হৃদয় য’ত ভয়শূন্য

হৃদয় য’ত ভয়শূন্য
  • 08 May, 2019
১.

বীন্দ্র সাহিত্যৰ জার্মান অনুবাদক; লেখক-সাংবাদিক ড° মার্টিন কেম্পচেন (Dr Martin Kämpchen)-এ ভাৰতত, বিশেষকৈ কলকাতা আৰু শান্তিনিকেতনত ৪০ বছৰতকৈয়ো অধিক কাল কটাইছিল। ২০১৮ চনত প্রকাশিত তেওঁৰ এটা প্রবন্ধত ড° কেম্পচেনে বিশ্ব-মানসত কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ (১৮৬১-১৯৪১)ৰ বিস্তাৰ প্রসংগত এটা লেখত ল’বলগীয়া ঘটনাৰ উল্লেখ কৰিছে। ড° কেম্পচেন গৈছিল স্কটলেণ্ডলৈ। স্কটলেণ্ডৰ বিউট উপদ্বীপ (Isle of Bute)ৰ উপকূল অঞ্চলত এজন বন্ধুৰ সৈতে চাইকেলেৰে ফুৰি থাকোঁতে ৰাস্তাৰ লগতে থকা এটা প্রাসাদৰ সন্মুখত এক বিশাল বাগিচা দেখি তাত সোমাইছিল তেওঁলোক। নানৰঙী ফুল, অনেক গছ-গছনি আৰু একা-বেঁকা শুৱনি ৰাস্তাৰে ৰুচিসম্মতভাৱে সজোৱা সেই বাগিচা। বাগিচাৰে এঠাইত এখনি শিলৰ ফলক। সেই প্রস্তৰ ফলকত খোদাই কৰা আছিল এটা ক্ষুদ্র কবিতা। জার্মান ভাষাত থকা সেই তিনিশৰীয়া কবিতাফাঁকি হ’ল—

“Narren hasten Dumme warten Kluge gehen in den Garten.” (মূৰ্খই সংকোচ কৰে, বুর্বকে অপেক্ষা কৰে, জ্ঞানী বাগিচাৰ ভিতৰত সোমায়।) কবিতাৰ তলত ৰবীন্দ্রনাথ ঠাকুৰৰ নাম।

কবিজন ভাৰতৰ, চৰ্চা কৰিছিল বাংলা ভাষাত, দেশখন ইংৰাজী (আৰু স্কটিছ ইংলিছ) ভাষী স্কটলেণ্ড, কবিতাফাঁকি আছে জার্মান ভাষাত! এক ধৰণে গোটেই বিশ্বখন যেন প্রতিফলিত হৈছে জার্মান ভাষাত উৎকীর্ণ সেই তিনিটা শাৰীত। ঘটনাটি উল্লেখ কৰি মার্টিন কেম্পচেন-এ নিজৰ মন্তব্য দিছে, ঘটনাটো ক্ষুদ্র হ’লেও ই ৰবীন্দ্ৰনাথৰ ভাবনা— সেয়া কবিতাতে হওক বা গদ্য আৰু বক্তৃতাতে হওক—এক অত্যুচ্চ স্তৰ (Meta-level)ত উপনীত হোৱাটোকে দৰ্শাইছে। সেই বাবেই সেই ভাবনাই ভূগোল আৰু ভাষাৰ পৰিধি পাৰ কৰি গৈছে। বিশ্ব মানসত সেয়া যেন ধ্ৰুৱক হৈ পৰিব খুজিছে!

২.

বিশ্ব-মানসত ধ্ৰুৱক হৈ পৰা আধুনিক ভাৰতৰ দুজনেই মানুহ,— মহাত্মা গান্ধী আৰু ৰবীন্দ্রনাথ ঠাকুৰ। দুয়োজনেই নিজস্ব ক্ষেত্ৰত নিৰলস চর্চা আৰু বিৰাট প্রতিভাৰ বলত সেই সন্মান আৰু গৰিমাৰ ভাগী হ’ব পাৰিছে। বিশ্বৰ প্রেক্ষাপটত ধ্রুৱকীয় চৰিত্ৰৰ গুণ-মান অর্জন কৰাৰ সমান্তৰালভাৱে ভাৰতীয় উপ-মহাদেশত, বিশেষকৈ ভাৰত আৰু বাংলাদেশত কবীন্দ্র ৰবীন্দ্ৰ প্ৰতিজনৰ হৃদয়ত দীপ্তিমান সূর্য, সুধাকণ্ঠ ভূপেন হাজৰিকাই গোৱাৰ দৰে— সবাৰ হৃদয়ে ৰবীন্দ্রনাথ! ৰবীন্দ্রনাথ যি বিৰাট সূর্য, সেই সূৰ্যক সাধাৰণ মানুহে হৃদয়ত ধাৰণ কৰা সম্ভৱনে? ইয়াৰ উত্তৰো যেন ৰবীন্দ্রনাথেই দিছে, নিয়ৰকণাত বন্দী বিশাল সূৰ্যৰ ছবিৰে—

“…শিশির কহিল কাঁদিয়া, ‘হে রবি, এমন নাহিকো আমার বল
তোমা বিনা তাই ক্ষুদ্র জীবন কেবলি অশ্রুজল।’

‘আমি বিপুল কিরণে ভুবন করি যে আলো,
তবু শিশিরটুকুরে ধরা দিতে পারি বসিতে পারি যে ভালো।’

শিশিরের বুকে আসিয়া কহিল তপন হাসিয়া,
‘ছোটো হয়ে আমি রহিব তোমারে ভৰি
তোমার ক্ষুদ্র জীবন গড়িব হাসির মতন করি।’ ” (১২নং কবিতা, ‘উৎসর্গ’)

(নিয়ৰে ক’লে কান্দি, ‘হে সূর্য, মোৰ নাই যে ইমান বল
তুমি অবিহনে এই ক্ষুদ্র জীৱন কেৱল অশ্রুজল।’

‘মই বিশাল কিৰণেৰে পৃথিৱী আলোকিত কৰোঁ
তথাপি নিয়ৰকণাত ধৰা দিব পাৰোঁ বহিবও তাত পাৰোঁ।’

নিয়ৰৰ বুকুত বহি ক’লে সূৰুযে হাঁহি, ‘ক্ষুদ্ৰ হৈ মই তোমাৰ ভিতৰত থাকিম ভৰি
তোমাৰ কণমানি জীৱন গঢ়িম হাঁহিৰ নিচিনা কৰি।’)

নিয়ৰ বিন্দুত বিশাল সূৰ্যৰ সমস্ত ৰূপেই ধৰা পৰাৰ দৰেই সকলোৰে হৃদয়ে হৃদয়ে ধৰা পৰি থাকে বিশাল ৰবীন্দ্রনাথ। এই উপ-মহাদেশৰ বিশাল অংশ ৰবীন্দ্রনাথৰ বিৰাট প্রতিভাৰে মুগ্ধ, প্ৰভাৱিত, আলোড়িত। বাঙালীৰ ৰুচি-অভিৰুচি, চিন্তন-মনন, ভাষা-সাহিত্য-সংগীত, মান-অভিমান, সপোন আৰু সংশয়ৰ নির্মাতা ৰবীন্দ্রনাথ। বাঙালীৰ দৈনন্দিন আৰু উৎসৱো ৰূপায়িত হয় ৰবীন্দ্রনাথৰে। দুখন প্রতিৱেশী ৰাষ্ট্র (ভাৰত আৰু বাংলাদেশ)ৰ ৰাষ্ট্ৰীয় সংগীতৰ স্ৰষ্টা ৰবীন্দ্ৰনাথৰ প্রতিচ্ছবি আৰু প্ৰভাৱ বাংলাৰ উপৰি অসমীয়া, ওৰিয়া, মাৰাঠীকে ধৰি প্রায় সকলো ভাৰতীয় ভাষাৰ শিল্প-সাহিত্য-সংগীতত জলজল পটপট।

❧ | আৰু পঢ়ক:  গুণীন হাজৰিকাৰ ‘মহাত্মা গান্ধীৰ প্ৰতি কবিগুৰু ৰবীন্দ্ৰনাথ’

৩.

শিল্প-সাহিত্যত মধ্যমেধা আৰু নিম্নমেধাৰ মানুহৰ আক্ৰমণ আৰু বিকৃতিকৰণ নতুন কথা নহয়। যুগে যুগে দেশে দেশে এনে আক্রমণৰ ফলত শিল্প-সাহিত্য আক্ৰান্ত হৈছে; আক্রান্ত হৈছে গীত-কবিতা, গল্প-গদ্য, নাটক-চিনেমা-ছবি। এই আক্ৰমণত ৰসগ্রাহী দর্শক-পাঠক-শ্রোতা আঘাতপ্রাপ্ত হৈছে, ব্যথিত হৈছে। কবিতা-অকবিতা, কবি-অকবিৰ দ্বন্দ্বত পাঠক সমাজ বিভক্ত হৈ গৈছে। চিনেমাৰ পৰা দর্শক আঁতৰি গৈছে, আঁতৰি যাবলৈ বাধ্য হৈছে। ছবিৰ নামত যথেচ্ছা হৈছে, গীতৰ নামত কাণৰ মাকৰি সৰিবলগীয়া অত্যাচাৰ হৈছে। আনকি ৰবীন্দ্রনাথ ঠাকুৰৰ দৰে নবেল জয়ী, বিশ্বশিল্পীৰ শিল্পইও এনে আক্ৰমণৰ পৰা নিস্তাৰ নাপালে। ৰবীন্দ্র সংগীতৰ দৰে স্থিৰ ৰীতি আৰু পৰম্পৰাৰ মাজত লালিত শিল্পৰ ওপৰত হোৱা আক্রমণ দেখিলে তবধ মানিব লাগে। মূলতঃ ৰবীন্দ্রনাথ ঠাকুৰৰ সৃষ্টিসমূহৰ স্বত্ত্ব (কপিৰাইট) উকলি যোৱাৰ পাছৰে পৰা এনে আক্ৰমণৰ প্রকোপ বাঢ়িল। গীতৰ কথাংশৰ মেজাজক ধৰি ৰাখিব নোৱৰা সংগীত সংযোজন, বেসুৰা আৰু বেপৰোৱা গায়কীয়ে ৰবীন্দ্র সংগীতৰ মর্যাদা হানি কৰিছে বুলি ৰৱ উঠিছে।

সাংগীতিক পৰীক্ষা-নিৰীক্ষাৰ কথাটো সুকীয়া। ৰবীন্দ্র সংগীততো পৰীক্ষা-নিৰীক্ষা চলিছে। শুনিবলৈ আচৰিত লাগিলেও কেৱল এখন একুষ্টিক গীটাৰ বজাই ৰবীন্দ্র সংগীত গোৱা হৈছিল আৰু তেনে সংগীতৰ এলবাম (‘চিৰভক্ত’, ১৯৯৭, কবীৰ সুমন) প্রকাশ কৰিবলৈ ৰবীন্দ্র সংগীতৰ স্বত্ত্বাধিকাৰী বিশ্বভাৰতী মিউজিক ব’র্ডে অনুমোদন জনাইছিল। এনে ক্ষেত্ৰত ৰবীন্দ্র সংগীতৰ প্রতি অন্যায় নাই হোৱা বুলি বিশ্বভাৰতী পতিয়ন যাব পাৰিছিল। কিন্তু সকলোৰে সেই ধৰণৰ বোধ, দক্ষতা আৰু উদ্ভাৱনী ক্ষমতা নাথাকে, গতিকেই এক ধৰণৰ ‘ভ্ৰষ্টাচাৰ’-এ কৃষ্টি-সংস্কৃতিক ক্ষত-বিক্ষত কৰে।

ৰবীন্দ্রনাথ স্রষ্টা। স্রষ্টা হেনো দ্রষ্টা। দূৰলৈ দেখে আগতেই৷ এনে ধৰণৰ সম্ভাৱনাৰ আগতীয়া উমান পায়েই হয়তো কবিগুৰুৱে ইউৰোপৰ বিভিন্ন দেশত থকা সময়ত অংকন কৰা কিছু পেইন্টিং যাতে ভাৰত কিম্বা ভাৰতীয় উপ-মহাদেশলৈ পঠোৱা নহয়, আনকি তেওঁৰ মৃত্যুৰ পাছতো, সেয়া নিশ্চিত কৰিছিল। ‘কিয়’ বুলি উঠা প্রশ্নৰ উত্তৰত ৰবীন্দ্রনাথে কৈছিল— “Because, they (paintings) will invariably fall in incompetent hands.” (সেইবোৰ (পেইন্টিং) নিশ্চিতভাৱে এলাইবাদুৰ হাতত পৰিব)।

গান-কবিতা বিকৃত হৈছে, নাটক-ছবিৰ ভুল ব্যাখ্যা হৈছে; কিন্তু নিজৰ দেশতে ৰবীন্দ্ৰনাথৰ দৰে বিশ্ব-মনীষাৰ সৃষ্টি আৰু জীৱনবোধৰ মূল সুৰটোৱেই অপাংক্তেয় হৈ যাব পাৰেনে? হৈ যোৱা উচিত নে?

কি সেই সুৰ?

৪.

সম্ভৱতঃ ১৯০০ চনত কবিগুৰুৱে ৰচনা কৰিছিল এই কবিতা। কবিতাটি ‘প্রার্থনা’ শীর্ষকেৰে ১৯০১ চনত ‘নৈবেদ্য’ কাব্যগ্রন্থত প্রকাশিত হৈছিল। পৰৱৰ্তী সময়ত কবিয়ে নিজে কবিতাটি ইংৰাজীলৈ অনুবাদ কৰিছিল আৰু ১৯১২ চনত লণ্ডনৰ ইণ্ডিয়ান ছোচাইটিয়ে প্রকাশ কৰা ইংৰাজী ‘গীতাঞ্জলি’ (Song offerings)ত ৩৫তম কবিতা হিচাপে প্রকাশিত হৈছিল। অনুবাদত কবিতাটি যথেষ্ট সৰল কৰা হৈছিল। ইংৰাজী কবিতাটি ১৯১৭ চনত কলকাতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশত কবিয়ে নিজে পাঠ কৰিছিল। ক’ব খুজিছোঁ ‘চিত্ত যেথা ভয়শূন্য উচ্চ যেথা শিৰ’ (Where the mind is without fear and the head is held high) বুলি জনাজাত কবিতাটিৰ কথা।

চিত্ত যেথা ভয়শূন্য

কলকাতাৰ মাদাৰছ ৱাক্স মিউজিয়ামত প্রদর্শিত ৰবীন্দ্রনাথ ঠাকুৰৰ হস্তাক্ষৰত ‘চিত্ত যেথা ভয়শূন্য’ কবিতা। ছবি: পল্লৱপ্রাণ গোস্বামী

“চিত্ত যেথা ভয়শূন্য, উচ্চ যেথা শির,
জ্ঞান যেথা মুক্ত, যেথা গৃহের প্রাচীর
আপন প্রাঙ্গণতলে দিবসশর্বরী
বসুধারে রাখে নাই খন্ড ক্ষুদ্র করি,
যেথা বাক্য হৃদয়ের উৎসমুখ হতে
উচ্ছ্বসিয়া উঠে, যেথা নির্বারিত স্রোতে
দেশে দেশে দিশে দিশে কর্মধারা ধায়
অজস্র সহস্রবিধ চরিতার্থতায়—
যেথা তুচ্ছ আচারের মরুবালুরাশি
বিচারের স্রোতঃপথ ফেলে নাই গ্রাসি,
পৌরুষেরে করে নি শতধা; নিত্য যেথা
তুমি সর্ব কর্ম চিন্তা আনন্দের নেতা,
নিজ হস্তে নির্দয় আঘাত করি, পিতঃ,
ভারতেরে সেই স্বর্গে করো জাগরিত।”

নিজৰ অলেখ সৃষ্টিৰে মানুহকে সর্বোচ্চ স্থানত ৰখা কবিগুৰু ৰবীন্দ্রনাথে স্বাধীনতা পূর্বৰ ভাৰতবৰ্ষক এক সঁচা অৰ্থৰ মানুহৰ দেশ কৰি গঢ়ি তুলিবলৈ ‘পৰম পিতা’ক প্রার্থনা জনাইছে। কেনেকৈ হ’ব ভাৰতখন মানুহৰ দেশ?

মন য’ত ভয়শূন্য, শিৰ সদায় উচ্চ, জ্ঞান য’ত মুক্ত, পৃথিৱীখনক তুচ্চ বিভাজনেৰে ভাগ ভাগ কৰি ৰখা নহয়, হৃদয়ৰ গভীৰতাৰ পৰা উচ্চাৰিত হয় বাক্য…, উচ্চাৰিত হয় সত্য…!

তেনে শিক্ষাৰেই দেশখন শিক্ষিত হ’ব লাগে— যি শিক্ষাই মানুহৰ মন ভয়হীন কৰি গঢ়ি তোলে, শিৰ উচ্চ কৰি চলিবলৈ শিকায়। যি শিক্ষাই মুক্ত জ্ঞানেৰে মানুহক জ্ঞানী কৰে। যি শিক্ষাই যুক্তি আৰু বিজ্ঞান-মানসতাৰে পৃথিৱীখনক চাবলৈ শিকায়। যি শিক্ষাই মানুহক মানুহৰ পৰা দূৰ নকৰে, মানুহক ঘিনাবলৈ নিশিকায়!

দুখৰ বিষয়, আজিৰ ভাৰত এই প্রার্থনা আৰু সপোনৰ পৰা বহু মাইল দূৰত। ৰবীন্দ্রনাথে প্রার্থনা কৰাৰ এশ বছৰৰ পাছতো ভাৰত ধৰ্ম আৰু জাত-পাতৰ নামত বিভক্ত। ভাগ ভাগ ভাৰতত মনবোৰ ভয়ার্ত। অপযুক্তি আৰু অপবিজ্ঞানে ঘোলা কৰি ৰাখে ‘উচ্চ শিক্ষিত’ মানুহৰ মগজু। আনকি ৰাম হনুমান-ভগৱানৰ জাত-পাতৰ আলোচনাও চলে আজিৰ ভাৰতত।

নৱ ভাৰতত নত-মস্তক আৰু নতজানু হৈ থাকে ৰবীন্দ্ৰনাথৰ সপোন…।

হৃদয় য’ত ভয়শূন্য | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook