বিজেপিয়ে হিন্দু ধর্মৰ ক্ষতি কৰি আছে

বিজেপিয়ে হিন্দু ধর্মৰ ক্ষতি কৰি আছে
  • 02 Jun, 2018

বি জেপিৰ সদস্য-সমর্থকসকলৰ মতে, বিজেপি দলটো অহা ২০ বছৰ ক্ষমতাত থাকিব আৰু সমগ্ৰ ভাৰতবর্ষ হিন্দু ধর্মৰ মানুহেৰে ভৰি পৰিব। মুচলমান আৰু অন্য ধৰ্মাৱলম্বী লোকসকলেও বাধ্যত পৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিব। ই সঁচাকৈয়ে সম্ভৱনে? এইটো সঁচা কথা যে ভাৰতবৰ্ষৰ বৃহৎ পুঁজিপতি, কৰ্প’ৰেট গোষ্ঠীক যেতিয়ালৈকে বিচৰা মতে সুযোগ-সুবিধা দি থাকিব পাৰিব আৰু তেওঁলোকে ভাৰতৰ সৰ্বসাধাৰণক মুক্তভাৱে শোষণ কৰাৰ পৰিস্থিতি দলটোৱে বৰ্তাই ৰাখিব পাৰিব, তেতিয়ালৈকে বিজেপি ভাৰতবৰ্ষৰ ক্ষমতাত থাকিব। বিমুদ্ৰাকৰণো যে কৰা হৈছিল পুঁজিপতি, কৰ্প’ৰেট আৰু বিজেপিৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত, সেয়া বুজাই বুজিব। কিন্তু বিজেপিৰ সদস্য-সমৰ্থকে ভবাৰ দৰে ভাৰতবৰ্ষ হিন্দু ধৰ্মৰ মানুহেৰে সঁচাকৈয়ে ভৰি পৰিবনে? বৰং ২০ বছৰ বিজেপি ক্ষমতাত থাকিলে ভাৰতবৰ্ষত হিন্দু ধৰ্ম বিশ্বাস কৰা লোকৰ সংখ্যা কমিব। আজিৰ পৰা প্ৰায় ৩০ বছৰৰ আগেয়ে ১৯৮৯ চনত ইৰানত বিপ্লৱৰ সহায়ত জনগণে ৰাজতন্ত্ৰক আঁতৰাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল। বিপ্লৱৰ যুটীয়া নেতৃত্বত আছিল ধৰ্মীয় সংগঠনৰপৰা বাঁও-গণতান্ত্ৰিক সংগঠনলৈ সকলো। কাৰণ জনসাধাৰণে ইৰানৰ পৰা ৰাজতন্ত্ৰ উৎখাত োৱাটো বিচাৰিছিল। ইৰানৰ জনসাধাৰণে বিপ্লৱীসকলৰ নেতৃত্বৰ ভিতৰত ধৰ্মীয় নেতাসকলক অধিক বিশ্বাসত লৈছিল, কাৰণ তেওঁলোকে ধৰ্মৰ কথা কৈছিল; কৈছিল ইচলামিক নৈতিকতাৰ ভিত্তিত দেশ চলোৱাৰ কথা। কিন্তু যেতিয়া ইৰানত জনসাধাৰণৰ সমৰ্থন লৈ ধৰ্মীয় নেতাসকল ৰজাক আঁতৰাই ক্ষমতাত বহিল, তেতিয়াহে জনসাধাৰণে ধৰ্মীয় নেতাসকলৰ প্ৰকৃত ৰূপবোৰ দেখিবলৈ পালে। অধিকাংশ ধৰ্মীয় নেতাই মিছা প্ৰতিশ্ৰুতি দি দুৰ্নীতিৰে কোটিপতিত পৰিণত হ’ল, নেতাসকলে মুখেৰে আমেৰিকাৰ বিৰুদ্ধে শ্ল’গান দিয়ে, কিন্তু নিজৰ ল’ৰা-ছোৱালীক পঢ়িবলৈ পঠিয়াই আমেৰিকালৈ। ইৰানৰ যুৱক-যুৱতীসকলৰ মাজত ক্ষমতাত বহা ধৰ্মীয় নেতাসকলৰ এই ৰূপ দেখি ইচলাম ধৰ্মৰ ওপৰতেই আস্থা হেৰুওৱা লোকৰ সংখ্যা বাঢ়ি আহিছে, মছজিদলৈ যোৱা লোকৰ সংখ্যা কমি আহিছে বা পুনৰ পাৰ্চীসকলৰ পুৰণা জৰেষ্ট্ৰিয়ান ধৰ্মলৈ উভতি যোৱা বা বৌদ্ধ ধৰ্ম-মতৰ প্ৰতি আকৰ্ষিত হোৱা লোকৰ সংখ্যা বাঢ়িছে। সেয়া মই ইৰানত থাকোঁতে স্বচক্ষে দেখিছোঁ।

❧। আৰু পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়ক: অসমীয়াই কিয় বিৰোধিতা কৰা উচিত

আজি ভাৰতবৰ্ষত কি হৈছে? [হিন্দু ধৰ্মৰ নাম] (/tags/হিন্দুত্ব) লৈ ক্ষমতাত বহা নেতাসকলে জনসাধাৰণৰ জীৱন-জীৱিকা সম্পৰ্কীয় সমস্যাৰ সমাধানত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে মিছা প্ৰতিশ্ৰুতি, অসত্য কথা, দুৰ্নীতিৰ আশ্ৰয় লৈ ক্ষমতাত বহি পুঁজিপতি-কৰ্প’ৰেটৰ দ্বাৰা জনসাধাৰণক শোষণৰ কেঁকোৰা চেপা দিবলৈ উঠি-পৰি লাগিছে। আজি বিজেপিক অন্ধভাৱে সমৰ্থন কৰা লোকসকলৰো একাংশই দলটোৰ প্ৰকৃত ৰূপ বুজি পাইছে। ২০ বছৰ বিজেপি ক্ষমতাত থাকিলে হিন্দু ধৰ্মৰ নামত শপত খোৱাসকলৰ কাম-কাজবোৰ দেখি দেখি জনসাধাৰণৰ এচামে হিন্দু ধৰ্মৰ ওপৰতেই বিশ্বাস হেৰুৱাই পেলাব। ভাৰতবৰ্ষৰ দ্বাৰকাপীঠৰ শংকৰাচাৰ্য স্বৰূপানন্দ সৰস্বতীয়ে এনেই কোৱা নাই যে বিজেপি-আৰ এছ এছে বৰ্তমান সময়ত হিন্দু ধৰ্মৰ বাবে আটাইতকৈ বেছি ক্ষতিকাৰক কাম কৰি আছে। ভাৰতবৰ্ষৰ পৰা বিদেশলৈ গো-মাংস ৰপ্তানি কৰা লোকৰ শীৰ্ষত আছে বিজেপিৰ বহুতো নেতা, অথচ তেওঁলোকেই গো-হত্যাৰ বিৰুদ্ধে সৰৱ হৈ দেখুৱায় মানুহক।

বিজেপিয়ে হিন্দু ধর্মৰ ক্ষতি কৰি আছে | ড° অজিত কুমাৰ পটংগীয়া

Follow Nilacharai on Facebook