চৈয়দ আব্দুল মালিকৰ গল্প: এজনী নতুন ছোৱালী

চৈয়দ আব্দুল মালিকৰ গল্প: এজনী নতুন ছোৱালী
  • 07 Aug, 2021

ই, হাফলং ষ্টেচনৰ ৰাতি দুই বজাৰ আন্ধাৰ আৰু চিনি নোপোৱা ছোৱালীজনী। অলপ অলপ জাৰ।

মনৰ উদ্বিগ্নতা নোহোৱা হৈ গৈছিল। মোৰ ৰেল গাড়ীখন আহিব আৰু এঘণ্টা চল্লিশ মিনিটৰ পাছত। নিৰাসক্তভাৱে নেমেলা বিচনাখনৰ দ’মটোৰ ওপৰতে বহি পৰিলো। ষ্টেচনৰ লেম্পটো আমাৰ পৰা দূৰ।

ছোৱালীজনীৰ লগত বিচনা নাছিল কিজানি। এখন পাতল ঊণী কাপোৰ, বেণীৰ পৰা এৰাই অহা অলপ কোমল চুলি আৰু পাতল বগা মুখখনত এটা আত্মবিশ্বাসৰ নিশ্চয়তা।

প্রায় আধা ঘণ্টাতকৈও বেছি সময় আমি ঠিয় দি থাকিলো। ছোৱালীজনীও ঠিয় দি থাকিল, ময়ো। তাৰ পাছত যেতিয়া দেখিলো, আনকি ষ্টেচনৰ কুলিবোৰেও এই এঘণ্টা সময়ৰ জিৰণিখিনিৰ সদ্ব্যৱহাৰ কৰিবলৈ তাতে দীঘল দিছে, মই আৰু ঠিয় দি নেথাকিলো।

বহি লৈ মই ছোৱালীজনীলৈ চালো। গোটেই ষ্টেচনটোৰ মাজত অকলে ঠিয় দি থকাটো অনুভৱ কৰি ছোৱালীজনীয়ে নিশ্চয় নিজকে অকলশৰীয়া অনুভৱ কৰিছিল। ছোৱালীজনীৰ পৰা চকু দুটা এৰুৱাই আনি গোটেই ষ্টেচনটো এবাৰ চালো, কোনোৱেই নাই। যাত্ৰীৰ ভিতৰত নির্ভয়ে শুই থকা কেইটামান চিলেটীয়া।

বহাৰ পৰা উঠাৰ নিচিনা কৰি নিঃসঙ্কোচে ছোৱালীজনীক মাতিলো, “এতিয়াও বহুত সময় আছে, অলপ বহক এইখিনিতে, ঠাই হ’ব; আহক।”

পাতলকৈ হাঁহি মাৰি ছোৱালীজনী মোৰ বিচনাৰ দ’মটোৰ কাষলৈ আগবাঢ়ি আহিল। নিশ্চয় তেওঁৰ ভৰি ঠিয় হৈ থাকি থাকি বিষাইছিল।
একো নকৈ তেওঁ মোৰ কাষতে বিচনাৰ দ’মটোতে বহিল আৰু কোমল মাতেৰে ক’লে, “এতিয়াও ভালেমান সময় থাকিব পায়।”
“বৰষুণ আৰম্ভ হ’লেই দেখিছেনে? এই পাহাৰৰ বৰষুণ কিন্তু বৰ সাংঘাটিক।”
“পাহাৰত কিন্তু কিছুমান মানুহ থাকে, সিহঁত এই বৰষুণবোৰতকৈও বেছি সাংঘাটিক।”— বেচ সহজভাৱে ছোৱালীজনীয়ে ক’লে। ষ্টেচন ঘৰৰ টিনৰ চালিৰ ওপৰত পাহাৰৰ বৰষুণবোৰ জৰ জৰ কৰি সৰি পৰিবলৈ ধৰিলে।
“আপোনাৰ ঘৰ ইয়াতে নেকি?”
ছোৱালীজনীয়ে গাৰ কাপোৰখন ভালকৈ ল’লে, আৰু যেন কাপোৰখনৰ উমটো দিবৰ কাৰণেই মোৰ গাৰ বেছি কাষলৈ চাপি আহিল।
“ইয়াত পাহাৰ, ইয়াতনো মোৰ ঘৰ কেনেকৈ হ’ব! হাফলঙৰ পাহাৰবোৰ কিন্তু বৰ ধুনীয়া।“
অলপ পৰ ৰৈ ছোৱালীজনীয়ে অৱশভাৱে আকৌ ক’লে, “আপুনি বাৰু গম ধৰিব পাৰিছেনে যে মোৰ মৰিবৰ সমান ভাগৰে ধৰিছে?”
মই ছোৱালীজনীৰ ফালে ঘূৰি চালো।
“মোৰ মূৰটো ইমান যে ঘূৰাইছে।”
“আপোনাৰ টোপনি আহিছে।”— মই ক’লো।
“টোপনি? নাই, টোপনি মোৰ অহা নাই। কিন্তু ৰাতি এনেকৈ বৰষুণ দিলে মোৰ মনটো ক’ৰবালৈ উৰি যাব খোজে আৰু তেতিয়াই মোৰ মূৰ ঘূৰায়।”

তেতিয়া প্রবল বেগে চমচম্‌ কৰে বৰষুণবোৰ পৰিব লাগিছে। হাতৰ ঘড়ীটো চালো, নিচেই কম সময় মাথোন গৈছে। ছোৱালীজনীলৈ চালো, টোপনিত তেওঁৰ চকুজোৰ মুদখাই আহিছে। তেওঁ যেন কৰবাত আউজি টোপনি যাবৰ ইচ্ছা কৰিছে।

“আপুনি অলপ শুবনে? মোৰ ইয়াতে মূৰ ৰাখি আপুনি অলপ শোৱক।” ছোৱালীজনীলৈ মোৰ কৰুণা হৈছিল। তিৰোতাবোৰ কিমান দুৰ্বল!
“ৰেলখন আহিলে আপুনি মোক তুলি দিব দেই।”— জড়িত ভাষাৰে কোনোমতে কথাখিনি কৈ ছোৱালীজনীয়ে মোৰ কোলাত মূৰটো সুমাই দিলে। সোঁহাতত লৈ থকা চামৰাৰ সৰু চুটছেটো মই লাহেকৈ হাতৰ পৰা নমাই থ’লো। ছোৱালীজনীৰ নাকৰ তপত নিশ্বাসটো বৰ কৰুণভাৱে মোৰ গাত লাগিল।

বৰষুণজাকৰ লগে লগে ফেৰফেৰিয়া পাহাৰী বতাহ। অলপ অলপ জাৰ লাগিল। গৰম কোটটো বাকচত থাকিল, উলিয়াবৰ কাৰণে উঠি যাবৰ উপায় বিচাৰি নেপালো। অগত্যা ছোৱালীজনীৰ কাপোৰখনৰ আগটোকে টানি লৈ কোনোমতে হাত দুখনত তাপ ৰাখিবৰ চেষ্টা কৰিলো।

অপ্রত্যাশিত এই ঘটনাটোক কিন্তু মোৰ অকণো আচৰিত যেন নেলাগিল। এজনী অচিনাকি ছোৱালী। পৰিচয়ৰ ভিতৰত মাত্র জানো যে তাই এজনী ছোৱালী, তাইৰ ভাগৰ লাগিছে আৰু তাই মোৰ দৰেই যাত্রী। এই পাহাৰৰ মাজৰ হাফলং ষ্টেচনটো আৰু তাই দুয়োৱেই মোৰ কাৰণে সমান অচিনাকি, সমান দূৰ, ছোৱালীজনী বৰং বেছি দূৰ।

তথাপি যেন অকণো আচৰিত হ’বলগীয়া নহয়। এইটোৱেই যেন মানুহৰ সম্বন্ধ; প্রবাসৰ ষ্টেচন, বৰষুণ-সনা ৰাতিৰ আন্ধাৰ আৰু আমি এজনৰ টোপনি আহে, শোৱে, আনজনৰো টোপনি আহে, কিন্তু নোশোৱে; এই সাৰে থকা আৰু টোপনি যোৱাক লৈয়ে আমাৰ চিনাকি।

পাহাৰৰ সিপাৰৰ ৰেলৰ আলিটোৰ ফালে চাই পথালো, একো নেদেখি, মাত্ৰ বৰষুণ আৰু আন্ধাৰ। ষ্টেচন ঘৰটোত কেনো এটি প্রাণীৰে সঁহাৰি নাই; ষ্টেচন মাষ্টৰৰ কোঠাটোত লেমটো পাতলকৈ জ্বলি আছিল। কিন্তু তাতো কাৰো সঁহাৰি নাই।

মোৰ কোলাত মূৰ সুমাই শুই থকা ছোৱালীজনীৰ পাতল বগা মুখখনলৈ চালো। মুখখন ধুনীয়া, মুদ খাই থকা চকু দুটা আৰু বেছি ধুনীয়া, কিন্তু ধুনীয়া হোৱাৰ কাৰণেই নেকি জানো ছোৱালীজনীৰ মুখখৰ বৰ কৰুণ যেন দেখিলো। তাই যেন ভাগি শুকাই যোৱা ডাল এটাত লাগি থকা বগা গোলাপ এপাহৰ দৰেই কৰুণ।

বৰষুণজাক পৰি আছে চম্ চম্, জিপ্, জিপ্। আৰু পাঁচ দিনৰ মূৰত মোৰ জীৱনৰ যিটো উৎসৱ হৈ যাব, তাৰ ফলত ঠিক এনেকুৱা এজনী ছোৱালীকে মোৰ কাষত চিৰন্তন কৰি পাব লাগিব। সেই অনাগতা আজিও মোৰ অচিনাকি। কিন্তু চিনাকি হোৱাৰ সেই উৎসৱে আমাৰ পৰিচয়ক শাশ্বত কৰি, বৈধ কৰি, সংস্কৃত কৰি দিব। আমাৰ চিনাকি হ’ব জীৱন-মৰণৰ চিনাকি, পৱিত্ৰ সম্বন্ধৰ চিনাকি। মুদ খাই আহিব ধৰা চকুজোৰক এনেয়ে মেলি ৰাখি মই ভাবিবৰ চেষ্টা কৰিলো।

কিন্তু আন্ধাৰৰ মাজত লগপোৱা এই অচিনাকি ছোৱালীজনী, কোনো উৎসৱ-আয়োজন নোহোৱাকৈয়ে দেখোন মই তাইক চিনি পাই গ’লো। ধুনীয়া ছোৱালীজনী চিনি পাবলৈ কিমান সহজ।

ভাবিবলৈ কোনো কথা নথকাৰ কাৰণেই হয়তো এনেয়ে এই কথাবোৰ ভাবিছিলো।

কিন্তু ছোৱালীজনীৰ কিটোনো মই চিনি পাইছোঁ? মোৰ কোলাত মূৰ সুমাই শুই থকা এই ছোৱালীজনীৰ বিষয়ে মইনো কিটো জানিছোঁ? মই হাঁহিলো। আমাৰ কোলাত মূৰ দি শুই থকা মানুহবোৰকো আমি অকণো চিনি নেপাওঁ।

বৰষুণজাক অলপ পাতলিছে, কিন্তু একেবাৰে কমা নাই, হয়তো নেৰিবও।

মোৰ যে জাৰ লাগিছিল, এই কথাষাৰ মই প্রায় পাহৰিয়ে গৈছিলো, ছোৱালীজনীয়ে গম নোপোৱাকৈ চিগাৰেট এটা জ্বলাই হুপিবলৈ ধৰিলে।

হাতৰ ঘড়ীটো চালো, তাৰপাছত ৰেলৰ ফালে চালো, আন্ধাৰ আৰু বৰষুণৰ সিপাৰে বহুত দূৰত অলপ পোহৰ যেন দেখিলো, হয়তো ৰেলৰ ইঞ্জিনৰ পোহৰ।

ছোৱালীজনীৰ মুখলৈ চালো— তেতিয়াও নিঃশব্দ টোপনিত মগ্ন। এটা অচিনাকি ষ্টেচনত যে মানুহ এনেদৰে টোপনি যাব পাৰে— আচৰিত!

দৈত্যাকাৰ ইঞ্জিনটো পিছত দীঘল গাড়ীবোৰ লৈ ষ্টেচনত সোমাই পৰিল।

বৰষুণজাক আকৌ হৰহৰাই আহিব ধৰিলে। উঠিব ধৰি মই দেখিলো ছোৱালীজনীৰ চেতনাই নাই। নিৰুপায় হৈ ছোৱালীজনীক সাবটি ধৰি, কুলীটোক মালবোৰ আনিবৰ কাৰণে চিঞৰি তুলি দি, বৰষুণৰ মাজেদিয়ে ৰেললৈ বেগ দিলো। ভাগ্যক্রমে মধ্যম শ্ৰেণীৰ আমাৰ গাড়ীখন ওচৰতে আছিল। এহাতেৰে কোনোমতে দুৱাৰখন হেচা মাৰি মেলি উঠি পৰিলো। গাত বৰষুণৰ পানী পৰিয়ে হয়তো ছোৱালীজনীয়ে সাৰ পাই চকু মেলিলে; মই আকৌ নামি গৈ ষ্টেচনত কিবা মালপত্র থাকি আহিল নেকি চালো আৰু তিতি তিতিয়ে আহি ৰেলত উঠিলো।

“আমি কিমান দূৰ আহিলো?” বিস্ময়েৰে ছোৱালীজনীয়ে সুধিলে।
ৰুমালখনেৰে মুখৰ পানীবোৰ মচি হাঁহিবৰ চেষ্টা কৰি ক’লো— “ৰৈ থকা প্লেটফৰ্মৰ পৰা গৈ থকা গাড়ীৰ ভিতৰলৈ।” অলপ টোপনি থকাৰ কাৰণেই হয়তো ছোৱালীজনীয়ে মোৰ কথাষাৰ ভালকৈ বুজিব নোৱাৰি ক’লে, “মাজত কেইটা ষ্টেচন এৰি আহিলো?“
“এক ঘণ্টাৰ বৰষুণ আৰু টোপনি।”
এইবাৰ ছোৱালীজনীয়ে বুজিলে আৰু কৰুণ মুখখনেৰে ধুনীয়াকৈ হাঁহি ক’লে, “মোৰ মনত লাগিছিল, কিজানি মই ৰেলত গৈ আছোঁ বহুত দূৰ।”
“ৰেল নহয়, মোৰ বিচনাৰ মুঠাটো।“ দুয়ো হাঁহিলো।

ৰেল চলিবলৈ আৰম্ভ কৰাৰ লগে লগে ময়ো বহিলো। অতপৰ মই ঠিয় দিয়ে আছিলো। কি সৌভাগ্যৰ ফলত ক’ব নোৱাৰোঁ, আমি উঠা গাড়ীখনত অন্য যাত্রী আৰু কোনো নাই। মধ্যম শ্ৰেণীত উঠি পইচাকেইটা বেছিকৈ দিয়াৰ অপচয় নোহোৱা দেখি আনন্দ পালো।

মৌন ভঙ্গ কৰি ছোৱালীজনীয়ে ক’লে, “আপুনি মোক ৰেললৈকে দাঙি লৈ আহিল? জগাই নিদিলে কিয়?”
“জগাবলৈ চাই দেখোঁ আপোনাৰ বৰ টোপনি। তাৰ উপৰি ভাবিলো, জগাই দিলে কিজানি মোৰ গাড়ীত নুঠি অন্য কোনোৱা এখন গাড়ীতে উঠেগৈ।”
ধুনীয়াকৈ তৃপ্তিৰে হাঁহি মোৰ মুখলৈ চাই ছোৱালীজনীয়ে ক’লে, “কিন্তু আপুনি মোক বলে পাৰিলে কেনেকৈ?“
“আপোনাক? এজনী ছোৱালীকে বলে নোৱাৰিমনে ? আপোনাক দেখোন মোৰ আপোনাৰ চুটকেচটোতকৈয়ে পাতল যেনেহে লাগিল।” হাঁহি ক’লো। মুহূৰ্ততে দেখিলো ছোৱালীজনীৰ মুখৰ বৰণটো পৰিৱৰ্তিত হৈ গৈছে। কি এটা অভিমান আৰু বেদনাত যেন তেওঁৰ ওঁঠ দুটা কঁপিব ধৰিছে। মোৰ বেয়া লাগিল, ভয় লাগিল। কিন্তু এই সাধাৰণ কথাষাৰত যে তেওঁৰ কি বেয়া পাব লগা থাকিব পাৰে, ভাবি নেপালো। কান্দো কান্দো কৰা চকু দুটা তুলি ছোৱালীজনীয়ে মোৰ মুখলৈ একেথৰে চাই ৰ’ল। নিৰুপায়ৰ দৰে ময়ো চাই ৰ’লো। মই কিন্তু একো বুজিব নোৱাৰিলো।

“আপুনি কি ভাবিছে?” হতভম্বৰ দৰে সুধিলো।
“মই মোৰ চুটকেচটোতকৈয়ো পাতল, মোৰ সৰু চুটকেচটোতকৈও।” ছোৱালীজনীৰ মাতত কান্দোনৰ ভাষা।
“সঁচাকৈয়ে, পাতল নোহোৱা হ’লে আপুনি মোক বলে নোৱাৰিলেহেঁতেন।”
“অ’ আপুনি মোৰ সেই সৰু কথাষাৰতে ইমান বেয়া পালেনে? মই কিন্তু সঁচাকৈয়ে ধেমালিহে কৰিছিলো। আপুনি বেয়া পাব বুলি জনা হ’লে মই কেতিয়াও নকওঁ।”
“কিন্তু আপুনি নক’লেও সেই কথাষাৰ সঁচা।”

আচৰিত হৈ মই ছোৱালীজনীৰ মুখলৈ চালো। দেখিলোঁ, তেওঁৰ মুখখনত সোঁৱৰণিৰ ঐকান্তিক বেদনাৰ ছায়া। মোৰ বৰ বেয়া লাগিল।

“আপুনি অলপ শোৱক। নিশ্চয় আপোনাৰ টোপনি খটিৰ কাৰণে বেয়া লাগিছে।” অতপৰ বান্ধতে থকা বিচনাখন বেঞ্চখনৰ ওপৰত মেলি দিলো।
“বাহিৰত বাৰু এতিয়াও বৰষুণ হৈ আছেনে?”
আমাৰ কোঠাৰ খিৰিকীবোৰ বন্ধ কৰি ৰাখিছিলো। তেওঁ মোৰ বিচনাখনৰ এমূৰে বহিল।
“আপুনি কোন ষ্টেচনত নামিবনো?” কথাৰ গতি সলনি কৰি সুধিলো।
এই প্রশ্নটোত ছোৱালীজনী যেন বৰ আচৰিত হ’ল, ক’লে, “অ’ সেই কথাষাৰ মই এতিয়াও ভবাই নাই। কিন্তু ক’ৰবাত নামিব লাগিব ঠিক।”

মোৰ আৰু আচৰিত যেন লাগিল। এই ছোৱালীজনী যেন অসম্ভৱ। আগে মই এনে ছোৱালী লগ নোপোৱা যেনেই লাগিল।

চিগাৰেটৰ ধোঁৱাবোৰ ওপৰৰ লাইটটোৰ ফালে লাহে লাহে এৰি দি ক’লো, “কিন্তু আপোনাৰ টিকেটততো দুটা ষ্টেচনৰ নাম লিখা আছে, এটা আপুনি য’ত ৰেলত উঠিছে আৰু আনটো আপুনি য’ত নামিব।”
হাঁহি মাৰি ছোৱালীজনীয়ে ক’লে, “কি মই যিটো টিকেট ল’লো, তাত কোনো ষ্টেচনৰ নাম নাই, গতিকে আপুনি ক’ব পাৰে যে মই অনির্দিষ্টৰ যাত্রী।“
“অ’ আপুনি তেন্তে ইষ্টাৰৰ ‘চিজন টিকেট’ লৈ ভ্ৰমণ কৰিবলৈ ওলাইছে।”
“ভ্ৰমণ কৰিবলৈ নহয়, ভ্ৰমণ শেষ কৰিবলৈ।”
“সেইটো অৱশ্যে হ’বই। ভ্ৰমণ যেতিয়া আৰম্ভ কৰিলেই, তাৰ শেষ কৰিবই লাগিব।” ছোৱালীজনীয়ে একো নেমাতি বাহিৰৰ বৰষুণজাকলৈ কাণ দি থাকিল।
“আপুনি প্ৰায়ে এনেদৰে ভ্ৰমণ কৰে, নহয়নে?”
মূৰ তুলি ছোৱালীজনীয়ে মোৰ মুখলৈ চালে আৰু পাতলকৈ হাঁহি ক’লে, “এয়ে প্রথম।“

মই অনুভৱ কৰিলে। ছোৱালীজনী আচৰিত! নিজে নিজেই ক’লো, “অচিনাকি ঠাইৰ মাজে মাজে অকলে অকলে ঘূৰি ফুৰাত সঁচাকৈয়ে বৰ আনন্দ আছে।“ সমর্থন বিচাৰি ছোৱালীজনীৰ মুখলৈ চালো। হঠাৎ ছোৱালীজনীৰ মুখখন ৰঙা পৰি উঠিল। সঁচাকৈয়ে যেন তেওঁ কিবা এটা বেদনাত বুৰ গৈ আছিল।

কঁপা কঁপা মাতেৰে, ভাষাত অতর্কিত উত্তেজনা সানি তেওঁ ক’লে, “আনন্দ আছে যেতিয়া আমি ইচ্ছা কৰি অকলে ফুৰোঁ, কিন্তু যেতিয়া আমি বাধ্যত পৰি অনির্দিষ্ট পথত অকলে ফুৰিব লগা হয়, তাত— তাত যিটো আনন্দ আছে, সি মর্মান্তিক!”

তেওঁৰ মাতটো ইমান কৰুণ! উৎসৱ-শেষৰ ক্লান্ত সঙ্গীতৰ দৰেই কৰুণ তেওঁৰ মাতটো; তাত যেন মই পালে ব্যর্থ নাৰীৰ বেদনাতুৰ ইংগিত।

একেথৰে মই ছোৱালীজনীৰ মুখলৈ চাই থাকিলো। আমাৰ মৌনৰ মাজেদি ৰেলখনে জনাই গ’ল তাৰ অবিশ্রাম গৈ থকাৰ কথা।

হঠাৎ মোৰ মনত পৰিল, হয়তো মোৰ অকাৰণ প্ৰশ্নবোৰেই তেওঁক অতিষ্ঠ কৰি তুলিছে। তেওঁৰ বিশ্রাম আৰু শান্তি কাঢ়ি ল’বৰ মোৰ কোনো অধিকাৰ নাই।
অনুৰোধৰ সুৰত ক’লো, “আপোনাৰ সঁচাকৈয়ে টোপনিত আঘাত লাগিছে, অলপ শোৱক।“
ছোৱালীজনীয়ে মুখেৰে একো নেমাতি মোৰ বিচনাখনতে দীঘল দিলে। কিন্তু শুই তেওঁ চকুজোৰ মুদাৰ পৰিবৰ্তে ডাঙৰকৈ মেলিহে দিলে।

“চাওকচোন।“
মই তেওঁৰ মুখলৈ চালো। হাতৰ আঙুলিটোৰে নিজৰ ডাঙৰকৈ মেলা চকুজোৰ দেখুৱাই তেওঁ ক’লে, “এই চকু দুটাৰে বাৰু মানুহে কিমান দূৰলৈকে দেখে?“
“কিয়, ভালেমান দূৰলৈকে।”
হাঃ হাঃ কৈ হাঁহি তেওঁ শোৱাতে বহি পৰিল।
“নেদেখে, অকণো দূৰলৈ নেদেখে। আধা আঙুল ডাঠ এখন চাল আৰু এক আঙুল ডাঠ দুডাল হাড়ৰ সিফাললৈকেই নেদেখে।” তেওঁৰ মুখলৈ চাই থাকি তেওঁৰ কথাষাৰ মই বুজিবৰ চেষ্টা কৰিলো।

তেওঁৰ মূৰৰ কাষতে বহি থকা মোৰ বুকুখনত হাতখন দি তেওঁ ক’লে, “এই চাল আৰু হাড়ৰ সিপাৰেই আপোনাৰ বুকুখন, আপোনাৰ প্রাণটো, আপোনাৰ হিয়াখন বা আপোনাৰ আপুনিটো ৰৈ আছে; কিন্তু ক’তা, মইতো এই চকু দুটাৰে চাল আৰু হাড়ৰ সিপাৰে একো দেখা নাই, হয়তো আপনি নিজেও ভালকৈ দেখা নাই।”

মই যেন দেখিলো ছোৱালীজনী অতিশয় দুর্বল হৈ পৰিছে! কোনো দিনে মই কোনো ছোৱালীক ইমান দুর্বল হোৱা দেখা নাই।

হঠাৎ ছোৱালীজনীয়ে মোৰ হাতখনত সাবটি ধৰিলে আৰু প্রায় চিৎকাৰৰ সুৰতে ক’লে, “আপুনি বাৰু মোৰ ভিতৰৰ বিদ্রোহটো অনুভৱ কৰিব পাৰিছেনে?”
“বিদ্রোহ? ক’তা, মইতো একো গম পোৱা নাই।“
“একো গম পোৱা নাই! অকলশৰে এজনী গাভৰু ছোৱালী এটা অচিনাকি ষ্টেচনত এজন অচিনাকি মানুহৰ কোলাত মূৰ সুমাই টোপনি যোৱা, তেওঁৰ ডিঙিত সাবটি ধৰি ৰেলগাড়ীত উঠা, তেওঁৰ লগত অকলশৰে তেওঁৰ বিচনাতে শুই যোৱা বিদ্রোহ নহয়?”
“সঁচাকৈয়ে! মই যে অনুভৱেই কৰা নাছিলো।” হতভম্বৰ দৰে ক’লো।
আকৌ ছোৱালীজনীৰ মুখত হতাশাৰ কৰুণতা আহি পৰিল।
তেওঁৰ কল্পিত বিদ্রোহৰ প্ৰশংসাবাদ মোৰ পৰা নেপাই হয়তো তেওঁ বৰ আঘাত পালে, কিন্তু মোৰতো উপায় নাছিল।

“পুৰুষে যেতিয়া বিদ্রোহ কৰে, যেতিয়া প্রতিবাদ কৰে, তেতিয়া তেওঁ কৰে কিবা এটা নতুন, কিবা এটা অশ্ৰুত, অদ্ভুত, অসম্ভৱ; তেওঁৰ বিদ্রোহে সফলতাৰ দৃষ্টি আৰু গৰিমা লাভ কৰে। কিন্তু নাৰীয়ে যেতিয়া বিদ্রোহ কৰে, তেতিয়া সি বিদ্রোহ নহয়, সি হয় নাৰীৰ তথাকথিত দুর্বলতা! বিদ্রোহ কৰিও নাৰীয়ে নতুন একো কৰিব নোৱাৰে; আনকি নতুন কৰা দূৰৰ কথা, নাৰীৰ চিৰন্তন পুৰণিটোও কৰিব নোৱাৰে, নাৰীৰ কাৰণে কেৱল ব্যর্থতা!” বৰ দুখ লগা, বৰ দুৰ্বল ভাষাৰে ধীৰভাৱে তেওঁ কৈ গ’ল।
“কিন্তু আপুনি এইদৰে বিদ্রোহ কৰিবলৈ ওলাইছে কিয়?”
“অ’ আপুনি শুনিব? শুনক, আজিৰ এই ৰেলতে, এই আমি অহা ৰেলগাড়ীখনতে, অৱশ্যে আন এটা কোঠাত এহাল ডেকা-গাভৰু আহিছে; গাভৰুজনী ডেকাৰ ভাৰ্যা; আজি এসপ্তাহৰ আগতে বিয়া হৈ গৈছে।” তেওঁ ৰ’ল। মই একেথৰে তেওঁৰ মুখলৈ চাই ৰ’লো। তেওঁ আকৌ কৈ গ’ল, “সেই ডেকাজন মোৰ জীৱনৰ যোৱা চাৰিটা বছৰৰ লগত পৰিচিত।”

ৰেলখন ঘৰ ঘৰ কৰি ৰৈ গল। খিৰিকী এখন মেলি চালো, বাহিৰত কাহিলি কাহিলি পোহৰ, ষ্টেচনৰ নামটো পঢ়িবৰ দৰকাৰ বোধ নকৰিলো। তিনি মিনিটৰ পাছত ৰেলখন আকৌ চলিল।
“তেওঁক মই ভাল পাইছিলো।”
হঠাৎ মই ঘূৰি তেওঁৰ মুখলৈ চালো। অকণো বিচলিত নহৈ তেওঁ কৈ গ’ল, “সঁচাকৈয়ে মই তেওঁক ভাল পাইছিলো।”
“তাৰ পাছত?”
“তাৰ পিছত আজি প্রায় কুৰি দিনৰ আগতে তেওঁ মোক জনালে যে বাপেক-মাকৰ বিশেষ অনুৰোধত তেওঁ বিয়া কৰাবলৈ বাধ্য হৈছে। ছোৱালীজনী মই চিনি পাওঁ। তাইৰ নাম হীমা।”
“আপোনাক জনালে?”
“কিয়? অৱশ্যে জনাব। তেওঁ যেতিয়া মোক ভাল পায়, তেওঁ যি কামকে কৰিব খোজে মোক জনাবই।”
মই নিঃশব্দে শুনি গ’লো।
“আজিৰ দৰেই বৰষুণ দিয়া ৰাতি, আজিৰ দৰেই আন্ধাৰত তেওঁ মোক বুকত লৈ ক’লে যে জীৱনৰ এই নতুন অভিজ্ঞতাই মোৰ প্ৰতি তেওঁৰ ভালপোৱা আৰু গভীৰ কৰিব মাত্র।”
মোৰ ফালৰ খিৰিকীখন মেলি দিলো। প্রথম ঊষাৰ এজাক নতুন বতাহ আহি আমাৰ গাত লাগিল। দূৰত ধোঁৱা বৰণীয়া আকাশখনৰ বুকুত দেখিলো অকণমান জোনবাইটি মাৰ যাওঁ যাওঁ।
“তেওঁ যোৱা চাৰি বছৰ আমাৰ ঘৰৰ ওচৰতে থাকি কাম কৰিছিল।“
বাহিৰলৈ চাই দেখিলো, এইফালে বৰষুণ দিয়া নাই।
“তেওঁলোকৰ বিয়া হৈ গল। বিয়াৰ পাছত যে হনিমুনৰ কাৰণে তেওঁলোক হাফলং পাহাৰলৈ আহিব, মোক আগতে জনাইছিল। পৰহি দিনা ময়ো আহি হাফলং পালোহি।”
“আপুনি কিয় আহিল?”
“ভুল বিচাৰি। অতদিনে ভৈয়ামৰ পৰা চাই যিটো সঁচা বুলি, ধুনীয়া বুলি ভাবি বহি আছিলো, পাহাৰৰ ওপৰত উঠি তাৰেই আচল ৰূপ বিচাৰি আহিলো।”
“তাৰ পাছত কি হ’ল?”
“গধূলিৰ ৰেলত আহি হাফলং ষ্টেচন পালোহি। মোক ষ্টেচনৰ পৰা আগবঢ়াই নিবলৈ বুলি টেলিগ্রামো কৰিছিলো। ষ্টেচনত কাকো নেদেখি ভাবিলো, হয়তো টেলিগ্রাম পোৱাই নাই। অকলে অকলেই খোজ ল’লো।”
“আপুনি চিনি পালে কেনেকৈ?”
“মনৰ বল আৰু প্ৰাণৰ অবুজ আনন্দত।”
“তাৰ পাছত?”
“পদূলিমূৰৰ পৰা শুনিলো এচৰাজৰ মিহি সুৰ, নিশ্চয় হীনাই বজাইছে। মোৰ বৰ আনন্দ লাগিল। ওচৰ চাপি গৈ লাহে লাহে দুৱাৰত টুকুৰিয়ালো। তেওঁ ওলাই আহিল। দুৱাৰ মেলি মোক দেখি তেওঁ বজ্ৰাহতৰ দৰে ৰৈ গ’ল। এচৰাজখন সামৰি থৈ হীমাও উঠি আহিল। মোক দেখি আৰু বেছি আচৰিত হৈ হীমাই চিঞৰি উঠিল— নিহাৰ! তুমি ইয়াত কেনেকৈ ওললাহি! আহিলাইবা কিয়? মই তেওঁৰ মুখলৈ চালো।
—থকা ঘৰ ক’ত ঠিক কৰিলা নিহাৰ? তেওঁ সুধিলে।
হীমাৰ মুখলৈ চালো। ঘৃণাৰ এটা কটাক্ষ কৰি হীমাই এটা বীভৎস হাঁহিৰে ক’লে— তেওঁৰনো কি, থাকিবলৈ ঠাই নেপাবনে।
অলপ পৰ তাতে ৰৈ থাকি হীমাহঁতৰ দুৱাৰমুখৰ পৰা উভটি আন্ধাৰৰ মাজে মাজে পুনৰ খোজ ল’লো।
ভিতৰত হাঁহিৰ শব্দ শুনি আকৌ অলপ ৰ’লো। মই পিঠি ঘূৰোৱাৰ লগে লগে দুৱাৰ বন্ধ কৰি দুয়ো ভিতৰ সোমাই খিক খিক্ কৰি হাঁহি আৰম্ভ কৰি দিলে। হাঁহি আৰু ফুলনিখন পাৰ হৈ এষাৰ কথা মোৰ কাণত পৰিলহি— আগে যি পিছে পিছে ঘূৰিলেই, এতিয়া বিয়াৰ পাছতো ঘৰ বিচাৰি ওলাইছেহি। কি যে মূৰ্খ!”

ৰেলৰ আলিৰ কাষৰ হাবিখনৰ পৰা সৰু চৰাইবোৰে তেতিয়া নতুন জীৱনৰ গীত আৰম্ভ কৰি দিছে। আনন্দ আৰু পোহৰৰ চিৰপ্ৰফুল্ল গান, ৰাতিৰ আন্ধাৰ শেষ হোৱাৰ গান।
“কালিৰ দিনটো পিছে আপুনি ক’ত থাকিল?”
“সিহঁতৰ পিছে পিছে সিহঁতৰ হাঁহি আৰু আনন্দৰ পিছে পিছে লুকাই লুকাই ঘূৰি ফুৰিলো।”
“কিয়নো মিছাতে ঘূৰি ফুৰিলে?”
কান্দো কান্দো হৈ ছোৱালীজনীয়ে ক’লে— “মই যে তেওঁক ভাল পাওঁ।”
“ভাল পায়? এতিয়াও?”
“ভালপোৱাৰ মাজত যে সময়ৰ সীমাৰেখা থাকে, মইতো নেজানো।”
“তেন্তে আপুনি বিদ্রোহ কৰিব খুজিছে কিয়?”
“কিয় মই নিজেই ক’ব নোৱাৰোঁ। হয়তো তিৰোতাৰ প্ৰাণৰ ঈৰ্ষাৰ অন্তর্নিহিত প্রবৃত্তি। আৰু এজন পুৰুষে যদি এজনী অচিনাকি ছোৱালীক লগত লৈ চিৰজীৱন কটাই দিবৰ সংকল্প কৰিব পাৰে, এজনী ছোৱালীয়ে এজন অচিনাকি পুৰুষৰ লগত তাইৰ জীৱনটো, অন্ততঃ তাইৰ জীৱনৰ এটা ডাৱৰীয়া ৰাতি কটাই দিব নোৱাৰিব কিয়? তাইৰ বাধা কত ?”
“কিন্তু তেওঁলোকৰ যে বিয়া হৈ গৈছে?”
“হৈছে ঠিক। কিন্তু এইটোও ঠিক যে যাৰ লগত বিয়া হৈছে, সেই ছোৱালীজনী তেওঁৰ একেবাৰেই অচিনাকি, যেনেকৈ আপুনি মোৰ অচিনাকি।”
তেওঁ বিচনাৰ পৰা উঠিল আৰু কাপোৰবোৰ ঠিক কৰি ল’লে।
“সঁচাকৈয়ে মোৰ বিদ্রোহ মোৰ দুর্বলতা। আপুনি অচিনাকি, তথাপি আপোনাক মোৰ এই কথাবোৰ কৈ দিলো। দুর্বলতা নহয় জানো?”
তেওঁৰ প্ৰশ্নৰ উত্তৰ নিদি মই সুধিলো, “কিন্তু আপুনি কোনটোক আপোনাৰ বিদ্রোহ বুলি ভাবিছে?”
“এটা প্রবাসী ষ্টেচনৰ ভিতৰত, দুপৰ ৰাতি, আপোনাৰ কোলাত মূৰ থৈ শোৱা,— তাকো আপুনি বিদ্রোহ নুবুলিবনে?” তেওঁ অলপ পৰ মনে মনে থাকিল, তাৰ পাছত ক’লে, “কিন্তু ৰাতিৰ আন্ধাৰ আৰু পাহাৰৰ বৰষুণে মোৰ বিদ্ৰোহক ব্যর্থ কৰি দিলে। ইচ্ছা আছিল, হীমা আৰু তেওঁৰ মোক আপোনাৰ কোলাত দেখা নহ’ল।” তেওঁৰ মাতত ব্যর্থতাৰ অনুশোচ।
“কিন্তু, ক্ষমা কৰিব, আপোনাৰ কথা মোক একো নক’লেই। ইমান দীঘল ৰাতি এটা আপোনাৰ লগত আহিলো, তাপি আপোনাক…।”
“মই চাটকৰ চূণৰ খনিত কাম কৰোঁ, এতিয়া ঘৰলৈ যাওঁ।”
“অ’ আপুনি ক’লা শিলৰ পাহাৰ পুৰি বগা চূণৰ ধূলি কৰে।“ দুয়ো হাঁহিলো।
“মোৰ লগত আপুনি কিমান দূৰ যাব পাৰিব?” সুধিলো।
“আপোনাৰ লগত? কিয়, শেষ পর্যন্ত।” তেওঁ নিশ্চয়তাৰ এটা হাঁহি মাৰিলে। “পিছে আপুনি এই সময়ত ঘৰলৈ আহিল কিয়?”

পাতলকৈ হাঁহি খিৰিকীয়েদি আগফালে চালো। অলপ আঁতৰতে দেখিলো ষ্টেচনৰ ডাউন চিগনেল। তেওঁৰ মুখলৈ আস্থা আৰু সৌহার্দ্যৰ চাৱনিৰে চাই লাহে লাহে ক’লো, “অহা সপ্তাহত মোৰ বিয়া।”
আচৰিত হোৱাৰ দৰে তেওঁ চিঞৰি উঠিল “বিয়া? আপোনাৰ ৰেলখন আহি ষ্টেচনত ৰৈ গ’লহি।“
তেওঁ তেওঁৰ সৰু চুটকেচটো হাতত ল’লে আৰু পাতলকৈ হাঁহি ক’লে, “ভাবিছিলো আপোনাৰ লগতে শেষ পর্যন্ত যাম। বহুত কষ্ট দিলো, ক্ষমা কৰিব।”
নমস্কাৰ দি তেওঁ ৰেলৰ পৰা নামি পৰিল।

❧ | আৰু পঢ়ক: শীলভদ্ৰৰ গল্প ‘তৰ্পণ’

“কিন্তু আপুনি যে ইয়াতে নামিল। এই সৰু ষ্টেচনটোত নামি আপুনি এতিয়া ক’লৈ যাব?”
ৰেলৰ চকা ঘূৰিল। মই খিৰিকীয়েদি মূৰ উলিয়ালো। আকৌ কপাললৈ হাত তুলি ভাষাৰ দৃঢ়তাত কান্দোনৰ কঁপনি সানি তেওঁ সৰু মাতটোৰে চিঞৰি ক’লে, “বিদ্রোহ বিচাৰি।”

প্লেটফৰ্মতে ঠিয় দি তেওঁ আঁতৰি অহা ৰেলখনৰ ফালে একেথৰে চাই থাকিল।

চলি অহা ৰেলগাড়ীখনৰ বহল কোঠাটোত তেতিয়া মই অকলে।

চৈয়দ আব্দুল মালিকৰ গল্প: এজনী নতুন ছোৱালী | চৈয়দ আব্দুল মালিক

Follow Nilacharai on Facebook