চ ন্দ্ৰ ফুকন তেতিয়া কুঠৰীত আছে বুলি গম পালো। (যুগল দাসে দিয়া চিঠি এখন লৈ) এদিন ওলালোগৈ কুঠৰী। ফুকন ককাইদেউৰ পৰা বুজিলো, চিঠিখনত যুগল দাস ছাৰে মোক এহেজাৰ টকা দিবলৈ ফুকন ককাইদেউক অনুৰোধ কৰিছে। ফুকন ককাইদেৱে মোক এটা দিন দি সেই দিনত তেখেতক লগ ধৰিবলৈ ক’লে। মই সেইমতে আকৌ গ’লো। সেইবাৰ তেখেতে মোক এহেজাৰ টকা দিলে। (টকাখিনি ফুকন ককাইদেউৰ নে যুগল দাস ছাৰৰ সেই কথা মই সঠিকভাৱে নাজানিছিলো। বিদেশৰ পৰা আহি গুৱাহাটীত থাকোঁতে যুগল দাস ছাৰক দুটা কিস্তিত টকাখিনি ওভোতাই দিছিলো।) টকাখিনি পোৱাৰ ফলত নিঃসন্দেহে মোৰ তৎক্ষণাত কিছু বৈষয়িক লাভ হ’ল; কিন্তু লগতে আৰু এটা ডাঙৰ লাভ হ’ল— মই ফুকন ককাইদেউক দুদিন, প্রতিদিনেই বহু সময়ৰ কাৰণে; অকলশৰীয়াকৈ লগ পালো। তাৰ আগলৈকে মঞ্চত পিয়লি ফুকন আৰু দর্শক মই,— ফুকন ককাইদেউৰ লগত মোৰ সম্পৰ্কটো প্রায় তেনেকুৱাই আছিল, গতিকে এই দুদিন মাজত মেজ এখন লৈ তেখেতৰ মুখামুখি হ’বলৈ পোৱাটো মোৰ কাৰণে লাভ আৰু আনন্দৰ কথা হ’ল।
সেইছোৱা কালত তেখেতে মাহটোৰ বেছিদিন নগাঁও নগৰৰ আমোলাপট্টিৰ ঘৰৰ সলনি কুঠৰীৰ ঘৰত থাকিবলৈ লৈছিল। কুঠৰীৰ আহল-বহল মাটি এডৰাত তেখেতে আনাৰসৰ খেতি কৰাই সেই আনাৰসেৰে স্কোৱাছ আদি তৈয়াৰ কৰাৰ কাৰখানা এটা পাতিছিল। সহায় কৰিবলৈ তেখেতৰ লগত আছিল চিত্ৰ আৰু মঞ্চশিল্পী ব্রজ ফুকন। মই যেতিয়া লগ পাবলৈ যাওঁ, তেতিয়া তেখেতৰ ব্যৱসায়টোৰ আবেলি আৰম্ভ হৈছে। এইবোৰ বৈষয়িক কথাৰ ওপৰত মই এতিয়া গুৰুত্ব দিব খোজা নাই। কিন্তু সেই দুটা দিনৰ কথা মনত পেলালে মোৰ চকুৰ আগলৈ আহে কুঠৰীৰ ঘৰটোৰ পৰিৱেশটো আৰু মোক স্পর্শ কৰা দুটামান মোহনীয় বৈশিষ্ট্যৰে চন্দ্ৰ ফুকন মানুহজন।
চৰকাৰী ৰাস্তাৰ পৰা কিছু দূৰত শকত শকত কাঠৰ খুঁটাৰে খেৰী ঘৰটো। মূল ঘৰটোৰ আগফালে চ’ৰাঘৰৰ নিচিনা এখন মুকলি বাৰাণ্ডা (ঘৰটোৰ এনেকুৱা অংশক আমি সাধাৰণতে ভুলে-শুদ্ধই পর্টিক বুলি কওঁ)। সেই বাৰাণ্ডাৰ মাজতে এখন বৰ ডাঙৰ উপবৃত্তাকাৰ মেজ। মেল-মিটিঙৰ ঠাইৰ কথা বেলেগ, কিন্তু মানুহৰ থকা ঘৰত ইমান ডাঙৰ মেজ তেতিয়ালৈকে মোৰ চকুত পৰা নাছিল। মেজখনৰ চাৰিওফালে কেইখনমান গধুৰ গধুৰ চকী। তাৰ এখনত বহি মই দুয়োদিনেই ফুকন ককাইদেউ ওলাই অহালৈ অপেক্ষা কৰিছিলোঁ। দূৰৰ বাটেদি এখন মটৰ গাড়ী পাৰ হৈ গ’ল, ক্লান্ত গতিৰে মানুহ এজনে চাইকেল মাৰি গুচি গ’ল, ক’ৰবাত দুই-এটা চৰায়ে মাতিলে; তাৰ বাহিৰে যেন সকলো নিশ্চল, নিস্তব্ধ। সেই নিশ্চলতা, নিস্তব্ধতাই যেন বাৰাণ্ডাখনৰ খুঁটাকেইটা, মেজখনৰ আকৃতি আৰু মোৰ নিঃসংগতাক এক অনির্বচনীয় গাম্ভীর্য প্রদান কৰিছিল। লগে লগে ফুকন ককাইদেউৰ একাকীত্বৰ কথাও মনলৈ আহিছিল। সেই আমোলাপট্টিৰ নাট্য মন্দিৰ, চিৰাজউদ্দৌলা, পিয়লি ফুকন, শোণিত কোঁৱৰ, বিপ্লৱীৰ জগতখন এৰি থৈ মানুহজনে যে কুঠৰীৰ এই নির্জনতাৰ মাজত দিন কটাবলৈ আহে, সেই কথাটোৱে মোক বিস্মিত কৰিছিল।
চন্দ্ৰ ফুকনৰ কুঠৰীৰ ঘৰ | ছবি: নিকু ভাগৱতী
এসময়ত যেতিয়া নিমাওমাও ঘৰটোৰ পৰা মানুহজন ওলাই আহি মোৰ মুখামুখিকৈ মেজখনৰ সিফালৰ চকীখনত বহিছিলহি, তেতিয়া এক মুহূৰ্তৰ কাৰণে, মোৰ মানুহজনক স্ব-নির্বাসিত ৰাজন্য যেন লাগিছিল। তাৰ পাছত মানুহজনৰ চেহেৰা, গাৰ ৰং, কণ্ঠস্বৰ, কথনভংগী, সকলোৱে মিলি এক মোহময় ৰাজসিক নাটকীয়তাৰ সৃষ্টি কৰিছিল। নগাঁৱলৈ উভতি যোৱাৰ বাছ দুঘণ্টামানৰ আগতে নাহে। সেই কাৰণে দুয়োদিনেই মই ফুকন ককাইদেউৰ লগত দীঘলীয়া কথা পতাৰ সুবিধা পাইছিলো। মই বিশেষভাৱে মন কৰিছিলো, বাছৰ সময় নোহোৱালৈকে মোক “ৰখি থাকিবলগীয়া“ হোৱাৰ কাৰণে তেখেতে আমনি পোৱা নাছিল। বেছিভাগ সময় কথা তেখেতেই কৈ আছিল আৰু কথা কৈ তেখেতে ভাল পাইছিল।
ফুকন ককাইদেউৰ সেই চাৰি ঘণ্টামানৰ কথা শুনাৰ আগলৈকে মোৰ বিচাৰ-বুদ্ধি মতে, নগাঁও নগৰৰ ফৌজদাৰীপট্টিৰ গায়ক দুর্গা প্রসাদ ভূঞাক মই এগৰাকী বৰ ভাল সদালাপী ব্যক্তি (Conversationist) বুলি গণ্য কৰিছিলো। ‘সদালাপী’ শব্দটোৰে মই বুজাব খোজা গুণটো বুজাব পৰা নাই যেন লাগিছে। মই বুজাব খুজিছোঁ— দুৰ্গা ভূঞা ককাইদেৱে কথা কৈ গ’লে আমি শুনি বৰ আনন্দ পাইছিলো। সময় কেনি পাৰ হৈছিল আমি তাৰ খবৰ নাৰাখিছিলো। কিবা বস্তু যিয়েই নহওক,— তেখেতৰ শব্দ, বাক্য, প্রকাশভঙ্গী, কথা কোৱাৰ সুৰ আৰু কথাৰ লগত সাঙোৰ খাই পৰা অভিনয়ে এক প্রকাৰ দুষ্প্রাপ্য ৰসৰ সৃষ্টি কৰিছিল। কিন্তু চন্দ্ৰ ফুকন ককাইদেউৰ কথা শুনাৰ পাছত মই এগৰাকী বেলেগ পৰ্যায়ৰ সদালাপী ব্যক্তি আৱিষ্কাৰ কৰিছিলো বুলি ভাবিছিলো। আজিও বিশ্বাস কৰোঁ— ফুকন ককাইদেউ মই আজিলৈকে লগ পোৱা শ্রেষ্ঠ সদালাপী ব্যক্তিসকলৰ মাজত এজন আছিল।
গম্ভীৰ পৰিষ্কাৰ মাতটোৰে কোনো ধৰণৰ নাটকীয়তাৰ প্রকাশ নঘটোৱাকৈ এটাৰ পাছত এটাকৈ বিষয়বস্তু নির্বাচন কৰি তেখেতে ধীৰে-সুস্থিৰে এনেকৈ কথাবোৰ কৈ গৈছিল যে সেয়া শুনিবলৈ পোৱাটো মোৰ কাৰণে বৰ আনন্দৰ কথা হৈছিল। তেখেতৰ মন্তব্য, সিদ্ধান্ত আদি শুদ্ধ নে অশুদ্ধ আছিল, সেইটো মই বিচাৰ কৰিবলৈ লোৱা নাছিলো; কিন্তু তেখেতৰ কথাৰ লগত বুদ্ধিমত্তা আৰু ৰসৰ যি সাৱলীল মিশ্রণ ঘটিছিল, সি মোক অভিভুত কৰিছিল। উদাহৰণ: এটা বিষয় সম্পর্কে বক্তব্য-মন্তব্য আদি প্রকাশ কৰাৰ পাছত এক মুহূর্ত মনে মনে থাকি হঠাতে তেখেত ক’লে— “বুইছা ভবেন, জৱাহৰলাল নেহৰুৰ ভুল হ’ল— তেওঁ গোটেই পৃথিৱীখনকে ভাৰত বুলি ভাবিলে আৰু আমাৰ মতি বৰাৰ ভুল হ’ল— তেখেতে নগাঁওখনকে অসম বুলি ভাবিলে।“ (নগাঁৱৰ মতিৰাম বৰা স্বাধীনোত্তৰ অসমৰ এগৰাকী বিচক্ষণ ৰাজনৈতিক নেতা আৰু প্ৰভাৱশালী মন্ত্রী আছিল) তাৰ পাছত অইন এটা বিষয়ে কৈ থাকোঁতে মানুহৰ চকুৰ কথা ওলাল। সেই প্রসঙ্গত তেখেতে হঠাতে সুৰ সলনি কৰি ক’লে— “মই এক শ্রেণী মানুহ দেখিছোঁ, সিহঁতৰ চকুৰ expression-ৰ কোনো variation নাই, বুজিছা? চৰাই এটা গুলীয়াবৰ সময়ত সিহঁতৰ চকুত যি expression, প্রেমিকাক প্রেম নিবেদন কৰাৰ সময়তো সেই একে expression।”
ফুকন ককাইদেউৰ গুৰুগম্ভীৰ, তত্ত্বগধুৰ কথা আৰু চিন্তাৰ দিশটোলৈ মই যোৱা নাই, কিন্তু উচ্চ পর্যায়ৰ Conversationist হিচাপে তেখেতে যে মোক বৰ কম সময়ৰ ভিতৰতে প্রত্যক্ষভাৱে স্পর্শ কৰিছিল, সেই কথাটোহে কৈছোঁ। মোৰ ধাৰণা, কৌতুকবোধসম্পন্ন আৰু বুদ্ধিমান মানুহৰ কাৰণে ফুকন ককাইদেউ আদৰণীয় ‘সদালাপী’ আছিল।
ফুকন ককাইদেউৰ লগত সেই দিন দুটাৰ আগলৈ মোৰ সম্পর্ক অভিনেতা-দর্শকৰ সম্পৰ্কৰ নিচিনা আছিল বুলি আগতে কৈছোঁৱেই, অথচ বিদেশত পঢ়িবলৈ যোৱাৰ বাবে চৰকাৰৰ বৃত্তি পোৱাৰ খবৰটো এই মানুহজনেই মোক শ্বিলঙৰ পৰা টেলিগ্রামেৰে প্রথমে দিছিল, আৰু এই মানুহজনৰ পৰাই মোৰ বিদেশ যাত্রাৰ আয়োজনৰ বাবে প্রথম পইচাখিনি পালো। এইবোৰ মোৰ কাৰণে মনত ৰাখিবলগীয়া যোগাযোগ।
🔗 | আৰু পঢ়ক:
- শিল্পপ্ৰাণ চন্দ্ৰ ফুকন: হাজাৰ পৰাজয়েও ম্লান কৰিব নোৱৰা এটি হাঁহি
- চন্দ্ৰ ফুকনৰ লেখা— যদি জীৱনে কান্দে নাই নাই বুলি
- শিশু সাহিত্যিকৰূপে ডঃ ভবেন্দ্ৰ নাথ শইকীয়া
- নাইপলৰ ছত্ৰছায়াৰ পৰা ওলাই আহি
- নগাঁৱত সাহিত্য চর্চা: মাধৱ কন্দলীৰ পৰা মহিম বৰালৈ