শ্ৰেণীকোঠাৰ সংস্কাৰ সাধন

শিৰোনামটোৱে পাঠকৰ মনত শিক্ষা ব্যৱস্থাৰ লগত জড়িত বহুকেইটা দিশৰ ছবি দাঙি ধৰিব পাৰে; কিয়নো শিক্ষাৰ পৰিসৰ অতিশয় বহল। এই বহল সাগৰখনৰ মাত্ৰ এটি বিন্দুৰ বিষয়ে, অৰ্থাৎ এটা সৰু বিষয় সম্পৰ্কত এই লেখাৰ জৰিয়তে আলোকপাত কৰিবলৈ চেষ্টা কৰিম। সেয়া হৈছে— সামাজিক ব্যাধি ৰোধত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ভূমিকা। শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে কিদৰে সামাজিক ব্যাধিবোৰ হ্ৰাস কৰিব পাৰি, ই প্ৰতিজন সমাজ সচেতন ব্যক্তি তথা সমাজ সংস্কাৰকৰ বাবে গুৰুত্বপূৰ্ণ আলোচনাৰ বিষয়।

সামাজিক ব্যাধিনো কোনবোৰ? কিছুমান ৰীতি-নীতি আৰু বিশ্বাস, যিবোৰে সমাজ এখনৰ শান্তি-সম্প্ৰীতিত ভাবুকিৰ সৃষ্টি কৰে, সমাজ এখনৰ অগ্ৰগতিত বাধা হিচাপে থিয় দিয়ে, সেইবোৰেই হ’ল সামাজিক ব্যাধি। অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিষয়ে আমি সকলোৱে জ্ঞাত। এনে কৰ্ম-কাণ্ডবোৰৰ উৎপত্তিৰ উৎসৰ বিষয়ে সমাজ বিজ্ঞানীসকলে বিশদভাৱে আলোচনা কৰাৰ প্ৰয়োজন আছে। সমাজৰ ক্ষুদ্ৰ সংস্কৰণ স্বৰূপ শিক্ষানুষ্ঠানসমূহ বহু সময়ত এই সামাজিক ব্যাধিবোৰৰ দ্বাৰা প্ৰভাৱিত হয়। শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ দ্বাৰা আমি বুজিব পাৰোঁ যে আমি সমাজৰ কেতবোৰ অলিখিত-অঘোষিত নিয়ম-নিৰ্দেশনাৰ মাজত বান্ধ খাই আছোঁ। এই ধৰক, আপুনি যদি এজন শিক্ষক, তেনেহ’লে সমাজে আপোনাৰ পৰা নম্ৰতা, ভদ্ৰতা, শৃংখলাবদ্ধতা, অৰ্হতা, সততা আদি দাবী কৰে; মুঠ কথাত এক আদৰ্শ জীৱনৰ উদাহৰণ হোৱাটো বিচাৰে।

ঠিক সেইদৰে শিক্ষাৰ্থীৰ ওপৰতো সমাজ এখনৰ যথেষ্ট চাপ থাকে। শিক্ষাৰ্থী হিচাপে আপোনাৰ ব্যৱহাৰ কেনে হোৱা উচিত, আপোনাৰ শৈক্ষিক ফলাফল কেনেকুৱা হ’ব লাগে ইত্যাদি আৰু আন বহুকেইটা দিশত সমাজে আপোনাৰ ভূমিকা নিৰ্ধাৰণ কৰি দিয়ে; সেইমতে আপুনি নিজৰ দায়িত্ব আৰু কৰ্তব্য সমাপন কৰে। গুৰুত্বপূৰ্ণ কথাটো হ’ল, সমাজে যদি কোনো দিশত অতিপাত বেছি হস্তক্ষেপ কৰি ব্যক্তিক নীতি-নিৰ্দেশনা দিবলৈ যায়, তেনেহ’লে ই এক ব্যাধিতো পৰিণত হ’ব পাৰে। ব্যাধিৰ উপস্থিতিৰ কথা আহিলেই আহি পৰে সংস্কাৰৰ প্ৰশ্নটো।

শ্ৰেণীকোঠাৰ ব্যাধি কি? শ্ৰেণীকোঠাৰ ব্যাধিৰ আটাইতকৈ চিনাকি উদাহৰণটো হ’ল, পৰীক্ষামুখিতা আৰু ফলাফলৰ ওপৰত আৰোপ কৰা অত্যধিক গুৰুত্ব। নিশ্চিতভাৱে শিক্ষালাভত পৰীক্ষা আৰু ফলাফলৰ গুৰুত্ব নুই কৰিব নোৱাৰি। তাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষা পৰিষদে এক সু-পৰিকল্পিত মূল্যাংকন ব্যৱস্থা নিৰ্ধাৰণ কিৰ দিয়ে। পাঠ্যক্ৰম নিৰ্ধাৰণতো শিক্ষা পৰিষদৰ ভূমিকা অপৰিসীম। শেহতীয়াকৈ অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)-এ সমাজত প্ৰচলিত ডাইনী হত্যা, পিছল মানুহ, অপহৰণ, শিশু নিৰ্যাতন, ইণ্টাৰনেটৰ অপপ্ৰয়োগ আদি ব্যাধি ৰোধ কৰাৰ লক্ষ্য আগত ৰাখি বিদ্যালয়ৰ পাঠ্যক্ৰমত এনে বিষয় অন্তৰ্ভুক্ত কৰিব খুজিছে, যিয়ে শিক্ষাৰ্থীক সমাজৰ প্ৰতি সচেতন আৰু দায়বদ্ধ কৰি তোলাত সহায় কৰিব। ই এক ইতিবাচক পদক্ষেপ।

এই ক্ষেত্ৰত অৱশ্যেই প্ৰশ্ন উত্থাপন হয় যে এনেবোৰ বিষয়ৰ অন্তৰ্ভুক্তিয়েই জানো যথেষ্ট হ’ব, যদি বিষয়টোৰ পাঠদানৰ ক্ষেত্ৰত উপযুক্ত পদ্ধতি অৱলম্বন কৰা নহয়? এই ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহে গ্ৰহণ কৰিব পৰা কেইটামান শিক্ষণ পন্থা হ’ব পাৰে এনে ধৰণৰ:

১. বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্তিকৰণৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে শিক্ষাৰ্থীক অৱগত কৰোৱা।
২. কেনে ধৰণৰ পাঠ আৰু কাৰ্যকলাপে তেওঁলোকক মূল্যবোধৰ বিষয়ে জানিবলৈ সহায় কৰে, তাৰ বিষয়ে শিক্ষাৰ্থীসকলক নিজাকৈ ভাবিবলৈ সুযোগ দিয়া।
৩. যোৰ পাতি বা দলবদ্ধভাৱে আলোচনা আৰু সমস্যাৰ সমাধান বিচাৰিবলৈ শিক্ষাৰ্থীক সুবিধা দিয়া।
৪. মূল্যবোধৰ শিক্ষাই বাস্তৱ জীৱনত কিদৰে সহায় কৰে ধৰণৰ প্ৰশ্নৰ অৱতাৰণাৰে শিক্ষাৰ্থীসকলক বিষয়টো অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তোলা।

| আৰু পঢ়ক: সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত সন্মুখীন হোৱা ভাষাগত সমস্যাৱলী

এইসমূহ কেইটামান উদাহৰণহে মাত্ৰ। শিক্ষণৰ বাবে হাততে পোৱা শিক্ষণ সামগ্ৰীৰ ব্যৱহাৰ, প্ৰতিযোগিতাৰ সলনি শ্ৰেণীকোঠাৰ পৰিৱেশত সহযোগিতাৰ ভাব বিলোৱা, দলবদ্ধ কামৰ প্ৰতি উৎসাহ যোগোৱা, নেতৃত্ব গ্ৰহণৰ সুযোগ প্ৰদান কৰা, আত্ম-নিৰীক্ষণ, ইজনে আনজনক পৰামৰ্শ প্ৰদান, বাক স্বাধীনতাৰ প্ৰতি গুৰুত্ব প্ৰদান আদি কিছুমান দিশৰ প্ৰতি প্ৰত্যেকগৰাকী শিক্ষকে মনোযোগ দিয়াটো অতি প্ৰয়োজনীয়। এইবোৰৰ ওপৰত ভিত্তি কৰিহে একো একোটা পাঠ্যক্ৰম তথা শ্ৰেণীৰ পাৰদৰ্শিতাৰ মূল্যায়ন কৰিব পাৰি। শ্ৰেণীকোঠাটোতে যদি আমি এজন ছাত্ৰক আন এজনৰ প্ৰতি প্ৰতিযোগিতামূলক ভাব পোষণ কৰিবলৈ শিকাওঁ, পৰীক্ষাত ভাল নম্বৰ পাবলৈকে যদি শিক্ষাৰ্থীয়ে হিংসা-দ্বেষৰ মনোভাব শ্ৰেণী একোটাত পুহি ৰাখে, তেনেহ’লে পৰ্যাপ্ত মূল্যবোধৰ শিক্ষাৰ পাঠদানেও সমাজ সলনিত অৰিহণা যোগাব নোৱাৰে। গতিকে সামাজিক ব্যাধি ৰোধত শিক্ষাৰ ভূমিকাৰ প্ৰাথমিক চৰ্তটো হ’ল— শ্ৰেণীকোঠাৰ পৰিৱেশৰ সংস্কাৰ সাধন।

লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী ভাষা শিক্ষণ বিভাগৰ শিক্ষাৰ্থী।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of