যাত্ৰা

প্ৰকাশ: ৫ এপ্ৰিল, ২০১৮ | অন্তিম সম্পাদনা: ৫ এপ্ৰিল, ২০১৮

যাত্রাৰ সকলো আয়োজনৰ পাছত
স্বপ্নৰ প্লেটফৰ্মত বহি
শেষ মুহূৰ্তত তুমি ঘোষণা কৰিছিলা
বিশেষ অসুবিধাবশতঃ
আপোনাৰ সৈতে মোৰ জীৱনমুখী যাত্রা বাতিল কৰা হ’ল।

আৰু সেইদিনা
ঢৌহীন শীৰ্ণ নদীৰ দৰে,
চৰাইৰ কলৰৱহীন বিষণ্ণ আবেলি এটাৰ দৰে,
নৈয়ে এৰা সুঁতিৰ দৰে
অনুৰ্বৰ হৈ পৰি ৰৈছিলো প্লেটফৰ্মৰ এটি কোণত।

মই জানো,
প্ৰেমৰ ইতিসাহ কাহানিও মসৃণ নাছিল,
জংকি-পানৈ, ৰাধা-কৃষ্ণ
নতুবা শকুন্তলা আৰু ৰজা দুষ্যন্ত—
অশ্রুত বুৰ যায় সকলো।

আৰু মই…
সকলো বুজিও ছায়া হৈ পৰি ৰৈছোঁ
নিচুকাব খুজি নিজকে
অশ্ৰুৰ হাঁহিৰে।

লেখকৰ ঠিকনা: বাক্সা

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts