কি অময়া সুৰ ঢালিলি

(সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত)

অ’ মইনা, কেতিয়া আহিছিলি তই
কোনেও নাজানিলে,
অ’ মইনা, কি অময়া সুৰ ঢালিলি
জগতে জানিলে,
জীৱনৰ মায়া এৰি যেতিয়া গ’লিগৈ গুছি
এটুপি চকুলো সৰিলে।

জিৰণীয়া মৌ বিচাৰি যাত্ৰা যাযাবৰী
সময়ৰ অগ্ৰগতিত জ্বলে হেজাৰ চাকি
অগ্নিযুগৰ ফিৰিঙতি তই
নাটঘৰৰ ভাও সামৰি
যেতিয়া গ’লিগৈ গুছি
অসমীয়ে চকুলো টুকিলে।

কৃষ্ণৰ মোহন বাঁহী, খাছীৰ বাই স্বৰতী
চিফুঙৰ মধুৰ সুৰে সুৰে
পখীয়ে গাই প্ৰভাতী
ৰ’দ পুৱাবৰ কাৰণে সকলোকে মাতি
যেতিয়া গ’লিগৈ গুছি
সহস্ৰজনে নীৰৱে কান্দিলে।

তোৰ প্ৰাণতে বোৱা লুইত-পদ্মা-গঙ্গা
একেই জলৰাশি
টেমচ-মিচিচিপি-ভল্গা
একে নাৱৰে যাত্ৰী
যেতিয়া গ’লিগৈ গুচি
সকলো উচুপি উঠিলে।

লুইতৰ দুয়ো পাৰে শত-সহস্ৰজনে
মদাৰৰে পাণ বুলি
কিয় তোক প্ৰশ্ন কৰে
শঙ্কৰ-মাধৱৰে, বিষ্ণু-জ‍্যোতিৰ সুৰে
লুইতৰ সাহসেৰে
বজ্ৰসম কণ্ঠৰে প্ৰশ্নৰ উত্তৰ দিলি।

যেতিয়া গ’লিগৈ গুছি
জাতিটোৱে শোকতে বিনালে
এটুপি চকুলো সৰিলে।

ছবি: বীৰেন শইকীয়া

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of