বিশ্বাস-অবিশ্বাস-অন্ধবিশ্বাস

বিশ্বাস-অবিশ্বাস-অন্ধবিশ্বাস
  • 12 Jun, 2018

যে তিয়া কেমেৰা নাছিল, ‘কেমেৰাৰ বাহাদুৰি’ নাছিল, ঘৰে ঘৰে ডেস্কটপ-লেপটপ নাছিল, ফটোশ্বপ নাছিল, হাতে হাতে স্মার্টফোন নাছিল, ইণ্টাৰনেট নাছিল, ফেচবুক-টুইটাৰ-হোৱাটছএপ নাছিল;— তেতিয়াই এটা কথাৰ প্রচলন আছিল— ‘শুনা কথাত নিদিবা কাণ, দেখিলেও ল’বা তিনি প্রমাণ’! বিজ্ঞান-প্রযুক্তিৰ ইমানবােৰ সাথন নৌথাকোঁতেই, বিকৃতিকৰণ-উদ্দেশ্যমূলক অপপ্রচাৰৰ মানসিকতাৰ নির্লজ্জ প্ৰসাৰ নৌহওঁতেই বােপাককাহঁতে প্রমাণসিদ্ধ তত্ত্বকহে বিশ্বাস কৰিবলৈ অনুপ্রাণিত কৰিছিল ওপৰত কোৱাৰ নিচিনা আপ্তবাক্যৰে। শুনা কথাতাে দূৰত থাকক, নিজ চকুৰে দেখা কথাকো প্রমাণৰ তুলাচনীত চালি-জাৰি চাই সত্য বুলি প্রমাণিত হ’লেহে গ্ৰহণ কৰিবলৈ পৰামর্শ দিছে।

পিছে ‘মােৰ বােপাককাই মােতকৈ বেছি জানে নেকি’ বােলা অহমিকা বা অজ্ঞানতাই চাগে আধুনিক (?) মানুহক প্রমাণ-চমান বাদ দি অধিক অন্ধবিশ্বাসী হােৱাত প্ৰেৰণা যােগাইছে। সেয়েহে বােধহয় ফেচবুক-টুইটাৰত বিতৰণ কৰা কৃত্রিমভাৱে তৈয়াৰ কৰা একোখন ভুৱা (fake) ছবি, টেলিভিচন চেনেলে প্রচাৰ কৰা কৃত্রিম (doctored) দৃশ্য-শ্ৰাৱ্য উপকৰণ আধুনিক মানুহৰ মূৰৰ ঘিঁউ উতলাই দিবলৈ সক্ষম আৰু সক্ষম সেই উতলা ঘিঁউত মানৱতা, সহৃদয়তাক পূর্ণাহুতি দিয়াবলৈ।

ওপৰত কৈ অহা আপ্তবাক্যশাৰীক আৰ্হি হিচাপে ল’লে ক্রমটো হ’ব লাগে এনে ধৰণৰ— অবিশ্বাস-বিশ্বাস-অন্ধবিশ্বাস (‘অন্ধবিশ্বাস’টো optional বা অপ্রয়ােজনীয়)। মই আপােনাক কথা এটা ক’লাে, কথাটো আপুনি প্রথমে অন্তৰেৰে অবিশ্বাস কৰা উচিত আৰু আপুনি অবিশ্বাস কৰা কথাটো মােক জনােৱা বা প্রশ্ন কৰা উচিত। মােৰ কথাটো যদি প্রকৃততেই সত্য, তেতিয়া মই মােৰ কথাৰ সমৰ্থনত আপােনাক যুক্তি দিম, প্রমাণ দিম, তথ্যসূত্র উল্লেখ কৰিম। আপুনি চালি-জাৰি চাই পতিয়ন যাব পৰাকৈ বিশ্বাসযােগ্যতা যদি পায়, নিৰ্ভৰযােগ্যতা যদি পায় সেইটো গ্ৰহণ কৰক, অন্যথা ত্যাগ কৰক।

ছপা আখৰ বেদৰ বাণী নহয় বুলি আমি কেতিয়াবাই বুজি উঠিছোঁ; তথাপি বাতৰি কাকতত দিয়া একোটা লেখা, টেলিভিচনত দিয়া একোটা তথ্যৰ অন্তৰীণ জালত ভৰি দিবলৈ আমি পিছ নােহোঁহকো। বিপথে পৰিচালিত কৰিবলৈ শক্তি ঢেৰ আছে, কিন্তু শুদ্ধ পথ দেখুওৱাৰ সমলাে বহুত আছে। অশুদ্ধটো এৰি শুদ্ধটো বাছনি কৰাৰ সামর্থ্য আপােনাৰ চকু-কাণ-মগজুৰ যদি নাথাকে, আপুনি বিপদত পৰিব।

চছিয়েল মেডিয়াৰ বুকুত আৰু টেলিভিচনৰ পৰ্দাত যে এবিধ অদ্ভুত চিকিৎসাৰ বেহা দেখা যায়, তাৰ ভয়ংকৰ ৰূপটোৰ উমান পাবলৈ বহুত বেছি জ্ঞান বুদ্ধিৰ দৰকাৰ নেকি? নহয়; কিন্তু আপুনি ওপৰত কৈ অহা ধৰণৰ জালত ভৰি দিয়া নিৰীহ মানুহ, চকুত আঙুলি থৈ সত্যটো দেখুৱাই দিলেও মানিব নােখােজা অন্ধবিশ্বাসী। তেনে এজন ‘চিকিৎসক’-এ নামৰ আগত লেখা ‘আচার্য’ উপাধিটো কোনাে স্বীকৃতিপ্রাপ্ত অনুষ্ঠানে প্রদান কৰা নহয় বুলি ইতিমধ্যেই ৰাজহুৱা হৈ গৈছে। কাৰােবাৰ মন গ’লেই এটা মান্য উপাধি নিজৰ নামৰ আগত বা পিছত লেখিব পাৰেনে? যিজনে নিজৰ নামটোতে জালিয়াতিৰ আশ্ৰয় লৈছে, তেওঁক সৎ বুলি বিশ্বাস কৰিবলৈ আপুনি ইমান অজলা কিয়?

চিকিৎসা পদ্ধতিত একোটা নতুন ঔষধ প্রচলন কৰাৰ আগতে তিনি তৰপমানৰ পৰীক্ষা সম্পন্ন কৰা হয়; সেই পৰীক্ষাসমূহত ঔষধটো উত্তীর্ণ হ’লেহে সেয়া ৰােগীৰ ব্যৱহাৰৰ বাবে বজাৰত মুকলি কৰা হয়। স্বয়ম্ভু ডাক্তৰে আয়ুর্বৈদিক, হােমিওপেথিক, আসুৰিক চিকিৎসা পদ্ধতি মিহলাই তিনি বিধমান গছপাত, মচলাগুটিৰ এক অদ্ভুত কম্বিনেশ্যন কৈ দিলে— ৰােগী নেদেখাকৈ, ৰােগৰ লক্ষণ নােসােধাকৈ টেলিভিচন ষ্টুডিঅ’ৰ পৰা আৰু আপুনি মানি ল’লে? আধুনিক যুগত জন্মলাভ কৰা কাৰণে আপুনি নিজক ধিক্কাৰ দিয়া উচিত! কেৰেলা গছকাই কৰা চিকিৎসা কোনখন আয়ুর্বেদ শাস্ত্ৰৰ অন্তৰ্গত? জলাতংক ৰােগৰ চিকিৎসা হােমিওপেথিক ঔষধৰে কৰা কথাটো আয়ুর্বেদ শাস্ত্ৰত আছে নেকি? একেজন মানুহেই আয়ুর্বৈদিক, হােমিওপেথিক, আসুৰিক, হেকিমি, এলােপেথিক চিকিৎসাত পাৰ্গত হ’বলৈ আনুষ্ঠানিক শিক্ষাৰ প্রয়ােজন নহ’বনে? যদি প্রয়ােজন হয় বুলি ভাবে, তেনেহ’লে আপুনি প্রশ্ন কৰিলেনে, বােলো তুমিনাে অতসােপা শিক্ষা কোনটো অনুষ্ঠানৰ পৰা গ্ৰহণ কৰিলা ?

উৰাবাতৰি আৰু অন্ধবিশ্বাসে শেহতীয়াকৈ কাৰ্বি আংলঙৰ ডকমকাত দুজন নিৰীহ প্রতিভাশালী যুৱকৰ প্ৰাণ ল’লে। তাৰ আগে আগে সােপাধৰা ওলােৱাৰ কিছুমান ভূৱা ছবি আৰু উৰাবাতৰি চছিয়েল মেডিয়া যােগে প্রচাৰ হ’ল; কোনােবা ন্যস্তস্বার্থ জড়িত মহলে সেইবােৰ চছিয়েল মেডিয়াত এৰি দিলে আৰু আমাৰ সহজে জালত পৰা হােজা ৰাইজে সেইবােৰ পাইকাৰী হাৰত বিতৰণ কৰিলে। ফলটো কি হ’ল সকলােৱে দেখিলে। তাৰ পাছতাে কিন্তু উৰাবাতৰি আৰু ভূৱা বাতৰিৰ ওৰ পৰা নাই। এইবােৰ প্ৰতিৰােধ কৰাৰ ক্ষেত্ৰত যিসকলৰ ভূমিকা আটাইতকৈ শক্তিশালী হ’ব লাগিছিল, বিশেষকৈ ইলেক্ট্রনিক সংবাদ মাধ্যম, সেয়াটো দেখা পােৱা নগ’লেই, বৰঞ্চ তেওঁলােকে ভূৱা বাতৰি প্ৰচাৰ কৰি পৰিস্থিতি আৰু বেছি স্পর্শকাতৰ কৰাতহে ভাগ লােৱা দেখা পােৱা গ’ল।

এই মুহূর্তত অসমৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতি খুবেই স্পর্শকাতৰ, সেয়েহে উৰা আৰু ভূৱা বাতৰিয়ে যাতে সেই পৰিস্থিতিত ঘিঁউ ঢালিব নােৱাৰে তাৰ বাবে চৰকাৰ, প্রশাসন, সংবাদ মাধ্যম আৰু বিশেষকৈ নাগৰিক সমাজ খুবেই সতর্ক আৰু সজাগ হৈ থকাটো জৰুৰী। ডিজিটেল মাধ্যম (চছিয়েল মেডিয়া— ফেচবুক, টুইটাৰ, ইউটিউব, হােৱাটছএপ, ইন্সটাগ্রাম আদি, চার্চ ইঞ্জিন— গুগল, বিং আদি) ব্যৱহাৰ কৰাৰ সমান্তৰালভাৱে এই মাধ্যমবোৰৰ বৈশিষ্ট্য সম্বন্ধেও সাধাৰণ জ্ঞান জৰুৰী। আৰু সেইখিনি আয়ত্ত কৰিবলৈ সমলৰ অভাৱ নাই ইণ্টাৰনেটৰ জগততে, লাগে মাথোঁ শিকাৰ আগ্রহ। ভূৱা ছবি এখনৰ আঁতিগুৰি উলিয়াবলৈ গুগলৰ ‘ৰিভাৰ্ছ ইমেজ চার্চ’ বৈশিষ্ট্যটোৱেই বেছিভাগ ক্ষেত্ৰত যথেষ্ট; কথাটো আমি কিমানে জানাে? যদি নাজানাে, তেনেহ’লে ভাবক, এতিয়াৰ পৰা ফেচবুক-টুইটাৰ ব্যৱহাৰ কৰিবলৈ জনাৰ উপৰি এইটো জনাটোও বৰ দৰকাৰী।

❧ | আৰু পঢ়ক: জুবিন গাৰ্গৰ ‘আমাক এটা ৰাস্তা লাগে’

চৰকাৰ-প্রশাসনৰ পৰা বৰ বেছি আশা নকৰাই ভাল। অন্ধবিশ্বাস দূৰীকৰণৰ বাবে তেখেতসকলৰ আন্তৰিক প্রয়াস নাই, প্রয়াস কৰিবনাে কেনেকৈ, ইতিমধ্যে ‘মলমাস’ পৰিলেই, আগত অম্বুবাচী পালনৰ কথা আছে, নতুন কার্যালয় ভৱন লােৱাৰ ক্ষেত্ৰত ভূমিপূজা আৰু অফিছ-পূজাৰ কামবােৰ আছে! গতিকে জালত নপৰাৰ বাটটো নিজেই উলিয়াই লােৱাৰ বাহিৰে গত্যন্তৰ নাই। সেয়েহে আকৌ কৈছোঁ— প্রথমে অবিশ্বাস, তাৰ পাছত সত্যতা প্রমাণিত নহ’লে অবিশ্বাস আৰু বাতিল। আৰু যদি সত্যতা প্রমাণিত হয়, তেতিয়াহে বিশ্বাস। অন্ধবিশ্বাসক দূৰত ৰাখক।

বিশ্বাস-অবিশ্বাস-অন্ধবিশ্বাস | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook