বিৰুদ্ধে ভাৰতীয় জনগণৰ স্বাধীনতা আন্দোলনৰ ভৰপক সময়। ভোগেশ্বৰী ফুকননী, বলো সূত, থগী সূত, লক্ষী হাজৰিকাৰ তেজেৰে ৰঞ্জিত বঢ়মপুৰৰ নিকটৱৰ্তী পুৰণিগুদামৰ মানুহে অসীম সাহস আৰু অকৃত্ৰিম দেশপ্ৰেমেৰে বলীয়ান হৈ অহিংস আন্দোলনত জঁপিয়াই পৰিছিল। নৰেন্দ্ৰ নাথ হাজৰিকা, মহেন্দ্ৰ বৈৰাগী, পুষ্পকান্ত শ‍ইকীয়া, সোমেশ্বৰ বৰা, মোহন দাস, গোলোক শৰ্মা আদিৰ অক্লান্ত ত্যাগ আৰু সাহসৰ বলত পুৰণিগুদামৰ জনসাধাৰণো ওলাই আহিছিল দেশমাতৃৰ চৰণত আত্মবলিদান দিবলৈ। সাম্ৰাজ্যবাদীসকলে ৰাইজক অকামিলা কৰিবৰ বাবে জাপি দিয়া মদ-ভাং-কানি আদি বৰ্জনৰ বাবে পুৰণিগুদামৰ জনগণে কংগ্ৰেছী স্বেচ্ছাসেৱকৰ সৈতে পিকেটিঙত ভাগ ল’লে।

আগষ্ট মাহ। অসমৰ গৱৰ্নৰ লুৰি হেমন্দ চাহাব পুৰণিগুদাম হৈ উজনি অসমলৈ যোৱাৰ খবৰ আহি পুৰণিগুদাম কংগ্ৰেছৰ কাণত পৰিলহি। লগে লগে সিদ্ধান্ত হ’ল— হেমন্দ চাহাবক ঘেৰাও কৰি ক’লা পতাকা দেখুৱাই বিক্ষোভ প্রদর্শন কৰিব। খেতিপথাৰৰ কাম য’তে আছিল ত’তে এৰি অঞ্চলটোৰ গঞা ৰাইজ পুৰণিগুদামৰ গড়মূৰত আহি সমবেত হ’লহি।

হেমন্দ চাহাবে পুৰণিগুদামৰ এই আয়োজনৰ কথা জানিব পাৰি মাইনৰ স্কুলৰ ওচৰৰ ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত থমকি ৰ’বলৈ বাধ্য হ’ল। হেমন্দ চাহাবৰ লগত অহা নগাঁও জিলাৰ আৰক্ষী মিস্তাৰ ৰাউত আৰু উপ-পৰিদৰ্শক গোবিন্দ চন্দ্ৰ বৰাক এদল সশস্ত্ৰ পুলিচ দি গড়মূৰৰ পৰিস্থিতিৰ বুজ ল’বলৈ পঠালে৷ হেমন্দ চাহাবৰ পৰিৱৰ্তে ৰাউতক দেখি সমবেত জনগণ উত্তেজিত হৈ পৰিল। উত্তেজিত জনতাক ঠাণ্ডা কৰিবলৈ ৰাউত চাহাবে লাঠিচালনাৰ আদেশ দিলে।

পুলিচৰ অমানৱীয় অত্যাচাৰ দেখি এগৰাকী পোন্ধৰ বছৰীয়া কিশোৰ জ্বলি উঠিল ক্ষোভত। পুলিচৰ লাঠিৰ কোব আহি যেই তেওঁৰ গাত পৰিলহি, ক্ষোভ আৰু অপমানত ফাটি যাওঁ ফাটি যাওঁ হ’ল। চকুৰ পচাৰতে মহিলা নির্বিশেষে অত্যাচাৰ চলোৱা ৰাউত চাহাব আৰু তেওঁৰ পুলিচ বাহিনীৰ কাৰ্যকলাপত অসন্তুষ্ট হৈ ওচৰৰ মানুহ এঘৰলৈ দৌৰ মাৰিলে। ঘৰৰ চোতালত পৰি থকা বুটি-কোৰ এখনকে পাই সেইখন উঠাই লৈ ৰাউত চাহাবক খেদি আহিল কিশোৰজন আৰু গাৰ সমস্ত শক্তি প্ৰয়োগ কৰি ৰাউতক মাৰ ধৰিলে। বৃটিছ চাহাবজনৰ ভাগ্য সুপ্রসন্ন আছিল, কিশোৰজনৰ প্ৰহাৰে শৰীৰৰ কোনো ক্ষতিসাধন কৰিব নোৱাৰিলে।

তাপুকে দ্বিতীয় চাবটো দাঙি লওঁতেই পুলিচৰ মর্যাদা আৰু সন্মানৰ প্ৰতীকস্বৰূপ ৰাউত চাহাবৰ টুপীটো মূৰৰ পৰা সৰি পৰিছিল৷ লাজ-অপমানত দগ্ধ হৈ তেওঁ আদেশ দিলে সেই অদম্য-অসীম সাহসী কিশোৰজন প্ৰমুখ্যে জনসমাগমটোৰ নেতৃবৃন্দক আটক কৰিবলৈ। অনুৰূপ আদেশ মানি পুলিচ বাহিনীয়ে ঘটনাস্থলীৰ পৰা সাতজনক আটক কৰি কাৰাগাৰলৈ চালান দিলে।

অপ্ৰতিৰোধ্য সাহসৰ জ্বলন্ত স্বাক্ষৰ সেই পোন্ধৰ বছৰীয়া কিশোৰজনেই আছিল আমাৰ লেখাৰ নায়ক তাপুক কৈৱৰ্ত৷ ১৯১৫ চনত চলচলি আদৰ্শ গাঁৱৰ এটি মৎস্যজীৱী পৰিয়ালত জন্মগ্ৰহণ কৰি অকৃত্রিম দেশপ্ৰেমৰ প্ৰেৰণাত বৃটিছৰ বিৰুদ্ধে সিংহৰ দৰে যুঁজি সাহসৰ স্বাক্ষৰ ৰাখি থৈ গ’ল। স্মৰ্তব্য যে গ্ৰেপ্তাৰ কৰা উক্ত সাতজনৰ দুজন— ক’লামণি বৰুৱা আৰু সৌৰেন্দ্ৰ হাজৰিকাক নাবালক বুলি পাছত এৰি দিয়ে। বাকী পাঁচজন— তাপুক কৈৱৰ্ত, নৰেন্দ্ৰ নাথ হাজৰিকা, অকণ শ‍ইকীয়া, দেৱেন হাজৰিকা আৰু ফটিক চন্দ্ৰ কোচক ৩২০ ধাৰাৰ অধীনত জামিনবিহীন পৰোৱানা জাৰি কৰি কাৰাগাৰত বন্দী কৰি ৰাখে। পোন্ধৰ বছৰীয়া নাবালক হোৱা সত্ত্বেও হত্যাৰ প্ৰচেষ্টাৰ অভিযোগত তাপুক কৈৱৰ্তৰ বিচাৰৰ প্ৰসংগ সুদূৰ বৃটিছ সংসদত উত্থাপন হৈছিল।

পাছত কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন, নগাঁৱৰ বৃন্দাবন গোস্বামী আদিৰ যত্নত সাক্ষী-প্রমাণৰ অভাৱত ছমাহ কাৰাদণ্ডৰ পাছত পঞ্চাশ টকাকৈ জৰিমণাত আটাইকেইজনকে মুক্তি দিয়ে। তাপুক কৈৱৰ্তক যদিও মুক্তি দিয়া হৈছিল, প্ৰকৃতাৰ্থত সেয়া মুক্তি নাছিল। তেওঁক নজৰবন্দী কৰি ৰখা হৈছিল। পেটে-ভাতে খাই জীয়াই থকা তাপুকৰ মুক্তিৰ বাবদ হোৱা সমস্ত খৰচ কৰিছিল ৰত্নকান্ত হাজৰিকা নামৰ এগৰাকী সদাশয় ব্যক্তিয়ে।

ভাৰতৰ বিভিন্ন ঠাইত স্বাধীনতা যুঁজাৰু বীৰসকলৰ নাম যুগমীয়া কৰিবৰ বাবে চৰকাৰে বিভিন্ন আঁচনি হাতত ল’লে। অসমৰে নহয়, ভাৰতবৰ্ষৰে সাহসৰ প্ৰতীক তাপুক কৈৱৰ্তৰ জন্মৰ শতবৰ্ষ পূৰ হ’ল, কিন্তু তাপুক কৈৱৰ্তৰ দৰে সাহসী বীৰৰ নামটো ল’বলৈও এতিয়া কাৰো আহৰি নাই। স্বাধীনতাৰ আগতে ভাৰতৰ জনগণে কল্পনা কৰা ধনী-দুখীয়া সকলো সমান সমাজখনৰ আজি কোনো অস্তিত্ব নাই। স্বাধীনতাৰ পাছত ভাৰতীয় জনগণে কি পালে? পালে মাথোঁ মানৱতাবিহীন এখন সমাজ। এইজন সাহসী বীৰক স্মৰণ কৰিবলৈ সময় হ’ব জানো? আমি এই লেখাৰেই তাপুক কৈৱৰ্তৰ স্মৃতিত শ্রদ্ধা নিবেদিলো।

❧ | আৰু পঢ়ক:

ছবি: কাল্পনিক/ প্ৰতিনিধিত্বমূলক।

তাপুক কৈৱৰ্ত: বৃটিছ সংসদত বিচাৰৰ প্ৰসংগ উত্থাপন হোৱা সাহসী স্বাধীনতা সংগ্ৰামী | দুলাল বৰা