বৰ্ণিল সময়ৰ দস্তাবেজ: নবীন বৰুৱাৰ ‘কটন কলেজ’

যুদ্ধোত্তৰ যুগৰ অসমীয়া ঔপন্যাসিকসকলৰ ভিতৰত ঔপন্যাসিক নবীন বৰুৱাৰ নাম বিশেষভাৱে উল্লেখযােগ্য। তেওঁ কেইবাখনাে উপন্যাস ৰচনাৰে অসমীয়া উপন্যাসৰ ভেটিটোক বহু পৰিমাণে সমৃদ্ধ কৰিছে। তেওঁৰ উপন্যাসসমূহৰ ভিতৰত ‘কটন কলেজ’ (১৯৬৫), ‘প্রেমিকা’ (১৯৭০), ‘অমােঘ নিবিড় অন্ধকাৰ’ (১৯৭২), ‘ফিনিক্স পখীৰ গান’ (১৯৭৩) আদি কেইবাখনাে উপন্যাসে একশ্রেণী পাঠকৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৰুৱাৰ উপন্যাসত নিম্ন মধ্যবিত্ত শ্রেণীৰ মানসিকতা, সুবিধাবাদী মনােবৃত্তি, ভােগস্পৃহাৰ প্ৰমূল্যহীনতা আদি দিশবােৰ উদঙাই দিবলৈ কৰা প্রয়াস দৃষ্টিগােচৰ হয়। ঔপন্যাসিকগৰাকীৰ আটাইকেইখন উপন্যাসৰ সামাজিক দিশলৈ লক্ষ্য কৰিলে লেখকৰ ব্যঙ্গাত্মক দৃষ্টিৰ প্রচ্ছন্ন সুৰটোৱে পাঠকসমাজক আকর্ষণ নকৰাকৈ নাথাকে।

ঔপন্যাসিক হিচাপে নবীন বৰুৱাই আত্মপ্রকাশ কৰে তেওঁৰ ১৯৭০ চনত প্রকাশিত ‘কটন কলেজ’ উপন্যাসখনৰ যােগেদি। উপন্যাসখনৰ যােগেদি বৰুৱাই অসমৰ প্ৰথমখন কলেজ কটন কলেজৰ এটা সময়ৰ কিছু অভিজ্ঞতাভিত্তিক বর্ণনা আগবঢ়াইছে। লেখকৰ বৰ্ণনাত পাঠকৰ মানসপটত কলেজখন সম্পর্কে এক প্রতিচ্ছবি ভাহি উঠে। কটন কলেজৰ কোনাে এক হােষ্টেলৰ আবাসী হিচাপে কটোৱা বৰুৱাই সেই সময়ছােৱাত প্রত্যক্ষ কৰা কলেজৰ বিভিন্ন ক্রিয়া-কলাপ, অধ্যক্ষ-অধ্যাপকৰ আচৰণ, হােষ্টেলীয়া জীৱনৰ অভিজ্ঞতা আদিক উপন্যাসখনত জীৱন্ত ৰূপ দিছে। ‘কটন কলেজ’ নাম অনুসৰি উপন্যাসখনত কটন কলেজ সম্পর্কে যিমানখিনি বর্ণনা আৰু ঘটনা-পৰিঘটনাৰ আশা কৰা হৈছিল, সিমানখিনি পোৱা নগ’ল। উপন্যাসখনৰ কাহিনী আবদ্ধ হৈ ৰ’ল হােষ্টেলীয়া জীৱনৰ দৈনন্দিন কার্যাৱলীৰ মাজতে। এই ক্ষেত্ৰত বিশিষ্ট সাহিত্য সমালােচক ডঃ সত্যেন্দ্রনাথ শৰ্মাৰ মন্তব্য প্রণিধানযােগ্য; তেখেতৰ মতে— “কাহিনীৰ ৰূপৰেখা বৰ ক্ষীণ, চৰিত্ৰ চিত্ৰণৰ সচেষ্ট প্রচেষ্টা নাই। কটন কলেজৰ লগত আন কলেজৰ নামটোৰ বাহিৰে পার্থক্য পৰিলক্ষিত নহয়। সি যি কি নহওক, অসমৰ প্রথমখন ঐতিহ্যমণ্ডিত কলেজ হিচাপে আৰু সেই কলেজখনৰ পটভূমিত ৰচিত উপন্যাস হিচাপে ‘কটন কলেজ’ উপন্যাসখখনৰ সদায় এক মূল্য থাকিব।”

উপন্যাসখনৰ আৰম্ভণি অতি মনােৰম। কেতবােৰ মিঠা সোঁৱৰণে প্রথম অধ্যায়টোৰ সৰহখিনি ঠাই অধিকাৰ কৰি আছে। প্রথম পুৰুষত বর্ণিত উপন্যাসখনৰ প্রতি পাঠকক আকৰ্ষণ কৰাৰ মানসেৰে লেখকে প্রথমে কেতবােৰ আকর্ষণীয় বাক্যৰ অৱতাৰণা কৰিছে—

“—আপুনি কটন কলেজত পঢ়িছিল?
—নাই পঢ়া।
—আপুনি কটন কলেজত পঢ়িছে?
—নাই পঢ়া।
—তথাপি এইখন কলেজ আপােনাৰ অচিনাকি নহয়। চিনাকি। খুব মৰম লগাকৈ চিনাকি।”

“এই কলেজৰ ল’ৰা-ছােৱালীয়ে এদিন দেশৰ স্বাধীনতাৰ কাৰণে জঁপিয়াই পৰিছিল। কাৰাবৰণ কৰিছিল। পুলিছৰ বেয়নেটৰ খােঁচত হয়তাে চিৰদিনৰ কাৰণে ঘুণীয়া হৈছিল।”

“হােষ্টেলৰ ভিতৰত থকা ল’ৰাই ভাষাৰ কাৰণে প্রাণ আহুতি দিলে। শ্বহীদ হ’ল।”

এনেদৰেই বৌদ্ধিক চাতুর্যৰে লেখকে কলেজখনৰ কিছুমান বীৰত্বপূর্ণ আৰু ঐতিহাসিক ঘটনাক স্মৰণ কৰি পাঠকক উপন্যাসখনৰ মাজলৈ টানি নিছে। ঔপন্যাসিকে ‘ফ্লেছবেক’ পদ্ধতিৰ সহায়ত অতীত কাহিনীৰ ৰােমন্থন কৰিছে আৰু তাক এক কলাসন্মত ৰূপ দিয়াৰ প্ৰয়াস কৰিছে। উপন্যাসখনৰ মুখ্য চৰিত্ৰ নিৰঞ্জন বৰুৱাৰ বিভিন্ন কার্য-কলাপৰ মাধ্যমেৰে ঔপন্যাসিকে কলেজখনৰ বিভিন্ন অনুষ্ঠানসমূহৰ বৰ্ণনা কৰাৰ লগতে নিৰঞ্জনৰ সেই অনুষ্ঠানবােৰৰ সৈতে গঢ় লৈ উঠা নিবিড়তাৰ কথাও প্রকাশ কৰিছে। এখন অখ্যাত গাঁৱৰ পৰা গুৱাহাটী মহানগৰীৰ কটন কলেজলৈ উচ্চশিক্ষা গ্রহণৰ উদ্দেশ্যে অহা নিৰঞ্জন বৰুৱা চৰিত্ৰটোৰ যােগেদি সেই সময়ৰ কলেজখনৰ ৰূপ, পৰিৱৰ্তন আৰু মানুহৰ মানসিকতা, প্রেমিক জীৱনৰ দৃশ্য, অর্থনৈতিক নাটনি আদি দৃশ্যবােৰক সবল ৰূপত বর্ণনা কৰাৰ প্ৰয়াস কৰিছে। কিন্তু হােষ্টেলৰ নিত্য-নৈমিত্তিক ঘটনাৱলীৰ নীৰস বর্ণনাৰ বাবে বহু সময়ত উপন্যাসখনৰ পঠন একঘেয়ামী ধৰণৰ হৈ পৰা যেন ভাব হয়।

উপন্যাসখনৰ প্রথম অধ্যায়ত হােষ্টেলীয়া জীৱনৰ কিছু বর্ণনাৰ লগতে কৰবী চলিহাৰ সৈতে হােৱা চিনাকিৰ কথা উল্লেখ কৰিছে। উপন্যাসখনৰ বর্ণনা অনুসৰি, আগদিনাখন লিটাৰেৰী ছেমিনাৰত কৰবী চলিহাই নিৰঞ্জন বৰুৱাৰ কবিতা আবৃত্তি শুনি তেওঁৰ শুভাকাংক্ষী হৈ পৰিছিল। তাৰ ফলশ্রুতিতেই কৰবী চলিহা আহি বৰুৱাৰ সৈতে চিনাকি হ’ল। তেনেদৰেই তেওঁলোকৰ মাজত গভীৰ বন্ধুত্ব গঢ় লৈ উঠিল। সেই বন্ধুত্বই পৰৱৰ্তী সময়ত প্ৰেমৰ ৰূপ লৈছে।

দ্বিতীয় অধ্যায়টোত চহৰৰ অভিজাত ঘৰৰ সন্তান কৰবী চলিহাৰ সৰলতাৰ বৰ্ণনা কৰিছে। বর্ণনা সুন্দৰ আৰু বাহুল্যবর্জিত, যাৰ বাবে এই অধ্যায়টোৰ পঠনীয় গুণ বৃদ্ধি পাইছে।

দেওবাৰৰ ব্যস্ততা সকলােৱে নুবুজে। যিসকল অত্যন্ত কর্মব্যস্ত তেওঁলােকেহে এই বন্ধবাৰটোৰ মূল্য বুজি পায়। এনে এক ভাবধাৰাকেই ঔপন্যাসিকে বর্ণনা কৰিছে উপন্যাসখনৰ চতুর্থ অধ্যায়ত। এইটো অধ্যায়ত লেখকে নিৰঞ্জন বৰুৱা চৰিত্ৰটোৰ মাধ্যমেৰে দেওবৰীয়া ব্যস্ততাক ফুটাই তোলাত সক্ষম হৈছে। পুৱা শুই উঠাৰে পৰা আবেলি চিনেমা চাবলৈ যােৱালৈকে বিভিন্ন কামৰ বৰ্ণনাৰে লেখকে এই অধ্যায়টো মনােৰম কৰি তুলিছে।

স্কুল, মহাবিদ্যালয় বা যিকোনো শিক্ষা প্রতিষ্ঠানৰে এক গুৰুত্বপূর্ণ অঙ্গ হৈছে ছাত্ৰ একতা সভা। উপন্যাসখনৰ পঞ্চম অধ্যায়টোত লেখকে কটন কলেজৰ নিৰ্বাচনৰ প্রসঙ্গ অৱতাৰণা কৰিছে। নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ছাত্র ছাত্রীসকলৰ আচাৰ-আচৰণ আৰু প্ৰতিভা সম্পর্কে দুই-এটা কথাৰ ইংগিত তেওঁ দিছে। এই অধ্যায়টোতে কলেজৰ ছাত্ৰই পিকেটিং, আন্দোলন আদি কৰি ভৱিষ্যতে কিদৰে কলেজৰ পৰা প্রয়ােজনীয় সা-সুবিধা আৰু স্কলাৰশ্বিপৰ পৰা বঞ্চিত হৈছে, তাৰ বিৱৰণ আছে। ঔপন্যাসিকগৰাকীয়ে প্রত্যক্ষ কৰা এনে দৃশ্যবােৰে কলেজখনৰ ছাত্র-ছাত্রীসকলৰ ৰাজনৈতিক দিশ সম্পৰ্কে থকা জ্ঞানৰাে সম্ভেদ দিয়ে।

প্ৰায়বােৰ অধ্যায়তে হােষ্টেলৰ গতানুগতিক কাহিনীধাৰাকেই দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে যদিও ইয়াৰ মাজে মাজে সমাজৰ কিছুমান বিশেষ দিশৰাে প্রতিফলন উপন্যাসখনত আছে। আধুনিক জীৱনে কঢ়িয়াই অনা বিশ্বাসহীনতা, চহৰৰ অভিজাত লােকৰ ভণ্ডামি আদিয়েও উপন্যাসখনত ভুমুকি মাৰিছে। উপন্যাসখনৰ বর্ণনা অনুসৰি নিৰঞ্জন বৰুৱাৰ গুৱাহাটীস্থিত সম্পর্কীয় ভিনিহীয়েকে নিৰঞ্জন বৰুৱাক কিদৰে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল, তাৰ দুখলগা বর্ণনা পােৱা যায়। অর্থাৎ ভিনিহীয়েকে নিৰঞ্জনৰ সৈতে কৰা ব্যৱহাৰখিনিত চহৰৰ আভিজাত্যৰ ভণ্ডামিৰ ছবিখন ফুটি উঠিছে।

সাধাৰণতে কলেজ-বিশ্ববিদ্যালয়ৰ হােষ্টেল বুলি ক’লেই আমাৰ মনলৈ আহে ৰেগিঙৰ কথা। সময়ৰ সোঁতত এই ৰেগিঙৰ ব্যাধি কিছু হ্রাস হােৱা যেন ভাব হয় যদিও এতিয়াও ইয়াৰ প্রচলন আছে। যি হােষ্টেলত থাকি পাইছে, তেওঁহে এই কথাবােৰ বেছি স্পষ্টকৈ অনুভৱ কৰিব পাৰিব। উপন্যাসখনৰ নৱম অধ্যায়টোত ঔপন্যাসিকে সেই ৰেগিং সম্পর্কে নিজা দৃষ্টিভংগীৰে কিছু কথা বর্ণনা কৰিছে। নৱাগতসকলৰ ক্ষেত্ৰত সংঘটিত হােৱা ৰেগিঙৰ ৰেহ-ৰূপ দেখি তেওঁক কৰা ৰেগিঙলৈ মনত পৰি গৈছে। এই ক্ষেত্ৰত তেওঁৰ মনত কেতবােৰ বৌদ্ধিক চিন্তাৰ প্রকাশ ঘটিছে। এই সম্পর্কে তেওঁ লিখিছে— “তথাপি ৰেগিং শেষ হােৱাৰ পাছত মােক কৈছিল, Animality gives sincerity, পশুত্বই হেনাে সৰলতা দিয়ে। আজি যদি মই ল’ৰাবােৰক, নতুন স্বপ্ন লৈ অহা ল’ৰাবােৰক মােক কৰাৰ দৰেই উৎপাত কৰিলােগৈহেঁতেন, ময়াে তেতিয়া ক’লােহেঁতেন, Animality gives sincerity। সিহঁতেও মােৰ পৰা শিকিলেহেঁতেন, মাক-দেউতাকহঁতৰ বুকুৰ পৰা ওলাই আহি আত্মনিৰ্ভৰশীল হ’বলৈ শিকা জীৱনটোৰ প্রথম খােজতে, তথাকথিত সমাজখনত যদি জীয়াই থাকিব খুজিছা, যদি মানুহ বুলি চিনাকি দিব খুজিছা, তুমি পশু হােৱা, মানুহ হ’বলৈ বিচৰা মানেই পিৰালিৰ কুকুৰ হােৱা, তথাকথিত সমাজখনৰ চুৱাপাতত ঠাই লৈ জীৱনৰ অৰ্থ বিচাৰা।” এই কথাখিনিৰ মাজেদি তথাকথিত সমাজখনত মানুহে স্বনিৰ্ভৰশীলভাৱে জীয়াই থাকিবলৈ কৰিবলগা সংগ্রামখনৰ বর্ণনা আছে। আচলতে হােষ্টেলীয়া জীৱনৰ সময়খিনিয়েই হৈছে মানুহ একোজন পৰিপক্ক ব্যক্তি হিচাপে গঢ় লােৱাৰ সঠিক সময়। গতিকে হােষ্টেলৰ কণ্টকময় অভিজ্ঞতাখিনিক যদি সহ্য কৰি হােষ্টেলটো নিজৰ কৰি ল’ব পৰা যায়, তেতিয়া ব্যক্তিৰ ভৱিষ্যত জীৱনত আহিবলগা সমস্যাৰ সৈতে সহজে মােকাবিলা কৰিবলৈ সক্ষম হ’ব পাৰি।

imgহােষ্টেলৰ অভিজ্ঞতা বর্ণনাৰ সমান্তৰালভাৱে তেওঁৰ দৰিদ্ৰ ঘৰখনৰ কথাও প্রসঙ্গক্রমে অৱতাৰণা কৰিছে। অশেষ পৰিশ্ৰম আৰু কষ্টৰ বলত মাক-দেউতাকে পঠোৱা আৰু দদায়েকে পঠোৱা টকাৰে নিৰঞ্জনে অতি মিতব্যয়ীভাবে চলিছে। ইফালে কৰবী আৰু নিৰঞ্জনৰ প্ৰেমৰ চিত্ৰখনকো কিছু দুর্বলভাৱে হ’লেও ঔপন্যাসিকে আগবঢ়াই লৈ গৈছে। স্নাতক চূড়ান্ত পৰীক্ষাত বিফল হৈ নিৰঞ্জনে কৰবীৰ সৈতে সম্পৰ্কৰ সমাপ্তি ঘটাইছে। ইয়াতে মূল কাহিনীৰ অন্ত পৰিছে।

উপন্যাসখন পঢ়ি যাওঁতে কেইবাটাও সৰু-বৰ দোষ পৰিলক্ষিত হয়। এই দোষবােৰে উপন্যাসখনৰ প্রতি পাঠক সমাজৰ আকর্ষণ কমাই আনে। গল্পৰ দৰেই উপন্যাসৰাে কাহিনী কথন প্রক্রিয়াৰ এটা গুৰুত্বপূর্ণ দিশ হ’ল— কৌতুহল; অর্থাৎ ‘তাৰ পাছত কি হ’ল’— এনে এক মনােভাব। কিন্তু উপন্যাসখনত প্রয়ােজন অনুসৰি এই ভাবৰ অভাৱ দেখা যায়। উপন্যাসখনত ঔপন্যাসিকৰ গভীৰ অন্তৰ্দৃষ্টি আৰু বাস্তৱ জীৱনবােধৰ অভাৱ পৰিলক্ষিত হয়। আনহাতে উপন্যাসখনৰ কাহিনীকথন প্রক্রিয়াও মনোগ্ৰাহী নহয়।

উপন্যাসৰ প্রাণ হ’ল, কাহিনীৰ ভিতৰুৱা পৰিস্থিতিৰ লগত চৰিত্ৰৰ নিৰন্তৰ সংঘাত। সেই নিৰন্তৰ সংঘাতৰ শিল্পগত উপস্থাপনে কাহিনী আৰু চৰিত্ৰ উভয়ৰে মনােহাৰিত্ব গুণ বৃদ্ধি কৰে। কিন্তু আলোচিত উপন্যাসখনত সংঘাতৰ উপস্থিতি প্রায় শূন্য। দুই-এটা সংঘাত আছে যদিও সি কাহিনী আৰু চৰিত্ৰক বৰ বেছি উজ্জ্বল কৰি তুলিব পৰা নাই। মাথোঁ হােষ্টেলীয়া জীৱন এটাৰ দৈনন্দিন গতানুগতিক কার্যাৱলীক লৈয়ে কাহিনীয়ে গতি লাভ কৰিছে।

| আৰু পঢ়ক: বুদ্ধজায়া: এক উপেক্ষিতা নাৰীৰ জীৱনগাথা

ঔপন্যাসিক নবীন বৰুৱাৰ ‘কটন কলেজ’ উপন্যাস হিচাপে দুর্বলতাসমূহৰ পৰা সম্পূর্ণ মুক্ত নহ’লেও ই এচাম পাঠকৰ মাজত জনপ্রিয়তা লাভ কৰি আহিছে। কলেজখনৰ সম্পূর্ণ দৃশ্যপট তুলি ধৰিব নােৱাৰিলেও এটা সময়ৰ কলেজখনৰ বিভিন্ন ঘটনা-পৰিঘটনা আৰু কটন কলেজৰ তদানীন্তন হােষ্টেলীয়া জীৱন সম্পর্কে উপন্যাসখন বাটকটীয়াৰূপে বিবেচিত হ’ব পাৰে। তথ্যৰ আধিক্যই সৃষ্টিধর্মী লেখাৰ আকৰ্ষণ কমায়। ‘কটন কলেজ’ ইয়াৰ পৰা সম্পূর্ণ মুক্ত। উপন্যাসখনৰ কাহিনীত বিশেষ চন, সময়, তাৰিখ অথবা ইতিহাসৰ তথ্যসর্বস্বতাৰ প্ৰৱেশ ঘটা নাই, ফলত উপন্যাসখনে বর্তমানেও এচাম পাঠকক আকর্ষিত কৰি আহিছে।

কিতাপখনৰ প্ৰকাশক গুৱাহাটীৰ পূৰ্বাঞ্চল প্ৰকাশ।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of