সত্ৰীয়া নৃত্যৰ মাটি আখৰা আৰু যোগাসন

সত্ৰীয়া নৃত্যৰ মাটি আখৰা আৰু যোগাসন
  • 19 Jun, 2023

ভা বি আচৰিত হওঁ, চিন্তা কৰি উৱাদিহ নাপাওঁ,— কেৱল আশ্চৰ্য আৰু আশ্চৰ্য,— এজন ব্যক্তিৰ জীৱন কালত কেনেকৈ সম্ভৱ হৈছিল ইমানবোৰ কৰ্ম! যি সময়ত নাছিল আজিৰ দৰে কাগজ-কলম, নাছিল সহজলভ্য গ্ৰন্থ, নাছিল আজিৰ দৰে শিক্ষানুষ্ঠান, পঢ়িব পৰা মানুহ আছিল আঙুলিৰ পাবত লেখিব পৰা, বিৰোধী আছিল দলে দলে, ৰজাও যাৰ প্ৰতি বিতুষ্ট, অন্ধবিশ্বাস, অপ-সংস্কৃতিয়ে চানি আছিল সমাজ,— সেই যুগতেই ভাৰতৰ পূৰ্ব প্ৰান্তত শঙ্কৰ-মাধৱৰ দৰে প্ৰজ্ঞাৱান ব্যক্তিয়ে জন্ম লভি সমাজৰ বাবে কৰিছিল অসাধ্য সাধন। পৰৱৰ্তী কালৰ প্ৰায় ছশ বছৰ ধৰি নোলাল এজনো সমকক্ষ তেখেতসকলৰ। কীৰ্তন-নামঘোষা আদি মহামূল্যৱান সাহিত্যৰাজিৰ কথা বাদেই, তেখেতসকলৰ সৃষ্টিৰ লগত একে শাৰীতে ৰাখিব পৰা এটি গীতৰো সৃষ্টি হ’ল জানো এই সুদীৰ্ঘ সময়ছোৱাত? এনেবোৰ কথা প্ৰায়ে ভাবোঁ যদিও আগন্তুক বিশ্ব যোগ দিৱস (২১ জুন)ৰ প্ৰাকক্ষণত কথাবোৰ বেছিকৈ মনলৈ আহিছে।

বিশ্ববাসীলৈ ভাৰতীয় সংস্কৃতিৰ মহামূল্য অৱদানসমূহৰ ভিতৰত যোগ অন্যতম। যোগৰ মাহাত্ম্য, যোগৰ গুৰুত্ব এতিয়া বিশ্ববাসীৰ বাবে অবিদিত নহয়। যোগে বিশ্ববাসীৰ মাজত ভাৰতবৰ্ষৰ নতুন পৰিচয় দিছে। অতি প্ৰাচীন কালৰ পৰাই ভাৰতত যোগৰ প্ৰচলন হৈ আহিছে। উপনিষদ আৰু পালি ভাষাত লিখা বৌদ্ধ ধৰ্মৰ শাস্ত্ৰ কিছুমানত যোগৰ বিষয়ে প্ৰথম জানিব পাৰোঁ। যোগৰ আদি গুৰু, যোগ শাস্ত্ৰৰ প্ৰথম প্ৰণেতা পতঞ্জলিয়ে খ্ৰীষ্ট জন্মৰ প্ৰায় পাঁচশ বছৰৰ ভিতৰতে যোগসূত্ৰ লিখি উলিয়াইছিল।

আমি যোগৰ বিষয়ে পাওঁ ভাগৱত গীতাত। গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যোগৰ ত্ৰিধাৰাৰ বিষয়ে জ্ঞান দিছিল, সেই ত্ৰিধাৰা হ’ল— জ্ঞান যোগ, ভক্তি যোগ আৰু কৰ্ম যোগ। হিন্দু দৰ্শনত যোগৰ প্ৰধান শাখা হ’ল— ৰাজযোগ, কৰ্মযোগ, জ্ঞান যোগ, ভক্তি যোগ আৰু হঠযোগ। আমাৰ শঙ্কৰ গুৰুজনাও এজন যোগী আছিল, যোগৰ দ্বাৰা শৰীৰ আৰু মন সন্তুলিত কৰি আনে কৰিব নোৱৰা, অসম্ভৱ যেন লগা অনেক কামো কৰিবলৈ সক্ষম হৈছিল। গুৰুজনাৰ সক্ৰিয় সুদীৰ্ঘ জীৱনত যোগৰ প্ৰভাৱ নুই কৰিব নোৱাৰি।

গুৰুজনাৰ অপূৰ্ব অৱদান, বৰ্তমান সময়ত সত্ৰীয়া নৃত্য ৰূপে জগতখ্যাত কলাবিধৰ লগত যোগক সংপৃক্ত কৰি নৃত্যক কেৱল সুকুমাৰ কলা হিচাপেই নহয়, শৰীৰ আৰু মনৰ উৎকৰ্ষ সাধনৰ এক আহিলা হিচাপেও প্ৰতিষ্ঠা কৰিছিল বুলিলে বঢ়াই কোৱা নহ’ব। সত্ৰীয়া নৃত্যৰ মাটি আখৰা তাৰেই উৎকৃষ্ট উদাহৰণ। বহুকেইবিধ মাটি আখৰাৰ হঠ যোগৰ আসনৰ লগত সাদৃশ্য আছে। হঠযোগ অভ্যাসৰ পৰা যি লাভালাভ, সেই একখিনি লাভ এই মাটি আখৰা শুদ্ধভাৱে নিয়মিত অভ্যাসৰ যোগেদি লাভ কৰিব পাৰি। আনহাতে সত্ৰীয়া নৃত্য এক আধ্যাত্মিক কলা, য’ত শৰীৰৰ লগত মনৰো সংযোগ ঘটে। গুৰুজনাই মাটি আখৰাসমূহৰ যোগেদি আওপকীয়াকৈ এজন নৃত্য শিকাৰুক যোগৰ বিশাল জগতখনত প্ৰৱেশ কৰাইছিল।

মাটি আখৰা হ’ল নৃত্য শিকাৰু এজনক নৃত্যৰ বাবে প্ৰস্তুত কৰাৰ প্ৰথম সোপান, শৰীৰ আৰু মনৰ জড়তা দূৰ কৰি নৃত্যৰ বাবে সাজু হোৱা প্ৰণালী। মাটি আখৰা ৬৪ বিধ। এতিয়া চোৱা যাওক কোনখিনি মাটি আখৰাৰ হঠযোগৰ কোনকেইটা আসনৰ লগত সাদৃশ্য আছে। তলত আমি পৃথক পৃথককৈ সেয়া আলোচনা কৰিবলৈ যত্ন কৰিম।

১) মাটি আখৰাৰ প্ৰথম পৰ্বটি হ’ল— খচকা বা দেহসধা। এই মাটি আখৰা কৰিবলৈ প্ৰথমেই পদ্মাসনত উপবিষ্ট হ’ব লাগে। গতিকে এই মাটি আখৰা পদ্মাসনৰ লগত একে। এই মাটি আখৰাৰ শেষ পৰ্যায়ত যি অৱস্থান লোৱা হয়, তাৰ লগত ভূজঙ্গাসনৰ সাদৃশ্য আছে।

২) যোগৰ আসনৰ বাবে প্ৰস্তুত হোৱাৰ পূৰ্বে যিখিনি সূক্ষ্ম ব্যায়াম কৰা হয়, সেইখিনিৰ দৰে মাটি আখৰাত বহুকেইটা প্ৰক্ৰিয়া কৰোৱা হয়। যেনে হাড়ভঙা, হাত ঘূৰুৱা, পানী সিঁচা, পচলা তোলা আদি।

৩) গেৰোৱা চোৱা মাটি আখৰাটিৰ ত্ৰিকোণাসনৰ লগত সাদৃশ্য আছে।

৪) পচলা তোলা মাটি আখৰাটি অভ্যাস কৰোঁতে অৰ্ধ-চক্ৰাসনৰ দৰে স্থিতি এটিও পোৱা যায় (দণ্ডয়মান অৱস্থাত গ্ৰীবা আৰু শিৰ পিছলৈ হলোৱা সময়ত)।

৫) সত্ৰীয়া নৃত্যৰ প্ৰাৰম্ভত নতজানু অৰ্থাৎ আঁঠুকাঢ়ি সেৱা লোৱা হয়, গুৰুৰ সন্মুখত আঁঠু লৈ গুৰুৰ নিৰ্দেশনা শুনোতে যি অৱস্থান লোৱা হয়, সেয়া ব্ৰজাসনৰ লগত আৰু সেৱা লওঁতে যি অৱস্থান লয়, তাৰ লগত অৰ্ধ কূৰ্মাসনৰ সাদৃশ্য আছে।

৬) সত্ৰীয়া নৃত্যৰ আঁঠু লন, ঠিয় লন, কাটি লন অৰ্ধ চক্ৰাসনৰ লগত একে।

৭) সত্ৰীয়া নৃত্যৰ তেলটুপি মাটি আখৰাটিৰ শলভাসনৰ লগত প্ৰায় মিল আছে।

৮) শীৰ্ষাসন বা মস্তকমুদ্ৰা মাটি আখৰাৰ উধালনৰ সৈতে একে।

৯) সত্ৰীয়া নৃত্যৰ এটি মাটি আখৰা ম’ৰাই পানী খোৱাৰ ময়ূৰাসনৰ লগত মিল আছে।

১০) ধনুৰাসনৰ লগত সত্ৰীয়া নৃত্যৰ যোৰকামি টনা মাটি আখৰাৰ মিল আছে।

এনেদৰে ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে যোগাসনৰ লগত সত্ৰীয়া নৃত্যৰ মাটি আখৰাৰ বহুতো সাদৃশ্য আছে। মাটি আখৰাৰ লগত যোগাসনৰ দৰে উশাহ-নিশাহ নিয়ন্ত্ৰণৰ কৌশল সংযোগ কৰিলে আৰু শুদ্ধ স্থিতিৰ ওপৰত ধ্যান দিলে যোগ আসন কৰি পোৱা সুফল মাটি আখৰাৰ পৰাও পাব পাৰি।

❧ | আৰু পঢ়ক:

সত্ৰীয়া নৃত্যৰ মাটি আখৰা আৰু যোগাসন | যাদৱ হাজৰিকা