বিহুগীতৰ মুকুটবিহীন সম্রাট খগেন মহন্ত ১২ জুনৰ মৃত্যু দিৱসৰ সোঁৱৰণ

‘কলৰে পাততে কাউৰী পৰে’ শীর্ষক কালজয়ী গীতটোৰে এগৰাকী ডাকোৱালৰ মর্মবেদনাৰ নিখুঁত প্রতিচ্ছবি অতি হৃদয়স্পর্শী ৰূপত দাঙি ধৰি ছয়ৰ দশকতে প্রতিজন অসমীয়াৰ হিয়াত খােপনি পুতিবলৈ সক্ষম হােৱা অসমীয়া জাতিৰ বুকুৰ আপােন গণশিল্পী খগেন মহন্ত নােহােৱা হােৱাৰ আজি চাৰি বছৰ হ’ল। অসমৰ সুৱদী সুৰীয়া বিহুগীতসমূহক জনগণৰ অন্তৰৰ আঁহে আঁহে যিগৰাকী নমস্য-স্মৰণীয় পুৰােধাই প্রৱাহিত কৰি দিছিল, তেৱেঁই আছিল অসমীয়া লােকসংগীত আৰু বিহুগীতৰ মুকুটবিহীন সম্রাট খগেন মহন্ত। অসমৰ গাঁৱে ভূঞে সিঁচৰতি হৈ থকা, মানুহৰ মুখে-মুখে বাগৰি অহা, কেঁচা মাটিৰ সুবাস সনা, থলুৱা সুৰৰ সংমিশ্রণৰে সমৃদ্ধ, অসমীয়াৰ প্ৰাণৰ আৱেগ সংপৃক্ত লােকসংগীতক পৰিমার্জিতভাৱে গণশিল্পী খগেন মহন্তই বিশ্বদৰবাৰলৈ কঢ়িয়াই লৈ গৈছিল। এইগৰাকী প্ৰৱাদপ্রতিম শিল্পীৰ গীতত কেঁচা মাটিৰ নিভাঁজ সুৱাস আৰু অসমৰ খাটিখােৱা মানুহৰ সুখ-দুখ, আশা-সপােনবােৰ সার্থকভাৱে প্রতিফলিত হৈছিল। প্রকৃতার্থতে, অসমীয়া লােকসংগীতৰ সুৰ-শব্দ-সংগীতক বিশুদ্ধ ৰূপত ধৰি ৰখাৰ ক্ষেত্ৰত খগেন মহন্তৰ অৱদান সিংহভাগ বুলিলেও অত্যুক্তি কৰা নহ’ব।


গণশিল্পী খগেন মহন্তৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৭ আগষ্টত নগাঁও জিলাৰ জাজৰি বগৰিগুৰি আমতলা গজলা সত্ৰৰ অধিকাৰ হৰেন্দ্রনাথ মহন্তৰ গৃহত। পিতৃ হৰেন্দ্ৰনাথ মহন্ত আছিল সত্ৰীয়া সংস্কৃতিৰ ওজা স্বৰূপ। মাতৃ লক্ষ্মীপ্রিয়া দেৱীৰ মুখত খগেন মহন্তই সৰুৰে পৰাই শুনি আহিছিল ঘােষা-কীর্তন, বৰগীত, বিয়ানাম আদি। স্বাভাৱিকতেই নিচেই সৰু কালৰে পৰাই তেওঁ নিজৰ ঘৰখনত এক সুন্দৰ সাংস্কৃতিক পৰিৱেশ পাইছিল। তৃতীয় শ্রেণীত পঢ়ি থাকোঁতে তেওঁ বিদ্যালয় পৰিদৰ্শকৰ আগত পৰিৱেশন কৰিছিল মিত্ৰদেৱ মহন্তৰ গীত— “আজি পেটুৱা পেট ভৰাই খা…”। শৈশৱতে পিতৃৰ পৰাই নাম-কীর্তন, গায়ন-বায়ন, সত্ৰীয়া নৃত্য-গীতৰ শিক্ষা লােৱাৰ উপৰি হাইস্কুলীয়া জীৱনত তবলা আৰু শাস্ত্রীয় সংগীতৰ আনুষ্ঠানিক শিক্ষা লৈছিল নগাঁৱতে, বিখ্যাত সংগীতজ্ঞ সুশীল বেনাৰ্জীৰ ওচৰত। তেজপুৰৰ প’ল’ফিল্ড স্কুলত প্রাথমিক শিক্ষাৰ পাতনি মেলি ১৯৫৭ চনত তেওঁ মেট্রিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শ্বিলঙৰ ছেইন্ট এডমাণ্ডছ কলেজৰ পৰা আই এ পৰীক্ষা পাছ কৰে। পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে।

শ্বিলঙত পঢ়ি থকা দিনতে ‘শ্বিলং কলাকেন্দ্ৰ’ৰ সৈতে জড়িত হৈ ভালেকেইগৰাকী নমস্য সংগীত সাধকৰ সৈতে ঘনিষ্ঠ হৈ পৰা খগেন মহন্তই আৰু যেন পিছলৈ ঘূৰি চাব লগা হােৱা নাছিল। ১৯৫৬ চনত বৰেণ্য কবি-গীতিকাৰ কেশৱ মহন্তই খগেন মহন্তৰ ডাঙৰ বায়েক নিকুঞ্জলতা মহন্তক বিয়া কৰােৱাৰ পাছত কেশৱ-খগেনৰ যেন মণিকাঞ্চন সংযােগহে ঘটিল। কেশৱ মহন্তৰ প্ৰায়ভাগ গীতেই খগেন মহন্তৰ কণ্ঠত কালজয়ী হৈ শ্রোতাৰ অন্তৰৰ কোঁহে-কোঁহে বিয়পি পৰিছিল। সত্ৰীয়া সংস্কৃতিৰ কোলাত ডাঙৰ-দীঘল হােৱা খগেন মহন্তই সত্ৰীয়া সংগীতৰ সুৰৰ লগতে তেওঁৰ গীতত অসমীয়া থলুৱা লােকসুৰ, বিহুনাম আৰু আধুনিক গীতৰ সুৰৰ সমাহাৰ ঘটাইছিল। বােকাপানীৰ পৰা, চহাজীৱনৰ পৰা বিহুনামৰ লেছেৰি বুটলি তেওঁ বিহুগীতক মঞ্চ-অনাতাঁৰলৈ নি মান্যতা প্রদান কৰাৰ লগতে দেশৰ পৰা বিদেশলৈ জনপ্রিয় কৰি তুলিলে। কলেজীয়া জীৱনৰ পৰা মৃত্যুৰ সময়লৈকে ৰাজ্যৰ বাহিৰৰ বিভিন্ন সাংস্কৃতিক সমাৰােহত ভাগ লৈ বহিঃৰাজ্যৰ অজস্র জনগণক গীতৰ মায়াজালেৰে বিমুগ্ধ কৰি অসমীয়া সংগীতৰ সৌৰভ জগতজুৰি বিয়পাই দিছিল খগেন মহন্তই। ১৯৫৯ চনত শ্বিলং কলাকেন্দ্রই আন্তঃৰাজ্যিক সাংস্কৃতিক বিনিময়ৰ কাৰ্যসূচী লৈ দেশৰ বিভিন্ন ৰাজ্যত সাংস্কৃতিক কার্যসূচী পৰিৱেশন কৰাৰ সময়ত খগেন মহন্তও আছিল দলটোৰ অন্যতম শিল্পী। আনহাতে সেই বছৰতে প্রতিষ্ঠা হােৱা দিল্লী দূৰদৰ্শন কেন্দ্ৰত গীত গাবলৈ সুবিধা পােৱা খগেন মহন্তই ১৯৬৪ চনত আকাশবাণীৰ নিয়মীয়া কণ্ঠশিল্পী হিচাপে স্বীকৃতি পায়। অৱশ্যে ১৯৬১ চনতে খগেন মহন্তৰ কণ্ঠৰ গীতে গ্রামােফোন ৰেকৰ্ডৰ জৰিয়তে আকাশবাণীত স্বীকৃতি পাইছিল। ইপিনে আকাশবাণী গুৱাহাটী কেন্দ্রৰ সংগীত বিভাগত চাকৰি জীৱনৰ পাতনি মেলা খগেন মহন্তই ২০০১ চনৰ ৩১ ডিচেম্বৰত উক্ত কেন্দ্ৰৰ পৰাই সহকাৰী সঞ্চালকৰূপে অৱসৰ লয়।

১৯৬১ চনত কলিকতাত অনুষ্ঠিত বিশ্ব শান্তি মেলাত প্রায় অর্ধলক্ষাধিক শ্রোতা-দর্শকৰ সন্মুখত মঘাই ওজাৰ ঢােলবাদনৰ লগতে আঠ দিন বিভিন্ন গীত পৰিৱেশন কৰি দৰ্শকক মন্ত্রমুগ্ধ কৰি ৰাখিছিল। পৰৱৰ্তী কালত তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, গণশিল্পী হেমাঙ্গ বিশ্বাস আদিৰাে সংস্পৰ্শলৈ আহিছিল। তাৎপর্যপূর্ণভাৱে কলাগুৰু বিষ্ণু ৰাভাই জীৱনৰ একেবাৰে অন্তিম সময়ত ৰচনা কৰা ‘এয়ে মােৰ শেষ গান মােৰ জীৱন নাটৰ…’ গীতটো খগেন মহন্তই নিজা সুৰ আৰু কণ্ঠৰে সজাই তুলিছিল— যি আজিও প্রতিগৰাকী অসমীয়াৰ হৃদয়ত প্ৰৱহমান হৈ আছে। এগৰাকী অভিনেতা হিচাপেও ডঃ ভূপেন হাজৰিকা পৰিচালিত ‘শকুন্তলা’ ছবিত মাধৱৰ চৰিত্ৰত সুদক্ষ অভিনয়ৰে নিজ প্রতিভাৰ স্বাক্ষৰ বহন কৰিছিল খগেন মহন্তই। প্রায় তেইছখন অসমীয়া কথাছবিত কণ্ঠ নিগৰােৱা খগেন মহন্তই ১৯৭৯ চনত ‘মইনাজান’ আৰু ১৯৮০ চনত ‘মেঘমুক্তি’ নামৰ ছবি দুখনৰ সংগীত পৰিচালনাও কৰিছিল। আব্দুল মজিদ পৰিচালিত ‘মৰমতৃষ্ণা’ ছবিখনত প্ৰথমবাৰৰ বাবে খগেন মহন্তই কণ্ঠদান কৰিছিল। সংগীত-ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ১৯৯২ চনত খগেন মহন্তই লাভ কৰে সন্মানীয় ‘সংগীত নাটক অকাডেমী বঁটা’। ১৯৯৪ চনত ‘শ্রীময়ী বঁটা’, ১৯৯৯ চনত ‘সংগীতাচার্য’ সন্মানাে আগৱঢ়োৱা হৈছিল এইগৰাকী আজন্ম শিল্পীলৈ। আনহাতে, অনাতাঁৰ কেন্দ্ৰৰ ‘এ’ গ্রেডৰ শিল্পী আছিল খগেন মহন্ত। উজনিৰ বিহুক নামনি অসমতাে সমানে জনপ্রিয় কৰি তােলা এইজন গণশিল্পীক বিহুবলীয়া শ্রোতা-দর্শক তথা গুণমুগ্ধই প্রদান কৰিছিল ‘বিহুসম্রাট’ উপাধি। খগেন মহন্তৰ বিহুৱে উতলা কৰিছিল প্ৰতিখন বিহুতলী, প্রতিখন বিহুমঞ্চ। ছয়ৰ দশকতে খগেন মহন্তই গােৱা ‘ধনশিৰি পাৰেহৈ ঢপলিয়াই আহিলাে, জিৰালো কলিয়াবৰত’, ‘পকা তুলতুল বিলাহী ঐ’ আদি বিহুগীতসমূহ আজিও চিৰসেউজ হৈ আছে। কেৱল বিহুগীতেই নে, বহুসংখ্যক যুগজয়ী গীতৰেও সংগীতানুৰাগী

শ্রোতাৰ অন্তৰ জয় কৰিছিল খগেন মহন্তই। কেশৱ মহন্ত ৰচিত ‘কলৰে পাততে কাউৰী পৰে’ গীতটোৱে আজিও বুকু দহে। শুনি থাকিবৰ মন যায় খগেন মহন্তৰ ব্যতিক্রমী কণ্ঠৰ ‘এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ’, ‘বৰষুণৰ বতৰত মইনা নুঠে মটৰত’, ‘বহাগৰ কুঁহিপাত পেঁপাটিৰ মিঠা মাত’, ‘যায় অ’ কাণু বাই বেণু’ আদি গা-মন ৰাই-জাই কৰা গীতবােৰ।

‘মাটিৰ স্বর্গ’(১৯৬৩) ছবিখনৰ মােহময়ী অভিনেত্রী তথা সুকণ্ঠ গায়িকা অর্চনা দাসৰ সৈতে ১৯৭৩ চনত যুগ্ম জীৱনৰ পাতনি মেলিছিল খগেন মহন্তই। অসমীয়া সংগীত-ক্ষেত্ৰখনত অসমবাসীৰ মাজত খগেন মহন্ত-অৰ্চনা মহন্তৰ যুটি এক আদর্শ শিল্পী দম্পতি। খগেন মহন্ত-অৰ্চনা মইণ্ডৰ গীত শুনিবলৈ, এই জনপ্রিয় শিল্পীযুটিক চাবলৈ গীতৰ অনুষ্ঠানত হিল-দ’ল ভাঙি দর্শক-শ্রোতাৰ সমাৱেশ হয়। তেওঁলােকৰ দুই সন্তান অংগৰাগ আৰু কিংকিনী। অংগৰাগ পাপন মহন্তক সাম্প্রতিক সময়ত নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়ােজন নাই। অংগৰাগ মহন্ত দেশৰ এগৰাকী উজ্বল সংগীত-তাৰকা হিচাপে প্রতিষ্ঠিত হােৱাই নহয়, সাত সাগৰ তেৰ নদীৰ সিপাৰেও নিজৰ সংগীত প্রতিভাৰে জিলিকি উঠিবলৈ সক্ষম হৈছে।

এইখিনিতে খগেন মহন্তৰ শিশু উপযোগী গীতৰ বিষয়ে উল্লেখ নকৰিলে নিশ্চয় আধৰুৱা হৈ ৰ’ব। জনপ্রিয়তাৰ শীৰ্ষত আৰােহণ কৰিবলৈ সক্ষম হােৱা ‘মা আমি শদিয়ালৈ যামেই’, ‘বাহৰ মূঢ়া বগৰিৰ গুৰা’, ‘অ’ তুলতুল অ’ বুলবুল’ আদি জনপ্রিয় শিশুগীতবােৰ আজিও ৰাইজৰ মুখে মুখে। মঞ্চত তেওঁ ‘মা আমি শদিয়ালৈ যামেই’ গীতটো আৰম্ভ কৰাৰ লগে লগে গােটেই পৰিৱেশটো মুখৰিত হৈ পৰিছিল আৰু তেওঁৰ লগে লগে দর্শক-শ্রোতাইও সমান্তৰালভাৱে গীতটো গাবলৈ ধৰিছিল।

অসমীয়াৰ প্ৰাণৰ শিল্পী খগেন মহন্তই ২০১৪ চনৰ ১২ জুনৰ বিয়লি ৩.৪০ বজাত নিগাজীপাম উকা কৰি চিৰসুন্দৰৰ দেশলৈ গতি কৰিলে। পাৰৰ পাখিত ফুলাম চিঠি গাঠি জগতখনক বিহুৰ ওলগনি জনাবলৈ খগেন মহন্ত আৰু কাহানিও নাহে। গােৰ্খা টুপিটো পিন্ধি পৰিচিত হাঁহিটিৰে মঞ্চত হাৰ্মনিয়ামৰ ৰীডত আঙুলি বুলাই ‘এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ’, ‘জোনটি ওলালে তৰাটি ওলাব’, ‘বহাগৰ কুঁহিপাত’ আদি সুৱদিসুৰীয়া গীতবােৰ গাবলৈ খগেন মহন্ত নামৰ জনতাৰ প্রিয়, হিয়াৰ আপােন শিল্পীজন আৰু নাহে গীতৰ সভালৈ। তেওঁ গুচি গ’ল এই জীৱনৰ মায়া এৰি কোনােবা অজান দেশলৈ। খগেন মহন্তক আমি জীয়াই ৰাখিব লাগিব তেওঁ কৰি যােৱা অনুপম সৃষ্টিৰাজিৰ উচিত সংৰক্ষণৰ জৰিয়তে। সেয়াহে আমাৰ প্ৰাণৰ আপােন খগেন মহন্তৰ প্রতি অসমীয়াৰ প্রকৃত সন্মান আৰু শ্ৰদ্ধা জ্ঞাপনৰ চানেকি হ’ব। | Copyright © Nilacharai.com. All rights reserved.

ছবি: উৎপল দত্ত

আপোনাৰ আৰু ভাল লাগিব পাৰে:
হিমাংশু ৰণ্‌জন ভূঞা

হিমাংশু ৰণ্‌জন ভূঞা

ঠিকনা: মাধৱ গাঁও, জামুগুৰিহাট, শোণিতপুৰ মোবাইল: ৮৪৮৬৪-০০১৫৭, ৭০০২৭-৬৭০১০

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of