প্লাৱন বিজয় শইকীয়াৰ কবিতা

তোলৈ মোৰ বিৰক্তিও জন্মিছে

উৎকট গৰমত, বৰষুণ ঐ, এবাৰ তোক মাতিবৰ মন গৈছে
তোৰ সংহাৰী ৰূপটোৰ বাবে তোলৈ বিৰক্তিও জন্মিছে
তোৰ প্ৰৱলতাৰ বাবেইতো কতজনে মৃত্যুক সাবটি লৈছে
জীৱিত জনে অন্ন-বস্ত্ৰ-বাসস্থানৰ বাবে হিয়া-ভাঙি কান্দিব লাগিছে
অন্তৰত মানৱতা থকা মানুহবোৰৰ হিয়াত একুৰা জুই জ্বলিছে
হৃদয়হীন ৰাজনীতিবিদে ৰাজনৈতিক মুনাফা লুটাৰ আঁচনি পাতিছে
সকলোবোৰ কথাৰ বাবে মোৰ বিপ্লৱ কৰাৰ মানসিকতা জাগিছে
আচলতে তোলৈ মোৰ বিৰক্তিও জন্মিছে।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of