ধনজিৎ কলিতাৰ কবিতা

কাঁচোনমতী ছোৱালীজনী, তইচোন বুকুতেই সোমালি
(যাৰ পৰশত বুকুৰ পাষাণবোৰ আকৌ গলিবলৈ লৈছে, তেওঁলৈ বুলি)

ঐ কাঁচোনমতী ছোৱালীজনী,
নাচনী ৰিহাখন মেৰিয়াই ল’লি কি নল’লি
তইচোন বুকুতেই সোমালি!
সুৰুযটোৱে তোৰ সতে এপাক নাচিলে
কঁপি থকা বনৰীয়া ফুলজাক ঠন ধৰি উঠিল
ডাৱৰবোৰে মোকলাই দিলে সৰগৰ বাট!

তোৰ লিহিৰি আঙুলিৰে চুলি কি নুচুলি
শিলবোৰ মৰম হৈ গলিল,
ৰৈ থকা নৈখন
ঢৌ খেলি নাচি উঠিল,
স্নিগ্ধতাৰ পাখি কোবাই
শৰালিজাক নীলিমলৈ উৰিল!

মোৰ দুখৰ ঠিকনাবোৰ তোক দিয়াৰে পৰা
আশাৰ চোতালত
এজোপা হেঁপাহৰ শেৱালি ফুলিছে!
তাৰ শিপাই আজি মোৰ বুকুলৈকে কুৰুকিছে
ই বাৰে বাৰে মোক আমনি কৰি
তোৰ চোতালৰ ঠিকনা সুধিছে!

সেই যে তোৰ হাঁহিত অহা আবতৰীয়া বিহুটিত
উঘা হৈ নাচিলি,
ঐ কাঁচোনমতী ছোৱালীজনী
কি যে কৰিলি নকৰিলি
তইচোন একেবাৰে বুকুতেই সোমালি!

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz