সময়েই আটাইতকৈ নিলাজ

[ বুবুল কলিতা ]img

বয়স বাঢ়ে
হেৰুৱাওঁ শৈশৱ
অর্ধ নিলাজ যৌৱনত
আধা বুজা, আধা প্ৰয়োগ
বাকীখিনিত মানা

বিয়া হয় যেতিয়া
লাজ লাজকৈ শিকোঁ অশ্লীলতা
শৰীৰত সানি লওঁ নগ্নতা
পিছে নিলাজ নহওঁ তেতিয়া,
কাৰণ প্রাপ্তবয়স্ক মানুহ আমি
আমাৰ নিয়ম আছে
সম্পূর্ণ বুজোঁ আমাৰ পূর্ণ অধিকাৰ—
মুক্ত আলিংগন প্রত্যায়িত নগ্নতা
আমাক দিয়া হৈছে

পিছে নিলাজ কোন
নিলাজী কোন
সময় আৰু বয়স বৰ নিলাজ অ’
বয়সৰ আঁৰে আঁৰে
সময়ে আমাক লাজুকৰ পৰা নিলাজ কৰে
সময়েই আটাইতকৈ নিলাজ।

নীলা চৰাই . ফেব্ৰুৱাৰী ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz