কুন্তী

প্ৰকাশ: ৩০ জুন, ২০১৮ | অন্তিম সম্পাদনা: ৩০ জুন, ২০১৮

মই মহাসতী!
পাণ্ডুৰ পত্নী,
পাণ্ডৱ জননী
মই কুন্তী !

কি যে এক জীৱন মােৰ
যন্ত্রণা আৰু বিষাদৰ নৈত
নিতৌ স্নান কৰােঁ!
অভিনয় কৰি যাওঁ
পঞ্চপাণ্ডৱৰ মাতৃ হৈ
গােপনে ৰাখি সকলাে অতীত গাঁথা!

কর্ণ, বাছা মােৰ!
কুশলে থাক তই ৰাধাৰ ঘৰত।

সূতপুত্র বুলি যেতিয়া
তােক সকলােৱে অপমান কৰে,
তেতিয়াই—
সিদিনা হত্যা কৰা মমতাবােৰ
জী উঠি চিৎকাৰ কৰে,
এনে লাগে যেন
চিঞৰি চিঞৰি জগতক জনাই দিওঁ—
কর্ণ নহয় সূতপুত্র
কর্ণ কুন্তীৰ গৰ্ভজাত
কৰ্ণ দীপ্তসূৰ্যৰ পুত্র!

কিন্তু
এহাতে মাতৃত্বৰ মমতা
অন্যহাতে সতীত্বৰ গৌৰৱ
নাৰীৰ মৰ্যাদা!

মই নিৰূপায়।

সেইদিনা
কোনেও শুনা নাছিল
মােৰ মাতৃ-হৃদয়ৰ হাহাকাৰ
দেখা নাছিল
পাৰভগা হৃদয়ৰ
তপত অশ্রুধাৰ!

নীৰৱে সকলাে সহি
সতীত্ব ৰক্ষাৰ হেতু
স্নেহৰ বৰপুত্র কর্ণক
যমুনাৰ বুকুত অর্পি দিছিলাে
আৰু ত্যাগ কৰি মাতৃৰ মমতা
সিদিনাই ভৰি দিছিলাে
যন্ত্রণাৰ কাঁইটেৰে ভৰা
ভৱিষ্যতৰ আলিবাটত…

এনেকৈয়ে এদিন
মহাসতীত্বৰ গৌৰৱেৰে
পাণ্ডুৰ পত্নী হৈ
হস্তিনাপুৰৰ ৰাজৰাণী ৰূপে
আৰম্ভ কৰিছিলাে এক নতুন যাত্রা।

কিন্তু হায়,
পাণ্ডু যে অভিশপ্ত
কিদৰে ৰক্ষা পৰিব ভাৰত বংশ?
পুনৰ নিজকে
সতীত্বৰ অগ্নিকুণ্ডত অৰ্পণ কৰি
ৰাজবংশ ৰক্ষাৰ হেতু
দৈৱ-ঔৰসত জন্ম দিলাে
অজেয়-অদ্বিতীয় তিনি পুত্র!

আৰু পঢ়ক:  যুগে যুগে মহামাৰী

কর্ণ পৰিল ৰণত
কণিষ্ঠ ভাতৃ পাৰ্থৰ হাতত,
কেনেকৈ সহােঁ এই বিধিৰ বিধান!

কর্ণ, বাছা মােৰ!
মােৰ ভুলৰ বাবেইতাে তােৰ এই বলিদান
পার্থই নাজানে, কর্ণ কোন
কর্ণ যে তাৰ সহােদৰ নিচেই আপােন!

সহি গৈছােঁ
সহি আছােঁ
নীৰৱে সহি যাম
বৰ পুত্ৰক হেৰুওৱাৰ অসহ্য বেদনা!

সহিবলৈ মই বাধ্য,
কাৰণ মই কুন্তী—
নীৰৱে যন্ত্রণা সহি
বেদনাৰ মালা গাঁথি
নিতৌ কৰােঁ সতীত্বৰ
জয়ধ্বনি!

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts