থুলেশ্বৰ বৰাৰ কবিতা
প্ৰকাশ: ১৫ জুলাই, ২০১২ | অন্তিম সম্পাদনা: ১১ এপ্ৰিল, ২০১৮
সেউজীয়া সাজযোৰ খুলি গুচি গ’ল মোৰ প্ৰিয় কবি
ভালপোৱাৰ দিকচৌ বাট বুলি গুচি গ’ল মোৰ প্ৰিয় কবি
বুকুৱে বুকুৱে সিঁচি থৈ সুগন্ধি পখিলাৰ হাঁহি
নিটোল শব্দৰে যাৰ অভিন্ন সংসাৰ
কোনে লিখিব শ্ৰমজীৱি কৃষকৰ গান?
কালি গোটেই ৰাতিটো মোৰ ঘৰৰ পাছফালৰ হাবিডৰাত এটা চৰায়ে ৰাউচি জুৰি কান্দিছিল
তাৰ কান্দোনত অৰণ্যৰ টোপে টোপে চকুলো সৰিছিল
আকাশখন ওন্দোলাই আনিছিল, ৰিমজিম বৰষুণ হৈ আকাশেও কান্দিছিল
তৰাবোৰে জুম বান্ধিছিল, ইটে-সিটে খুন্দা খাইছিল। বুকুখন বিষাইছিল।
আজলী জোনবাইজনী পাহাৰৰ চূড়াটোত খুন্দা খাই ছিটিকি পৰিছিল
নৈখন ওফন্দি উঠিছিল
উচুপি উচুপি
একোলৈ ভ্ৰূক্ষেপ নকৰি
সেউজীয়া সাজযোৰ খুলি গুচি গ’ল মোৰ কবি
«
শিল নহওঁ বাবেই
ঠিক আপোনাৰ পদূলিতে বৰষুণজাকে পালে
দুৱাৰ খোলে মানে আধা তিলিো
আপুনি অপলক নেত্ৰে মোলৈ চাইছে
আকুলতাৰ জোনজনীয়ে দুচকুত খেলিছে
ঊৰ্ধ্বমুখী লিহিৰি আঙুলিৰ স্পৰ্শত
মোৰ দেহত বিজুলী মাৰিছে
শ্বাস-প্ৰশ্বাসতে মোৰ কামিজটো শুকাইছে
কাষৰ পথাৰখনত উজানৰ মাছ ধৰিছে
মই সঠিকভাৱে উমান পাইছোঁ,
আপোনাৰ দেহতো উজান উঠিছে
শিল নহওঁ বাবেই
নিষিদ্ধ নদী পাৰ হৈ সাঁচি থ’বলৈ মন গৈছে
আপোনাৰ আলফুলীয়া টোমত
মোৰো ক’লা জহা কঠীয়াৰ সঁচ।
লেখকৰ ঠিকনা: কলিয়াবৰ, নগাঁও
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply