ৰুক্মিণী হৰণ নাটত নাট্যকাৰ শ্ৰীমন্ত শংকৰদেৱৰ মৌলিকতা

একাধাৰে কবি, সমাজ-সংস্কাৰক, ধৰ্ম-প্ৰৱৰ্তক, নাট্যকাৰ, অভিনেতা, সংগীতজ্ঞ আৰু পৰম ভক্ত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৩৭১ শক, ইংৰাজী ১৪৪৯ খৃষ্টাব্দত বর্তমানৰ নগাঁও জিলাৰ বৰদোৱাত। অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত মহাপুৰুষজনাৰ অৱদান তুলনাবিহীন। বহু দেৱতাৰ ঠাইত এক দেৱতাৰ উপাসনাৰ প্ৰৱৰ্তন আৰু নানা ধৰ্ম মতবাদৰ সলনি সবল বিশুদ্ধ ভাগৱতী ধৰ্ম মতবাদ স্থাপন কৰাৰ উদ্দেশ্যে তেখেতে সংস্কৃত বৈষ্ণৱ গ্ৰন্থৰাজিক অৱলম্বন কৰি কাব্য, নাটক, গীত আদি ৰচনা কৰি ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত এক নৱজাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। তেখেতৰ ৰচিত গ্রন্থসমূহ হ’ল— হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, কীৰ্তন, ভাগৱতৰ প্রথম, দ্বিতীয়, দশম (আদি), একাদশ আৰু দ্বাদশ স্কন্ধৰ অনুবাদ, অজামিল উপাখ্যান, বলিছলন, নিমি নৱসিন্ধ সংবাদ, অনাদিপাতন, ভক্তি-প্ৰদীপ, ভক্তি-ৰত্নাকৰ, গুণমালা, উত্তৰাকাণ্ড-ৰামায়ণ, অমৃত-মথন, কুৰুক্ষেত্র, ৬খন অংকীয়া নাট (পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম-বিজয়) আৰু বৰগীতসমূহ। উল্লিখিত ৰুক্মিণী হৰণ নাটকত নাট্যকাৰ মহাপুৰুষজনাৰ মৌলিকতাই হ’ল আমাৰ আলোচ্য বিষয়।

ৰামৰায়ৰ অনুৰোধ ৰক্ষা কৰি শংকৰদেৱে ৰুক্মিণী হৰণ নাট ৰচনা কৰিছিল আৰু মঞ্চস্থ কৰিছিল। মহাপুৰুষ শংকৰদেৱে নিজে কৈছে—

(ক) “শ্ৰীৰাম ৰায়া
হৰিকো পৰয়া ভকতি ৰাসত হোজান।”
(খ)“শ্ৰীৰাম ৰায়া ভকতি হোজান
কৰায়ত কৃষ্ণ নাট নির্মাণ।” (ৰজনীকান্ত দেৱশৰ্মা সম্পাদিত ‘ৰুক্মিণী হৰণ নাট’, পৃষ্ঠা ৫২)

কথা গুৰুচৰিতৰ মতে, শংকৰদেৱে পাটবাউসীত থাকোঁতে ভাগৱত আৰু হৰিবংশৰ বিষয়বস্তুৰ মিশ্ৰণত ৰুক্মিণী হৰণ ৰচনা কৰে। উপেন্দ্র চন্দ্ৰ লেখাৰুৰ কথা-গুৰুচৰিতত ‘ৰুক্মিণী হৰণ’খন কাব্য নে নাট তাৰ স্পষ্ট উল্লেখ নাই। ৰুক্মিণী হৰণ নাটক ৰচনা কৰাৰ আগতে সেই একে নামেৰে শংকৰদেৱে একে বিষয়কে লৈ কাব্যও ৰচনা কৰিছিল। কিন্তু ৰুক্মিণী হৰণৰ কাহিনীভাগৰ ৰমনীয়তা আৰু ভগৱন্তৰ ভক্ত-প্রীতিৰ গভীৰতা উভয়ৰ প্রতি বিশেষভাৱে আকৃষ্ট হৈ মহাপুৰুষজনাই দৃশ্য-শ্রাব্য উভয় ৰূপ প্ৰদান কৰাৰ প্রয়াসেৰে উক্ত কাহিনীভাগক নাট্যৰূপ প্রদান কৰে। প্ৰথমবাৰ তীৰ্থ ভ্রমণৰ পৰা ঘূৰি আহি ৰুক্মিণী হৰণ নাট ৰচনা কৰা বুলি পণ্ডিতসকলে অনুমান কৰিছে।

ৰুক্মিণী হৰণ নাটখনিক নাট্যকাৰে নিজেই নাটকৰ ভিতৰতে প্রধান বুলিছে— “ৰুক্মিণী হৰণ নাট পৰধান কৃষ্ণ কিংকৰ উহি শংকৰ ভান।” ৰুক্মিণী হৰণ কাব্যৰ সংক্ষিপ্ত নাট্যৰূপ ৰুক্মিণী হৰণ নাটত ভাগৱত পুৰাণ আৰু হৰিবংশৰ প্রভাৱ সুস্পষ্ট। মহাপুৰুষজনাই কাহিনীভাগ ভাগৱত পুৰাণৰ পৰা গ্ৰহণ কৰি একাধিক পৰিস্থিতিৰ ক্ষেত্ৰত হৰিবংশৰ সমল সংমিশ্ৰণ কৰি নাটখনি ৰচনা কৰিছে। নাটখনৰ পৰিস্থিতি চিত্ৰণ আৰু কাহিনী বিকাশত নাট্যকাৰে যথেষ্ট মৌলিকতা প্রদর্শন কৰাৰ লগতে স্থানীয় ৰহণ সংযোগ কৰি নৱ্য ৰূপত এই নাটকখন ৰচনা কৰিছে।

নাটৰ আৰম্ভণিতে পৰিৱেশন কৰা নান্দী শ্লোক দুটি, নাটৰ বিভিন্ন স্থানত উপস্থাপন কৰা শ্লোক, গীত, পয়াৰ, নাটৰ আৰম্ভণিতে সংযোগ কৰা ভটিমা আৰু কাহিনীভাগৰ পৰিসমাপ্তিত পৰিৱেশন কৰা মুক্তিমংগল ভটিমা আদি শংকৰদেৱৰ স্বকীয় সৃষ্টি।

ভাগৱত পুৰাণৰ ৰুক্মিণী হৰণ কাহিনীভাগৰ লগত উদ্ধৱ জড়িত নহয়। কিন্তু শংকৰদেৱে উদ্ধৱৰ সৈতে একেলগে শ্রীকৃষ্ণক প্রথম ৰংগালয়ত প্রৱেশ কৰাইছে— “আহে সভাসদ, যাকেৰি কথা কহৈছি, ওহি শ্রীকৃষ্ণ উদ্ধৱ সহিতে আৱত, এ আৱত।”

ভাগৱত পুৰাণৰ মতে, ৰজা ভীষ্মকৰ পাঁচজন পুত্ৰ আৰু এগৰাকী কন্যা। ইয়াৰ বিপৰীতে হৰিবংশৰ বিষ্ণুপুৰাণৰ মতে বিদৰ্ভাধিপতিৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা। ভাগৱতৰ অনুকূলে গৈ শংকৰদেৱে কিন্তু বিদৰ্ভাধিপতিৰ পঞ্চপুত্ৰৰ উল্লেখ কৰা নাই। এই প্রসংগত নাট্যকাৰে হৰিবংশৰ ওপৰত নিৰ্ভৰ কৰিছে। ভাগৱত পুৰাণৰ মতে, গৃহাগত লোকৰ জৰিয়তে শ্রীকৃষ্ণ আৰু ৰুক্মিণীয়ে পৰস্পৰৰ ৰূপ-গুণৰ বিষয়ে শুনি উভয়ে উভয়ৰ প্রতি আকৃষ্ট হৈছিল।
“সোপশ্ৰুত্য মুকুন্দস্য
ৰূপবীর্য গুণত্রিয়ঃ
গৃহাগতৈ গ্রীমমানাস্তং
যেনে সদৃশং পাতিম্।”

শংকৰদেৱে ভাগৱত পুৰাণত উল্লেখিত উক্ত গৃহাগত দুজনৰ নাম ৰাখিছে ক্রমে সুৰভি ভাট আৰু হৰিদাস ভাট। সুৰভি ভাট কুণ্ডিলৰ পৰা দ্বাৰকালৈ গৈ ৰাজপুত্ৰী ৰুক্মিণীৰ ৰূপ-যৌৱন আৰু গুণ আদি বর্ণনা কৰিছে। স্বয়ং কৃষ্ণৰ সন্মুখত বর্ণনা কৰা এই ভটিমা-গীতৰ ফলশ্ৰুতিত ৰুক্মিণীৰ প্ৰতি শ্ৰীকৃষ্ণৰ পূৰ্বৰাগ সৃষ্টি হৈছে। তেনেদৰে হৰিদাস ভাটৰ দ্বাৰা পৰিৱেশিত ভটিমাৰ সংযোগত বৈদভী ৰুক্মিণীৰ অন্তৰতো কৃষ্ণৰ প্রতি পূর্বৰাগৰ উদয় হৈছে। মূল ভাগৱততকৈ ৰুক্মিণী হৰণ নাটত আৰোপিত পূৰ্বৰাগৰ চিত্র কাব্যিক অথচ স্বাভাৱিক, আনহাতে কৃষ্ণৰ আদেশত উদ্ধৱে সুৰভি ভাটক মন পূৰাই প্রসাদ দিয়া আৰু ৰুক্মিণীৰ নির্দেশ মতে মদনমঞ্জৰীয়ে হৰিদাস ভাটক ধন-সোণ দিয়া পৰিস্থিতিৰ চিত্ৰণ শংকৰদেৱৰ নিজা সৃষ্টি। ভাগৱতৰ মতে, ভীষ্মক আৰু বন্ধু-বান্ধৱসকলে কৃষ্ণৰ লগত ৰুক্মিণীৰ বিয়া দিবলৈ ইচ্ছা কৰিছিল। শংকৰদেৱে ভাগৱতৰ কাহিনীভাগ লৈছে যদিও ৰুক্মিণীৰ বাবে যোগ্য পাত্র নিৰ্বাচন সম্পৰ্কত যথেষ্ট মৌলিকতা প্রদর্শন কৰিব পাৰিছে।

ভাগৱত পুৰাণ, হৰিবংশ বা বিষ্ণু পুৰাণত ভীষ্মক নৃপতিৰ পত্নী অথবা ৰুক্মিণী মাতৃৰ নামোল্লেখ পোৱা নাযায়। ৰুক্মিণী হৰণ নাটকত ভীষ্মকৰ পত্নী আৰু ৰুক্মিণীৰ মাতৃৰ নাম ৰখা হৈছে শশীপ্রভা। তেনেদৰে ৰুক্মিণীৰ সখী লীলাৱতীও শংকৰদেৱৰ মানস কন্যা। ভাগৱত আদিত লীলাৱতীৰ চৰিত্ৰৰ সংকেত পোৱা নাযায়। পাত্র-মন্ত্রী, জ্ঞাতি আৰু পত্নী মহাদৈ শশীপ্রভাৰ অনুমোদন সাপেক্ষে কুণ্ডিল অধিপতি ভীষ্মকে কন্যাৰত্ন ৰুক্মিণীক কৃষ্ণৰ লগত বিয়া দিবলৈ সিদ্ধান্ত গ্রহণ কৰাৰ বাতৰি লীলাৱতীয়ে সখী ভীষ্মক নন্দিনীক দিয়ে। আশাৰ কুসুম বিকশিত হোৱাৰ সম্ভাৱনাত কৃষ্ণ প্রেমিকা ৰুক্মিণীয়ে আনন্দৰ আতিশয্যত নৃত্য-গীত কৰি নিজকে সৌভাগ্যৱতী ৰূপে অভিহিত কৰা পৰিস্থিতিৰ চিত্ৰণ শংকৰদেৱৰ স্বকীয় সৃষ্টি। ভাগৱত পুৰাণ, হৰিবংশ নাইবা বিষ্ণুপুৰাণত কৃষ্ণ-ৰুক্মিণীৰ মিলন পথত প্রধান অন্তৰায় ৰূপে ভূমিকা গ্রহণ কৰিছিল ৰুক্মিণীৰ জ্যেষ্ঠ ভাতৃ ৰুক্মই; কাৰণ তেওঁ চেদীৰাজ শিশুপাললৈহে ৰুক্মিণীক বিয়া দিবলৈ সিদ্ধান্ত কৰিছিল।

শংকৰদেৱে অসমৰ লোকসমাজত সদাসৰ্বদায় দেখা বৰপুত্ৰৰ মইমতালিৰ লগত সম্পর্ক ৰাখি ৰুক্ম চৰিত্ৰ আৰু তেওঁৰ কাৰ্যাৱলী বৰ্ণনা কৰিছে। পাত্র-মন্ত্রী, জ্ঞাতি-মিত্র আৰু পিতৃ-মাতৃৰ সিদ্ধান্ত বাতিল কৰি একপক্ষীয়ভাৱে সিদ্ধান্ত গ্রহণ কৰিব পৰা ডেকাৰূপে ৰুক্মক চিত্রিত কৰাৰ ক্ষেত্ৰত শংকৰদেৱে যথেষ্ট মৌলিকতা দেখুৱাব পাৰিছে। মূল গ্রন্থকেইখনত চেদীৰাজ শিশুপাললৈ ৰুক্মিণীক বিয়া দিবলৈ ৰুক্মই প্রতিজ্ঞা কৰা নাই। ৰুক্মিণী হৰণ নাটকত ৰুক্মই কিন্তু ভীষণ প্রতিজ্ঞা কৰিছে। ভাগৱত পুৰাণৰ মতে, চেদীৰাজৰ লগত ৰক্মিণীক বিয়া দিবলৈ ৰুক্মই একপক্ষীয় সিদ্ধান্ত লোৱাৰ বাতৰি ভীষ্মক নন্দিনীয়ে নিজেই পাইছে। কিন্তু ৰুক্মিণী হৰণ নাটকত এই বাতৰি ৰক্মিণীক দিছে মদনমঞ্জৰীয়ে।

বেদনিধিৰ নাম-ধাম আৰু পোছাক-পৰিচ্ছদ চিত্রণ শংকৰদেৱৰ মৌলিক সৃষ্টি। মূল গ্রন্থকেইখনত ৰুক্মিণীৰ পত্র-সন্দেশৰ বিষয়বস্তুৰ প্রতি আকৃষ্ট হৈ শ্রীকৃষ্ণই ব্রাহ্মণক কৈছিল যে তেওঁৰ মন ৰুক্মিণীতে মজি আছে। ৰুক্মিণীৰ চিন্তাত তেওঁৰ চকুত টোপনি নাই। ভাগৱতৰ এই বৰ্ণনাৰ ওপৰত নিৰ্ভৰ কৰি শংকৰদেৱে কৃষ্ণৰ ৰুক্মিণীৰ বিৰহজনিত শোকৰ চিত্র মৰ্মস্পৰ্শীভাৱে পৰিৱেশন কৰিছে। কুণ্ডিল নগৰ অভিমুখে পৱন বেগে কৃষ্ণ ৰথত গতি কৰা অৱস্থাত দূত ব্রাহ্মণ অর্থাৎ বেদনিধিৰ শ্ৰুতি ভংগ হোৱাৰ বৰ্ণনা ভাগৱত-পুৰাণ আৰু হৰিবংশ নাইবা বিষ্ণু পুৰাণত পোৱা নাযায়। এনে পৰিস্থিতি সৃষ্টি কৰা জন নিশ্চিতভাৱে নাট্যকাৰ নিজে।

img
শ্ৰীকৃষ্ণ, বেদনিধি, বলৰাম

ভাগৱত পুৰাণৰ মতে, কন্যা ৰুক্মিণীক হৰণ কৰিবলৈ শ্ৰীকৃষ্ণই অকলশৰে কুণ্ডিললৈ যোৱা শুনি ভাতৃস্নেহত আপ্লুত বলৰামে সৈন্যবাহিনীৰ সৈতে মাধৱৰ সহায়ৰ বাবে কুণ্ডিললৈ যাত্ৰা কৰে। অৱশ্যে অম্বিকা নাথ বৰা সম্পাদিত ‘ৰুক্মিণী হৰণ নাট’ আৰু কালীৰাম মেধি সম্পাদিত ‘অংকাৱলী’ত কৃষ্ণৰ সাহায্যাৰ্থে বলৰামে সসৈন্য যাত্রা কৰা কথাৰ উল্লেখ নাই। বিৰিঞ্চি কুমাৰ বৰুৱাৰ দ্বাৰা সম্পাদিত ‘ৰুক্মিণী হৰণ নাট’ত এই ঘটনাৰ উল্লেখ আছে। যদি এই পাঠ সমীচীন বুলি ধৰা হয়, তাতো নাট্যকাৰৰ মৌলিকতাৰ আভাস পোৱা যাব। মূল ভাগৱতত বলৰামে স্বতঃপ্রণোদিত হৈ ভায়েকৰ চেনেহত অহাৰ কথা উল্লেখ আছে, কিন্তু নাট্যকাৰে মাতৃ দৈৱকীয়ে পুত্রস্নেহত কাতৰ হৈ বলৰামক কৃষ্ণৰ সাহায্যাৰ্থে পঠোৱা বুলি কৈছে। ৰুক্মিণীৰ নবীন ৰূপ-যৌৱন দেখি ৰজাসকল কাম-বাণত মূৰ্চ্ছিত হৈ আসনৰ পৰা ঢলি পৰাৰ উল্লেখ ভাগৱতত আছে, কিন্তু সেই সময়ত ৰুক্মিণীৰ সখীসকলৰ আচৰণ শংকৰদেৱৰ নিজা সৃষ্টি। সেইদৰে মূল কাহিনী অক্ষুণ্ণ ৰাখি তাৰ পৰিসৰৰ ভিতৰতে প্রতিভাশালী নাট্যকাৰে নিজস্ব কল্পনা আৰু মৌলিকতাৰ ৰহণ সানিছে।

| আৰু পঢ়ক: ডঃ নগেন শইকীয়াৰ ‘বৰগীত আৰু বৰগীতৰ প্ৰথম মুদ্ৰণ’

এইদৰে শংকৰদেৱে ৰুক্মিণী হৰণ নাটৰ কাহিনীভাগ ভাগৱত পুৰণাৰ পৰা গ্ৰহণ কৰি মূল কাহিনীভাগৰ ৰূপৰেখা অব্যাহত ৰাখি তাৰ মাজতে স্বকীয় মৌলিকতাৰ আভাস দিবলৈ সক্ষম হৈছে। ৰুক্মিণী হৰণ নাটত পৰিৱেশন কৰা শাস্ত্রীয় ৰাগ-তালযুক্ত গীতবোৰো নাট্যকাৰৰ মৌলিকতাৰ নিদৰ্শন। ভক্ত-ভগৱন্তৰ মধুৰ সম্পৰ্ক ৰুক্মিণী হৰণ নাটত প্রদর্শন কৰাৰ লগতে হৰিভক্তিৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰাও এই নাটৰ অন্যতম বৈশিষ্ট্য।

ছবি: পল্লৱপ্ৰাণ গোস্বামী

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of