নয়নজ্যোতি শইকীয়াৰ কবিতা

কবিতা


আঘোণৰ পথাৰত তেজ হালধীয়া
জীৱনৰ লেছেৰি বোটলাৰ পৰা…
মনৰ গাপ লগা গোন্ধ,
নৰাই কটা চেনেহীৰ
ঘাঁ লগা কলাফুল।


ৰাংঢালী অ'
তোৰ সতে' মাঘৰ উৰুকাত
হেঁপাহেৰে এসাজ খাম
পাতত দিয়া মাছেৰে
লিহিৰি আঙুলিৰে পিটিকি সানিবি সপোন
কেচেমাকেচেম গোন্ধাব
তোৰ চাৱনি।


ছাই বৰণীয়া হ'ল
ৰ'দে পোৰা মোৰ পিঠিখন
তোৰ পিছে দুগালত ফুলিছে
সৰিয়হ দুডৰা
ক'ত পাৱ হালধীয়া
ক'ত পাব?

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar