যদি জীৱনে কান্দে নাই নাই বুলি

imgছিলঙৰ অসম চেক্রেটৰিয়েটত বহা ষ্টুডিঅ’ এডভাইচৰি ব’ৰ্ডৰ মিটিঙখন শেষ কৰি আশা-নিৰাশাৰ মাজত মই থকা হোটেলখনৰ ফাললৈ খোজ ল’লো।

আশাৰ কাৰণ হ’ল যে ষ্টুডিঅ’ৰ কাৰণে মাটি আৰু আহিলা-পাতি কিনাৰ উপৰি দুখন মজিয়া (Floor) থকা ষ্টুডিঅ’ৰ আঁচনিখন অনুমোদিত হ’ল।

নিৰাশাৰ কাৰণ হ’ল অসমত এটা পূর্ণাঙ্গ ষ্টুডিঅ’ স্থাপন কৰিবলৈ প্রস্তুত কৰা আঁচনিখনৰ মতে প্রয়োজন পোন্ধৰ লাখ টকা। তৃতীয় পৰিকল্পনাত চৰকাৰে আগবঢ়াইছে প্রায় ৭.৫ লাখ টকা আৰু সিও প্রতিকুল আসন্ন দুর্যোগৰ কাৰণে পাছলৈ যাব পাৰে।

হোটেলৰ নিজৰ কোঠালিত বহি সেইবোৰ কথাকে ভাবি থাকোঁতে বৰষুণ আহিল।

অলপ পাছতে ভূপেন হাজৰিকাই তেওঁৰ ‘পাগলাদা’ কৰুণা ভট্টাচার্যক লৈ মোৰ কোঠাটোত সোমালহি।

ভূপেন হাজৰিকাই ক’লে— আপুনি কাকো নমতাকৈ গুচি আহিল। বৰষুণ দিছে দেখি সোমালো। বৰষুণ নেৰালৈকে এইকণ সময় অলপ আনন্দ কৰিব নোৱাৰিনে?
মই ক’লো— বোধহয় পাৰি। কিন্তু মোৰ মনটোহে বৰ বেয়া। আজিকালি আনন্দ কৰিব নোৱৰাই হৈছোঁ।
ভূপেন হাজৰিকাই ক’লে— কিয়? এইবাৰ কুঠৰীৰ আনাৰসবোৰ পকি হালধীয়া হোৱা নাই নেকি?
মই ক’লো— আনাৰস ঠিকেই পকিছে। পিছে আনাৰসে মোৰ মনটোহে ৰঙচুৱা কৰিব পৰা নাই।
ভূপেন হাজৰিকাই ক’লে— তেতিয়াহ’লে মনটো ৰঙচুৱা কৰিবৰ কাৰণে আনন্দৰ দৰকাৰ আপোনাৰেই বেছি।
মই ক’লো— এৰা, হেম বৰুৱাই মোলৈ লিখিছে— ‘মনটো উৱলি যাবলৈ দিয়াটো জানো উচিত? Try to laugh away the worries of life.’
ভূপেন হাজৰিকাইক’লে— বৰ ঠিক লিখিছে। পিছে worries-বোৰ laugh away কৰিছেনে নাই?
মই ক’লো— চেষ্টা কৰিছোঁ। কিন্তু মনটো ঠিক কৰিব পৰা নাই।
ভূপেন হাজৰিকাই ক’লে— হেম বৰুৱাই ঠিক লিখিছে যদিও আপুনি মনটো ঠিক কৰিব নোৱাৰিবও পাৰে। কাৰণ হেম বৰুৱাই গদ্যৰে লিখিছে। মই এবাৰ চেষ্টা কৰি চাম নেকি?
মই সুধিলো— কেনেকৈ?

ভূপেন হাজৰিকাই ক’লে— ছন্দেৰে— সু-ৰে-ৰে। এইবুলি মেজত পৰি থকা পুৰণা লেফাফা এটা টান মাৰি কলমটোৰে অলপ পৰ কিবা এটা লিখাত লাগিল। মই মনে মনে ৰৈ থাকিলো। কৰুণা ভট্টচার্যই জেপৰ পৰা পানামা চিগাৰেট এটা উলিয়াই জ্বলাই ল’লে আৰু নির্বিকাৰ চিত্তে চিগাৰেটৰ ধোঁৱাবোৰ উৰুৱাই দি দি মোৰ দৰে অপেক্ষা কৰিলে। ভূপেন হাজৰিকাই লেফাফাৰ ওপৰত লিখাখিনি শেষ কৰি মোক লেফাফাটো আগবঢ়াই দি ক’লে— আপুনি চাই যাওক, মই গাই যাওঁ। বহুত সভা-সমিতিত গীত গাইছোঁ,— এইটো গীত আপোনাৰ কাৰণে গাওঁ।

লেফাফাটোত প্রথমতে লিখা আছিল— আপুনি হাঁহক নিজৰ কাৰণে, পৰৰ কাৰণে আৰু মোৰ কাৰণে হাঁহক।

ইতিমধ্যে ভূপেন হাজৰিকাই অলপ গুণগুণাই ল’লে। তাৰ পিছত ক’লে— শুনক মোৰ গীতটি। এই বুলি লেফাফাত লিখা গীতটি আৰম্ভ কৰিলে—

    যদি জীৱনে কান্দে নাই নাই বুলি

    যদি জীৱনে কান্দে নাই নাই বুলি
    যদি দুখতে উৰে ধৰণীৰ ধূলি
    নিৰাশাই আশাবোৰ ভাঙিব খুজিলে
    মই গোৱা গীতটি গাবা।

    এটি বগলী যদি অকলে অকলে
    উৰি উৰি যোৱা দেখা সাগৰৰ ফালে
    বিৰাটৰ সৰু ক্ষণে ভৰাই তুলিলে
    মই ৰচা গীতটি পঢ়িবা।

    বিচৰাটো যদি তুমি এবাৰো নোপোৱা
    নিবিচৰাটিকে যদি বহুবাৰ পোৱা
    বিচৰাটি ভাবি-গুণি কান্দিব খুজিলে
    মই হঁহা হাঁহিটি হাঁহিবা।

    বহুতৰে বহু বুকু ভঙা ভঙা দেখোঁ
    সেয়েহে আশাৰে ভৰা গীতবোৰ লিখোঁ
    ভুলতেই যদি তুমি আন্ধাৰকে পোৱা
    কাঁইটকে শেৱালিৰে পাহি বুলি লোৱা।

    তোমাৰ তেজেৰে বাট ৰঙা ৰঙা হ’লে
    মই দিয়া সুৰেৰে মচিবা।

উৎস: বিচিত্রা, প্রথম প্রকাশ, গণতন্ত্র প্ৰেছ, নগাঁও ১৯৮১

আপোনাৰ আৰু ভাল লাগিব পাৰে:
চন্দ্ৰ ফুকন

চন্দ্ৰ ফুকন

প্ৰয়াত চন্দ্ৰ ফুকন এজন কবি, নাট্যকাৰ আৰু শক্তিশালী অভিনেতা আছিল। ইয়াৰ উপৰি কাজিৰঙাৰ সীমামূৰীয়া কুঠৰী (কলিয়াবৰ)ত বাস কৰা চন্দ্ৰ ফুকন এগৰাকী উদ্যোগ-উদ্যমী আৰু ভাল খেতিয়কো আছিল।

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

1 মন্তব্য on "যদি জীৱনে কান্দে নাই নাই বুলি"

avatar
  চাবস্ক্ৰাইব কৰক  
newest oldest most voted
Notify of
Guest
Nayanjyoti Borah

Bor bhal palu jani…. xongrahok loi dhonyobaad…..