অকলশৰীয়া বাটৰুৱা

গীতিকবি পাৰ্ৱতিপ্ৰসাদ বৰুৱা অসমৰ সাংস্কৃতিক জীৱনৰ এক অভিন্ন সত্তা। অসমক বঙলুৱা গীতৰ প্ৰভাৱৰ পৰা উদ্ধাৰ কৰি নিজস্ব আইনাম, বিয়ানাম, লােকগীত আদিৰ প্রয়ােগেৰে জনজীৱনক নৱ ৰূপেৰে উজ্জীৱিত কৰি তুলিবলৈ অহােপুৰুষাৰ্থ কৰা পাৰ্ৱতিপ্রসাদক যথার্থতে এছাটি শীতল, গা জুৰ পৰি যােৱা মলয়াৰ সৈতে ৰিজাব পৰা যায়।

পাৰ্ৱতিপ্ৰসাদৰ জন্ম হৈছিল ১৯০৪ চনত, ব্রিটিছ আমােলাধীন শিৱসাগৰৰ দিখৌৰ পাৰত। স্বাভাৱিকতে তেখেতৰ ল’ৰালি কালটো বগা চাহাবৰ চুট-টাই পিন্ধি দপদপাই থকা অসমৰ পৰিৱেশে প্রভাৱিত কৰিব লাগিছিল; পিছে কার্যতঃ সেয়া নহ’ল। পাৰ্ৱতিপ্ৰসাদৰ ব্যক্তিত্বত দেখা গৈছিল শান্ত, সৌম্য, নির্ভীক, সুন্দৰ, সুঠাম পৌৰষভৰা এক দীপ্ত চেহেৰা, যাৰ পিন্ধনত পাটৰ চুৰিয়া, গুণাকটা খুনীয়া, গাত চেলেং, শিৰত এড়ী কাপােৰৰ আঁচলৰ ফুলেৰে নিজে তৈয়াৰ কৰা পৰিচিত টুপি।

পাৰ্ৱতিপ্ৰসাদ বৰুৱাই শিক্ষাগ্রহণ কৰিছিল শিৱসাগৰৰৰ ফুলেশ্বৰী স্কুলত। তেতিয়াৰে পৰা তেখেতে গীত গাব জানিছিল। তেখেতৰ কণ্ঠও বৰ সুৰীয়া আছিল। স্কুলত তেখেতেই প্রার্থনাৰ সুৰটো প্রথমে লগাই দিছিল। গীতৰ লগে লগে অভিনয়তাে ৰাপ বহিছিল। সেই সময়ত জয়সাগৰৰ পাৰত জয়মতী উৎসৱ অনুষ্ঠিত হয়, য’ত গীত-মাতৰ লগতে থিয়েটাৰাে হৈছিল। ইয়াত তেখেতে গদাধৰৰ ভূমিকাত অভিনয় কৰিছিল। প্রথম অভিনয় আছিল ন বছৰ বয়সত শিৱসাগৰৰ নাট্য মন্দিৰত কৰা ‘লাই’ৰ চৰিত্ৰটো। লাহে লাহে গীত আৰু নাটকত তেখেত গভীৰভাৱে সােমাই পৰে। দিখৌৰ পাৰৰ প্রাকৃতিক সৌন্দর্যৰ বর্ণনা তেখেতৰ গীতত যথেষ্ট পৰিমাণে পােৱা যায়। তেখেতৰ কণ্ঠ সুন্দৰ আছিল বাবে মাজে মাজে কবিতাৰ আবৃত্তিকাৰৰ ৰূপতাে দেখা পােৱা গৈছিল। সৰুতে তেখেতসকলে ‘থুপিতৰা’ নামৰ এখন হাতেলিখা আলােচনীও উলিয়াইছিল। ফুলেশ্বৰী স্কুলৰ শিক্ষা সাং হোৱাৰ পাছত পাৰ্ৱতিপ্ৰসাদ বৰুৱাই কলিকতাৰ স্কটিছ চার্চ কলেজৰ পৰা বি এ পাছ কৰে। সেইছােৱা সময়ত তেখেতে অসমীয়াৰ উপৰি ৰবীন্দ্ৰনাথ ঠাকুৰ, বংকিম চন্দ্র চট্টোপাধ্যায়, শৰৎ চন্দ্র চট্টোপাধ্যায় আদি বিখ্যাত বঙালী সাহিত্যিকৰ ৰচনাৰাজিৰ সােৱাদ লাভ কৰিবলৈ সুযােগ পায়। সেইছােৱা সময়তে এটি গীত ৰচি আইদেউতাকক শুনালত তেওঁ ক’লে— “সুৰটো নামৰ দৰে লাগিছে।” পাৰ্ৱতিপ্ৰসাদে প্রকৃততে এইটোকে বিচাৰিছিল। গীতটো আছিল— ’আহিন মহীয়া শেৱালি সৰিলে/ নিয়ৰত তিতিলে বন…’।

লাহে লাহে এই অসমীয়া সুৰৰ গীতবােৰ কেউফালে জনপ্রিয় হ’বলৈ আৰম্ভ কৰাত পাৰ্ৱতিপ্ৰসাদ উৎসাহিত হৈ এই ধাৰাৰ বহু গীত ৰচি সুৰ দি নিজেও গালে আৰু অন্যান্যসকলকো শিকালে। পাৰ্ৱতিপ্ৰসাদ বৰুৱাই ‘হেৰ’ বলিয়া নয়ন ভৰি ভৰি চা’, ‘আজি আকাশৰ শেষ হ’ব পায়’, ‘কিহৰ ৰাগিত জলা-কলা হলি’, ‘বজালে আহিনে বাঁহী নে বীণ’, ‘গৰখীয়া হেৰ’ গৰখীয়া’, ‘জোনাকী অ’ জোনাকী’, ‘চটাই পৰেবতৰ নাগিনী ছােৱালী’, ‘মাজনিশা মােৰ এন্ধাৰ ঘৰত’, ‘তােৰ নাই যে বন্ধোৱা বাট’, ‘শাৰদী সন্ধিয়াৰ জোনাকী মেল’, ‘পূজো আহাঁ আইমাতৃৰ চৰণকমল’, ‘তােমাৰ প্ৰেমৰ ভােগজৰাটি’, ‘মানুহৰ দেহাতে জীৱই কলেমলায়’, ‘লুইতৰ চাপৰিত কৰে নাৱৰীয়া’ আদি অনেক গীত ৰচি সুৰ দি অসমীয়া গীতিসাহিত্যৰ জগতখনক সমৃদ্ধ কৰি গৈছে।

| পঢ়ক আৰু শুনক: পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ একুকি গীত

পাৰ্ৱতিপ্ৰসাদ বৰুৱাই ১৯২৯ চনত শৰত কালৰ এটি পূর্ণিমা ৰাতি সৰুচৰাই বাগিচাৰ ডাক-বঙলাৰ আগফালে এজোপা খাজুৰী গছৰ তলত ‘জোনাকী মেল’ নামেৰে এক গীতৰ মেল পাতিছিল। পাছলৈ প্রতিবছৰে আৰু তেখেতৰ অবর্তমানতাে পৰিয়ালৰ উদ্যোগত এই মেল আজিলৈকে চলি আছে। গুৱাহাটীত ‘মধুচয়নিকা গােষ্ঠী’ৰ উদ্যোগত এই মেল অনুষ্ঠিত কৰি ভূপেন হাজৰিকাদেৱকো আমন্ত্রণ জনােৱা হৈছিল। সেয়া আছিল ১৯৬৩ চনৰ কথা৷ ইয়াৰ পাছৰ বছৰতে ১৯৬৪ চনৰ ৭ জুনত পাৰ্ৱতিপ্রসাদে জীৱন নাট সামৰি গান আৰু সাহিত্যৰ পৃথিৱীৰ পৰা চিৰদিনৰ বাবে মেলানি মাগিছিল।

গীতকবিৰ জীৱনকালত সুধাকণ্ঠই কোনাে গীত বাণীবদ্ধ কৰা নাছিল। ১৯৭৩ চনত গীতিকবিৰ বৰপুত্র প্রণৱিৰাম বৰুৱাৰ উদ্যোগত প্ৰথমখন ই পি ৰেকর্ড প্রচাৰিত হয়। বৰপুত্র প্রণৱিৰামৰ গীতৰ প্ৰতি থকা প্রবল অনুৰাগৰ ফলতে পাছলৈ গীতিকবিৰ বহু গীত ৰেকৰ্ড, আকাশবাণী আৰু কেছেট আদিৰ জৰিয়তে প্রচাৰিত হ’বলৈ ধৰে। সুকণ্ঠ গায়িকা মালবিকা বৰা আৰু সান্ত্বনা বৰুৱাৰ কণ্ঠত কেইবাটাও জনপ্রিয় গীত বাণীবদ্ধ হােৱাৰ পাছত অসমৰ বিভিন্ন শিল্পীয়ে গীতবােৰ শিকি লৈ গাবলৈ আৰম্ভ কৰাত গীতিকবিয়ে মৃত্যুৰ পাছতাে পুনৰ প্ৰাণ পাই উঠে। আনহাতে, ১৯৭৩ চনৰ ই পি ৰেকৰ্ডখনৰ পাছত সুধাকণ্ঠই আশীৰ দশকত পুনৰ বাৰটি গীতৰ এখন লং প্লেয়িং ৰেকৰ্ড উলিয়ায়। এইকেইটা গীতে গানৰ ভুৱনত বেছ খলকনিৰ সৃষ্টি কৰে আৰু অসমৰ কেউদিশে তেখেতৰ গীতবােৰ এক বিশেষ ধাৰা হৈ ৰজনজনাই যায়।

গীত আৰু সাহিত্যৰ উপৰি পাৰ্ৱতিপ্ৰসাদ চলচ্চিত্ৰ নির্মাণতাে অগ্ৰসৰ হৈছিল। পাৰ্ৱতিপ্রসাদ বৰুৱাই ১৯৪১ চনত অসমৰ চতুর্থখন চলচ্চিত্ৰ ‘ৰূপহী’ নির্মাণ কৰি উলিয়ায়। এই ছবিত গীত আছিল পাঁচোটা আৰু ইয়াত কণ্ঠদান কৰিছিল চাৰু বৰদলৈ, তৰুণ হাজৰিকা, দুর্গা ফুকন, পূর্ণ কোঁৱৰ আৰু পাৰ্ৱতিপ্রসাদে নিজে।

গীতিকবিৰ পৰিয়ালটো অসমৰ চাহখেতিৰ সৈতে ওতপ্রােতভাৱে জড়িত আছিল। এখনৰ পৰা আনখন বাগিচাত এই ব্যৱসায়ৰ সৈতে জড়িত থাকিলেও তেখেতৰ আইদেউতাক, বৰদেউতাক, ককায়েক, ভায়েক, ভনীয়েক সকলাে মিলি ঘৰখন অনবৰতে গীত আৰু সাহিত্যৰ এক গৱেষণা আৰু চর্চাকেন্দ্ৰলৈ ৰূপান্তৰিত কৰি ৰাখিছিল। তেখেতৰ ভাতৃৰ পৰিয়ালটো দুর্ঘটনাবশতঃ নৈৰ বুকুত জাহ যােৱাত অসমে এক উদাৰ সংস্কৃতিপ্রেমী পৰিয়াল অকালতে হেৰুৱালে। গীতিকবিৰ কাপত এই বিৰহৰ ব্যাথা পাতে পাতে পৰিস্ফুট। অসমৰ নান্দনিক সৌন্দর্যক গীত আৰু সুৰেৰে ইমান গভীৰভাৱে তুলি ধৰাত পাৰ্ৱতিপ্ৰসাদৰ সমকক্ষ কোনাে নাই। তেখেতৰ কিছু গীতত ৰবীন্দ্র সংগীতৰ প্ৰভাৱাে বিদ্যমান। ৰহস্যবাদ তেখেতৰ গীতৰ আন এক বৈশিষ্ট্য।

আশা কৰোঁ, প্রতিবছৰে ৭ জুনৰ গীতিকবিৰ মৃত্যু দিৱসটোত ‘জোনাকী মেল’ৰ আয়ােজন কৰি অসমৰ ৰাইজে এইগৰাকী অসমপ্রেমীক চিৰকাল জীয়াই ৰাখিবলৈ যত্নপৰ হ’ব।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of