সন্ধ্যাৰাগ

হুৰ হুৰ বুলি নিদিবা হুৰাই
মই যে তোমাৰ প্ৰেমিক চৰাই…
শীতৰ লঠঙা ডালত পৰি
বসন্তৰ এটি গীত জুৰিম
তোমাৰ বুকুৰ ফেৰেঙনিত বহি
কুঁহিপতীয়া এটি সপোন আঁকিম!

হুৰ হুৰ বুলি নিদিবা হুৰাই
মই যে তোমাৰ প্ৰেমিক চৰাই…
নাখাওঁ পথাৰৰ বাওধান
ছোঁ মাৰি গৈ বুকুতে পৰিম
ঠোঁটত লৈ উভতিম
ধান নহয়
তোমাৰ ওঁঠৰ এটি গান!

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

1 Comment on "সন্ধ্যাৰাগ"

avatar
Sort by:   newest | oldest | most voted
B N SONOWAL
Guest

bhal hoise lekhabor

wpDiscuz