ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনাই গুগলৰ গুগল-ডুডল

ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনাই গুগলৰ গুগল-ডুডল
  • 08 Sep, 2022

সু ধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যাক জন্মদিন (৮ ছেপ্তেম্বৰ ২০২২)ত এটি গুগল-ডুডলৰ জৰিয়তে ইণ্টাৰনেট জগতৰ বিশাল কোম্পানী গুগলে শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে৷ ৮ ছেপ্তেম্বৰৰ দিনটোত গুগল চাৰ্ছৰ ওপৰত এই ডুডলটো দৃশ্যমান হৈ থাকিব৷ ক্লিক (বা টেপ) কৰিব পৰা ডুডলটোত টিপা মাৰি দিলে ভূপেন হাজৰিকা সম্পৰ্কীয় সন্ধানৰ গুগল পৃষ্ঠালৈ লৈ যাব৷

এই ডুডলটো জাৰী কৰি গুগলে ভূপেন হাজৰিকালৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে: ‘শুভ জন্মদিন ভূপেন হাজৰিকা! আপোনাৰ গীত আৰু চলচ্চিত্ৰই অসমৰ চহকী সংস্কৃতিৰ প্ৰতি সদায়েই সম্ভ্ৰম আদায় কৰি আহিছে৷’ (Happy birthday, Bhupen Hazarika! Your songs and films continue to command respect for Assam’s rich culture.)

অতিথি শিল্পী ৰুতুজা মালীয়ে অংকন কৰা ডুডলটো জাৰী কৰি গুগলে আগবঢ়োৱা শ্ৰদ্ধাঞ্জলিৰ পূৰ্ণ পাঠ এনেধৰণৰ:

ভূপেন হাজৰিকা গুগল ডুডল ভূপেন হাজৰিকা গুগল-ডুডল

“আজিৰ ডুডলে শতাধিক চলচ্চিত্ৰৰ বাবে সংগীত সৃষ্টি কৰা স্বনামধন্য অসমীয়া-ভাৰতীয় গায়ক, সুৰকাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা ডঃ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন উদযাপন কৰিছে। তেওঁ উত্তৰ-পূব ভাৰতৰ এজন অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্কাৰক আছিল, যাৰ সৃষ্টি আৰু ৰচনাই সকলো ক্ষেত্ৰৰ লোকক একত্ৰিত কৰিছিল। মুম্বাইস্থিত অতিথি শিল্পী ৰুতুজা মালীৰ দ্বাৰা চিত্ৰিত এই শিল্পকৰ্মটিয়ে অসমৰ চলচ্চিত্ৰ আৰু লোক সংগীতক জনপ্ৰিয় কৰাৰ বাবে হাজৰিকাৰ কামক উদযাপন কৰিছে।

১৯২৬ চনৰ আজিৰ দিনটোতে উত্তৰ-পূব ভাৰতত হাজৰিকাৰ জন্ম হৈছিল। তেওঁৰ গৃহ ৰাজ্য অসম বড়ো, কাৰ্বি, মিচিং, সোণোৱাল-কছাৰী আদি জনজাতি আৰু অনেক খিলঞ্জীয়া গোষ্ঠীৰ বাসস্থান। বিশাল ব্ৰহ্মপুত্ৰ নদৰ পাৰৰ জীৱন সম্পৰ্কীয় গীত আৰু লোককাহিনীৰে মাজত হাজৰিকা ডাঙৰ-দীঘল হৈছিল।

শৈশৱতে হাজৰিকাৰ প্ৰতিভাই অসমৰ সমৃদ্ধ সাংস্কৃতিক ইতিহাসৰ দুই পুৰোধা— প্ৰখ্যাত অসমীয়া গীতিকাৰ-চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁলোকে হাজৰিকাক ১০ বছৰ বয়সতে সংগীত জীৱনৰ আৰম্ভণি কৰা প্ৰথমটো গীত বাণীবদ্ধ কৰাত সহায় কৰিছিল। ১২ বছৰ বয়সত হাজৰিকাই চলচ্চিত্ৰৰ বাবে গীত লিখিছিল আৰু বাণীবদ্ধ কৰিছিল: ‘কাষতে কলচী লৈ’ আৰু ‘বিশ্ববিজয়ী নজোৱান’। সময়ৰ লগে লগে, হাজৰিকাই অসংখ্য ৰচনা কৰিছিল, গানৰ জৰিয়তে মানুহৰ কাহিনী কৈছিল— সুখ-দুখ, একতা-সাহস, ৰোমাঞ্চ-একাকীত্ব, আনকি বিবাদ আৰু সংকল্পৰ বিষয়েও।

হাজৰিকা কেৱল সংগীতৰ এক বিস্ময়-প্ৰতিভাই নাছিল, তেওঁ আছিল এজন বুদ্ধিজীৱীও। তেওঁ ১৯৪৬ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু ১৯৫২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গণ-সংযোগ বিষয়ত পিএইচডি অৰ্জন কৰিছিল।

আমেৰিকাত পঢ়া শেষ কৰাৰ পিছত তেওঁ ভাৰতলৈ উভতি আহে আৰু গীত আৰু চলচ্চিত্ৰৰ কাম কৰি যায়, যিয়ে অসমীয়া সংস্কৃতিক ৰাষ্ট্ৰীয় আৰু গোলকীয়— দুয়ো ধৰণে জনপ্ৰিয় কৰি তোলে। ছটা দশকৰ কেৰিয়াৰৰ সময়ছোৱাত হাজৰিকাই সংগীত আৰু সংস্কৃতিলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে সংগীত নাটক অকাডেমী বঁটা, দাদাচাহেব ফালকে বঁটা, পদ্মশ্ৰী আৰু পদ্মভূষণৰ দৰে কেইবাটাও সন্মানীয় পুৰস্কাৰ লাভ কৰিছিল। ২০১৯ চনত তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল।

তেওঁ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমকে ধৰি অসংখ্য বোৰ্ড আৰু সংগঠনৰ অধ্যক্ষ আৰু সঞ্চালক হিচাপে কাম কৰিছিল।

শুভ জন্মদিন ভূপেন হাজৰিকা! আপোনাৰ গীত আৰু চলচ্চিত্ৰই অসমৰ চহকী সংস্কৃতিৰ প্ৰতি সদায়েই সম্ভ্ৰম আদায় কৰি আহিছে।”

ৰুতুজা মালীৰ ডুডল প্ৰস্তুতি

অসমীয়া সাহিত্য-সংস্কৃতিলৈ অসামান্য বৰঙণি আগবঢ়োৱা মহান শিল্পী ডঃ ভূপেন হাজৰিকাৰ ওপজা দিনটিত তেখেতৰ স্মৃতিত _নীলা চৰাই_ৰ তৰফৰ পৰা প্ৰণিপাত জনাইছোঁ।

❧ | আৰু পঢ়ক:

ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনাই গুগলৰ গুগল-ডুডল
Follow Nilacharai on Twitter