সাহিত্য-সংস্কৃতি চৰ্চা: আমাৰ মানসিকতা কিয় সলনি হোৱা উচিত

সাহিত্য-সংস্কৃতি চৰ্চা: আমাৰ মানসিকতা কিয় সলনি হোৱা উচিত
  • 08 Jul, 2020

সা ম্প্ৰতিক সময়ত আমাৰ সৰু-বৰ অঞ্চলবোৰত অনুষ্ঠিত হোৱা সাহিত্য-সংস্কৃতি বিষয়ক আলোচনা চক্ৰ বা সভা-সমিতিবোৰত মানুহৰ উপস্থিতি নিচেই তাকৰ হোৱা পৰিলক্ষিত হৈছে। এনেবোৰ সভালৈ মানুহ আহিবলৈ টান পায়। আহিলেও আধাতে বহুসংখ্যক উঠি গুচি যায়। ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় প্ৰতি সপ্তাহতে সাহিত্য-সংস্কৃতিমূলক এনে বহুসংখ্যক সভা-সমিতি অনুষ্ঠিত হয়, কিন্তু সভা এখনৰ সৌষ্ঠৱ ৰক্ষা হোৱাকৈ মানুহ পোৱাটো উদ্যোক্তাসকলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। তাৰ এটা মূল কাৰণ হ’ল, সভাখনৰ আকৰ্ষণহীন, একঘেয়ামীয়তা। দেখা যায়, প্ৰতিখন সভাতে এচাম নিৰ্দিষ্ট মানুহক আগস্থান দিয়া হয়। সেই একে কেইজন বক্তা! প্ৰতিখন সভাতে একেকেইজন মানুহৰে ঘণ্টাৰ পাছত ঘণ্টাজোৰা আমনিদায়ক একেবোৰ কথা— একেখিনি ভাষণ! নতুনত্ব বুলিবলৈ একো নাই। নাই কোনো নতুন চিন্তাৰ খোৰাক।

সাহিত্য-সংস্কৃতিমূলক সভা এখনলৈ সাধাৰণতে সাধাৰণ শ্ৰোতা বা অতিথি হিচাপে নতুন কিবা এটা পাম বুলিয়েই যোৱা হয়। কিন্তু প্ৰতিবাৰতে যেতিয়া একে কেইগৰাকী মানুহেই সেই একে ধৰণৰ ভাষণ, একেবোৰ কথাকে কৈ সভাখন আমনিদায়ক কৰি তুলিব, কোনো নতুনত্ব নাথাকিব; মানুহে তেনেবোৰ সভা-সমিতি বৰ্জন কৰাত আচৰিত হ’বলগীয়া নাই। সাহিত্য-সংস্কৃতিমূলক আলোচনা সভাই হওক বা গ্ৰন্থ-স্মৃতিগ্ৰন্থ উন্মোচনী সভাই হওক, এচামে যেন সকলোখিনি অধিগ্ৰহণ কৰি থৈছে। এই সমূহ অনুষ্ঠানৰ অধিকাংশতে নতুন মুখ এখন প্ৰায়ে দেখিবলৈ পোৱা নাযায়। এই সকলৰ বহুতেই সভাত ভাষণৰে সাহিত্য-সংস্কৃতি ৰক্ষা কৰে ঠিকেই, কিন্তু কাৰ্যক্ষেত্ৰত সম্পূৰ্ণ ওলোটা ছবিহে দেখা পোৱা যায়।

মন কৰিবলগীয়া যে সভাত ডিঙিৰ সিৰ ফুলাই অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতি ৰক্ষাৰ ভাষণ দিয়াজনেই নিতৌ পুৱা নিজৰ সন্তান বা নাতিটোক নমাই থৈ আহে কোনোবা অভিজাত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পদূলিত। ঘৰত ‘মা-দেউতা’, খুৰা-খুৰী’, ‘বৰদেউতা-বৰমা’, ‘পেহা-পেহী’ আদিৰ ঠাইত চাহাবী আদৱ-কায়দাত কণমানিটোক ক’বলৈ শিকাইছে— ‘মাম্মী-পাপা’ বা ‘আংকল-আণ্টি’ জাতীয় ইংৰাজী সম্বোধন। যেতিয়া সন্তানটিয়ে ইংৰাজী বা হিন্দীমিশ্ৰিত খিচিৰি ভাষাৰে ভুলকৈ সমনীয়া বা আনসকলৰ সৈতে কথা পাতে, তেতিয়া সিহঁতক শুধৰাই নিজৰ মাতৃভাষাত কথা পাতিবলৈ শিকোৱাৰ সলনি দহজনৰ আগত নিজৰ সন্তানে ভুল ইংৰাজীৰে কথা পতা বিষয়টো লৈ আত্মগৌৰৱ কৰে— ‘আমাৰ ল’ৰা-ছোৱালীয়ে অসমীয়াত কথা পাতিব নেজানে’ বুলি! ঘৰলৈ আলহী আহিলে কিদৰে মাতবোল কৰিব লাগে, বহিবলৈ দিব লাগে— সেই ন্যূনতম শিষ্টাচাৰ, ভদ্ৰতাখিনিও যেন শিকাবলৈ পাহৰি পেলাইছে এইসকল ভাষা-সংস্কৃতিপ্ৰেমীয়ে। সেই সকলেই যেতিয়া সভা-সমিতিত ভাষা ৰক্ষা, সাহিত্য-সংস্কৃতি ৰক্ষাৰ ডাঙৰ ডাঙৰ কথা কোৱা সভা এখনলৈ কি নতুনত্ব পাবলৈ মানুহ আহিব?

স্মৃতিগ্ৰন্থ, পত্ৰিকা আদি সম্পাদনা বা সেই সমূহত লেখা-মেলা কৰাৰ ক্ষেত্ৰতো একেই কথা। নিৰ্দিষ্ট এটা চামৰ অধিপত্য। দুখ লগা কথা, আঞ্চলিক পৰ্যায়ত প্ৰকাশ পোৱা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ স্মৃতিগ্ৰন্থৰ সম্পাদনাৰ আঁৰতো প্ৰায়ে একেকেইখন মুখকে সকলোতে দেখা পোৱা যায়। একেদৰে, বহু বছৰৰ পৰা একেজন লেখকেই প্ৰতিখন স্মৃতিগ্ৰন্থত একেটা বিষয়তে লিখি অহাও পৰিলক্ষিত হয়। সম্পাদনা সমিতিসমূহেও স্মৃতিগ্ৰন্থৰ বিষয় বাচনি কৰোঁতে একেজন লেখককে পূৰ্বৰ আন আন স্মৃতিগ্ৰন্থত লেখা একেই বিষয় একোটা লিখিবলৈ দি দিয়ে, যাৰ ফলত তাত নতুনত্ব বুলিবলৈ একো নাথাকে। ইয়াৰ ফলশ্ৰুতিত তেনে স্মৃতিগ্ৰন্থ এখনে পাঠকক আকৰ্ষিত কৰিব নোৱাৰে আৰু অনাদৃত হৈ টেবুলৰ ওপৰত বা আলমিৰাৰ ভিতৰত পৰি ৰয়। এয়া অপ্ৰিয় হ’লেও বাস্তৱ ছবি। মুঠতে আজি বেছিভাগ অঞ্চলতে সাহিত্য চৰ্চাৰ ক্ষেত্ৰত নতুন এজনক কোনো পধ্যেই স্থান এৰি দিয়া নহয়। নতুন মুখ এখনক কেতিয়াও আগলৈ অনা নহয়। সৰ্বোপৰি নতুন লেখক-লেখিকাৰ নতুন চিন্তা-চেতনাক অলপো গুৰুত্ব দিয়া নহয় বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।

ক’বলৈ গ’লে নতুন প্ৰজন্মক ন্যূনতম উৎসাহ বা প্ৰেৰণা অকণমান দি আগবঢ়াই অনাৰ যেন পক্ষপাতী নহয় জ্যেষ্ঠসকল। প্ৰকৃতপক্ষে আমাৰ সমাজখনৰ কিছুসংখ্যক লোকৰ এনেধৰণৰ কাৰ্যকলাপ, অন্তঃসাৰশূন্য চিন্তা-চেতনা আৰু পৰশ্ৰীকাতৰ ক্ষয়িষ্ণু মানসিকতাৰ বাবেই বহুক্ষেত্ৰত আমি যে পিছ পৰি আছোঁ, সেয়া সহজে অনুমেয়। এলান্ধুকলীয়া চিন্তা-চেতনাৰে সভা-সমিতি পতা, হাতত মাইক্ৰফ’ন টো পালেই ঘণ্টাৰ পাছত ঘণ্টা একেবোৰ কথাকে কৈ থাকি সভাখন আকৰ্ষণহীন, একঘেয়ামী, আমনিদায়ক কৰি তোলা বা স্থানীয় স্মৃতিগ্ৰন্থবোৰত প্ৰতিখনতে প্ৰতিবাৰে একেটা লেখাকে লিখি থকাটোৱেই সাহিত্য চৰ্চা হয় জানো?

ভাষা-সাহিত্যৰ প্ৰকৃত বিকাশ আৰু উত্তৰোত্তৰ উন্নতিৰ হকে সঁচা আন্তৰিকতাৰে নতুন কিবা এটা কৰা, বিশেষকৈ, নিজৰ অঞ্চলটোৰ ভাষা-সাহিত্যৰ উৎকৰ্ষ সাধনৰ বাবে নতুন নতুন চিন্তাৰে নতুন নতুন কাম কৰাৰ দৃষ্টান্ত দাঙি ধৰি নতুনক সেই বাটেৰে আগুৱাই যাবলৈ উদ্বুদ্ধ কৰাৰ সময় কিন্তু সমাগত। আমাৰ সভাই-সমিতিয়ে সাহিত্য-সংস্কৃতি বিকাশৰ বৰ বৰ ভাষণ দিয়া সকলে নিজৰ নিজৰ অঞ্চলত বছেৰেকত এবাৰ আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য-সমাৱেশ, সাহিত্য কৰ্মশালা, আলোচনা-চক্ৰ আদি অনুষ্ঠিত কৰিব নোৱাৰেনে? অসমৰ প্ৰতি অঞ্চলতে বছৰেকত এটাকৈ হ’লেও এনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান অনুষ্ঠিত কৰিলে দেশ-বিদেশৰ আমন্ত্ৰিত সাহিত্যিকসকলৰ সৈতে হোৱা পাৰস্পৰিক মত-বিনিময়ৰ জৰিয়তে অঞ্চলটোৰ বা ৰাজ্যখনৰ সাহিত্য-চৰ্চাই বিশ্ব-সাহিত্যৰ সৈতে এক সুদৃঢ় সেঁতুবন্ধন কৰাৰ সুযোগ লাভ কৰিব। এনেবোৰ অনুষ্ঠানৰ দ্বাৰাই আমাৰ সাহিত্যানুৰাগী যুৱচাম বিশ্বদৰবাৰলৈ আগবাঢ়ি যোৱাৰ দুৱাৰ মুকলি হোৱাৰ সমান্তৰালভাৱে তেওঁলোকৰ জ্ঞানৰ পৰিসৰো বৃদ্ধি পাব আৰু অঞ্চলটোৰ বা ৰাজ্যখনৰ সাহিত্য-চৰ্চাৰ গতিয়েও তীব্ৰতা পাব। এনে ধৰণৰ ভাল কামবোৰৰ জৰিয়তেহে উঠি অহা প্ৰজন্ম নিজৰ ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি অলপ হ’লেও আকৰ্ষিত হ’ব।

আজি আমাৰ ভাষা-সাহিত্য-সংস্কৃতিত বহু নতুন নতুন চিন্তা, নতুন নতুন ধ্যান-ধাৰণাই পোখা মেলিছে। সুখৰ বিষয়, আমাৰ নতুন প্ৰজন্মৰ বহুতেই সাহিত্য-সংস্কৃতি চৰ্চাৰ দিশত নতুন নতুন বৈজ্ঞানিক চিন্তা-চেতনা, সুযোগ-সুবিধাৰ উপযুক্ত ব্যৱহাৰৰে নিজা-নিজা ক্ষেত্ৰত এককভাৱে আগুৱাই যোৱাৰ প্ৰয়াসত মগ্ন হৈছে। তেওঁলোকৰ মাজৰ বহুতেই ৰাজ্যখনলৈ গৌৰৱো কঢ়িয়াই আনি আছে। কিন্তু এইসকল নতুন প্ৰজন্মৰ প্ৰতিনিধিক আমাৰ সমাজখনে চিনি নাপায়। চিনি পালেও সমাজলৈ উলিয়াই আনি ন্যূনতম উৎসাহকণ দিয়াৰো প্ৰয়োজনবোধ নকৰে। হয়তো এচামৰ সান্দহ খোৱা বালি তল যোৱাৰ ভয়! আজি আমাৰ উঠি অহা সাহিত্য-সংস্কৃতিপ্ৰেমী বা এই দিশত আন্তৰিকতাৰে কাম কৰিবলৈ আগবাঢ়ি অহা যুৱ প্ৰজন্মক প্ৰকৃতভাৱে বাট দেখুৱাই, উৎসাহিত কৰি আগবঢ়াই লৈ যোৱাৰ দায়বদ্ধতাৰ অভাৱ ঘটিছে।

নতুন পুৰুষসকলে অগ্ৰজসকলক যিখিনি সন্মান দিব লাগে, সেইখিনি দিয়াত অলপো কাৰ্পণ্য কৰা নাই। নতুনসকল তেওঁলোকৰ আঙুলিত ধৰিয়েই সুন্দৰৰ সাধনাৰ বাটত আগবাঢ়ি যোৱাৰ বাবে আগ্ৰহী। কিন্তু জ্যেষ্ঠসকলৰ এচামৰ পৰশ্ৰীকাতৰ অহং মানসিকতাৰ বাবেই নতুনসকল বহু ক্ষেত্ৰত থমকিব লগাত পৰিছে। ফলত অসমৰ প্ৰায়ভাগ অঞ্চলতে সাহিত্য চৰ্চাৰ দিশত কাম কৰা লোকৰ সংখ্যা উদ্বেগজনকভাৱে কমি আহিছে। নকমিব কিয়? নতুন কোনোবা এজনে দিন-ৰাতি একাকাৰ কৰি কষ্ট কৰি একক প্ৰচেষ্টাৰে অলপ আগবাঢ়ি গ’লেই হাজাৰটা দোষ উলিয়াই সমালোচনাৰে থকা-সৰকা কৰি উঠি অহাজনৰ প্ৰতিভাখিনিক কলিতেই মষিমূৰ কৰি পেলালে কিদৰে নতুন প্ৰজন্মই সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰিবলৈ উৎসাহিত হ’ব? এক কথাত, আমাৰ সমাজত গুণীৰ গুণ বুজা মানুহৰ দুখ লগাকৈ অভাৱ ঘটিছে। আনক উৎসাহ দিব নজনা, নতুনক আগবাঢ়ি যাবলৈ সুযোগ নিদিয়া বিষয়টো সমাজখন বা জাতিটোৰ বাবেই ভীষণ ক্ষতিকাৰক। এনে নেতিবাচক চিন্তা-চেতনাৰে সমাজখনৰ উন্নতি হ’ব পাৰেনে?

শেষত এটা কথাই আশা কৰিছোঁ, সভাই-সমিতিয়ে মিছা ভাষণ কিছুমান দি ভাষা-সাহিত্য ৰক্ষাৰ অপপ্ৰয়াস কৰাতকৈ নিজৰ সন্তান বা নাতি-নাতিনীজনীক প্ৰকৃত ‘অসমীয়া’ কৰি গঢ়ি তোলাৰ চেষ্টা কৰক। নিজৰ ভাষা-সাহিত্যক, কলা-সংস্কৃতিক প্ৰকৃতভাৱে সন্মান কৰিবলৈ, সমাজখন আৰু জাতিটোৰ প্ৰতি দায়ৱদ্ধ হ’বলৈ উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলক। তদুপৰি, নতুনে কৰা ভাল কামখিনিক স্বীকৃতি দি, উৎসাহিত কৰি আগবঢ়াই নিয়াৰ ভাল মন এটা আয়ত্ত কৰাৰ চেষ্টা কৰক।

জ্যেষ্ঠসকলে নতুনক আগবাঢ়ি যোৱাত সহায় কৰিব নোৱাৰিলেও অন্ততঃ নিৰুৎসাহিত কৰাৰ মানসিকতা পৰিহাৰ কৰিব লাগিব। তেওঁলোকে মনত ৰখা উচিত যে এদিন তেওঁলোক আঁতৰি যোৱাৰ পাছত এই নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালীহঁতেই সাহিত্য-সংস্কৃতিৰ গুৰুভাৰ ধৰিব লাগিব। পৰশ্ৰীকাতৰ মানসিকতা ত্যাগ কৰি, আনৰ প্ৰতিভাক স্বীকাৰ কৰি, প্ৰতি খোজতে কেৱল দোষ দি সমালোচনা কৰাতকৈ নতুনে কৰা ভুলবোৰ গঠনমূলকভাৱে আঙুলিয়াই সংশোধন কৰাত সহায় কৰি, শিকাই-বুজাই দায়ৱদ্ধতাৰে কনিষ্ঠসকলক আগবঢ়াই নিয়াটোহে আজিৰ সময়ৰ দাবী;— তেতিয়াহে আমাৰ জাতিটোৰ ভাষা-সাহিত্য-সংস্কৃতি উজ্জ্বল-সুজ্জ্বল কহিনুৰ পিন্ধি জগত সভালৈ উপযুক্তভাৱে আগবাঢ়ি যোৱাত সহায়ক হ’ব।

❧ | আৰু পঢ়ক:

সাহিত্য-সংস্কৃতি চৰ্চা: আমাৰ মানসিকতা কিয় সলনি হোৱা উচিত | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook