ভ্ৰমণ

আবেলিবোৰ মোৰ প্ৰিয়। সদায় মই ওলাই যাওঁ নিজৰ সৈতে অচিনাকি মহানগৰীৰ
চিনাকি পথেৰে। মোৰ খোজবোৰৰ স্বাৰ্থ নাথাকে, লক্ষ্য নাথাকে, গন্তব্যস্থান নাথাকে।
অচিনাকি মুখবোৰৰ লগে লগে মোৰ খোজবোৰে বাট বুলে।

সদায় জানো লক্ষ্যৰ পাছত দৌৰি থকাৰ যুক্তি আছে, জখলাৰ শীৰ্ষতম বিন্দুৰ
চুম্বন বিচাৰি হাবাথুৰি খোৱাৰ জানো প্ৰয়োজন আছে?

আবেলিৰ ভ্ৰমণ মোৰ সেয়ে প্ৰিয়, য’ত মই পাহৰি যাওঁ জীৱনৰ উচ্চাভিলাস, হাবিয়াস
য’ত মোৰ খোজবোৰে নিজে নিজৰ বাট বুলে লক্ষ্যবিহীনভাৱে। নিৰ্লোভ চাৱনিৰে মই
সংগ দিওঁ মোৰ খোজবোৰক আৰু বিনিময়ত মই পাওঁ এমোকোৰা তৃপ্তিৰ হাঁহি।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

দেৱাঞ্জন বৰঠাকুৰ

লেখকৰ ই-মেইল: debanjanborthakur@yahoo.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

প্ৰথমে আপুনিয়েই মতামত দিয়ক!

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of