পৰীক্ষাৰ ফলাফলৰ সময়ৰ চিন্তা: প্রতিযােগিতাৰ নিগনি-দৌৰত হেৰুৱাইছোঁ নেকি আমাৰ বৌদ্ধিক সম্পদ

এতিয়া পৰীক্ষাৰ ফলাফলৰ বতৰ। যােৱা ২৫ মে’ (২০১৮)ত ঘােষণা কৰা হ’ল অসমৰ হাইস্কুল শিক্ষান্ত  আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। আনহাতে অহা ৩১ মে’ত ঘােষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল। জীৱনৰ প্রথম গুৰুত্বপূর্ণ পৰীক্ষাত যি সকল ছাত্র-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈ নিজৰ লগতে পৰিয়াল, নিজৰ অঞ্চলটো তথা সমাজখনলৈ গৌৰৱ কঢ়িয়াই আনিলে, সেইসকল কীর্তিমান ছাত্র-ছাত্রীলৈ আৰম্ভণিতে অকৃত্রিম স্নেহ আৰু অভিনন্দন জনাইছােঁ। লগতে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হােৱা ছাত্র-ছাত্রীসকললৈয়ো শুভ কামনা জনাইছােঁ। জীৱনৰ প্রতিটো খােজত যাতে তেওঁলােক সফল হয়, এই কামনা কৰিছােঁ।

কিন্তু এই ফলাফল ঘােষণাৰ সময়ত আন কিছু প্রাসংগিক চিন্তাইহে আমাৰ মনত বাৰুকৈয়ে দোলা দিছে। আজি আমাৰ ৰাজ্যখনৰ, অসমীয়া জাতিটোৰ জটিল সন্ধিক্ষণত আমাৰ ভৱিষ্যতৰ কৰ্ণধাৰ স্বৰূপ এই উঠি অহা প্ৰজন্মৰ ভৱিষ্যত জীৱনৰ প্রস্তুতি কালৰ এই সময়ছােৱাত তেওঁলােকৰ ভালৰ বাবে কিছুমান দিশ প্ৰতিগৰাকী অভিভাৱক, শিক্ষাগুৰু আৰু আমাৰ সমাজখনে ভাবি চোৱা ভাল। বিশেষভাৱে স্থানপ্রাপ্ত (ষ্টেণ্ড কৰা), ডিষ্টিংচন আৰু ষ্টাৰমার্ক পােৱা বা সামগ্রিকভাৱে ভাল ফলাফল ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আমাৰ সমাজখন, ওচৰচুবুৰীয়া আৰু অঞ্চলটোৱে বহু আশা কৰে। সেইমতে বহুতৰ পৰা পৰৱৰ্তী কালত আশানুৰূপ ফলাফলো পােৱা যায়; কিন্তু এনে বহু কীর্তিমান সময়ৰ সোঁতত হেৰাই যায়। হয়, তেওঁলােকৰ বহুত ডাঙৰ মানুহ হয়;— চিকিৎসক, অভিযন্তা, প্রশাসনিক বিষয়া আৰু বহু উচ্চপদস্থ পদত চাকৰি কৰে। শৈক্ষিক জীৱনৰ সপােন সার্থক কৰে। পাছে তেওঁলােকে এই ‘ডাঙৰ মানুহ’ হােৱাৰ পাছত সমাজখনৰ কাৰণে কি কৰে? মানুহৰ কাৰণে কি কৰে? তেওঁলােকৰ সামাজিক অৱদান কি হয়গৈ? নিশ্চিতভাৱে এইটো এয়া গুৰুত্বপূর্ণ প্রশ্ন। কেৱল এটা ভাল উচ্চপদস্থ চাকৰি কৰিলেই সমাজখনে আশা কৰাবােৰ পাবনে? বহু ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীর্ণ হােৱাৰ পাছত উচ্চশিক্ষা গ্ৰহণৰ বাবে দূৰণিলৈ গুছি যায়। আজিৰ এই চুড়ান্ত প্রতিযােগিতামূলক যুগত নিজৰ ভৱিষ্যতৰ বাবে যাবলগীয়া হয়,— এইটো একেবাৰে সঁচা কথা। কিন্তু চিন্তনীয় দিশটো হৈছে, তেওঁলােক যে শিক্ষাগ্রহণৰ বাবে আঁতৰলৈ ওলাই গ’ল, যি গল গ’লেই, উভতি আৰু নাহিবও পাৰে। তেওঁলােকে চহৰৰ অভিজাত শিক্ষানুষ্ঠানত পৰৱর্তী উচ্চশিক্ষা গ্রহণ কৰি প্রতিটো পৰীক্ষাতে পাৰদৰ্শিতাৰে উত্তীৰ্ণ হৈ এদিন বাহিৰে বাহিৰেই চাকৰি কৰে, আঁতৰৰ নগৰ-চহৰতে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি প্রতিষ্ঠিত হয়; নিজৰ ঘৰখনলৈ, গাঁওখনলৈ আৰু ঘূৰি নাহে! আহিলেও কিবা উৎসৱ-পার্বণ, বিহু-পূজাত আলহীৰ দৰে এদিন বা দুদিনৰ বাবে আহি কৰ্মৰ তাড়নাত পুনৰ উভতি যায়গৈ। গাঁৱৰ, পৰিয়ালৰ বা তেওঁলােকক লৈ এদিন সপােন দেখা, আশা কৰা মানুহখিনিৰ কাষত থিয় দিয়াৰ, খবৰ লােৱাৰ সময়েই নাপায়। অর্থাৎ আমাৰ মাজৰ পৰা এটা সম্পদ হেৰাই যােৱাৰ উপক্রম হয়। আকৌ আন এটা গুৰুত্বপূর্ণ দিশ হৈছে, আমি দেখি আহিছোঁ, বহু কীর্তিমান ছাত্র-ছাত্রী হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীর্ণ হয় ঠিকেই, কিন্তু পৰৱৰ্তী সময়ত সেই ধাৰাবাহিকতা ৰখাত যেন ব্যর্থ হয়। অৱশ্যে এই ক্ষেত্ৰত বহুকেইটা কাৰকে প্রভাৱ পেলায়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ বা ডিষ্টিংচন পালে বুলিয়েই বিজ্ঞান শাখাতে পঢ়িব লাগিব বুলি বহু অভিভাৱকে ছাত্র-ছাত্রীগৰাকীৰ সামৰ্থ্যৰ প্ৰতি গুৰুত্ব নিদি জোৰ কৰি বিজ্ঞান শাখাত পঢ়িবলৈ বাধ্য কৰে। হয়তো ছাত্ৰ বা ছাত্ৰীগৰাকী বিজ্ঞানৰ ছাত্ৰ নহয়েই। তেনেস্থলত কেৱল এইটো শাখাত পঢ়িলেহে ভাল মানুহ হ’ব পাৰি বুলি এটা ভ্রান্ত ধাৰণাৰে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ভৱিষ্যৎ জীৱনলৈ অন্ধকাৰ নমাই অনা কোনাে কাৰণতে যুক্তিসংগত নহয়। বহু ছাত্ৰ-ছাত্ৰীয়ে নিজেই নিজকে চিনি নোপোৱাৰ বাবেও, অৰ্থাৎ তেওঁ কি শাখাত পঢ়িলে ভাল হ’ব, সেয়া ঠিৰাং কৰিব নােৱাৰিয়ো এনে ভুল কৰে, ফলত উচ্চতৰ মাধ্যমিক বা পৰৱৰ্তী পৰ্যায়ত আশাহত হােৱা দেখা যায়। গতিকে ফলাফল ঘােষণাৰ পাছত নিজৰ শৈক্ষিক জীৱনৰ সিদ্ধান্ত লােৱাটো অতি গুৰুত্বপূর্ণ বিষয়। এই সময়ত হােৱা এটা সৰু ভুলেই যাতে গােটেই জীৱনক প্ৰভাৱিত কৰিব নােৱাৰে, তাৰ বাবে ছাত্ৰজনৰ লগতে প্ৰতিগৰাকী অভিভাৱক অত্যন্ত সচেতন হােৱা খুবেই প্রয়ােজন। আকৌ, ছাত্র-ছাত্রীৰ এই বয়সটো এটা অতি জটিল বয়স। বয়ঃসন্ধি কাল। এই বয়সতে জীৱনৰ গতিপথ সলনি হয়। তেওঁলােকৰ সন্মুখত ভাল আৰু বেয়া দুয়ােটা পথেই মুকলি হৈ থাকে। কোনটো পথেৰে গ’লে ভাল হ’ব, তেওঁলোকে ঠিৰাং কৰিব নােৱাৰে। ফলত ভাল ল’ৰা বা ছােৱালী এগৰাকীও বিভিন্ন কাৰণত বেয়াৰ দিশলৈ সহজতে গতি কৰে। মেট্ৰিকত ভাল ফলাফল দেখুৱালে বুলিয়েই বহু পিতৃ-মাতৃয়ে অপত্য স্নেহত অন্ধ হৈ আগ-পিছ নুগুনি সিহঁতে দাবী কৰা মতেই বাইক, মােবাইল আদি উপহাৰ দিয়ে। ভাল ফলাফল কৰিলে বাবেই পিতৃ-মাতৃ বা সমাজৰ অন্যান্য সকলেও তেওঁলোকৰ সন্মুখতে ইমানকৈ প্রশংসা কৰে যে তেওঁলোক জোখতকৈ অধিক আত্মবিশ্বাসী (অভাৰ কনফিডেন্ট) হৈ পৰিব পাৰে ৷ ‘মই পঢ়াত চোকায়েই, নপঢ়িলেও পাৰিম’— এই ধৰণৰ মানসিকতাই ক্রিয়া কৰিব পাৰে, যিয়ে তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে। তদুপৰি, মাক-দেউতাক বা পৰিয়ালৰ অকণমান অসচেতনতাৰ ফলতেই ছাত্ৰ-ছাত্ৰীসকলৰ বহুতেই বিভিন্ন ৰাগীয়াল দ্রব্যৰ কৱলত পৰে। ফলত জীৱনলৈ অন্ধকাৰ নামি আহে। এই বয়সত বিপৰীত লিংগৰ প্রতি হােৱা সহজাত আকর্ষণেও শৈক্ষিক দিশত প্ৰভাৱ পেলাই ক্ষতি কৰিব পাৰে। গতিকে এই ‘বয়সৰ ভুল’বােৰেই যাতে তেওঁলোকক বেয়া পথলৈ নিব নােৱাৰে, তাৰ বাবে সচেতন হ’ব লাগিব প্রতিগৰাকী পিতৃ-মাতৃ, অভিভাৱক তথা সমাজৰ জ্যেষ্ঠসকল। খুব সচেতনভাৱে, শাসন আৰু মৰম দুয়ােটাৰ মাজেৰে, বিশেষকৈ ল’ৰাৰ ক্ষেত্ৰত দেউতাক আৰু ছােৱালীৰ ক্ষেত্ৰত মাকে অতি বন্ধুত্বপূর্ণ ব্যৱহাৰৰে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ পথত দিক-নিৰ্ণায়কৰ ভূমিকাৰে তেওঁলােকক সঠিক পথ দেখুৱাই আগবঢ়াই নিব লাগিব। ল’ৰা-ছােৱালীৰ ক্ষেত্ৰত অত্যধিক শাসন আৰু মৰম,— দুয়ােটাই ক্ষতিকাৰক।

আমি আজি যিসকলে স্থান লাভ কৰিছে, ষ্টাৰ, ডিষ্টিংচন আৰু প্রথম বিভাগ পাইছে, সেইসকলৰ খবৰ লৈছােঁ, অভিনন্দন জনাইছোঁ; কিন্তু যিসকলে দ্বিতীয় বা তৃতীয় বিভাগ পাইছে আৰু যিসকলে সফলতা অর্জন কৰিব নােৱাৰিলে, সেই সকলৰ কিমান খবৰ ৰাখিছােঁ? আজি দ্বিতীয় বা তৃতীয় বিভাগ পােৱা ছাত্র-ছাত্রীসকলৰ বহুতে হয়তো আমাৰ অলপ শুভ কামনা, মনােবল আৰু আশিস পালে পৰৱৰ্তী পৰীক্ষাত কৃতিত্বৰে উত্তীর্ণ হ’ব পাৰিব। ইয়াৰ উদাহৰণো নথকা নহয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বা তৃতীয় বিভাগ পােৱা বহু ছাত্ৰ-ছাত্ৰীয়ে সাহস নেহেৰুৱাই অধিক একাগ্রতা আৰু কষ্টৰে পঢ়ি পৰৱর্তী উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষ্টাৰ মার্ক, প্রথম বিভাগ বা তাতােকৈয়ো বেছি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়। আকৌ উত্তীর্ণ হ’ব নােৱৰা ছাত্র-ছাত্রীসকলক পাহৰি যােৱা কোনাে কাৰণতে উচিত নহয়। কাৰণ, ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীক জনােৱা অভিনন্দন আৰু শুভ কামনাতকৈয়ো অধিক প্রয়ােজন উত্তীর্ণ হ’ব নােৱৰা সকলৰ কাষত থিয় দিয়াটো, তেওঁলােকক মানসিক সাহস যােগােৱাটো। তেওঁলােকনো কিয় উত্তীর্ণ হ’ব নােৱাৰিলে, তাৰ কাৰণসমূহ জানি-বুজি তেওঁলােকক উপযুক্ত পথ নিদের্শনাৰে সহায় কৰাটো এই সময়ত নিতান্তই প্রয়ােজনীয়। সর্বোপৰি, অতিকৈ দৰকাৰী কথাটো হ’ল— যিসকলে জীৱন সংগ্ৰামৰ কঠিন পথত আগুৱাই প্ৰচুৰ অধ্যৱসায় আৰু সাধনাৰে এই পৰীক্ষাত জিলিকি উঠিবলৈ সক্ষম হৈছে, সেইসকলক এধানিমান সহায়ৰ হাত আগবঢ়োৱাটো। এয়া অতি প্রয়ােজনীয় আৰু শুভ কাম। আমাৰ সমাজৰ বহুসংখ্যক অতি দৰিদ্ৰ ঘৰৰ সন্তানে নিজৰ মেধা আৰু প্রতিভাৰে এই পৰীক্ষাত স্থান লাভ কৰিছে, ষ্টাৰ, ডিষ্টিংচন পাইছে, ভাল ফলাফল দেখুৱাইছে। বহু দিন-হাজিৰা কৰা লােক, মিস্ত্রী, ৰিক্সাচালক, ঠেলাচালকৰ সন্তান প্রতি বছৰে উজলি উঠিবলৈ সক্ষম হৈছে। কোনােৱে নাঙলৰ সীৰলুত মানুহ হােৱাৰ সপােন ৰচিছে, কাৰােবাৰ পঢ়া-শুনা কৰিবলৈ ঘৰত এখন টেবুল, এখন চকীৰ অভাৱ, বিচনাত বহি পঢ়িয়েই সাফল্য অর্জন কৰিছে, কোনােৱে চাকিৰ পােহৰত পঢ়িও আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তেওঁলােক আমাৰ উঠি অহা প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁলােকক আমাৰ অকণমান আর্থিক সহায়ে আগবাঢ়ি যােৱাত বহু সহায় কৰিব পাৰে। আমি পৰাসকলে, আন নহলেও প্রতিগৰাকীয়ে অন্ততঃ যদি আমাৰ অঞ্চলটোৰ তেনে অর্থনৈতিকভাৱে অতি দৰিদ্র পৰিয়ালৰ মেধাৱী ছাত্র-ছাত্রী এগৰাকী বা দুগৰাকীক কিছু পৰিমাণে সহায় কৰিবলৈ আগবাঢ়ি আহােঁ, শৈক্ষিক জীৱনত প্রয়ােজনীয় কিতাপ-বহী, নামভৰ্তিকৰণৰ বাবে প্রয়ােজনীয় কিছু টকা-পইছা দি সহায় কৰিব পাৰােঁ, তাতকৈ ভাল কথা আৰু একো নহ’ব। গুণ নহ’লেও ধর্ম হ’ব। এয়া সহায় কৰােঁতাজনৰ আন এক মানসিক সন্তুষ্টিৰ কাৰণ হ’ব। এক অনুকৰণীয় আৰ্হি হ’ব আজিৰ যান্ত্রিক সমাজখনৰ বাবে। আমাৰ এই ক্ষুদ্র সহায়েই তেনে দৰিদ্র অথচ মেধাৱী, প্রতিভাবান ছাত্র-ছাত্ৰীসকলৰ জীৱন সলনি কৰি দিব পাৰে। এই দিশসমূহ সচেতনসকলে ভাবি চোৱাটে অতি প্রয়ােজন।

আজি সময়ৰ লগে লগে আমাৰ উঠি অহা প্ৰজন্মক ইমানেই বস্তুবাদী আৰু আত্মকেন্দ্রিক হৈ গঢ়ি উঠিছে যে সকলােৱে কেৱল নম্বৰকেন্দ্রিক প্রতিযােগিতাৰ নিগনি-দৌৰত নিজকে হেৰুৱাই পেলাইছে। এটা উচ্চ ডিগ্ৰী, ডিপ্লোমা, এখন ভাল পার্চেন্টেজৰ চার্টিফিকেট, এটা ভাল উচ্চপদস্থ চাকৰি— এইবােৰৰ সপােনে আন সকলাে দিশ পাহৰাই পেলাইছে। পাঠ্যপুথিৰ সীমিত জ্ঞানেৰে এগৰাকী ভাল মানুহ কেতিয়াও হ’ব নােৱাৰি। তাৰ সমান্তৰালভাৱে প্রয়ােজন সমাজ, দেশখনৰ, ৰাজ্যখনৰ আৰু নিজৰ অঞ্চলটোৰ প্রতিটো দিশৰ যথাযথ জ্ঞান অর্জন কৰাটো। কাৰণ, সংশ্লিষ্ট সকলােৱে এটা কথা মনত ৰখা ভাল যে অনাগত সময়ৰ বিভিন্ন ক্ষেত্ৰত, বিভিন্ন প্রতিযােগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ পাঠ্যপুথিকেন্দ্রিক জ্ঞানৰ লগতে অন্যান্য বহু দিশৰ সাধাৰণ জ্ঞান, অসম সম্পৰ্কীয়, জাতিটোৰ বিভিন্ন দিশৰ বিষয়ে যথাযথ জ্ঞান থাকিব লাগিব। বিভিন্ন প্রতিযােগিতামূলক পৰীক্ষাত এইবােৰ প্রাসংগিক বিষয় সম্পৰ্কীয় বিভিন্ন প্রশ্নৰ মুখামুখি হ’ব লাগিব। গতিকে সৰুৰে পৰাই এই দিশসমূহ সম্পর্কে সচেতন হােৱা অতি প্রয়ােজন। তদুপৰি, আজি নতুন প্রজন্মৰ অধিক সংখ্যকেই নম্রতা, ভদ্রতা, শিষ্টাচাৰ, সজ আচাৰ-ব্যৱহাৰ আদি ভাল গুণসমূহ যিধৰণে আয়ত্ব কৰিব লাগে, কৰিব পৰা নাই। সৎ চৰিত্ৰৱান, আদর্শবান, নিজৰ জাতিটোক, সমাজখনক, দেশখনক ভাল পাব পৰা, মানুহক ভাল পাব পৰা এজন প্রকৃতাৰ্থত ‘ভাল মানুহ’ , সুনাগৰিক হিচাপে নিজক গঢ়াৰ বাবে আজিৰ প্ৰজন্মৰ যেন আজৰি নাই! আমি আমাৰ সন্তানসকলক একো একোটা টকা ঘটা মেচিন হিচাপেহে গঢ়ি তুলিব খুজিছোঁ, যাৰ ফলত জাতিটোৰ বাবে, সমাজখনৰ বাবে, দেশৰ বাবে, দহৰ বাবে তেওঁলােকৰ কিবা কৰণীয় আছে, সেয়া ভাবি চোৱাৰ সময় নহয়গৈ।

| আৰু পঢ়ক: হিমাংশু ৰণ্‌জন ভূঞাৰ অসমীয়া: জাতীয় চেতনাবোধ আৰু মাতৃভাষা

পৰিশেষত, জীনৰ প্ৰথম গুৰুত্বপূৰ্ণ পৰীক্ষাটিত সফলতাৰে উত্তীর্ণ হােৱা এই সকল কীর্তিমানৰ পৰা এটাই আশা কৰিছােঁ,— অনাগত সময়ত তােমালােক চিকিৎসক, অভিযন্তা, প্রশাসনিক বিষয়া যিয়েই নােহােৱা, তাৰ সমান্তৰালকৈ মানুহক ভাল পােৱা, সমাজখনক, নিজৰ জাতি-মাটি, কৃষ্টি-সংস্কৃতিক ভাল পােৱা একো একোগৰাকী নিকা মনৰ, নিভাঁজ ‘ভাল মানুহ’, সুনাগৰিক হিচাপে প্রতিষ্ঠা লাভৰ বাবে পণ লােৱা। সমাজখনে তােমালােকলৈ অধীৰ আশাৰে বাট চাই আছে।

আপোনাৰ আৰু ভাল লাগিব পাৰে:
হিমাংশু ৰণ্‌জন ভূঞা

হিমাংশু ৰণ্‌জন ভূঞা

ঠিকনা: মাধৱ গাঁও, জামুগুৰিহাট, শোণিতপুৰ মোবাইল: ৮৪৮৬৪-০০১৫৭, ৭০০২৭-৬৭০১০

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of