শাৰদীয়া

বুকুজুৰি বৈ থাক
ভালপোৱা

বাদ দে পেপ্‌চিৰ চিপচ্‌
থাকক আজি চিকেন ৰোল আৰু চাও
আহ, আজি পূজাৰ বতৰত
জেলেপি খাওঁ

জংক পংক পাক লগা
টোপা টোপে ৰস পৰি থকা!

নালাগে গাড়ী,
আজি হাতে হাত ধৰি খোজ কাঢ়োঁ
আৰু শৰতৰ বতাহ বুকুত বওঁ

আহ নহ'লে
সুমথিৰা বৰণীয়া ফোঁট থকা
দুপাহ নিমাখিত শেৱালি হওঁ!

আপোনাৰ আৰু ভাল লাগিব পাৰে:
পল্লৱপ্ৰাণ গোস্বামী

পল্লৱপ্ৰাণ গোস্বামী

'নীলা চৰাই'ৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক। সাংস্কৃতিক কৰ্মী।

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

প্ৰথমে আপুনিয়েই মতামত দিয়ক!

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of