মানৱতা কি বাওনা

মানৱতা কি বাওনা
  • 01 Jun, 2023

সকলোবোৰ বাঢ়ে—

কাৰোবাৰ উচ্চতা,
কাৰোবাৰ ঘনত্ব,
কাৰোবাৰ আয়তন;

টাবত প্ৰিট’ৰিয়া,
বংশানুক্ৰমিক স্তন কেন্সাৰ,
মদে-মাংসই যকৃত,
নিৰক্ষৰৰ সন্তানৰ সংখ্যা;

খজুৱতিত খৰ,
কথাত কথা,
বিদ্যালয়ৰ মাচুল,
ঔষধৰ দাম,
পানীৰ মাচুল,
শাক-পাচলিৰ দাম,
বিদ্যুতৰ মাচুল,
বাছ-ৰেলৰ ভাৰা,
ফোনৰ মাচুল,
ইন্ধনৰ দাম;

নেতাৰ চৌখিনতা,
ঈশ্বৰলৈ ভক্তি,
দুখীয়ালৈ পুতৌ।

সকলোবোৰ বাঢ়ে—

চকুৰ আগতে বাঢ়ে,
নিয়মে-অনিয়মে।

নাবাঢ়ে কেৱল
মানৱতাৰ
আয়তন,
ওজন,
ঘনত্ব
আৰু উচ্চতা।

মানৱতা কি বাওনা!

❧ | অধিক কবিতা:

মানৱতা কি বাওনা | প্ৰকল্প ৰঞ্জন ভাগৱতী
Follow Nilacharai on Facebook