বৰঘৰৰ মেকুৰী সৰুঘৰলৈ গ’লেই যেনিবা, তাতেনো কি অমঙ্গল হ’ল !

দুদিনমানৰ আগৰ কথা। ভৰদুপৰীয়া লামডিঙৰ উপপথ এটিৰে খোজকাঢ়ি গৈ আছিলো। হঠাতে এঘৰ মানুহৰ গেইটৰ তলেদি সৰকি ক’লা মেকুৰী এটা মোৰ সন্মুখেদি পাৰ হৈ গ’ল। ক’লা, তেল পৰি পিছলা নিমজ, নোদোকা মেকুৰীটো দেখি মোৰ ভাল লাগিল। তজবজীয়া মেকুৰীটো পলকতে আন এঘৰৰ গেইটৰ তলেদি সৰকি গ’ল।

এইখিনিলৈকে সকলো স্বাভাৱিক আছিল। মোৰ বিস্ময় হ’ল তেতিয়া, যেতিয়া উপপথটোৰে মোৰ মুখামুখিকৈ আহি থকা কলেজীয়া ছাত্ৰীকেইগৰাকীয়ে মেকুৰীয়ে বাট কাটিলে বুলি ঠাইতে ৰৈ হায়ৈ-বিয়ৈখন কৰিবলৈ ল’লে। ছাত্ৰীকেইগৰাকীৰ চকুৱে-মুখে ফুটি উঠিল আতঙ্ক আৰু সংশয়ৰ ভাব। সিহঁতৰ মুখামুখিকৈ স্বাভাৱিকভাবে আহি থকা মোক দেখি সিহঁতে তবধ মানিলে, মোলৈ খুব আশ্বৰ্যেৰে চালে। মই ‘ক’তা ক’তোতো একো হোৱা নাই’— এই ভাবেৰে সিহঁতলৈ চাই পাৰ হৈ আহিলো।

অলপ দূৰ গৈ উভতি চালো, ছাত্ৰীকেইগৰাকী তেতিয়াও স্বাভাৱিক হৈ মেকুৰীয়ে বাট কটা ঠাইকণ পাৰ হৈ যোৱাগৈ নাই।

মনটো বৰ কেনেবা লাগিল। ভৰদুপৰীয়া ইঘৰ-সিঘৰৰ দুপৰীয়াৰ আহাৰৰ ভজামাছৰ গোন্ধ পাই বৰঘৰৰ মেকুৰী সৰুঘৰলৈ গ’লেই যেনিবা, তাতেনো বাৰু কি অমঙ্গলখন হ’ল! মেকুৰীটোৰ ব্যস্ততা, খাদ্যসন্ধানক লৈ কলেজত পঢ়া শিক্ষিত ছাত্ৰীকেইগৰাকীয়ে বাৰু এনে অন্ধবিশ্বাসবোৰ কিয় এৰিব পৰা নাই? উচ্চ শিক্ষাইও তেন্তে তেওঁলোকক মুক্ত মনৰ কৰি তুলিব পৰা নাই! কাকতালীয়ভাৱে কেতিয়াবা কিবা ঘটনা ঘটে,তাতে মঙ্গল-অমঙ্গলৰ বিচাৰ কৰিবলৈ গৈ নিৰ্বোধ প্ৰাণী এটাক দোষ দিয়াটো একেবাৰে অনুচিত।

| আৰু পঢ়ক: বিশ্বাস-অবিশ্বাস-অন্ধবিশ্বাস

এই অন্ধবিশ্বাসবোৰে আমাক সদায় পিছলৈ টানে, আমাক অন্ধকাৰৰ অতল গহ্বৰলৈ লৈ যায়। এটা এনেকুৱা বিষয়ক প্ৰশ্ৰয় দিয়া মানেই আন দহোটা আকোঁৱালি লোৱা। এই সংকীৰ্ণতাৰ পৰা আধুনিক মানুহ কেতিয়া মুক্ত হ’ব?

ফিচাৰড্ ইমেজৰ ছবি অংকন: লক্ষীপ্ৰভা শইকীয়া, নগাঁও

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of