শ্ৰীশ্ৰীমধুপুৰ সত্ৰ

শ্ৰীশ্ৰীমধুপুৰ সত্ৰ
  • 10 Dec, 2017

দী ননাথ বেজবৰুৱা প্ৰণীত ‘বৰ চৰিত’ত শ্ৰীশ্ৰীমধুপুৰ সত্ৰৰ বিৱৰণ পোৱা যায় এনে ধৰণে—

শ্ৰীশঙ্কৰদেৱৰ ভাৰ্যা কালিন্দী আয়ৰ পৰলোক গমন: ভেলা মধুপুৰ সত্ৰৰ পূৰ্বকথা

বৃদ্ধা ভৈল আই নৱকুৰি বৰ্ষ ভৈলা।
বোৱাৰী সকলো ক্ৰমে বৃদ্ধ হৈয়া গৈলা॥
উৰ্বশী আইৰ প্ৰতিপালে আচিলন্ত।
কাল ক্ৰমে উৰ্বশী আয়ো চলিলন্ত॥
কিছুকাল ঠাকুৰসকল সমন্বিতে।
সুখতে আছন্ত আই সুন্দৰী স্থানতে॥
অনুক্ৰমে আই পাছে বৈকুণ্ঠে ছলিলা।
ঠাকুৰসকলে শ্ৰাদ্ধ বিধি সমাপিলা॥
সকলো সেৱকে আহি সমাৰোহ কৰি।
গোসাঁনীৰ কৰিলন্ত মহোৎসৱ বৰি॥
পাছে বৰঠাকুৰ গৈল জনিয়াক প্ৰতি।
কিছুদিন থাকি গৈল বাহাৰ সহিতি।
এহিমানে গোসাঁনীৰ কথা সমাপিয়া।
ভেলা মধুপুৰ কথা কহো বিবৰিয়া॥
শ্ৰীমাধৱদেৱ বৈকুণ্ঠক গৈলা চলি।
কতোকাল ভেলা স্থান আছিল সমূলি॥
বুঢ়ীপো গোবিন্দ যেবে অধিকাৰ ভৈলা।
বীৰ নাৰায়ণ ৰাজা ভক্তি আচৰিলা॥
সিকালত তোৰোচা নদী আতিশয়।
খহাইবে লাগিল সত্ৰ ঢাপ খাৱৈ চয়॥
পূৰ্বে দুইজনা গুৰু সেৱক সহিতে।
তীৰ্থ যাত্ৰা কালে অকস্মাতে তৈতে॥
লীলা কৰি গাছতলে মধুক ভূঞ্জিলা।
শ্ৰীশঙ্কৰ গুৰু তাত বাক্য প্ৰকাশিলা॥
দেখা বঢ়াপো কেনে স্থান বিচক্ষণ।
তুমি আমি পৰে ঐত হৈবে স্থান খান॥
মুকুতসকলে ঐত ৰহিব যতনে।
নামধৰ্ম প্ৰকাশ কৰিব অনুক্ষণে॥
জগত বন্দনী হৈয়া স্থান প্ৰকাশিব।
মধুপুৰ স্থান বুলি জগতে কহিব॥
শুনিয়া সৱে মহা আনন্দ লভিলা।
দুইজনা গুৰু তথা হন্তে চলি গৈলা॥…

ভেলাথান খহালত মধুপুৰত পুনৰ থান নিৰ্মাণ

সেহি ঠাই খানি আছিলন্ত মনোৰম।
ৰাজাত জনাইলা সেহি কথা গুণধাম॥
শুনি ৰাজা আপুনিয়ো সাক্ষাতে থাকিয়া।
ভেলাস্থান ভেটিধূলা কোদালে খান্দিয়া॥
হস্ত পৰিমাণ কৰি চপৰা তুলিলা।
বড় বড় নৌকাত কৰয়া নিয়া গৈলা॥
সেহি ধূলা নিয়া চিহ্ন থানত থাপিল।
হাটি বাটি গুৰু গৃহসকলে কৰাইল॥
সেহিমতে কৈলা ৰাজা সতৰ বিচক্ষণ।
সকলো সেৱকে তৈকে কৰিলা গমন॥
বাক্যৰেসে স্থান মধুপুৰ সিটো আতি।
দুইজনা গুৰু যৈত জিৰাইল তথি॥
সকলো সেৱত সিটো স্থানত ৰহিলা।
সেহি দিন ধৰি মধুপুৰ স্থান ভৈলা॥
আজি ধৰি মধুপুৰ স্থান ৰহি আছে।
এহি কথা সমাপিয়া কহিলোহো পাছে॥
পুনৰপি বদুলা আতাৰ কথা কওঁ।
মই দীন হীনমতি একো বিজ্ঞ নওঁ॥
বিষ্ণু বৈষ্ণৱ আৰ সত্ৰ সত্তা কথা।
শুনি ভনী হোৱা সবে মুকুত সৰ্বথা॥
এহিমানে ইটো কথা সমাপতি ভৈলা।
ৰাম কৃষ্ণ হৰি বুলি জন্মক সাম্ফলা॥
বোলো হীন দীন নাথে সন্ত ভক্তলোক।
মোৰ মুখে সুখে-দুখে নাম নচাৰোক॥

মধুপুৰ সত্ৰৰ বাটচ’ৰা
মধুপুৰ সত্ৰৰ বাটচ’ৰা

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ১৫৫০ চনত তেওঁৰ দ্বিতীয় তীৰ্থযাত্ৰাৰ সময়ত কোচবিহাৰৰ মধুপুৰত এই সত্ৰ স্থাপন কৰে। ১৫৯৪ চনত মূল সত্ৰ স্থাপন হয়। সুদৃশ্য কীৰ্তন ঘৰৰ উপৰিও মধুপুৰ সত্ৰৰ চৌহদত ১০৫ ফুট ওখ এটি মঠ আছে। এই মঠত গুৰু দুজনাৰ দ্বাৰা প্ৰণীত পুথিসমূহ সংৰক্ষিত হৈ আছে। গুৰু দুজনাই ব্যৱহাৰ কৰা সামগ্ৰী ভক্তসকলৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰ।

মধুপুৰ সত্ৰ অসমীয়া জাতিৰ, বিশেষকৈ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম তীৰ্থভূমি। বৰ্তমান পশ্চিমবঙ্গৰ কোচবিহাৰ জিলাৰ মধুপুৰত অৱস্থিত এই স্থানত মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱে দেহ ত্যাগ কৰিছিল। ইয়াৰ উপৰিও ইয়াত আন কেইবাজনো ভকতৰ সমাধি আছে। জীৱনৰ অন্তিম সময়ছোৱা শঙ্কৰদেৱে ইয়াত থাকি ধৰ্ম চৰ্চা কৰাৰ লগতে বহুতো সাহিত্যিক আৰু সাংস্কৃতিক কৃতিও ৰচনা কৰিছিল। এই মধুপুৰ সত্ৰক দহমুকুতৰ থান বুলিও কোৱা হয়। দহমুকুত (মুকুত = মুক্ত) মানে হ’ল শঙ্কৰদেৱৰ দহজন শিষ্যৰ ইয়াত থকা ভেটি। ১৬শ শতিকাৰ কোচৰাজ্যৰ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত এই সত্ৰ নিৰ্মাণ কৰা হৈছিল।

মধুপুৰৰ আগৰ নাম আছিল চন্দনচৌৰা। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰায় ৯৭ বছৰ বয়সত প্ৰধান শিষ্য মাধৱদেৱ, নাৰায়ণ ঠাকুৰ, ৰামৰামগুৰু, ৰামৰায় সহিতে প্ৰায় ছকুৰি ভকত লৈ দ্বিতীয়বাৰ পুৰীৰ ফালে তীৰ্থযাত্ৰা কৰিলে। আনুমানিক ১৫৫০ খ্ৰীষ্টাব্দত গুৰু শঙ্কৰদেৱে জগন্নাথ ক্ষেত্ৰৰ পৰা উভতি অহাৰ পথত বৰ্তমানৰ কোচবিহাৰ চহৰৰ পশ্চিম দিশত প্ৰায় ৭ কিঃ মিঃ আঁতৰৰ এজোপা ‘পাৰলি বৃক্ষ’ (জৰিগছ)ৰ তলত ভক্তসকলক ভাগৱতৰ পৰা বৃন্দাৱনৰ শ্ৰীকৃষ্ণৰ লীলাৰ কথা ব্যাখ্যা কৰিছিল। সেই সময়তে হেনো গুৰুজনা আঁউজি থকা গছজোপাত থকা মৌচাকৰ পৰা মৌৰস পাৰি তেওঁলোকে তৃপ্তিৰে খাইছিল। সেই পৰিৱেশ উপভোগ কৰি মাধৱদেৱে কোৱা “কি মধুময় পৰিৱেশ, কি পুণ্যভূমিখানি গুৰুমুখে হৰিকথা মধুপান গুৰুভক্তৰ” কথাৰ আঁত ধৰি মহাপুৰুষ শঙ্কৰদেৱে সেই স্থানৰ নাম ‘মধুপুৰ থান’ ৰাখে। ইয়াৰ পিছত শঙ্কৰ গুৰু ভকতসকলৰ সৈতে পাটবাউসীলৈ যায়গৈ।

সত্ৰৰ দৌল
সত্ৰৰ দৌল

সেই সময়ত বেহাৰ বা কোচৰাজ্যৰ ৰজা আছিল নৰনাৰায়ণ। সেই ৰাজ্য বৰ্তমানৰ পশ্চিমবঙ্গৰ কোচবিহাৰলৈকে বিস্তৃত আছিল। পাটবাউসীত শঙ্কৰদেৱে দেখিলে যে ব্ৰাহ্মণসকলে তেওঁৰ বিৰুদ্ধে নানা অপপ্ৰচাৰ কৰিব ধৰিছে আৰু ৰজা নৰনাৰায়ণৰ ওচৰত গোচৰ দিছে— শঙ্কৰে আপোনাৰ সমষ্ট ৰাজ্যক নষ্ট কৰিলে, জাত-পাতৰ কোনো বিচাৰ নাই! বেহাৰ ৰাজ্যৰ ব্ৰাহ্মণ পণ্ডিতসকল ৰজাৰ প্ৰিয়পাত্ৰ আছিল। অভিযোগ পাই ৰজা মহা ক্ৰোধান্বিত হ’ল আৰু ‘মোৰ দেশত শঙ্কৰে এনে কৰে’— “হাড়ে পুৱাইবো জুই ছালে ডামা সীম। শৰীৰৰ মাংস তাৰ কুকুৰক দিম।”— বুলি শঙ্কৰদেৱক ৰাজধানীলৈ ধৰি আনিবলৈ দহজন গড়মালি (চিপাহী) পাটবাউসীলৈ পঠিয়াই দিলে। ইতিমধ্যে নৰনাৰায়ণৰ ভাতৃ চিলাৰায়ে শঙ্কৰদেৱৰ সম্বন্ধীয় ভাতৃ ৰামৰায়ৰ কন্যা ভুৱনেশ্বৰী বা কমলাপ্ৰিয়াক বিয়া কৰায় আৰু পত্নীৰ মুখত শঙ্কৰদেৱৰ গুণৰাজিৰ কথা জানিব পাৰি তেওঁৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ ওচৰত শৰণ লৈছিল। বিপদৰ আশংকা দেখি শঙ্কৰ গুৰুক ধৰাৰ আগতেই চিলাৰায়ে গোপনে আনি ফুলবাৰীত ৰাখিলে।

কোচবিহাৰত শ্ৰীগুৰুৰ থান নিৰ্মাণ

বুলিলা আমাৰ কেনে সৌভাগ্য মিলিল।
শুক্লধ্বজে পাচে ফুলবাৰীত বাস দিল॥
সণ্ঢৰা কাজীৰ বাৰীৰ গচক কটাই।
নামঘৰ মণিকূট দিয়ালে সজাই॥
হাটি বাটি সকলোকে কৰি পৰিপাটি।
দিলন্ত সজাই সুন্দৰ কৰি আতি॥
সভাক নিলন্ত ৰাজা দূতক পঠাই।
আদৰি বসাইলা তাত আসন পতাই॥
বৃন্দাৱনীয়া বস্ত্ৰ উলিয়াই দিলা।
বস্ত্ৰ পেখি সভাসদ আনন্দিত ভৈলা॥
কাপোৰ দেখিয়া ৰাজা হ’ল বিমোহিত।
সভাসদসৱে দেখি হইল আচৰিত॥
ৰাজা বোলে কালি শুনিম ইহাৰ বৰ্ণনা।
সকলে আহিবা শীঘ্ৰে কৰিল ঘোষণা॥
এহি বুলি ৰাজা পিচে সিংহাসন এৰি।
অন্তঃপুৰে চলি গৈল ৰাম ৰাম স্মৰি॥
শ্ৰীশঙ্কৰ গুৰু আনো সভ্যগণ।
নিজ নিজ স্থানে সৱ কৰিলা গমন॥
পিচদিনা আসি বসিলন্ত সভা স্থলে।
প্ৰথমে বৃন্দাৱনীয়া কাপোৰে অনালে॥
প্ৰতি পটে যিবা ঘটনা ৰাজা বুজাইল।
শুনি লেখি ৰাজা মহা আনন্দ লভিল॥
ৰাজাৰ সভাত থাকা পণ্ডিতসকল।
বাদ কৰিবাক লাগি অনুমতি চাইল॥
ৰাজা বোলে পূৰ্বে কত বাদক কৰিলা।
নোৱাৰি পণ্ডিতসৱে ভোটা হৈয়া ৰৈলা॥
এবে বাদ সভামধ্য আৱশ্যক নাই।
নিদিওঁ অনুমতি বাদ নকৰা দুনাই॥
এহিৰূপে উত্তৰিলে ৰাজা পণ্ডিতক।
মান সতকাৰ পূজিলেক শঙ্কৰক॥
… …
প্ৰতিদিনে ৰাজসভাক আসয় শঙ্কৰ।
কৃষ্ণ কথা আলাপিয়া থাকে নিৰন্তৰ॥
বৃন্দাৱনীয়া বস্ত্ৰখন উলিয়াই লই।
দৃশ্যসৱ চাই চাই বৰ্ণনা কৰয়॥
ক্ৰমে ক্ৰমে ৰাজাৰ আগ্ৰহ চৰি গৈল।
সকলোকে এৰি মাত্ৰ ধৰ্মে মন হৈল॥
শুনা সৰ্বজন এৰি শঙ্কৰৰ লীলা।
ৰাজা প্ৰজা সকলোকে ধৰ্ম শিক্ষা দিলা॥
কহে ৰামচৰণ অজ্ঞান শিশুমতি।
গুৰু চৰিত ভিন্ন নাহি আন গতি॥ (গুৰু-চৰিত, ৰামচৰণ ঠাকুৰ বিৰচিত)

পিছত গুৰুজনাক নিজ আশ্ৰয়ত ৰাখি চিলাৰায়ে শঙ্কৰদেৱৰ মাহাত্ম্যৰ কথা ককায়েক নৰনাৰায়ণক কয়গৈ। ৰজাৰ ইচ্ছাৰ কথা জানিবলৈ পাই আৰু চিলাৰায়ে আশ্বস্ত কৰিলত শঙ্কৰদেৱ বেহাৰলৈ গ’ল আৰু নৰনাৰায়ণৰ ৰাজপ্ৰাসাদৰ সিংহদ্বাৰত উপস্থিত হ’ল। হাতত তুলসী মালা।

“দেখিতে সুন্দৰ গৌড়বৰ্ণ কলেৱৰ।
কৰন্ত প্ৰকাশ আতি সূৰ্য সমসৰ॥” (দৈত্যাৰি ঠাকুৰ)

দূৰৰ পৰাই গুৰুজনাৰ এই ৰূপ দেখা পাই ৰজা মোহিত হ’ল। ৰজাই অভিবাদন জনাই শঙ্কৰদেৱক ওচৰলৈ আহি আসন গ্ৰহণ কৰিবলৈ ক’লে। শঙ্কৰদেৱে প্ৰতি অভিবাদন জনাই সাতখলপা ভেটিৰ ওপৰত থকা সিংহাসনৰ ফালে অগ্ৰসৰ হ’ল। প্ৰত্যেক থাকতে উঠি শঙ্কৰদেৱে নিজৰ ৰচিত ‘মধু দানৱ দাৰণ দেৱ বৰং’ টোটয়টি গাই যাবলৈ ধৰিলে। ৰজাই তেওঁক সসন্মানে বহিবলৈ দিয়াত তেওঁ গাইছিল ধনশ্ৰী ৰাগৰ ‘নাৰায়ণ কাহে ভকতি কৰু তেৰা’ গীতটি; লগতে এটি ৰাজ ভটিমা— ‘জয় জয় মল্ল নৃপতি ৰসবান। যাকেৰি গুণগান নাহিকে সমান॥’

ইয়াৰ পাছত শঙ্কৰদেৱে ৰজাক আশীৰ্বাদ কৰিলে। ৰজাই শঙ্কৰদেৱৰ পাণ্ডিত্য, ধীৰ-গম্ভীৰ মনোমুগ্ধকাৰী সুন্দৰ প্ৰশস্ত ৰূপ দেখি মুগ্ধ হ’ল আৰু তেওঁৰ বিৰুদ্ধে তৰা গোচৰ পৰীক্ষা কৰি চাবৰ মনেৰে ৰজাই ব্ৰাহ্মণ পণ্ডিতসকলক মতাই শঙ্কৰদেৱৰ লগত বাদ কৰিবলৈ লগাই দিলে। বাদত পণ্ডিতসকল পৰাস্ত হ’ল। গুৰুজনাৰ মধুৰ তত্ত্ব কথা শুনি নৰনাৰায়ণ ৰজা মুগ্ধ হৈ গুৰুজনাক স-সন্মানে বিদায় দিলে আৰু তেওঁক প্ৰতিদিনে ৰাজসভালৈ আহিবলৈ অনুৰোধ কৰিলে।

ইয়াৰ পাছত গুৰুজনাই পূৰ্বে মধুপান কৰা ঠাইতে সত্ৰ পাতি থাকিবলৈ লয়। চিলাৰায়ে সেই ঠাইত গৃহাদি নিৰ্মাণ কৰি দিয়ে আৰু পাছত তাৰ পৰাই শঙ্কৰদেৱে ৰাজসভালৈ অহা-যোৱা কৰিবলৈ লয়। নৰনাৰায়ণৰ ৰাজসভাত শঙ্কৰদেৱ ব্ৰাহ্মণ পণ্ডিতসকলৰ লগত কেইবাবাৰো তৰ্কবাদত লিপ্ত হ’ব লগা হৈছিল। এবাৰ ৰজাই ৰাজসভাত পণ্ডিতসকলক দুই দণ্ডৰ ভিতৰতে গাই শুনাব পৰাকৈ ভাগৱতৰ সাৰ কথা এদিনৰ ভিতৰতে ৰচি আনিব পাৰিবনে বুলি প্ৰশ্ন কৰে। উপস্থিত সকলো পণ্ডিতে ক’লে— মহাৰাজ, ই হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে; অসম্ভৱ। বাৰস্কন্দ ভাগৱত বাৰ মাহত শুনা কঠিন, ঈশ্বৰ শক্তি হ’লেহে পাৰে এদিনত। মানুহৰ শক্তি নাই। তেতিয়া ৰজাই শঙ্কৰ গুৰুৰ ফালে চাই সেই কাম পাৰিবনে বুলি সোধাত ক’লে— মহাৰাজ, যদি ভগৱন্তৰ কৃপা হয়, কাইলৈ পৰা যাব। এই বুলি ৰাজসভাৰ পৰা বিদায় লৈ সত্ৰ পাই কীৰ্তন ঘৰত প্ৰৱেশ কৰি নিশাৰ ভিতৰতে বাৰস্কন্দ ভাগৱত সাৰ কৰি ‘গুণমালা’ শাস্ত্ৰ ৰচনা কৰিলে। পাছদিনা গা-পা ধুই সেইখন হাতীমূৰ্তি অঙ্কিত ভুৰুকা এটাত ভৰাই ৰজাৰ হাতত অৰ্পণ কৰে। শঙ্কৰদেৱৰ বুদ্ধি আৰু প্ৰতিভা দেখি নৰনাৰায়ণ বিস্ময়াভিভূত হয়।

সত্ৰ চৌহদত শঙ্কৰদেৱৰ প্ৰতিমূৰ্তি
সত্ৰ চৌহদত শঙ্কৰদেৱৰ প্ৰতিমূৰ্তি

এইদৰে নৰনাৰায়ণ ৰজাৰ লগত শঙ্কৰদেৱৰ ঘনিষ্ঠতা ক্ৰমে বৃদ্ধি পাবলৈ ধৰে। ৰজাই তেওঁক শ্ৰদ্ধা-ভক্তি কৰিছিল আৰু তেৱোঁ ৰজাৰ গুণমুগ্ধ আছিল। এবাৰ নৰনাৰায়ণ ৰজাই বৃন্দাৱনত শ্ৰীকৃষ্ণৰ লীলা-খেলা বস্ত্ৰত তুলি দেখুৱাবলৈ তেওঁক অনুৰোধ জনায়। শঙ্কৰদেৱে এই কথাত সন্মতি জনায় আৰু পাতবাউসীলৈ আহি তাঁতীকুচিৰ (বৰ্তমান বৰপেটা) তাঁতীসকলৰ হতুৱাই ‘বৃন্দাৱনী বস্ত্ৰ’ তৈয়াৰ কৰি ৰজাৰ হাতত অৰ্পণ কৰে।

শঙ্কৰদেৱে কেইবাবাৰো বেহাৰলৈ অহা-যোৱা কৰি প্ৰায় আঢ়ৈ বছৰ কাল বেহাৰত কটাইছিল। এই কালছোৱাতে শেষ বয়সত গুৰুজনাই ৰাজভাতৃ চিলাৰায়ৰ অনুৰোধক্ৰমে ‘ৰাম-বিজয়’ নাট ৰচনা কৰে। এদিন শঙ্কৰদেৱে ৰাজসভাত বহি ঈশ্বৰৰ গুণানুকীৰ্তন কৰি থাকোঁতে ৰজাই শঙ্কৰদেৱৰ মস্তকৰ পৰা পদ-পঙ্কজলৈ ভালকৈ নিৰীক্ষণ কৰি তেওঁৰ গাত ঈশ্বৰ পুৰুষৰ সকলো লক্ষণ দেখা পাই দণ্ডৱৎে প্ৰণাম কৰিলে আৰু শঙ্কৰদেৱৰ ওচৰত শৰণ প্ৰাৰ্থনা কৰিলে। কিন্তু শঙ্কৰদেৱে ৰজাক শৰণ দিবলৈ অনিচ্ছা প্ৰকাশ কৰিলে। ৰজাই বহুবাৰ অনুৰোধ কৰিলত গুৰুৱে ক’লে— মহাৰাজ, আপুনি ৰজা, আপুনি কেনেকৈ আমাৰ এই নিৰহ-নিপানী নিৰীহ ধৰ্মক ধৰিব? আপুনি ৰজা, আপোনাৰ অন্য দেৱী-দেৱ পূজা নকৰিলে নচলে। মহাৰাজ, মই ৰজাৰ গুৰু, স্ত্ৰীৰ গুৰু, যাজক ব্ৰাহ্মণৰ গুৰু আৰু সূচকজনক গুৰু নহওঁ বুলি কৈছোঁ, এতেকে মোক ক্ষমা কৰিব।

তথাপি ৰজাই নেৰে। “বাৰু কাইলৈ উপবাসে থাকক, পৰশু এ ঈশ্বৰে কৰিলে, শৰণ দিবলৈ অহা হ’ব।”— এইবুলি শঙ্কৰদেৱে ৰজাৰ পৰা বিদায় লৈ বাহালৈ গ’ল।

শ্ৰীমন্ত শঙ্কৰদেৱৰ বৈকুণ্ঠ পয়াণ

ইং ১৫৬৮ চন ১৪৯০ শকৰ ভাদ্ৰমাহত কীৰ্তনৰ কিৰণে আজি গোটেই জগত উজ্জ্বল

জানি বঢ়াৰ পোক মোৰ স্বৰূপ মানিবা।
গুৰু বুলি তাৰাহন্তে বস্তুক লভিবা॥
অনাৰি গুৱালৰ দৃষ্টান্তক কহিয়া।
আপোনাৰ চিত্ত মাজত সমৰ্পিয়া॥
গীতঘোষা পদ যিটো উচ্চাৰিবে লাগে।
টেপৰ বৃক্ষত আউজিয়া গাইল ভাগে॥
যাহাক ঢাকিব প্ৰয়োজন আছিলেক।
ডাকিয়া বিদায় দিলা তাহাকো প্ৰত্যেক॥
পাছে যোগ ধাৰণা ধৰিলা বিদ্যমান।
আপোনাৰ আত্মা পৰমাত্মাতে স্থাপন॥
নিমিষেকে সৱ নৰচেষ্টাক এৰিলা।
বিজুলী ছটাক যেন বৈকুণ্ঠে উঠিলা॥
জ্যোতিৰ্ময় ছায়া দেখি সেৱক সকল।
ৰমানন্দো দেখি পাছে এৰিল বিকল॥
চৌদ্ধশত নবৈ অব্দত ভাদ্ৰমাষে।
শুক্লাদ্বিতীয়াত পূৰ্বাহ্ণ প্ৰহৰ দিৱসে॥
বৈকুণ্ঠে কৰিলা গতি পৃথিৱী এৰিলা।
দেখি ৰাজা প্ৰজা সৱে বিস্ময় লভিলা॥
নৰনাৰায়ণে শুনি পৰম বিস্ময়।
বোলে শ্ৰীশ্ৰীশঙ্কৰদেৱ গুৰু কৃপাময়॥
অনাচাৰী ৰাজা মোক জানিয়া শঙ্কৰ।
শৰণ নিদিয়া গৈল বৈকুণ্ঠ নগৰ॥
হেনমতে বহুভাৱে মহাখেদ কৰি।
ক্ৰন্দন কৰন্ত ৰাজা বাগৰি বাগৰি॥
পাছে ঘৃত চন্দন অগৰু বহুতৰ।
গুৰু দেহা দাহ হেতু পঠাইল সত্তৰ॥
আপুনি চলিলা ৰাজা ভাতৃ সঙ্গ কৰি।
মুখপদ্ম দেখি সেৱা কৰিলা সাদৰি॥ _ (বৰ চৰিত্ৰ_)

সময়তে বৰপুত্ৰ ৰমানন্দই জানিব পাৰি পিতৃৰ চৰণত পৰি ক’লে— পিতৃদেৱ, মই একো নাপালো। তেতিয়া গুৰুজনে ক’লে— বাপু ৰমানন্দ, সোণ, ৰূপ, কাঁহ আদি সকলো সম্পদ পাটবাউসীত তোমাৰ মাৱৰ পাশতে আছে, তাতে পাবা। তেতিয়া ৰমানন্দই ক’লে— পিতৃ, আমি পাৰ্থিৱ বস্তু বিচৰা নাই, পৰকালৰ বৈকুণ্ঠৰ বস্তুহে প্ৰাৰ্থনা কৰা হৈছে। এই কথা শুনি শঙ্কৰদেৱে ক’লে— “আজিহে আচল পিতা-পুত্ৰৰ সম্বন্ধ ঘটিল। যিহওক, এতিয়া মোৰ অন্তিম সময়। মোৰ শক্তি-ভক্তি, বল-বীৰ্য, পৰাক্ৰম সকলো বঢ়াৰ পোৰ হাতত থৈ আহিছোঁ, মাধৱক গুৰু বোধে সকলো বুজি ল’বা। এই বুলি পুতেকক বুজাই আৰু ভকতসকলক যথাসাধ্য উপদেশ-পৰামৰ্শ দি মহাপুৰুষ শঙ্কৰদেৱে ১৪৯০ শকৰ (১৫৬৮ খ্ৰীষ্টাব্দ) ভাদ মাহৰ ২১ তাৰিখে শুক্লা দ্বিতীয়া তিথি, বৃহস্পতিবাৰে দিনৰ ডেৰ প্ৰহৰত নশ্বৰদেহ ত্যাগ কৰি মধুপুৰতে বৈকুণ্ঠগামী হয়।

ৰজাৰ শৰণ লোৱা নহ’ল। মহাৰাজ নৰনাৰায়ণ আৰু ভক্ত চিলাৰায় গুৰুজনাৰ মহাপ্ৰয়াণৰ বাতৰি পাই শোকত ভাগি পৰিল। পাছত ৰাজভঁৰালৰ পৰা ঘিঁউ, চন্দন কাঠ আদি পঠিয়াই দিলে। তোৰোচা (তোৰষা) নদীৰ কাকটকুটা ঘাটত ভক্তসকলে গুৰুজনাৰ পৱিত্ৰ দেহৰ অন্তিম সংস্কাৰ কৰিলে। সেই সময়ত দেৱগণে পুষ্পবৃষ্টি কৰে আৰু গোটেই নদী পুষ্পময় হৈ পৰে বুলি প্ৰচলিত আছে। সেয়ে ঘাটৰ নাম হয় ‘পুষ্পকান্তি’। কালৰ গতিত অৱশ্যে সেই ঘাটৰ চিন-চাব আজি নাই। পাছত মহাৰাজ নৰনাৰায়ণে শঙ্কৰদেৱক ঈশ্বৰ জ্ঞান কৰি সত্ৰৰ নামত দুশ বিঘা মাটি ব্ৰহ্মোত্তৰ হিচাপে প্ৰদান কৰে।

শঙ্কৰদেৱৰ প্ৰধান শিষ্য আছিল মাধৱদেৱ। দুয়োজন অভিন্ন, এই কথা শঙ্কৰদেৱৰ নিজৰ মুখৰ পৰাই প্ৰকাশ পাইছে। বেহাৰত থকা কালত শঙ্কৰদেৱ মধুপুৰত আছিল আৰু মাধৱদেৱ ভেলা সত্ৰত আছিল। শ্ৰীমন্ত শঙ্কৰদেৱৰ পাছত মাধৱদেৱে গুৰুভাৰ পাই ১৫৬৮ চনত ধৰ্মাচাৰ্য হিচাপে পাটবাউসী, গণককুছি, বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত থাকি ধৰ্ম প্ৰচাৰ কৰে। মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পাছত পুত্ৰ লক্ষ্মীনাৰায়ণ বেহাৰ ৰাজ্যৰ ৰজা হয়। তেওঁৰ ৰাজত্ব কালত ১৫৯৬ খ্ৰীষ্টাব্দত ভাদ মাহৰ কৃষ্ণা পঞ্চমী তিথিত ভেলা সত্ৰতে মহাপুৰুষ মাধৱদেৱ বৈকুণ্ঠগামী হয়। পাছত ক্ৰমে অচ্যুৎ গুৰু, শ্ৰীৰাম আতা, বিষ্ণু আতা আদি সত্ৰৰ অধিকাৰ হয়। বিষ্ণু আতাৰ মৃত্যুৰ পাছত কিছুদিন সত্ৰ চলোৱাৰ ভাৰ ‘সমূহ’ৰ ওপৰত পৰে। সমূহ হ’ল এই অঞ্চলৰ সত্ৰশাল, মাধৱপুৰ, বৈকুণ্ঠপুৰ আদি গাঁৱৰ সমূহ ভক্তবৃন্দ। পিছত বুঢ়ীৰ-পো গোবিন্দ আতৈ ভেলা সত্ৰৰ অধিকাৰ হয়। এই সময়তে ভেলাসত্ৰ তোৰষা নদীৰ গৰাখহনীয়াত পৰে। তেতিয়া বেহাৰৰ ৰজা আছিল বীৰ নাৰায়ণ। ভেলাসত্ৰৰ দুৰ্গতিৰ কথা ৰজাক জনোৱাত ৰজাই পিতৃ লক্ষ্মীনাৰায়ণৰ কথা স্মৰণ কৰি সেই মাটিসহ সত্ৰৰ সমস্ত বস্তু নাৱেৰে নি গুৰুগৃহ, কীৰ্তনঘৰ, হাটী নিৰ্মাণ কৰি মধুপুৰত পুনঃ সত্ৰ স্থাপন কৰে আৰু তেতিয়াৰ পৰা দুয়োখন সত্ৰ লগ লাগি নাম হয় ভেলা মধুপুৰ সত্ৰ।

তথ্য-সূত্ৰ:
১. গুৰু-চৰিত: ৰামচৰণ ঠাকুৰ
২. সন্তাৱলী: শ্ৰীশ্ৰীদ্বাৰিকানাথ দ্বিজ
৩. বৰ চৰিত: দীননাথ বেজবৰুৱা
৪. মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ: লক্ষ্মীনাথ বেজবৰুৱা

ছবি: পল্লৱপ্ৰাণ গোস্বামী

শ্ৰীশ্ৰীমধুপুৰ সত্ৰ | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook