নেৰিবা ব’ঠা অ’ নাৱৰীয়া

[ লক্ষ্মণ কুমাৰ ]

দুখবোৰ বুজি নোপোৱালৈকে
দুখ হৈ নাথাকে
সুখেৰেই ভৰি থাকে জীৱন

ল'ৰালিত বৰষুণৰ পানীৰে
উপচি পৰা চোতালত
কাগজৰ নাও সাজি
উটুৱায় দিওঁ
ব'ঠাবিহীন নাও, নাই নাৱৰীয়া…
পানীত উটি যায়
কাগজৰ নাও
বুকুত মিঠা মিঠা সপোনৰ চুমা
আঁকি যায় (সুখ যে আছিল তাত…)

আজি জীৱন নাৱৰ
নাৱৰীয়া মই
এৰি যাব খোজে ব'ঠা
হাতৰ মুঠিৰ পৰা…
সময়ে কৈ যায়—
নেৰিবা ব'ঠা অ' নাৱৰীয়া
ব'ঠা যদি এৰি যায়
অ' নাৱৰীয়া
কেনেকৈ পাবা তুমি পাৰ…

যিমান ধুমুহা আহিলেও
খামুচি ধৰোঁ বঠাখন জোৰেৰে…
আৰু অধিক জোৰেৰে
ব'ঠাবিহীন নাও ক'ত উটি-ভাহি যায়
একো ঠিক নাই
এই নাও যে নহয়
ল'ৰালিৰ সেই কাগজৰ নাও,
এয়া যে মোৰ জীৱন নাও
হাঁহি হাঁহি কিদৰে এৰি দিব পাৰোঁ
উটি ভাঁহি যাবলৈ…

আহক ধুমুহা, ভয় নাই
আহক দুখ, ভয় নাই
দুখবোৰ যিমানে বুজিছো:
সিমানে সুদক্ষ নাৱৰীয়ালৈ
সলনি হৈছোঁ
বতৰৰ ৰেহ-ৰূপ বুজিছোঁ
বৰ্তমানে কয়—
বাই যা, বাই যা তোৰ ব'ঠা
অ' নাৱৰীয়া
সুখৰ পাৰ পাবলৈ আৰু
বেছি পৰ নাই

দুখবোৰ বুজি নোপোৱালৈকে
দুখ হৈ নাথাকে
সুখৰেই ভৰি থাকে জীৱন।

নীলা চৰাই . চেপ্তেম্বৰ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz