আহোম যুগৰ মুদ্ৰা: এটি চমু আলোচনা

অসমৰ ইতিহাসত আহোমসকলৰ আগমন এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ ঘটনা। ১২২৮ খ্ৰীষ্টাব্দত টাই জাতিৰ চুকাফা নামৰ এজন ৰাজকোঁৱৰে সিংহাসন লাভৰ স্বাৰ্থত ভাতৃদ্বন্দ্বৰ ফলশ্ৰুতিত ব্ৰহ্মদেশৰ মাওলুং নামৰ ৰাজ্য ত্যাগ কৰি অসম আৰু ব্ৰহ্মদেশৰ সীমান্তত থকা পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰে। চুকাফাই পৰিয়াল-পৰিজন সহ তেওঁৰ কিছু অনুগামী, কেইহাজাৰমান সশস্ত্ৰ যুঁজাৰু সৈনিক, ৮জন সম্ভ্ৰান্ত বংশীয় লোক, ২টা হাতী আৰু ৩০০ ঘোঁৰাৰ সৈতে অসমত প্ৰৱেশ কৰিছিল। উজনি অসমৰ শিৱসাগৰ জিলাত তেওঁলোকে প্ৰথম বসতি স্থাপন কৰে৷ চাও-লুং চুকাফা আছিল এজন সুন্দৰ, স্বাস্থ্যৱান আৰু দেখনিয়াৰ ৰাজকোঁৱৰ। তেওঁৰ দুচকুত অনবৰতে জিলিকি আছিল অসীম মনোবল আৰু জয়ী হোৱাৰ লালসা। শক্তিশালী চুকাফাৰ বীৰত্ব আৰু ব্যৱহাৰত সেই সময়ৰ নগা, মৰাণ আৰু বৰাহী জনজাতিসকলে আপ্লুত হৈ টাই-শান বিজেতাসকলক ‘আহম’ (বা অহম বা অসম: “তেওঁলোকৰ সমান কোনো নাই”) বুলি কৈছিল। এই ‘আহম’ শব্দৰ পৰাই তেওঁলোক কালক্ৰমে ‘অহম’, ‘অসম’ বা আহোম নামেৰে জনাজাত হৈছিল। এই আহোমসকলে অসমত ৬০০ বছৰ কাল ৰাজত্ব কৰি নিজৰ সাৰ্বভৌমত্ব বজাই ৰাখিছিল আৰু লগতে উত্তৰ-পূব ভাৰতত মোগলৰ শাসন বিস্তাৰ কৰাত বাধা দিছিল। একেটা ৰাজবংশৰ এনে ৬০০ বছৰ পৰ্যন্ত দীঘলীয়া ৰাজত্বৰ উদাহৰণ ভাৰত বুৰঞ্জীতে নহয়, পৃথিৱীৰ যিকোনো বুৰঞ্জীতে বিৰল। চুতীয়া, বৰাহী, কছাৰী, মৰাণ, ভূঞা আদি বিভিন্ন জনগোষ্ঠীৰ হাতত খণ্ড-বিখণ্ড হৈ থকা জাতি-জনজাতি-উপজাতিবিলাক ‘অসমীয়া’ নামৰ এটা নতুন জাতিত পৰিণত হ’ল। এইখিনিতে চুকাফাৰ মহান দূৰদৰ্শিতাৰ প্ৰমাণ পোৱা যায়। অসমত মানৰ আক্ৰমণ আৰু ১৮২৬ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত হোৱা ইয়াণ্ডাবু সন্ধিৰ পাছতে এই আহোম বংশৰ শাসনৰ অন্ত পৰে।  

img
গদাধৰ সিংহৰ ৰূপৰ মুদ্ৰা (১৬৮১-১৬৯৬ খ্ৰী.), ১১.৪৪ গ্ৰাম, ব্যাস-২২মি: মি:

আহোমসকলৰ সাংস্কৃতিক অৱদান আছিল লেখত ল’বলগীয়া। সাহিত্য, ধৰ্ম, খেলা-ধূলা, স্থাপত্য-ভাস্কৰ্য, চিত্রকলা, ৰাজনীতি, সমাজনীতি আদি সকলোতে আহোমসকলৰ অৱদান আছে। ধৰ্মৰ ক্ষেত্ৰত আহোমসকলৰ উদাৰতা প্ৰতিফলিত হয়। ৰজাই শাক্ত, শৈৱ, বৈষ্ণৱ— সকলোকে সমান চকুৰে চাইছিল। তেওঁলোকে শিৱ, বিষ্ণু, নানা দেৱীৰ লগতে সূৰ্য আৰু গণেশৰো পূজা কৰিছিল বুলি বুৰঞ্জীত উল্লেখ আছে। সেই সময়ৰ আহোমসকলৰ মুদ্ৰাসমুহত হিন্দু দেৱ–দেৱীয়ে স্থান পাইছিল।  

আহোমসকল প্ৰধানতঃ কৃষিজীৱী আছিল আৰু ধান আছিল তেওঁলোকৰ প্ৰধান খেতি। দেশখনত মূলতঃ বিনিময় প্ৰথাৰে সা-সামগ্ৰীৰ আদান-প্ৰদান চলিছিল। স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ দিনলৈকে এনে ব্যৱস্থাৰেই দেশখন চলিছিল বুলি অনুমান কৰা হয়। কিয়নো স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ দিনৰ পৰাহে মুদ্ৰা প্ৰচলনৰ সম্ভেদ পোৱা গৈছে। তেতিয়াৰ দিনত প্ৰধানকৈ বংগদেশ আৰু অসমৰ দাঁতি-কাষৰীয়া ৰাজ্যবোৰৰ লগত আহোমসকলে বেপাৰ-বাণিজ্য চলাইছিল। প্ৰথম অৱস্থাত বিনিময় প্ৰথাৰেই সকলো ব্যৱসায় চলিছিল। অসমৰ পাহাৰে-পৰ্বতে বসবাস কৰা লোকসকল ভৈয়ামলৈ আহি তেওঁলোকৰ উৎপাদিত দ্ৰব্যৰ বিনিময়ত ভৈয়ামৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ লৈ গৈছিল। আসাম চৌকিত এজন দুৱৰীয়া বৰুৱাক তদাৰক কৰিবলৈ ৰখা হৈছিল আৰু তেওঁৰ জৰিয়তেই অসমৰ সামগ্ৰী বংগদেশ আৰু বংগদেশৰ সামগ্ৰী অসমলৈ অনা-নিয়া কৰা হৈছিল। তেওঁ মোগল সাম্ৰাজ্যৰ লগত কৰা বাণিজ্যৰ পৰা বছৰি ৯০,০০০ টকা আহোম ৰাজকোষলৈ পঠাব লগা হৈছিল। অসমৰ পশ্চিমত থকা গোৱালপাৰাৰ কান্দাহাৰ বা হাদিৰাচকীত ৰপ্তানি কৰিবলগা সামগ্ৰীখিনি জমা কৰি তাৰ পৰা বিভিন্ন পথেৰে বংগদেশলৈ বিশেষকৈ কলকাতা আৰু ঢাকালৈ পঠোৱা হৈছিল। মূল জলপথ আছিল ব্ৰহ্মপুত্ৰ আৰু গংগা নদী। স্থলপথৰ ভিতৰত উল্লেখযোগ্য আছিল গোৱালপাৰাৰ পৰা বাগোৱা, ৰংপুৰ, দিনাজপুৰ, মালদা আৰু মুৰ্ছিদাবাদৰ এটি প্ৰধান পথ। আৰু এটা পথ আছিল ঢাকাৰ পৰা ডুমাৰি, জামালপুৰ হৈ গোৱালপাৰালৈ। বেপাৰী সদাগৰসকলে কাহানিও ৰাজনীতিত যোগদান কৰিব নোৱাৰিছিল আৰু এই ক্ষেত্ৰত ৰজাঘৰীয়াই সদাগৰবিলাকৰ ওপৰত চোকা নজৰ ৰাখিছিল। এই বিনিময় প্ৰথাৰ যোগেদি ৰপ্তানি হোৱা মূল সামগ্ৰীসমূহ আছিল মুগা, লা, সূতা,কাঁহ-পিতলৰ বাচন-বৰ্তন, জালুক, জলকীয়া, কপাহ, হাতীৰ দাঁত, সৰিয়হ ইত্যাদি। অন্যহাতে বাহিৰৰ পৰা অসমলৈ আমদানি হোৱা প্ৰধান সামগ্ৰীসমূহ আছিল লোন, দাইল, চেনি, প্ৰবাল, কডি, তাম, মচলা ইত্যাদি। তিব্বত আৰু চীন দেশৰ লগতো আহোমসকলৰ বিনিময় প্ৰথা চলিছিল। অসমৰ পৰা পঠোৱা সামগ্ৰীসমূহৰ ভিতৰত আছিল চাউল, পাট কাপোৰ, লোহা, লা, মহৰ শিং, জন্তুৰ ছাল ইত্যাদি। তদুপৰি অসম ৰাজ্যখনৰ ভিতৰতো বহুতো বেপাৰ-বাণিজ্যৰ কেন্দ্ৰ গঢ়ি উঠিছিল; এইবোৰত সাধাৰণতে তামোল-পাণ, গৰু-ম’হ, চৰাই-চিৰিকটি, দাস-দাসী আদিৰ কিনা-বেচা চলিছিল। এনে বজাৰবিলাকত কড়িয়েই বিনিময়ৰ মাধ্যম হিচাপে চলিছিল আৰু প্ৰায়ে বিনিময় প্ৰথাৰে বস্তুৰ আদান-প্ৰদান চলিছিল। লাহে লাহে বহিৰ্বাণিজ্য বৃদ্ধি পাই অহাৰ লগে লগে বিনিময় প্ৰথাৰ বিলুপ্তি সাধন হৈছিল আৰু প্ৰায় সপ্তদশ শতিকাৰ শেষৰ ফালে মুদ্ৰাৰ ব্যৱহাৰেৰে ব্যৱসায়-বাণিজ্য হ’বলৈ ধৰিলে।  

img
ৰুদ্ৰসিংহৰ ৰূপৰ মুদ্ৰা (১৬৯৬-১৭৭৪ খ্ৰী.), ১১.১৫ গ্ৰাম, ব্যাস- ২২মি: মি:

আহোম ৰাজত্ব কালত স্বৰ্গদেউসকলে নিজৰ নামতেই মোহৰ মৰোৱাইছিল। তেওঁলোকে তোলা বা ৯৬ ৰতি ভৰৰ টকীয়া ৰূপৰো মোহৰ মৰাইছিল। যদিও আহোম স্বৰ্গদেউসকলে মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰিছিল, তথাপিও মুদ্ৰাৰ প্ৰচলন তেনেই কম আছিল। কাৰণ বিদেশৰ লগত বহিৰ্বাণিজ্য সীমিত হৈ থকাত মুদ্ৰা অৰ্থনীতিৰ প্ৰচলন হোৱা নাছিল। আৰু যিও অলপ হৈছিল সেয়া কড়িৰ মাধ্যমেৰে হৈছিল। আহোম স্বৰ্গদেউসকলৰ ভিতৰত চুক্লেন-মুং (গড়গঞা) ৰজাৰ দিনতেই প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল বুলি বুৰঞ্জীত উল্লেখ আছে। পাছলৈ যেতিয়া বহিৰ্বাণিজ্য বৃদ্ধি পাবলৈ ধৰে, তেতিয়া ক্ৰমান্বয়ে বিনিময় প্ৰথা লুপ্ত হ’বলৈ ধৰে, ফলত সপ্তদশ শতাব্দীৰ শেহৰ ফালৰ পৰাই মুদ্ৰা অৰ্থনীতিৰ দ্বাৰা ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰ হ’বলৈ ধৰে। কোঁচ ৰজাসকলৰ ‘নাৰায়ণী মুদ্ৰা’ই সেই সময়ত বহুল প্ৰসাৰ লাভ কৰিছিল। সেই সময়ত প্ৰচলিত আন আন মুদ্ৰাসমূহ আছিল সিকি, দুৱানী, আদ-মহা, আদ-টকা, মহা আদি। আহোম ৰাজত্ব কালত প্ৰচলিত মোহৰ বা মুদ্ৰাসমূহৰ কিছুমান সুকীয়া বৈশিষ্ট্য আছিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ হ’ল—

img
শিৱসিংহ আৰু ৰাণী সৰ্বেশ্বৰীৰ ৰূপৰ মুদ্ৰা (১৭১৪-১৭৪৪ খ্ৰী.), ৫.৬৩ গ্ৰাম, ব্যাস-১৭ মি: মি:

১) মুদ্ৰাসমূহৰ আটাইকেইটা বাহু পৰস্পৰ সমান নাছিল, প্ৰথমৰ ফালৰ মুদ্ৰাবিলাক ঘূৰণীয়া আছিল।
২) মোহৰবিলাকৰ আয়তন সমান নাছিল।
৩) টকা, আধলি, সিকি, আদমহীয়া, ছৰতীয়া বা তিনিৰতীয়া বুলি লিখা নাথাকিছিল, সৰু-ডাঙৰ আকাৰ হিচাপে চিনিব লাগিছিল।
৪) টকা আৰু সিকিৰ বাহিৰে (স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ কেইটামান মুদ্ৰাৰ বাহিৰে)বাকী বিলাকত বছৰৰ উল্লেখ (শক) নাছিল।
৫) টকাৰ বাহিৰে বাকী বিলাকত (কিছুমান আধলিৰ বাহিৰে) ৰজাৰ উপাস্য দেৱতাজনৰ নাম লিখা নছিল।
৬) মোহৰবিলাকৰ লিপি একেজন ৰজাই মাজে মাজে সলনি কৰিছিল, কিন্ত মোহৰত দিয়া চিনবিলাক প্ৰত্যেক বাৰ নতুনকৈ মোহৰ মাৰোঁতে আৰু কেতিয়াবা একে বছৰতে কেইবা বাৰো সলনি কৰিছিল।
৭) মোহৰবিলাকত ৰজাৰ মূৰৰ ছবি নাছিল।
৮) টকীয়া মোহৰৰ যিকোনা এপিঠিত তলত এটি সৰু পাখি লগা সিংহৰ ছবি (ড্ৰেগন) থাকে। অৱশ্যে স্বৰ্গদেউ গদাধৰ সিংহৰ কিছুমান মোহৰত ড্ৰেগনৰ সলনি ম’ৰা চৰাইৰ ছবি আছিল বুলি বুৰঞ্জীত উল্লেখ আছে।

img
প্ৰমত্ত সিংহৰ ৰূপৰ মুদ্ৰা (১৭৪৪-১৭৫১ খ্ৰী.), ১১.২৬ গ্ৰাম, ব্যাস-২৪ মি: মি:

ষষ্ঠদশ শতাব্দীৰ পৰা মুদ্ৰাসমূহ আঠকোণীয়া কৰা হয়। মুদ্ৰাসমূহৰ ভিতৰত উল্লেখযোগ্য আছিল আধলি, আদমহীয়া, ছৰতীয়া, তিনিৰতীয়া, টকা ইত্যাদি। প্ৰতিটো মুদ্ৰাতে ৰজাৰ নাম উল্লেখ আছিল। টকাৰ মোহৰ আৰু সিকিৰ মোহৰত শকৰ উল্লেখ থাকে, কিন্তু বাকীবোৰ মোহৰত শকৰ উল্লেখ নাথাকে। প্ৰথম অৱস্থাত মুদ্ৰাবিলাকত আহোম লিপিৰে, তাৰ পাছত দেৱানগৰী লিপিৰে আৰু পাছলৈ অসমীয়া লিপিৰে মোহৰ মৰাইছিল। উল্লেখযোগ্য যে আহোম ৰজাৰ টকাশালৰ অধ্যক্ষ আছিল সোণাদাৰ বৰুৱা।

img
ৰাজেশ্বৰ সিংহৰ সোণৰ মোহৰ (১৭৫১-১৭৬৯ খ্ৰী.), ১১.২৮ গ্ৰাম, ব্যাস- ২৩মি: মি:

ডঃ লীলা গগৈয়ে কেইবাখনো সাঁচিপতীয়া বুৰঞ্জীৰ উল্লেখ কৰি কৈছে যে কছাৰী, বৰাহী, চুতীয়া, কমতা, ভূঞা, পাতিলজহা, আধেৰসেন্দুৰী আৰু চুঙী (মৰাণ)- এই আঠখন ৰাজ্য অধিকাৰ কৰাৰ চিনস্বৰূপে আহোম ৰজাই আঠচুকীয়া মোহৰ মৰাইছিল। আহোম ৰজাই শিঙৰী ঘৰত উঠি ৰাজ্যাভিষেক পতাৰ চিনস্বৰূপে মুদ্ৰা তৈয়াৰ কৰাৰ নীতি প্ৰচলন কৰিছিল বুলি বুৰঞ্জীত উল্লেখ আছে। আহোম ৰাষ্ট্ৰখন আঠকোণীয়া হোৱাৰ অৰ্থত মোহৰবোৰো আঠকোণীয়াকৈ মৰা হৈছিল। আহোমসকলৰ মতে আহোম ৰাজবংশৰ আদি পুৰুষ লেঙদন আঠ লক্ষ বজ্ৰ আৰু আঠ লক্ষ দেৱতাৰ অধিপতি, তেওঁৰ ভতিজাক প্ৰবলপ্ৰতাপী ৰজা থেনখামৰ সিংহাসন আঠ খলপীয়া, পৰমেশ্বৰে সৃষ্টি কৰা আদি সৰ্পৰ আঠটা ফনা, স্বৰ্গৰ আঠটা দিশত খুঁটা, পৰমেশ্বৰৰ দ্বিতীয় পুত্ৰ চেংচফাফাকাম আঠ লক্ষ সাপৰ অধিপতি আৰু তৃতীয় পুত্ৰ চেংকাম্ফা আঠ নিযুত বজ্ৰৰ অধিপতি, ঙিৰিঙখাম আঠ লক্ষ বজ্ৰ আৰু বিজুলীৰ অধিপতি ইত্যাদি। এখন ৰাজ্যৰ দিশ আঠটাহে হ’ব পাৰে আৰু ই আঠ দিশেহে বিস্তাৰ হব পাৰে,— এনেবিলাক কাৰণতে ৰজাই আঠকোণীয়া মোহৰ মৰাইছিল বুলি বুৰঞ্জীত উল্লেখ আছে।  

img
গৌৰীনাথ সিংহৰ সোণৰ মোহৰ (১০৮০-১৭৯৫ খ্ৰী.), ১১.২৫ গ্ৰাম, ব্যাস- ২৫মি: মি:

মুদ্ৰাবোৰৰ বাহিৰেও একে সমান ওজনৰ সোণ-ৰূপো মুদ্ৰাৰ সলনি বাটলু গুটিৰ নিচিনাকৈ ঘূৰণীয়া কৰি ব্যৱহাৰ কৰা হৈছিল। দিহিঙীয়া ৰজাৰ দিনৰ পৰা (১৪৯৭-১৫৩৯ খ্ৰী.) কেৱল ৰাজ্যাভিষেকৰ চিনস্বৰূপে মুদ্ৰা তৈয়াৰ কৰা হৈছিল। কিন্ত স্বৰ্গদেউ ৰুদ্ৰসিংহই (১৬৯৬-১৭১৪ খ্ৰী.) টকাশাল পাতি সোণৰ মোহৰ আৰু ৰূপৰ টকা, আধলি আৰু সিকি নিয়মীয়াকৈ প্ৰস্তুত কৰিছিল। স্বৰ্গদেউ শিৱসিংহই (১৭১৪-১৭৪৪ খ্ৰী.) এনে মুদ্ৰাৰ উপৰিও আদমহা আৰু ছৰতীয়া মুদ্ৰা তৈয়াৰ কৰি প্ৰচলন কৰিছিল আৰু গৌৰীনাথ সিংহই (১৭৮০-১৭৯৫ খ্ৰী.) তিনিৰতীয়া মুদ্ৰা সৃষ্টি কৰিছিল বুলি বুৰঞ্জীত উল্লেখ আছে। স্বৰ্গদেউ শিৱসিংহ, দিহিঙীয়া ৰজা আৰু স্বৰ্গদেউ উদয়াদিত্য মহাৰজাই সোণৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল। তদুপৰি ১৬৭০-১৬৭২ খ্ৰীষ্টাব্দলৈ ৰুদ্ৰসিংহৰ নামত সোণৰ মোহৰ প্ৰচলনৰ প্ৰমান পোৱা গৈছে। গদাধৰ সিংহ স্বৰ্গদেউৰ দিনৰ কিছুমান মোহৰত উৰণীয়া পাখি লগা সিংহৰ পৰিৱৰ্তে ম’ৰা চৰাইহে দেখা পোৱা যায়। স্বৰ্গদেউ চুক্লেং-মুঙ বা গড়গঞা ৰজা, স্বৰ্গদেউ প্ৰমত্ত সিংহ আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই আহোমৰ ভাষাতেই মোহৰ মৰাইছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (১৭৫১-১৭৬৯ খ্ৰী.) অসমীয়া লিপিৰ আঠচুকীয়া, বঙালী (অসমীয়া) লিপিৰ চাৰিচুকীয়া আৰু ১৬৭৫ আৰু ১৬৮৬ শকত পাৰ্চি লিপিৰ চাৰিচুকীয়া আৰু আঠচুকীয়া মোহৰ মৰোৱাইছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহই সংস্কৃত শ্লোকেৰে অসমীয়া আখৰত মোহৰ মৰাইছিল। এই মোহৰৰ এপিঠিত লিখা আছে “চাওফা, চুক্লেংমুঙ, নাপিনচাও, লাকি, প্লকি” (পাঁচ শাৰী) আৰু আন পিঠিত লিখা আছে “কাও, বয়ফা, তাৰা, হেউচ”(চাৰি শাৰী)। স্বৰ্গদেউ চুচেংফাই কোঁচৰজাৰ অনুকৰণ কৰি আৰু ব্ৰাহ্মণ পণ্ডিতৰ উপদেশ অনুসৰি হিন্দু আখৰুৱা (অসমীয়া আখৰ) আঠচুকীয়া সোণ আৰু ৰূপৰ মোহৰ মৰোৱাইছিল। ১৭২৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহই পাৰ্চিয়ান ভাষাত মোহৰ তৈয়াৰ কৰোৱাইছিল। আনহাতে ১৭৭০ খ্ৰীষ্টাব্দত স্বৰ্গদেউ লক্ষীসিংহই সংস্কৃত ভাষাত মোহৰ মৰোৱাইছিল। অৱশ্যে স্বৰ্গদেউসকলে নিজ নিজ উপাস্য দেৱতা (ফুৰা) তা-ৰাৰ নাম অৰ্থাৎ ঈশ্বৰৰ নামতো মোহৰ মৰোৱাইছিল। তাৰ ভিতৰত ভগৱান শিৱৰ নামত মৰা মোহৰেই সৰ্বাধিক। উদাহৰন স্বৰূপে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ এটকীয়া মুদ্ৰাৰ এটা ফালে লিখা আছে “শ্ৰী শ্ৰী মৎ স্বৰ্গদেউ ৰুদ্ৰসিংহস্য, শাকে ১৬১৮” আৰু আনটো পিঠিত লিখা আছে “শ্ৰী শ্ৰী হৰগৌৰী পদাম্বুজ মধুকৰস্য”। আনহাতেদি স্বৰ্গদেউ শিৱসিংহৰ মোহৰৰ এপিঠিত আছে “শ্ৰী শ্ৰী শিৱ সিংহস্য” আৰু আনটো পিঠিত আছে “শ্ৰী শ্ৰী শিৱপদ পৰস্য”। তেওঁ অৱশ্যে তেওঁৰ ৰাণীসকলৰ নামেও মোহৰ মাৰিবলৈ দিছিল। ১৫৫১ শকত তেওঁৰ বৰকুৱঁৰীয়ে পাৰ্চী ভাষাতহে চৰিকোণীয়া মোহৰ মৰোৱাইছিল। সাধাৰণতে আহোম ভাষাত লিখা মুদ্ৰাত আৰাধ্য দেৱতা হিচাপে ইন্দ্ৰৰ নাম লিখা হৈছিল আৰু সংস্কৃতত লিখা মুদ্ৰাত শিৱ-পাৰ্বতীৰ নাম খোদিত কৰিছিল। আহোম ৰজাৰ শেষ মোহৰ স্বৰ্গদেউ যোগেশ্বৰ সিংহই ১৭৪৩ শকত (১৮২১ খ্ৰী.) মৰোৱাইছিল। ভাৰতবৰ্ষত প্ৰচলিত ওজনৰ (১৭৬ গ্ৰেইন) জোখত স্বৰ্গদেউসকলে ৰূপৰ আৰু সোণৰ মোহৰ মৰোৱাইছিল। হৰকান্ত বৰুৱা সদৰামিনৰ ‘আসাম বুৰঞ্জী’ অনুসৰি বিদ্ৰোহী মায়ামৰীয়া মৰাণৰ ৰমাকান্ত ৰজা হৈ (১৭৬৯ খ্ৰীষ্টাব্দত) স্বৰ্গদেউসকলৰ পৰা পৃথক কৰিবৰ কাৰণে ন-চুকীয়া মোহৰ মৰোৱাইছিল। গেইট চাহাবে উল্লেখ কৰা মতে, অন্য দুজন বিদ্ৰোহী মোৱামৰীয়া ৰজা ভৰথ সিংহ (১৭৯১-১৭৯৭ খ্ৰীষ্টাব্দ) আৰু সৰ্বানন্দ সিংহই আঠকোণীয়া মোহৰ মৰোৱাইছিল।  

img
ব্ৰজনাথ সিংহৰ সোণৰ মোহৰ (১৮১৮-১৮১৯ খ্ৰী.), ১১.৩৫ গ্ৰাম, ব্যাস- ২৩ মি: মি:

আহোম যুগৰ এই মুদ্ৰাসমূহে ভাৰতীয় আৰ্য ধৰ্ম আৰু আৰ্য সংস্কৃতিৰ মাজত আহোমসকলৰ নিজা ভাষা-সংস্কৃতি, ধৰ্ম, ৰীতি-নীতি আদি মিলাই সময়ৰ সোঁতত সমন্বয়ৰ এক আধুনিক অসম আৰু বৃহত্তৰ অসমীয়া জাতি গঢ়ি তুলিছিল। আহোম ৰজাসকলে যিহেতু ভাষা-ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেষে সকলোকে শাসন পদ্ধতিৰ মাজত সমানে সুমুৱাই লৈছিল, সেইবাবেই ধৰ্মীয় আৰু সাম্প্ৰদায়িক সম্প্ৰীতিও গঢ় লৈ উঠিছিল। এনেদৰেই আহোম স্বৰ্গদেউসকলে ৰাজসিংহাসনত বহিয়েই তেওঁলোকৰ ৰুচি অনুযায়ী মুদ্ৰাৰ প্ৰচলন কৰোৱাইছিল। অৱশ্যে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা আহোম ৰাজত্বৰ শেষলৈকে ৰজাসকলে অসমীয়া লিপিতহে মোহৰ মৰাইছিল। Copyright © নীলা চৰাই. All rights reserved.

লেখকৰ ঠিকনা: নাজিৰা

আপোনাৰ আৰু ভাল লাগিব পাৰে:

মৃদুপৱন বৰগোহাঁই

লেখকৰ ঠিকনা: নাজিৰা

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of