হঠাৎ চলন্ত ৰেলত

হঠাৎ চলন্ত ৰেলত
  • 08 Aug, 2019

আঃ এনেকৈয়ে হঠাৎ দেখা হৈ যাব— তাকো চলন্ত ৰেলত— দুলি আছে ৰেলখন— শব্দ কৰিছে তাহানিৰ সৰু কালতে শুনাৰ দৰে— জগবন্ধু ফটাছাতি— কোনে যে উলিয়াইছিল শব্দ দুটা— কিন্তু শুনোতে শুনোতে ভাব হৈছে— হয়, ঠিক সেইদৰেই কৈ আছে— ৰেলৰ শব্দটো তেনেকৈয়ে কাণত বাজি আছে আৰু ৰেলখন এটা তালত দুলি দুলি প্ৰচণ্ড গতিৰে গৈ আছে— চাঁৎ চাঁৎ কৈ পাৰ হৈ গৈছে দাঁতিৰ গছ-গছনি— এনেকৈয়েতো গৈ আছোঁ— প্ৰতিটো আগৰ মুহূৰ্ত এৰি থৈ— কেতিয়াও ঘূৰি যাব নোৱৰাকৈ এৰি থৈ— আঃ কেনেকৈ যে এৰি থৈ আহিলো মোৰ ধূলিত বাগৰি থকা শৈশৱ— প্ৰথম প্ৰেমৰ অনুভূতিতে মোৰ প্ৰাকযৌৱন— কেঁচা চাহপাতৰ মৃদু গোন্ধৰ মাজত বকুল ফুলৰ দৰে নিশ্বাস— ক’ত এৰি আহিলো কলঘৰৰ চাহপাতৰ তীব্ৰ গন্ধৰ দৰে মোৰ প্ৰথম যৌৱনৰ মাদকতা— প্ৰচণ্ড গতিৰে এটা তালত দুলি দুলি আহি আছোঁ— খোপনি হেৰাই যাব খোজে— বাৰে বাৰে খোপনি হেৰাই যাব খোজে— কেতিয়াবা চকুৱে সেমেকা কৰি থোৱা মজিয়াত ভৰি পিছলি যাব খোজে— কিমানবাৰ জীৱনৰ বিভিন্ন মুহূৰ্তত খোপনি হেৰাই যাব খুজিছিল— কিন্তু পৰি যোৱা নাই— কৌশলেৰে শৰীৰৰ সমতা ৰক্ষা কৰি বাচি গৈছো আৰু স্বস্তিৰ নিশ্বাস পেলাইছোঁ— আজিও খোপনি ৰক্ষা কৰি থিয় দি হঠাৎ দেখিলোঁ— আচৰিত— তাকো চলন্ত ৰেলৰ টয়লেটৰ আইনাত— থিয় দি আছে চিনাকি যেন লগা মুখ— অনেক দিনৰ মূৰত কিজানি দেখিলো— তেওঁৰ সেওঁতাৰ ওচৰৰ চুলিৰ এচিৰা বগা হৈ গৈছে ষ্টাইলত— চুলি অৱশ্যেই কিছু পাতল হৈছে— মুখত মঙহ ধৰিছে আৰু চকু দুটা সৰু হৈছে— চকুৰ তলত আঁক পৰিছে— কিজানি আজিকালি তেওঁ ড্ৰিংকছ্ কৰিবলৈ লৈছে— কিন্তু আগতেতো তেওঁ কেতিয়াও ড্ৰিংকছ্ নকৰিছিল— শৰীৰত মেদ বাঢ়িছে— বেছ উচ্চ মধ্যবিত্তৰ চেহেৰা আৰু ঔদ্ধত্যৰ আভাস যেন বিৰিঙিছে— তেওঁৰ ওঁঠ দুটা যেন সামান্য বিস্ময়ত মেল খাই গ’ল আৰু পাছ মুহূৰ্ততে জিলিকি উঠিল এটা হাঁহিৰ আভাস আৰু ফুচফুচাই সুধিলে— বিপুল নহয়নে?

বিজুলীৰ দৰে পাৰ হৈ গ’ল এটা শিহৰণ— বিপুল বিপুল বিপুল বিপুল— অঁ— মই বিপুল— পাহৰি আছিলো কিজানি মোৰ এই নামটো— কিমান দিন হ’ল কোনেও মতা নাই— বিপুল— কোনেও ফুচফুচাই কোৱা নাই— বিপুলদা— কোনেও ইমান অন্তৰংগভাৱে সোধা নাই— বিপুল নহয়নে?

খোপনি হেৰাই যাব খোজে— তীব্ৰ গতিত পাৰ হৈ গৈছে ৰেলখন— সি ক’ত যে কেতিয়া এৰি থৈ আহিল বিপুলক— : আঁ— হয়— মই বিপুল— : কি পৰিৱৰ্তন তোমাৰ— মইতো ধৰিবই পৰা নাছিলো— মোৰ মনত তোমাৰ সেই আগৰ মুখখনেই আছিল জানা— সেই যে তোমাৰ চিঠিবোৰত— তোমাৰ ডায়েৰীৰ পাতত আৰু তোমাৰ কবিতাৰ বহীত—

মই হাঁহিব খুজিলোঁ— এটা কান্দোনে যেন ডিঙিত সোপা মাৰি ধৰিলে— : মনত আছেনে— কি ভীষণ উৎকণ্ঠাত পাৰ হৈ গৈছিল এটা সময়— তোমাৰ চকুৱে-মুখে যেন এখন বিষাদৰ ছবি অঁকা আছিল— আঃ কি কোমলতা— তেওঁ হাঁহিবলৈ ধৰিলে আৰু ক’লে— হঠাৎ তোমাক দেখি সেইবাবেই মই প্ৰথমে চিনি পোৱা নাছিলো— ক’ত হেৰুৱালা তোমাক?

মোৰ কাণত বাজিবলৈ ধৰিলে তাৰ প্ৰতিধ্বনি— ক’ত হেৰুৱালা তোমাক— ক’ত হেৰুৱালা তোমাক— মই ক’ত হেৰুৱালোঁ— মই কি হেৰুৱাই আহিলোঁ— খেপিয়াই বিচাৰি চাবৰ মন গ’ল মোৰ বুকু জেপত— তাতেই আছিলনে মোৰ সকলো সম্পত্তি— তাতেই থৈছিলোনে বাৰু মোৰ বেংকৰ হিচাপ— মোৰ চেক্ বুক— মোৰ লকাৰৰ চাবি?

: তুমি যে এনেকৈ সলনি হৈ যাবা— মই ভাবিবই পৰা নাছিলো— কি যে কৰিলা তোমাৰ মুখখন—

মোৰ চিঞৰি ক’বৰ মন গ’ল— ক’ত সলনি হৈছোঁ— মইতো একেই আছোঁ— মোৰ নাম বিপুল— তুমি মতাৰ লগে লগে মই ৰেচপণ্ড কৰিছোঁ— তুমি কি সলনি হোৱা নাই? পৃথিৱীৰ কোনটো বস্তু সলনি হোৱা নাই? তোমাৰ শৰীৰ— তোমাৰ পোছাক-পৰিচ্ছদ— আচবাব— ঘৰ-দুৱাৰ, বন্ধু-বান্ধৱ, গছ-গছনি— এই আটাইবোৰ কি একেদৰেই আছে? কোনো পৰিৱৰ্তন হোৱা নাই? : নহয় নহয়— মই কৈছোঁ ধৰাচোন এই যে তোমাৰ আঙুলিৰ নখ ইমান দীঘলকৈ কিয় ৰাখিছা— এই যে তোমাৰ হাতৰ ঠাৰিৰ নোম— কি ঘন আৰু কুৎসিৎ— এই যে তোমাৰ দাঁত কি যে লেতেৰা আৰু জোঙা— এইবোৰতো তোমাৰ নাছিল— তোমাৰ চকুত এই মুহূৰ্তত ফুটি উঠা ক্ৰুৰতা— এইটোত তোমাৰ মাজত নাছিল— মই সঁচাকৈয়ে ক্ৰুদ্ধ হৈ উঠিলো— কি কয় এই ভদ্ৰলোকে? এওঁ কি কেৱল মোৰ দোষ-ত্ৰুটি বিচাৰ কৰিবলৈ আহিল— তেওঁ নাজানেনে মই কেনেকৈ এটা সামাজিক প্ৰতিষ্ঠা লাভ কৰিলো— নাজানেনে কেনেকৈ মোৰ—

: মইতো তোমাৰ সকলো খবৰ ৰাখিছোঁ— তোমাৰ ৰাজনীতিত যোগদান— তোমাৰ সৰু-বৰ উদ্যোগপতিসকলৰ লগত সম্পৰ্ক— তোমাৰ ঘৰ-দুৱাৰ— সা-সম্পত্তি— গাড়ী-বাৰী— সকলো খবৰ মই ৰাখিছোঁ— তোমাৰ ল’ৰা আমেৰিকাত— ছোৱালী লণ্ডনত— তোমাৰ স্ত্ৰী মহিলা সমিতিত— মই সকলো জানো— এই যে এৰোপ্লেনৰ পাইলটৰ ধৰ্মঘটৰ বাবে তুমি ৰেলত আহিব লগা হৈছে, যিটো তুমি সন্মানজনক বুলি ভাবিব পৰা নাই— সেই খবৰে জানো—

মোৰ সঁচাকৈ ভয় লাগিবলৈ ধৰিলে— এই মানুহটোৱে— এই মানুহটোৱে কি মোৰ সকলোবোৰ জানে? ই যদি এইবোৰ কথা বাহিৰত প্ৰচাৰ কৰি দিয়ে—

তেওঁ মিচিকিয়াই হাঁহি ক’লে— মই তোমাৰ মাজত অনিতাৰ প্ৰেমিকজনক বিচাৰিছিলো— কি বিশুদ্ধ অনুভূতিত বুৰ গৈ থকা সময়— কি অন্তৰ মথি ওলাই অহা হুমুনিয়াহৰ বতাহ!

তাইৰ মাজত কি আছিল— অথচ এতিয়াও যেন অনুভৱ কৰোঁ— ক’তো আৰু মই পোৱা নাই— আলিয়ে-গলিয়ে ক’তো দেখা নাই, আঃ মোৰ ধন-সম্পত্তি, ঐশ্বৰ্য-বিভূতি এই সকলোবোৰ যেন এতিয়াও মই দলিয়াই দিব পাৰোঁ—

দ্ৰুতগতিত গৈ থকা ৰেলখন এখন দলঙৰ ওপৰেদি পাৰ হৈ গৈছে— তলত কিজানি এখন নদী বৈ গৈছে— নদী এখনো বৈ গৈছে নহয় নে— সেই যে নদীৰ পাৰৰ সন্ধ্যাবোৰ— দূৰত পাৰ হৈ যোৱা সৰু নাও— পানীৰ টৌ— এই সকলোবোৰৰ মাজত বিপুল— উটি গৈছে সোঁতত তাৰ হাতৰ চাকিটো— মনিব নোৱৰা হৈ গৈছে— তাৰ জুয়ে যেন তাক এতিয়াহে দগ্ধ কৰিছে— অভ্যন্তৰ জুলি গৈছে—

: কিন্তু তুমি কেনেকৈ হেৰুৱালা তোমাক— কেনেকৈ তোমাৰ অতিথিশালাত তুমি— : নক’বা— নক’বা— নক’বা— মই শুনিব নোখোজোঁ— তেওঁ ক’লে,— তুমি শুনিবই লাগিব— কাৰণ তুমি তোমাৰ প্ৰতিটো কামৰ বাবে দায়িত্বৰ হাত সাৰিব নোৱাৰা—

মই মানুহটোৰ মুখখনলৈ চালো— বিদ্ৰূপৰ হাঁহি এটা যেন লাগি আছে— মোৰ অসহ্য লাগি গৈছে— কিন্তু মই এওঁক অসন্তুষ্ট কৰা উচিত হবনে? মই তেওঁক যদি ইয়াৰ পৰা উলিয়াই দিওঁ? ওহোঁ মানুহটো যেন— দৃঢ়প্ৰতিজ্ঞ— মই মনত পেলাবলৈ চালো— মোৰ এৰি অহা অতীত— ওহোঁ— মই চাব নোখাজোঁ পিছলৈ উলটি— মোৰ দুকোঠলীয়া এটা সৰু ঘৰৰ সংকীৰ্ণ বেৰাৰ মাজলৈ মই ঘূৰি যাৰ নোৱাৰোঁ— ভাবিব নোৱাৰোঁ— মই কেনেকৈ পাগল হৈ গৈছিলো অনিতাক লৈ— ঘণ্টাৰ পাছত ঘণ্টা অৰ্থহীনভাৱে কেনেকৈ কটাইছিলো— দিনৰ পাছত দিন কেনেকৈ উদ্বিগ্নতা আৰু উত্তেজনাত কটাইছিলো— পৃষ্ঠাৰ পিছত পৃষ্ঠা কবিতা— যত কেৱল অনিতাক কেন্দ্ৰ কৰি মোৰ দুখ, মোৰ সুখ, মোৰ আশা, মোৰ কল্পনাই ঠাই উলিয়াই লৈছিল— বন্ধু-বান্ধৱ আনকি জ্যেষ্ঠসকলেও ভাবিছিল— মই আনতকৈ বেলেগ ক’ৰবাত— নহ’লে কি এনেকৈ আনৰ বুকুত দাগ কাটি যোৱা শব্দ বিচাৰি পাব পাৰোঁ— অনিতাই কৈছিল— তুমি কেতিয়াও কলমটো এৰি নিদিবা— মই বোধকৰোঁ কৈছিলো— তুমি থকালৈকে কলমো থাকিব— সঁচাকৈ তাইৰ সেই নিৰ্বিশেষ মুখখনত, নিৰ্বিশেষ চকু দুটাত মই কি দেখিছিলো বাৰু? তাতেই যেন আছিল মোৰ একমাত্ৰ আশ্ৰয়। কিন্তু ক’ৰবাত ট্ৰেক্ট বদলি হৈ গ’ল— কেনেকৈ হ’ল মই যেন ক’বই নোৱাৰিলো— অনিতাক ক’ৰবাত এৰি থৈ আহিলো— মোৰ সেই সৰু ঘৰটো, সৰু ঠাইখনৰ লগতে কিজানি এৰি আহিলোঁ— মই আমাৰ বাগিচাৰ সৰু একা-বেঁকা আলিটোৰে ওলাই আহি ডাঙৰ আলিটো পালোহি— তাৰ পৰা আহি পালোহি ছেউনি আলিটো, তাৰ পৰা আহি আহি পালোহি শিল-বালি-লোহা-ইটা-চিমেণ্টৰ অৰণ্য— বাগিচাৰ সেউজীয়া ক’ৰবাত থাকি আহিল— থাকি আহিল সৰু জুৰিটো। মই থিয় দিবলৈ যুঁজ কৰিবলৈ ধৰিলো— প্ৰাণহীন শিলৰ টুকুৰাৰ লগত মোৰ তলুৱাৰ তেজেৰে শিল তিতি গল— মই লাহে লাহে দেখিলো মোৰ সন্মুখৰ পথ— আন্ধাৰ— পিছল— সংকীৰ্ণ— কিন্তু মোৰ এতিয়াৰ ঘৰটোলৈ যোৱাৰ বাটটো সেই ফালেদিয়েই— আৰুতো বাট নাই— তেওঁ ক’লে,— তুমি নীৰৱ হ’লা কিয়? কোৱা— কেনেকৈ তোমাক হেৰুৱালা অন্ধকাৰ পিছল বাটত— কেনেকৈ?

মোৰ ভয় লাগিল— নক’বা আৰু নক’বা— তুমিয়েই কোৱা— মই কি কেৱল বতাহ খাই জীয়াই থাকিব লাগিব? মই কি কেবল অনুভূতিৰ জগতত নিৰম্বু উপবাস কৰি কটাব লাগিব? মই কি কেৱল এটা আদৰ্শৰ পিছত দৌৰি ফুৰিব লাগিব? মোৰ কাপোৰ ফাটি যাওক— জোতা এৰাই যাওক— ভৰিৰ গেৰোৱাৰে ওলোৱা তেজেৰে বাট তিতি যাওক— মই কেবল দৌৰি থাকিব লাগিব?

তেওঁৰ মুখখন যেন কঠিন হ’ল— মুখৰ হাঁহিটো অন্তৰ্হিত হ’ল আৰু নিৰুত্তাপ সুৰত ক’লে,— তোমাক নকওঁ বুলি ভাবিছিলো— কিন্তু ক’বই লাগিব— তুমি নিজেই নাজানা তুমি কেনেকৈ সলনি হৈ গ’লা— তুমি অনিতাক হত্যা কৰি—

: নাই কৰা— তাই এতিয়াও আছে— তাইৰ নিজৰ সংসাৰ আছে— স্বামী আছে— ল’ৰা-ছোবালী আছে— : মনে মনে থাকা— তাইক— সেই কোমল মনৰ ছোৱালীজনী, যি তোমাক সঁপি দিছিল সকলো— তুমি তাইৰ কাণত অনেক প্ৰতিজ্ঞাৰ কথা কৈছিলা— সেইজনী ছোৱালীক তুমি হত্যা কৰা নাই? তুমি তোমাৰ বন্ধুসকলক প্ৰতাৰণা আৰু হত্যা কৰা নাই? অজিত, কমল, নৰেশ, বিদ্যুৎ, বিজয় ইহঁতক? কিমান বিশ্বাসেৰে তোমাক সিহঁতে ভৰসা কৰিছিল— কিন্তু তুমি সিহঁতৰ প্ৰত্যেককে প্ৰতিদ্বন্দ্বী বুলি ভাবি হত্যা কৰিলা— : নাই কৰা নাই কৰা— সিহঁত এতিয়াও আছে— অজিতে বেংকত কাম কৰে— কমলে স্কুলত— নৰেশে কাছাৰীত : মনে মনে থাকা— তুমি তোমাৰ স্ত্ৰীক প্ৰতিদিনে প্ৰতাৰণা কৰা নাই? অতিথিশালাত তুমি মাজ ৰাতিলৈকে কটাই আহি তোমাৰ স্ত্ৰী প্ৰণীতাৰ আগত কি গল্প তৈয়াৰ কৰা— তোমাৰ বন্ধু-বান্ধৱ, ইষ্ট-মিত্ৰ-কুটুম্ব, ল’ৰা-ছোৱালীৰ আগত পিন্ধি থকা তোমাৰ মুখখন খুলি পেলোৱা— খুলি পেলোৱা— তোমাৰ মুখা—

মই কঁপি উঠিলো ভয়ত— আশংকাত— মই এনেকৈ নগ্ন হ’ব নোৱাৰোঁ— আৱৰণহীন হ’ব নোৱাৰোঁ— নোৱাৰোঁ

ৰেলখনে ট্ৰেক্ট বদলালে— ভীষণ দুলিছে— সোঁ-বাওঁ-সোঁ-বাওঁ কৰিছে— মোৰ খোপনি হেৰাই যাব খুজিছে— তথাপি নিৰ্ণিমেষ নয়নেৰে মই চাই আছোঁ— মানুহটোলৈ— অকস্মাৎ এনেকৈ ই মোক ইমান দিনৰ মূৰত নগ্ন কৰি দিব বুলিতো মই ভবা নাছিলো— কেনেকৈ সোমাই আহিল অকস্মাতে— এই ৰেলত মই যেতিয়া অকলসৰে আছো— মোৰ কোনো সহকাৰী নাই— মোৰ কৰ্মচাৰী নাই— বাধ্যত পৰি মই অকলসৰে আহিছোঁ আৰু এই মানুহটোৱে মোৰ অসহায়তাৰ সুযোগ লৈ মোৰ গাৰ কাপোৰ এখন এখনকৈ খুলি পেলাব খুজিছে— মোৰ ভিতৰখন তিয়াই পেলাব খুজিছে— কি কষ্টেৰে মই গঢ়ি তুলিছোঁ মোৰ চাৰিউফালৰ প্ৰাচীৰ— সেই প্ৰাচীৰ ভাঙি পেলাব খুজিছে— মোৰ ছালৰ অংশ হৈ পৰা মুখাখন— মুখা নহয়— মোৰ এতিয়া মুখ— মুখখন আঁজুৰি পেলাব খুজিছে— মই কেনেকৈ জীয়াই থাকিম— কেনেকৈ? মোৰ কি সঁচাকৈয়ে দীঘল নখ হৈছে— দীঘল নোম হৈছে গাত— দাঁতবোৰ জোঙা আৰু লেতেৰা হৈছে? মই কি ভীষণ কুৎসিৎ হৈছোঁ? মই কি বিপুল নহয়— বিপুল? মই কঠিন হ’বলৈ ধৰিলো— নাই, মই ঘূৰি যাব নোৱাৰোঁ— চাহ গছৰ গন্ধৰ মাজলৈ, বকুলৰ গন্ধৰ মাজলৈ, নদীৰ পাৰৰ সন্ধ্যালৈ, বন্ধ হৈ যোৱা কবিতাৰ বহীৰ মাজলৈ— ভৰি দিলেই কোমল যেন লগা বুকুৰ ভিতৰৰ উপত্যকালৈ— মই ঘূৰি যাব নোৱাৰোঁ— মই মোৰ জেপলৈ হাত নিলো— এই মানুহটোক জীয়াই ৰাখিব নোৱাৰি— পিষ্টলটো টোঁৱাই ধৰিলো— সি তেতিয়াও হাঁহি আছে— মই ট্ৰিগাৰত হাত দিলো— সি তেতিয়াও হাঁহি আছে— মই ট্ৰিগাৰটো হেঁচি ধৰিলো— সি তেতিয়াও হাঁহি আছে— মই চকু মুদি দিলো আৰু নাজানো কোন মুহূৰ্তত খোপনি হেৰুৱাই পেলালো— বোধকৰোঁ এই প্ৰথমবাৰৰ বাবে— প্ৰথমবাৰৰ বাবে— জীৱনত প্ৰথমবাৰৰ বাবে খোপনি হেৰুৱাই পেলালো—

❧। আৰু পঢ়ক: অবিস্মৰণীয় যাত্ৰা

হঠাৎ চলন্ত ৰেলত | ড° নগেন শইকীয়া

Follow Nilacharai on Facebook