ইণ্টাৰনেটত অসমীয়া ভাষা: অসমীয়া ৱিকিপেডিয়াক সমৃদ্ধ কৰোঁ আহক

ইণ্টাৰনেটত অসমীয়া ভাষা: অসমীয়া ৱিকিপেডিয়াক সমৃদ্ধ কৰোঁ আহক
  • 29 Jun, 2018

সমীয়া লিপিয়ে ইউনিকোডত স্থান পোৱা নোপোৱাক লৈ বিষয়টোৱে যোৱা কিছুদিনত বেচ চৰ্চা লাভ কৰিছে। লণ্ডনৰ সভাত বিষয়টো সন্দৰ্ভত আলোচনা কৰিবলৈ যোৱা প্ৰতিনিধি দলক মানুহে গালিও পাৰিছে। আলফাৰ দৰে সংগঠনেও আঁতৰৰ পৰাই অসম সাহিত্য সভাক সকীয়নী প্ৰদান কৰিছে।

যিসময়ত নিজ ৰাজ্যতে অসমীয়া ভাষাটো কোৱা লোকৰ সংখ্যা উদ্বেগজনকভাৱে কমি আহিছে, অসমীয়া মানুহেই “মোৰ ল’ৰা-ছোৱালীয়ে অসমীয়া ক’ব/ লিখিব নোৱাৰে” বুলি কৈ গৌৰৱ কৰিবলৈ লৈছে, তেনে ক্ষেত্ৰত ভাষাটোৰ দুৰৱস্থাৰ কাৰণে অইনক দোষাৰোপ কৰি থকাতকৈ নিজে নিজৰ ভাষাটোৰ হকে কিমানখিনি কৰিব পাৰিছোঁ, তাৰ খতিয়ান লোৱাটোহে বেছি প্ৰয়োজনীয় হৈ পৰিছে।

বৰ্তমানৰ যুগ তথ্য-প্ৰযুক্তি, ইণ্টাৰনেটৰ যুগ। বৰ্তমান সময়ত ভাষা এটাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে ইণ্টাৰনেট মাধ্যমত ভাষাটোৰ বহুল ব্যৱহাৰ হোৱাটো অতিকে প্ৰয়োজনীয়। এই ক্ষেত্ৰত আমি নিজে কৰিব পৰাৰ ভিতৰত অন্যতম এটা কাম হৈছে ‘অসমীয়া ৱিকিপিডিয়া’ত অসমীয়া ভাষাৰ অধিক প্ৰবন্ধ সংযোগ কৰা।

এটা কথা হয়তো সকলোৱে বুজিছে, ইণ্টাৰনেটত বিচাৰিলে সহজতে অসমীয়া ভাষাৰ কিবা এটা বিচাৰি পাবলৈ নাই। ইয়াৰ বাবে অসমীয়া ভাষাত লিখা, অসমীয়া ভাষাত কাম চলোৱা ৱেবচাইটৰ দৰকাৰ, অসমীয়া ভাষাত লিখা-মেলা কৰা বহুত বেছি ব্লগ (blog)ৰ দৰকাৰ। সেইবোৰ ক্ষেত্ৰত আমি সকলোৱে সমানে সহযোগ কৰিব নোৱাৰিব পাৰোঁ। কাৰিকৰী কথাৰ লগতে আৰ্থিক কথাও আহি পৰে। কিন্তু আমি ঘৰতে বহি অলপমান সময় খৰচ কৰি কৰিব পৰা কামটো হৈছে ৱিকিপিডিয়াত লিখা। আপুনি ফেচবুকৰ মজিয়াত অসমীয়া ভাষাত যিমানেই দীঘল দীঘল পোষ্ট নিলিখক কিয়, সেইবোৰে কিন্তু ইণ্টাৰনেটৰ জগতত অসমীয়া ভাষাৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত অলপো অৱদান নোযোগায়, কাৰণ ফেচবুক হৈছে এক আবদ্ধ মঞ্চ। সেয়েহে সঁচাকৈয়ে যদি নিজৰ ভাষাটোৰ উন্নয়নৰ হকে কিছু অৰিহণা যোগাব বিচাৰিছে, তেনেহ’লে অসমীয়া ৱিকিপিডিয়াতে কিছু লেখা-মেলা কৰি সহায় আগবঢ়াওক।

ৱিকিপিডিয়া (Wikipedia) কি? ৱিকিপিডিয়া হৈছে এখন অনলাইন মুক্ত বিশ্বকোষ। ইয়াত যিকোনো লোকেই যিকোনো বিষয়ৰ ওপৰত প্ৰবন্ধ লিখিব পাৰে বা তথ্য সংযোগ কৰিব পাৰে। আপুনি যদি ইণ্টাৰনেটত কিবা এটা বিষয়বস্তুৰ সন্ধান (search) কৰে, এটা কথা হয়তো মন কৰিছে যে প্ৰায় সকলো সময়তে প্ৰথমৰ লিংকটো ৱিকিপিডিয়াৰ সংশ্লিষ্ট প্ৰবন্ধটোৰ লিংক আহে। ঠিক একেদৰে অসমীয়াত কিবা লিখি সন্ধান কৰিলে যদিহে সেই বিষয়ৰ প্ৰবন্ধ ৱিকিপিডিয়াত সন্নিৱিষ্ট হৈ আছে, তেন্তে সেই লিংকটো আপুনি প্ৰথমে দেখিবলৈ পাব। উদাহৰণস্বৰূপে আপুনি যদি ‘গুৱাহাটী’ বুলি সন্ধান কৰে, তেন্তে গুৱাহাটীৰ বিষয়ে লিখা ৱিকিপিডিয়াৰ প্ৰবন্ধটো দেখা পাব। কিন্তু যদি আপুনি নিজৰ ঠাইখনৰ নাম লিখি সন্ধান কৰে, তেন্তে আপুনি সেই নামৰ একো বস্তু ইণ্টাৰনেটত বিচাৰি নাপাবও পাৰে, অৰ্থাৎ সেই সম্পৰ্কীয় একো তথ্য ইণ্টাৰনেটত নাই। এনেকুৱা ক্ষেত্ৰতে আপুনি অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সংযোগ কৰি কিছু অৱদান আগবঢ়াব পাৰে।

আমি ২০১৫ চনত ৱিকিপিডিয়াৰ এখন কৰ্মশালাত অংশগ্ৰহণ কৰিছিলো। সেই কৰ্মশালাত যিখিনি কথা শিকিলো, তাৰ আধাৰতে অসমীয়া ৱিকিপিডিয়াত কিছু প্ৰবন্ধ যোগ দিলো। অন্ততঃ অইন নহ’লেও নিজৰ ঠাইখনৰ বিষয়ে আৰু অঞ্চলটোৰ উল্লেখনীয় দুই-এটা বিষয় সম্বন্ধে কিছু তথ্য ৱিকিপিডিয়াত লিখিলো।

এইক্ষেত্ৰত আমি সাধাৰণভাৱে যিখিনি কথা জানো, সেইখিনিকে অন্ততঃ অইন দহজনক জনোৱাটো ভাল হ’ব বুলি বিবেচনা কৰিছোঁ। তেতিয়া হয়তো ভাষাটোৰ হকে কিবা অলপ কৰিবলৈ আগ্ৰহী, কিন্তু কেনেদৰে আগবাঢ়িব লাগে একো উৱাদিহ নোপোৱা সকলে কিছু সহায় পাব।

ৱিকিপেডিয়া

অসমীয়া ৱিকিপেডিয়াৰ গৃহপৃষ্ঠাৰ স্ক্ৰীনগ্ৰেব

১) ৱিকিপিডিয়াত লিখিবলৈ হ’লে প্ৰথমে আপোনাৰ এটা একাউণ্ট থকাটো প্ৰয়োজনীয়। এই একাউণ্টটো আপোনাৰ ফেচবুক একাউণ্ট বা ই-মেইল আই ডি সদৃশ বুলিও ভাবি ল’ব পাৰে। তাৰ বাবে প্ৰথমে as.wikipedia.org-লৈ যাওক। ইয়াত আপুনি ‘একাউণ্ট সৃষ্টি কৰক’— এই Optionটো বিচাৰি পাব। তাত গৈ নিজৰ ইচ্ছানুসৰি এটা সদস্যনাম (ID) আৰু গুপ্তশব্দ (Password) দি আপুনি অপোনাৰ ৱিকিপিডিয়া একাউণ্ট খুলি ল’ব পাৰিব।

২) এবাৰ একাউণ্ট খোলাৰ পাছত আপুনি ইচ্ছানুসৰি ৱিকিপিডিয়াত প্ৰবন্ধ সংযোগ কৰিব পাৰে বা সম্পাদনা কৰিব পাৰে। ইয়াৰ বাবে ‘প্ৰৱেশ’ Option-অত গৈ আপোনাৰ সদস্যনাম আৰু গুপ্তশব্দ লিখি ‘অসমীয়া ৱিকিপিডিয়া’ৰ জগতত প্ৰৱেশ কৰক। ধৰক আপুনি ‘চৰাইদেউ’ সম্পৰ্কে এটা প্ৰবন্ধ যোগ দিব বিচাৰিছে, তেতিয়া আপুনি প্ৰথমে ৱিকিপিডিয়া চাইটৰ সোঁকাষে ওপৰত দেখাৰ দৰে ‘অসমীয়া ৱিকিপিডিয়াত সন্ধান কৰক’ Option-অত গৈ ‘চৰাইদেউ’ বুলি লিখি সন্ধান কৰক। যদিহে ইতিপূৰ্বেই উক্ত প্ৰবন্ধটো ৱিকিপিডিয়াত আছে, তেন্তে সেই প্ৰবন্ধটো দেখুৱাব। কিন্তু যদিহে উক্ত নামৰ কোনো প্ৰবন্ধ ৱিকিপিডিয়াত সেই মুহূৰ্তলৈ লিখা হোৱা নাই, তেন্তে ‘এই ৱিকিত চৰাইদেউ পৃষ্ঠাটো সৃষ্টি কৰক’ বুলি দেখুৱাব। তাত ক্লিক কৰি আপুনি নিজে লিখিব বিচৰা প্ৰবন্ধটো লিখিব পাৰিব।

এবাৰ আৰম্ভ কৰাৰ পাছত হয়তো অলপ ভালদৰে চালেই প্ৰবন্ধটোৰ শিৰোনাম কিদৰে দিব লাগে, উপ-শিৰোনাম কিদৰে লিখিব লাগে, টেবুল কেনেদৰে সংযোগ কৰিব লাগে, ইতিপূৰ্বে সন্নিৱিষ্ট হৈ থকা প্ৰবন্ধত নতুন তথ্য কিদৰে যোগ দি সম্পাদনা কৰিব লাগে, সেয়া লাহে লাহে শিকিব পাৰিব। কিন্তু সাধাৰণভাৱে ক’বলৈ গ’লে ৱিকিপিডিয়াত প্ৰবন্ধ যোগ কৰাৰ মূল নিয়ম এইখিনিয়েই।

ৱিকিপিডিয়া হৈছে তথ্যৰ এক ভঁৰাল। গতিকে ইয়াত প্ৰবন্ধ যোগ দিওঁতে সাহিত্যৰ কঠিন ভাষা লগাই লিখাৰ কোনো দৰকাৰ নাই, সহজ-সৰল ভাষাৰেই লিখাটো সকলো শ্ৰেণীৰ পাঠকৰ বাবে উপযোগী। মন কৰিবলগীয়া কথা হ’ল, ৱিকিপিডিয়াত সন্নিৱিষ্ট প্ৰতিটো তথ্যৰে নিৰ্ভৰযোগ্য তথ্যসূত্ৰ উল্লেখ কৰা অতি প্ৰয়োজন। নহ’লে আপোনাৰ প্ৰবন্ধত বিশ্বাসযোগ্যতা নাথাকিব। তথ্যসূত্ৰ সন্নিৱিষ্ট নকৰা প্ৰবন্ধ মচি পেলোৱাও হ’ব পাৰে। গতিকে প্ৰতিটো লেখাৰ লগত উপযুক্ত তথ্যসূত্ৰ লেখাটোৰ তলত সন্নিৱিষ্ট কৰাটো জৰুৰী।

ৱিকিপিডিয়াত লিখাৰ বাবে আপুনি একো মাননি নাপায়। এয়া নিজৰ ভাষাটোৰ হকে আপোনাৰ স্বেচ্ছামূলক সেৱাহে। অৱশ্যে প্ৰতিমাহৰ শেষত প্ৰতিভাৱান ন-সম্পাদক, ৱিকিপিডিয়াৰ অক্লান্ত কৰ্মী আদি পদক দিয়াৰ ব্যৱস্থা আছে। তদুপৰি আপুনি নিজৰ যিটো একাউণ্ট লৈ ৱিকিপিডিয়াত প্ৰবন্ধটো যোগ দিলে, সেই নামটো চিৰদিনৰ কাৰণে ইণ্টাৰনেটত সন্নিৱিষ্ট হৈ ৰ’ব। ৱিকিপিডিয়াৰ প্ৰবন্ধটোৰ সম্পাদনা ইতিহাস বিচাৰি চালেই আপোনাৰ নাম জিলিকি থাকিব। গতিকে সেই উৎসাহ লগত লৈ উদ্যমেৰে অসমীয়া ভাষাত লিখাটোহে আচল কথা।

এই লেখাটো লিখি থকাৰ সময়ত অসমীয়া ৱিকিপিডিয়াত মুঠ প্ৰবন্ধৰ সংখ্যা হৈছে মাত্ৰ ৪,৯২৮টা। কিন্তু আমাৰ প্ৰায় প্ৰতিবেশী বাংলা ভাষাৰ ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা হৈছে ৫৯,১৭১টা!

আমাক অসমীয়া ভাষাৰে ইণ্টাৰনেটত লিখা-মেলা কৰা বহুত বেছি মানুহ লাগে। অসমীয়া ভাষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ এতিয়াও বহুত কৰণীয় বাকী আছে।

ইণ্টাৰনেটত অসমীয়া ভাষা: অসমীয়া ৱিকিপেডিয়াক সমৃদ্ধ কৰোঁ আহক | প্ৰাঞ্জল দাস

Follow Nilacharai on Facebook