ক’ড ইজ পয়েট্ৰি

img
অকণমান ব্যক্তিগত কথাৰে আৰম্ভ কৰোঁ। কেইবছৰমান আগতে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে শিশুসকলক বিভিন্ন সুকুমাৰ কলাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে এক সজাগতামূলক কৰ্মশালাৰ আয়োজন কৰিছিল। গল্প-সাধু, পদ্য-কবিতা, প্ৰবন্ধ-ৰচনা, আবৃত্তি, বক্তৃতা আদি বিষয়ত শিশুসকলৰ ধাউতি বঢ়োৱাৰ বাবে ক’বলৈ বিভিন্ন ব্যক্তিক আমন্ত্ৰণ কৰিছিল। বিগত পোন্ধৰটামান বছৰ ধৰি শিশুসকলৰ লগত কিবা-কিবি কৰি থকাৰ সুবাদতে হয়তো এই অভাজনকো উক্ত কৰ্মশালালৈ আমন্ত্ৰণ কৰিছিল। আমাৰ ভাগত পৰিছিল পদ্য-কবিতা সম্পৰ্কে শিশুহঁতৰ লগত আলচ কৰা কামটো। আমি আমাৰ পৰিচয়মূলক কথাখিনিৰ প্ৰথমতে এষাৰ কথা  কৈছিলো— কবিতা ভাল পাবলৈ আৰু লিখিবলৈ অংক ভাল পাবা। খুব অংক কৰিবা। শিশুহঁতে হয়তো তেতিয়া একো বুজা নাছিল, স্বাভাৱিক। কিন্তু বাক্যষাৰ কোৱাৰ পিছত পৰৱৰ্তী ব্যাখ্যা নিদিয়া পৰ্যন্ত তাত উপস্থিত থকা শিক্ষক আৰু অভিভাৱকসকলে প্ৰশ্নবোধক চাৱনিৰে আমাৰ ফালে চাই ৰৈছিল।


কবিতা আৰু অংক— সাধাৰণ দৃষ্টিত দুয়োটা সম্পূৰ্ণ বিপৰীত মেৰুৰ বাসিন্দা। কিন্তু ফঁহিয়াই চালে দেখা যায়, দুয়োটা একেটা মেৰুৰে বাসিন্দাতো হয়েই, দুয়োটা পৰস্পৰৰ মাজত সোমাই থকাও দেখা যায়। কবিতাৰ অংক যিমানে নিখুঁত হ’ব সি সিমানে ভাল কবিতালৈ উত্তীৰ্ণ হ’ব। আৰু এটা নিখুঁত অংক কবিতাৰ বাহিৰে আন একো নহয়। ৱৰ্ডপ্ৰেছ ডট অৰ্গ ৱেৱচাইটৰ শ্লোগানটো যথাৰ্থতেই অৰ্থবহ— ক’ড ইজ পয়েট্ৰি! কোনোবাই আমাৰ এই মন্তব্যক একান্তই উন্নাসিক বা অতি সৰলীকৃত ধাৰণা বুলি ক’লেও আমাৰ আপত্তি নাই।

অংক আৰু জ্যামিতি নথকা কোনো শিল্পই সময়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে; লাগে সেয়া স্থাপত্য-ভাস্কৰ্যই হওক কিম্বা গীত বা গল্পই হওক। পৃথিৱীৰ বিখ্যাত স্থাপত্যসমূহৰ নেপথ্যৰ অংক আৰু জ্যামিতিৰ অনেক ব্যাখ্যা এতিয়া সুলভ, ধ্ৰুপদী সংগীতৰ অংকও বুজিবলৈ তুলনামূলকভাৱে সহজ; কিন্তু কবিতা বা গল্প-উপন্যাসৰ দৰে অশৰীৰী সত্তাত নিহিত অংক কেনেকৈ উদ্ধাৰ কৰা যাব?

সাম্প্ৰতিক সময়ত ছপা মাধ্যম আৰু ই-মাধ্যমত অলেখ কবিতাৰ পয়োভৰ হোৱা দেখিবলৈ পোৱা গৈছে। এইবোৰৰ কিমান শতাংশ কালৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব? হয়তো এক নগণ্য অংশ। কিয়? আমাৰ ব্যক্তিগত অনুভৱ— এইবোৰৰ সৰহ ভাগতেই নিখুঁত অংক নাই। অংকনো কি? অংক হ’ল কিছুমান যুক্তিৰ প্ৰণালীৱদ্ধ চয়ন। কম্পিউটাৰৰ ভিতৰখনেই বোলক বা ৱেবচাইট এটাৰ নেপথ্যৰ কাৰবাৰবোৰেই বোলক, এইবোৰ কিছুমান যুক্তিৰ সু-নিৰ্দিষ্ট প্ৰণালীহে। ইয়াত পৰিচ্ছন্নতা, স্পষ্টতা আৰু যুক্তিযুক্ততা টনটনীয়া হৈ থকাটো জৰুৰী। কবিসকলৰো কৰণীয়, আমাৰ বোধেৰে, ভাল কবিতাৰ মাজৰ অংক উদ্ধাৰৰ নিৰৱচ্ছিন্ন প্ৰয়াস আৰু নিজৰ চিন্তাৰ সূত্ৰডাল পৰিচ্ছন্নতা, স্পষ্টতা আৰু যুক্তিযুক্ততাৰে টনটনীয়া কৰি ৰখা। এই প্ৰাথমিক কৰ্তব্য সফলতাৰে সম্পাদন কৰিব পাৰিলে ভাষা আৰু শব্দৰে ধেমালি সহজ হৈ পৰিব।

প্ৰসংগত মনলৈ আহিছে, অসম সাহিত্য সভাৰ বোকাখাতত অনুষ্ঠিত হোৱা অধিৱেশনত বিশিষ্ট কবি হীৰেন ভট্টাচাৰ্যক কিছু সময়ৰ বাবে অতি ওচৰৰ পৰা পাইছিলো। কথা প্ৰসংগত এই অকিঞ্চনেও দুই-এটা কবিতা লিখাৰ কচৰৎ কৰা বুলি জানি তেখেতে আমাৰ কান্ধত হাত থৈ অতি আন্তৰিকতাৰে কৈছিল— ‘ভাল কবিতা লিখিবলৈ ভাল গদ্য পঢ়িবা’। কথাষাৰ আমি মনে-প্ৰাণে বিশ্বাস কৰোঁ। আমি এই কথাও উপলব্ধি কৰি আহিছোঁ যে ভাল কবিতা লিখিবৰ বাবে ভাল গদ্যৰ অধ্যয়ন আৰু ভাল গদ্য লিখিবৰ বাবে ভাল কবিতাৰ অধ্যয়নে সদায় সহায় কৰি আহিছে।

ক’ড ইজ পয়েট্ৰি বুলি অন্তঃকৰণেৰে উপলব্ধি কৰাৰ দিনাৰ পৰাই ভাল কবিতা সৃষ্টিৰ শুভাৰম্ভণি হ’বই বুলি আমি বিশ্বাস কৰোঁ।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

পল্লৱপ্ৰাণ গোস্বামী

‘নীলা চৰাই’ৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক। সাংস্কৃতিক কৰ্মী।

Leave a Reply

Be the First to Comment!

avatar