কাব্যধাৰা ২

বুকুত কবিতা লৈ ফুৰা মানুহবোৰ
চৰিফুল ইছলাম

বুকুত কবিতা লৈ ফুৰা মানুহবোৰৰ
সকলো কবি নহ’বও পাৰে

কবি হ’বলৈ যিখিনি গুণ লাগে
তাত অনুভৱে অগা-ডেৱা নকৰিবও পাৰে
কবি হ’বলৈ যিবিলাক ঊপাদান লাগে
সেইবিলাকত কবিতা নাথাকিবও পাৰে

আচলতে বুকুত কবিতা লৈ ফুৰা মানুহবোৰে
জীৱনটো উদযাপন কৰিবলৈ
ওৰে জীৱন পি খায় নিঃসংগতা
হৃদয়ত গাঁথি লয় যন্ত্রণা অথবা নিৰ্জনতা

তেওঁলোকে কথা পাতিবলৈ শব্দৰ সলনি
বাছি লয় ৰমণীয় সময় কিম্বা দুঃসময়
আৰু প্রেমেৰে সন্ধি কৰিবলৈ গৈ
লুকুৱাই থয় আজন্ম পৰিচয় !

তুমি
গৌতম কলিতা

ভাবনাৰ পদূলিত
তোমাক দেখিলো আজি
বুকুৰ কোঠাত গোন্ধালে আকৌ
স্মৃতি স্মৃতি এটি হাঁহি।

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of