পানীৰ মালিতা

প্ৰকাশ: ১৪ এপ্ৰিল, ২০১৩ | অন্তিম সম্পাদনা: ১৮ মে, ২০১৮

এআকাশ পানীৰে ব্রহ্মাণ্ড জুৰিলে
পানী নাই জীৱলে হায়
পানীৰে মাজতে জীৱই ককেবকায়
পানীহে পাবলে নাই।

আৰু এদিন নদীখন
কোনেও গম নোপোৱাকৈ
শুই থাকিল মাটিৰ দলিছাত
পিয়াহত ছটফটাই ছটফটাই
শইছে মানুহেও
লালকাল দিলে অসময়তে

লাহে লাহে এটা সপোনে
অভিযোগ লৈ থিয় হ’ল
জীৱনৰ কাষত
নদীখনৰ অভিযোগ

পানীয়েই আছিল নদীৰ জীৱন
সেই জীৱন নোহোৱা হ’ল
আধুনিক জীৱনৰ ধামখুমীয়াত
বৰ কৰুণভাবে হেনো
সেই জীৱন হেৰাই গ’ল

পানীয়ে জীৱন পানীয়ে কাৰণ
পানীকে কৰিবা সাৰ
গিয়ানী গুৰুৱে তাকে বখানিছে
পানীতে বৈকুন্ঠ পাৰ।

আৰু পানীৰ কাৰণে
এদিন নাঙঠ হ’ল নদীখন
এতিয়া ঘাট আছে নদী নাই
পিয়াহ আছে পানী হেৰায়

নদীখনক জগাব লাগিব
ঘুৰাই আনিব লাগিব
পানীৰ জীৱন
তাৰে আজি কৰিব লাগিব
মহা আয়োজন

জীৱ তৰিবলে বিশুদ্ধ পানী
অশুদ্ধই কৰিব হানি
বিশুদ্ধ পানীৰ মোল বুজি লবা
তেহে বুলিব জ্ঞানী।

পানীৰ প্রয়োজন আছে সকলোৰে
পানীৰো আছে তেনে প্রয়োজন
শুদ্ধ ব্যৱহাৰ শুদ্ধ নীতিৰেহে
সুৰক্ষিত হ’ব পানীৰ জীৱন

সাগৰলৈ বহুদুৰ…
সাগৰ নালাগে বাৰু
ঘৰৰ কাষতে থকা নদ-নদী
বিল পুখুৰীকেইটাকে
আৰ্বজনামুক্ত কৰিলেও
বাচিব পানীৰ জীৱন
শইছো হ’ব নদন-বদন
তাৰে হওক আয়োজন আজি
মহা আয়োজন।

আৰু পঢ়ক:  তুলিকা নিৰ্মলীয়াৰ কবিতা

সীমাহীন আকাশৰ কেওখন ব্রহ্মাণ্ডত
একেটি জীৱনেই সাৰ
সেইটোনো জীৱনক আওকাণ কৰিলে
নাপায় শৰীলৰে পাৰ।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts