শি লঘাট অভিমুখী ট্ৰেইনত বহি আছিলো। ডবাটোত মানুহ কম, এজন-দুজনকৈ আহি আছে। আচলতে ট্ৰেইন চলিবলৈ অলপ সময় আছে।

: ঐ নিহয় পদুম দেখোন।— নতুনকৈ সোমাই অহা এজনৰ মাত। মই চকু ফুৰালো, পদুম কোনজন। : অ’ ৰমাই, আহ আহ, বহ।— পদুমৰ উচাহভৰা মাত।

ৰমাই গৈ পদুমৰ লগত বহিল। দুয়োজনৰ বাৰ্তালাপ আৰম্ভ হʼল— কোনজন কʼত থাকে, কিমান দিন লগালগি হোৱা নাই, খেতি-বাতি, লʼ-ছালী, ঘৰৰ ঘৈণী— অনেক বিষয়। ইতিমধ্যে ডবাটো প্ৰায় ভৰ্তি হৈছিল, ট্ৰেইনো চলিবলৈ ধৰিছিল। প্ৰচণ্ড গৰমত বতাহ অকণে চোৱক বুলি খিৰিকীৰ কাষত চেপেটা লাগি আছোঁ যদিও ৰমাই-পদুমৰ কথাবোৰ মন কৰি আছোঁ।

: তবে?— পদুমৰ মাত। : তবে?— ৰমাইয়ে বুজিবলৈ চেষ্টা কৰিছে। : ধেই! বোলো মুহুদি অকণৰ ব্যৱস্থা কৰ। ৰমায়ে কথাটো বুজি হাঁহি এটা মাৰিলে। ‘হৰৌ, তাকে খোলোচাকৈ ক৷ʼ কথাষাৰ কৈ ৰমাইয়ে পাঞ্জাবী চোলাৰ জেপৰ পৰা খবৰ কাগজেৰে মেৰিওৱা নুৰা এটা উলিয়ালে। জিনিচটো কি বুলি মই চকুৰ টিপ নমৰাকৈ চাই থাকিলো। খবৰ কাগজখিলাৰ বান্ধটো খুলি ৰমাইয়ে এনুৰা চাধা উলিয়াই তাৰে অলপ ছিঙি লʼলে।

: হৰৌ ৰমাই, বোলো কথা কি, পেকেট এৰি যে পাতত ধৰিলি?— মই বুজিলো, আগতে ৰমাইয়ে নিয়মীয়াকৈ পেকেটৰ চাধা খাইছিল। : পাত চেধাতকৈ ভাল পালেও আজিকালি পেকেট বাদ দিলো বুজিছ। : নিহয় কিয়? : এহ্ নকবি আৰু, পেকেটত তোৰ যিহে কেঁকোৰা এটাৰ ছাব মাৰি দিয়ে আৰু আজিকালি কেঞ্চাৰ হোৱা মানুহ এটাৰ মুখৰ ছাব মাৰি দিয়ে, ভয়েই লাগে দেচোন। গতিকে পাত খাওঁ, পাতত কে* কʼত ছাব মাৰিব?— ঢেকঢেকাই ৰমাইয়ে হাঁহি দিলে। মই সেইফালেই জলভৰ দিলো।

চাধা

: তয়ো মহা বেকাৰ্ড দেই।— পদুমৰ মাতত মই আকৌ এটেনশ্যন মুডলৈ আহি গʼলো। : বেকাৰ্ড?— ৰমাইয়ে ঘটনাটো বুজা নাই। : হৰৌ বেকাৰ্ড বেকাৰ্ড, পিছপৰা। : নিহয়, কিয়? : হৰৌ, কেঞ্চাৰ কে* কোনো বেমাৰেই নহয়।— পদুমৰ ভয়ংকৰ চিঞৰত ডবাটোৰ সকলোৱেই তেওঁলৈ চাবলৈ বাধ্য হʼল। : বেমাৰ নহয়? তবে কি সেইডাল?— ৰমাই দস্তুৰমত বিবুদ্ধি। ৰমাইয়ে নে, ডবাটোৰ সকলো। : ১৭ নম্বৰ ভিটামিনৰ অভাৱটোকে কেঞ্চাৰ বুলি কোৱা হয়, বুজিলি? : কি কথা কʼবলৈ আহিছ? তেজবেলি আমাৰ বৰটো ককাইদেউ মানে ১৭ নম্বৰ ভিটামিন নেপাইহে মৰিল? পিথিপীখনৰ লাখ-বিলাখ মানুহ ১৭ নম্বৰটো নেপাইহে মৰিছে বালক? : অঁ। : তোকনো কে* কোন ডাক্তৰে কʼলে অʼ? : এজন দুজনে কোৱা নহয় ঔ, এগালমান ডাক্তৰে কৈছে। : কোন হাস্পতালৰ ডাক্তৰ অʼ? : ফেচবুকৰ ডাক্তৰ। : ফেচবুক? সেইখন হাস্পতাল কʼত? : তই নিহয় সঁচাকৈ মহা বেকাৰ্ড দেই। তই এই লʼৰ-ছালীমখাৰ হাতে হাতে ইটা চপৰাটোমান ফোন একোডাল দেখিছ নে নাই? : সেইডাল ফোনহে নেকি? মই আকʼ আইনাখনত ইফালে-সিফালে আঙুলিৰে আঁচ টানি থকা দেখি সেইডাল কিবা জৰীপ-চৰীপ কৰা যন্ত্ৰ বুলিহে ভাবিছিলো। তাকেহে বালক, বোলো গোটেইমখানো জৰীপ বিভাগতে সোমালনে! অঁ বুজিলো বাৰু, সেইডাল ফোন, পিছে সেইডালৰ লগত ফেচবুক হাস্পতালৰ যোগটো কʼত? : সেই ইটা চপৰাহেন ফোনবোৰতে তোৰ এই ফেচবুকডাল সোমাই থাকে। আৰু সেই ফেচবুকতে এই ডাক্তৰমখাও সোমাই থাকে। কিয়, আমাৰ ঢেই ৩৬৫ আৰু নিউজ লাই বোলা টিভিত যে ওলায়— আমাৰ পাঠক ডাক্তৰ, সেইজনাইয়ো পহিলাতে তোৰ এই ফেচবুকতেহে পেকটিচ কৰিছিল। : তবে বুজ! মই এতিয়াহে অলপ তৎ ধৰিছোঁ বালক। পিছে তই ইমানখন গিয়ানৰ সাগৰ হলি কেনেকৈ, তোৰো আছে নেকি ইটা চপৰা ফোন?

পদুমে প্ৰথমে প্ৰাণ খুলি হাঁহি লʼলে। তাৰ পাছত আত্মতুষ্টিত গদ গদ হৈ ক’লে— ‘নাই অʼ নাই। আমাৰ সৰুমইনা যে, ভতিজাটো,— সিয়ে চব গিয়ান ডেলিভাই দি থাকে। সি তোৰ দিনৰ দিনটো সেইখন হাস্পতালতে ঘানি-পাগুলি থাকে নহয়। : এঁ? : অঁ, সিয়েই বোলে— খুৰাই, ফেচবুকৰ ডাক্তৰমখাই ৰিচাচ-ফিচাচ কৰি এইবোৰ উলিয়াইছে। : ইচ্ ইচ্ ইচ্! : কি হʼল তোৰ? : আগতে যদি জানিলোহেঁতেন ঐ, বৰটো ককাইদেউ আজি জীয়াই থাকিল হয়!— ৰমাইৰ মাতটো অলপ থোকাথুকি। ‘১৭ নম্বৰটো থকা হৰলিক্স দুবটলমান খুৱায়েই তাক বচাব পাৰিলোহেঁতেন অʼ দেহি। মিছাতে মাটিসোপা বেছি ভেলোৰলৈ তাঁত-বাতি। আজি বোলে অপাৰেচন, কাইলৈ বোলে কিমা থেৰেপি…। অস্ অস্ অস্। : দুখ নকৰিবি ৰমাই। হোৱাটো হৈ গʼল। এতিয়াতো বুজিলি কথাটো। : বুজিলো বুজিলো। এতিয়া মোক কে* কোনে পায়! : কিয়, কি কৰিবি এতিয়া? : কি কৰিম মানে! আজিৰ পৰা কে* পাত বন্ধ, পেকেট চুৰু। লগত ১৭ নম্বৰী হৰলিক্স পুৱা-গধূলি দুপালি। খেক্ খেক্ খেক্…।

মই সেইফালেই ননচেঞ্চ হৈ গʼলো, চেঞ্চ এতিয়াও অহাই নাই।

১৭ নম্বৰ | পল্লৱপ্ৰাণ গোস্বামী