বিশ্ব পৰিৱেশ দিৱস ২০১৮: সামাজিক মাধ্যমত প্লাষ্টিক প্ৰদূষণ ৰোধৰ আহ্বান

বিশ্ব পৰিৱেশ দিৱস ২০১৮: সামাজিক মাধ্যমত প্লাষ্টিক প্ৰদূষণ ৰোধৰ আহ্বান
  • 05 Jun, 2018

পৃ থিৱীখন প্ৰকৃতি আৰু মানুহৰ মাজত ভাৰসাম্য কৰি ৰখাৰ আহ্বানেৰে ৰাষ্ট্ৰসংঘইই ১৯৭৪ চনৰ পৰা ৫ জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস (World Environment Day) হিচাপে পালন কৰি আহিছে। সেই তেতিয়াৰে পৰা পৃথিৱীৰ সচেতন লোকসকলে প্ৰকৃতি ৰক্ষাৰ আবেদনেৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি আহিছে। প্ৰতি বছৰে বিশেষ একোটা বিষয়ক সেই বৰ্ষৰ থিম হিচাপে বাছি লোৱা হয়। এই বছৰ (২০১৮) এই বিষয় হৈছে ‘প্লাষ্টিক প্ৰদূষণ ৰোধ কৰক’ (Beat Plastic Pollution)। এই থিমৰ অধীনত প্লাষ্টিক কি ধৰণে প্ৰকৃতিৰ বাবে অত্যন্ত হানিকাৰক সেই বিষয়ে সজাগতা সৃষ্টি কৰিব বিচৰা হৈছে। এবাৰ ব্যৱহাৰযোগ্য (disposable) প্লাষ্টিক বা পলিথিন ব্যৱহাৰ নকৰাৰ বাবেও এইবেলিৰ থিমৰ জৰিয়তে ৰাইজক আহ্বান জনোৱা হৈছে।

❧ | আৰু পঢ়ক: বিশ্ব পৰিৱেশ দিৱসৰ চিন্তা: পৰিৱেশ প্ৰদূষণৰ ভয়াবহতা

বিশ্ব পৰিৱেশ দিৱসৰ এই আহ্বানৰ প্ৰতি ইণ্টাৰনেট জগততো যথেষ্ট চৰ্চা হোৱা দেখা গৈছে। দেশ নিৰ্বিশেষে এই আহ্বানক সঁহাৰি জনাইছে অনেক লোকে। সামাজিক মাধ্যম (social media)ত উপলব্ধ কিছু সঁহাৰি আৰু ব্যক্তিগত উদ্যমত কৰা কিছু কামৰ নমুনা আমি একগোট কৰি আগবঢ়াইছোঁ।


আমাৰ পৰিবেশ, আমাৰ দায়িত্ব #BeatPlasticPollution #worldEnvironmentDay
#saveDeeporBeel #UNO_Environment

Posted by Minangka Deka on Monday, June 4, 2018

❧ | আৰু পঢ়ক: প্লাষ্টিক প্ৰদূষণক প্ৰত্যাহ্বান জনাওক

বিশ্ব পৰিৱেশ দিৱস ২০১৮: সামাজিক মাধ্যমত প্লাষ্টিক প্ৰদূষণ ৰোধৰ আহ্বান | সম্পাদনা কক্ষ

Follow Nilacharai on Facebook