বি বৰুৱা কলেজ ছাত্ৰাবাসৰ ভূত

২০১৩-১৪ চনৰ কোনোবা এদিন। স্থান: বি বৰুৱা মহাবিদ্যালয় ছাত্ৰাবাস। সময়: নিশা প্ৰায় ২ বাজি ১০ মিনিটমান হ’ব।

সেই সময়ত মহাবিদ্যালয়ৰ ছাত্ৰাবাসত ভূত সম্পৰ্কীয় বহুতো কাহিনী বিয়পি আছিল। বৰ্তমান সময়তো মহাবিদ্যালয়ৰ ছাত্ৰাবাসত ভূতৰ কাহিনী অতি সুলভ।

ডিয়েগ’ বড়োৱেও এনে কাহিনী নুশুনা নহয়। হোষ্টেলৰ ছাত্ৰ নহ’লেও ডিয়েগ’ৰ হোষ্টেললৈ সঘন আহ-যাহ। সেইদিনা ডিয়েগই পলাশৰ মুখেৰে শুনিছিল হোষ্টেলৰ পিছফালে থকা শৰণীয়া কবৰস্থানখন জাৰকালি যেতিয়া কুঁৱলিৰে ভৰি পৰে, তেতিয়া কুঁৱলিৰ মাজে মাজে বগা বগা কেতবোৰ অভিনৱ আকৃতি পলাশৰ চকুত পৰে। তছলিমে আকৌ মাজৰাতি শুই থকা সময়ত নিজৰ ভেণ্টিলেচনত কেতবোৰ আচহুৱা শব্দ শুনা পায়। আৰু ৰণদীপ, পাৰ্থহঁতে হেনো প্ৰথম মহলাৰ বেলকনিত কাৰেণ্ট নথকা কানিমুনি সময়ত বগাকৈ ভূত বহি থকাও দেখিছে।

সেইদিনা আছিল হোষ্টেলৰ ৰাজেন চহৰীয়াৰ জন্মদিন। ৰাজেন, লক্ষ্য, বিনয়, ডিয়েগ’, মুচফিকুৰ— গোটেইকেইটা সেই সময়ৰ তথাকথিত জিগ্‌ৰী দোষ্ট। জন্মদিনৰ হুলস্থুলৰ মাজতেই ওলাল ভূতৰ কথা। ডিয়েগৰ খুচখুচাই থকা মনটোৱে মুচফিকুৰৰ ফালে ইংগিত দিলে, মানে ‘ৰাতি ওলাম দে, দুধ কা দুধ পানী কা পানী কৰিম…’। মুচফিকুৰো একেই, বাঘৰ আগতেল খোৱা ল’ৰা। সকলো শোৱাৰ পাছত দুয়ো উঠিল, উদেশ্য এটাই— ইমান বছৰে শুনি থকা ভূতৰ অস্তিত্বৰ সন্ধান। দুয়ো কোঠাৰ বাহিৰ ওলাল, কাকো দেখা নাই। লাহে লাহে ইফালে সিফালে চাই দুইটা আগবাঢ়িল।

—’ব’ল ছাদৰ ফালে যাওঁ।’ মুচফিকুৰে ক’লে।

ছাদৰ ফালে যোৱা চিৰিকেইটাইদি দুয়ো অগ্ৰসৰ হ’ল, কিন্তু ক’তো হ’লে একো চকুত নপৰিল। ছাদ পোৱাৰ অন্তিম চিৰিকেইটা পাৰ হৈছেহে,— আগে আগে ডিয়েগ’, পিছে পিছে মুচফিকুৰ, ঘপহকৈ ডিয়েগই সেয়া কি দেখা পালে, ছাদত দেখোন কোনোবা এজন বহি আছে! হয়, ছাদত কেঁকোৰা দীঘল চুলিৰে হাফপেণ্ট এটা পিন্ধি চিগাৰেট হুপি হুপি এজন জধলা ল’ৰা বহি আছে। ডিয়েগ’ই ল’ৰাজনক চিনি পালে, এইজন বুদ্ধদীপ্ত ভট্টাচাৰ্য। বুদ্ধদীপ্তই প্ৰায়ভাগ অকলশৰেই থাকে। বুদ্ধদীপ্তই শান্তভাৱে পিছফালে ঘূৰি চাই আৰু ডিয়েগহঁতক দেখি ক’লে— ‘অহ ডিয়েগ দেখোন, কি হ’ল, ইমান ৰাতি ছাদলৈ যে?’
—’আবে ভূত বিচাৰি আহিছিলো।’
—’অহ ভূত, সেইফালে চা।’ বুদ্ধই ছাদৰ এচুকলৈ আঙুলি টোঁৱালে।

বুদ্ধদীপ্তই দেখুৱাই দিয়াৰ ফালে ডিয়েগ’ আৰু মুচফিকুৰে চালে। জোনাকত জিলিকি থকা দৃশ্যটো সিহঁত দুইটাই অবাক মানি মাথোঁ চাই থাকিল।

ছাদত পৰি আছিল প্ৰায় ৭-৮টামান বৰটোকোলা চৰাই। জোনাকত জিলিকিছিল সিহঁতৰ বগা নোমাল শৰীৰ। মাইকী দুজনীমানে নিজৰ পোৱালিকেইটাক নিজৰ বৃহৎ ডেউকা দুখনিৰে ঢাকি ধৰিছে। মাজে মাজে দীঘল ঠোঁটটো আকাশৰ ফালে টোঁৱাই দিছে।

বৰটোকোলা | Rahulsharma photography | Wikimedia Commons

বুদ্ধদীপ্তই ক’লে— ‘হয়, এইকেইটাই বি বৰুৱা মহাবিদ্যালয় ছাত্ৰাবাসৰ ভূত। এইকেইটাক বৰটোকোলা বুলি কয়। বৰটোকোলাৰ ইংৰাজী মই নাজানো, কিন্তু জানো যে ই এবিধ বিৰল চৰাই। ইহঁতে সাধাৰণতে মাছ খায়। আগতে মহানগৰীত বহুতো খাল-বিল আছিল, কিন্তু এতিয়া আৰু ক’ত? এই শৰণীয়া কবৰস্থানখন আছে বাবেই ইহঁত আছে, নহ’লে কোনোবা আহি ইমান দিনে খাল-বিল পুতি ফাইভ ষ্টাৰ হোটেল বনালেহেঁতেন। আজিকালি বৰটোকোলাকেইটা হোষ্টেললৈ জাবৰ বিচাৰি আহে, কিজানি কিবা খাবলৈ পায়েই।’

ডিয়েগ’ৰ মনত পৰিল, ইভলিউশ্যনৰ লগে লগে এটা প্ৰজাতিয়ে নিজৰ প্ৰধান আহাৰ বিচাৰি নাপাই বিকল্প আহাৰ বিচাৰিবলৈ বাধ্য হয়, মাথোঁ জীয়াই থকাৰ বাবে।

বুদ্ধদীপ্তৰ পৰা লৈ ডিয়েগ’ই চিগাৰেট এটা জ্বলালে। সেই ৰাতি বহুপৰলৈ ডিয়েগ’, বুদ্ধদীপ্ত আৰু মুচফিকুৰে ভূতকেইটাক একেথৰে চাই থাকিল।

(কলেজ এৰি অহা চাৰি বছৰেই হ’ল। আজিও চাগে বৰটোকোলাকেইটা হোষ্টেল চৌহদত আছে, ছাত্ৰাবাসৰ আবাসীসকলক এই বিৰল চৰাইবিধৰ অন্যায় নকৰিবলৈ অনুৰোধ জনালো।)

লেখকৰ ঠিকনা: দক্ষিণ শৰণীয়া, গুৱাহাটী-৭৮১ ০০৭

আপোনাৰ আৰু ভাল লাগিব পাৰে:

মানস প্ৰতিম দাস

দক্ষিণ শৰণীয়া, গুৱাহাটী-৭৮১০০৭ ফোন-৭৫৭৭০১৭৪২৫

1
আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
1 Comment threads
0 Thread replies
0 Followers
 
Most reacted comment
Hottest comment thread
1 Comment authors
Recent comment authors
  চাবস্ক্ৰাইব কৰক  
newest oldest most voted
Notify of
Guest
Biplav Konwar

মনত পৰি গ ল অ সেইবোৰ কথা