স্ৰষ্টা-বন্দনা

স্ৰষ্টা-বন্দনা
  • 17 Sep, 2022

(বিশ্বকৰ্মা পূজা উপলক্ষে | সৃষ্টিকৰ্মৰ লগত জড়িত সকলো ব্যক্তিলৈ)

আজি কেৱল এজন বিশ্বকৰ্মাক বন্দনা কৰাৰ দিন নহয়,
আজি সকলো শিল্প-ভাস্কৰ্যৰ লগত জড়িত
শিল্পী-কলা-কুশলীক বন্দনা কৰা দিন,
মন-মগজু আৰু শৰীৰটোক
মংগলময় কৰ্মত নিয়োজিত কৰি ৰখা
সকলো কৰ্মীক প্ৰশংসা কৰা দিন।

উচ্চ শিক্ষিত অভিযন্তাৰ পৰা নিৰক্ষৰ মিস্ত্ৰীজনলৈকে,
আগ্ৰাৰ তাজমহলৰ পৰা গাৱঁৰ জুপুৰিটোলৈকে,
আকাশৰ জোনটিৰ পৰা ফুলে-ফলে উৰি ফুৰা পখিলাটোলৈকে,
বিশ্বৰ প্ৰতিটো সুন্দৰ সৃষ্টিতেই বিশ্বকৰ্মা বিদ্যমান।

মোৰ দৃষ্টিত সকলো পিতৃ-মাতৃ বিশ্বকৰ্মা
মানৱ সম্পদ গঢ় দিয়া সকলো শিক্ষক বিশ্বকৰ্মা
সুস্বাদু খাদ্য তৈয়াৰ কৰা প্ৰতিগৰাকী ৰান্ধনী বিশ্বকৰ্মা
ঘৰখন দৃষ্টি-নন্দনভাৱে সজাই ৰখা
প্ৰতিগৰাকী নাৰী বিশ্বকৰ্মা।

বিশ্বকৰ্মা মাথোঁ এজন দেৱতা নহয়,
বিশ্বকৰ্মা সকলো সুন্দৰতাৰ প্ৰতীক।

আজি নতুন কিবা এটা সৃষ্টি কৰাৰ দিন,
আজি এখন নতুন ছবি অঁকাৰ দিন,
আজি এটা নতুন কবিতা সৃষ্টি কৰাৰ দিন,
আজি গিটাৰ-হাৰমনিয়ামত
এটা নতুন সুৰৰ লহৰ তোলাৰ দিন,
আজি এটা নতুন গীত গোৱাৰ দিন,
আজি এটা গছপুলি ৰোৱাৰ দিন,
আজি সৃষ্টিৰ দিন—
আজি প্ৰত্যেকেই নিজকে একোজন স্ৰষ্টালৈ
ৰূপান্তৰ কৰাৰ দিন।

আজি সকলো সৃষ্টিৰ স্ৰষ্টাক বন্দনা কৰাৰ দিন।

❧ | আৰু পঢ়ক:

স্ৰষ্টা-বন্দনা | বিশ্বকৰ্মা পূজা উপলক্ষে | ডা° হেমন্ত কুমাৰ গোস্বামী
Follow Nilacharai on Twitter