‘শ্ৰীশ্ৰীশঙ্কৰদেৱৰ জন্মযাত্ৰা’ নাটৰ ৰচক সত্ৰীয়া সংস্কৃতিৰ ওজা প্ৰয়াত গিৰিকান্ত মহন্তৰ বিষয়ে যৎকিঞ্চিৎ

‘শ্ৰীশ্ৰীশঙ্কৰদেৱৰ জন্মযাত্ৰা’ নাটৰ ৰচক সত্ৰীয়া সংস্কৃতিৰ ওজা প্ৰয়াত গিৰিকান্ত মহন্তৰ বিষয়ে যৎকিঞ্চিৎ
  • 14 Oct, 2021

সমৰ সমাজ জীৱনলৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অৱদানৰ বিষয়ে নকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই। ৫৭২ বছৰৰ পূৰ্বেই অসমৰ ভূমি পৱিত্ৰ কৰি যি সৰ্বগুণগ্ৰাহী ধাৰা সৃষ্টি কৰিলে, সেই ধাৰা অসমৰ বুকুয়েদি চিৰকাল বৈ থাকিব। তেৰাৰ প্ৰৱৰ্তিত এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গীত-নাট-বাদ‍্য-নৃত‍্যৰ এক অপূৰ্ব সমাহাৰ ঘটাইছিল। সেই চৰ্চা আজিও অসমত প্ৰচলিত হৈ আছে।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ঊনৈশ বছৰ বয়সত ১৪৬৮ খ্ৰীষ্টাব্দত ‘চিহ্নযাত্ৰা’ ভাওনা প্ৰদৰ্শনেৰে সত্ৰীয়া কলা-কৃষ্টিৰ ধাৰাটোৰ বীজ ৰোপণ কৰিছিল। এই নাট‍্য প্ৰদৰ্শনতে সৃষ্টি হৈছিল খোল, গায়ন-বায়ন, ভটিমা, গীত, নৃত্যৰ কলা-শৈলী। শ্ৰীশ্ৰীবটদ্ৰৱা স্থানৰ এই প্ৰদৰ্শন আছিল ভাৰতৰ প্ৰান্তীয় ভাষাৰ প্ৰথম নাট প্ৰদৰ্শন। ‘চিহ্নযাত্ৰা’ই ৰোপণ কৰি যোৱা কলা-কৃষ্টিসমূহৰ পৰিৱেশন, পৰিবৰ্দ্ধন, প্ৰচাৰ আৰু প্ৰসাৰত যোৱা পাঁচশ একাৱন্ন বছৰে শদিয়াৰ পৰা ধুবুৰীলৈকে খ্যাতনামা, অল্পখ্যাত আৰু অখ্যাত অনেকেই ভাগ লৈ অহিছে। কোনোৱে লেখনিৰে, কোনোৱে বক্তব‍্যৰে, কোনোৱে সংগঠক ৰূপে, আন কোনোৱে হয়তো গায়ন-বায়ন, সূত্ৰ, পাঠক, নামতী, ভাৱৰীয়া, ভাওনাৰ আহাৰ্য‍ৰ ভাণ্ডাৰী বা ৰূপ-সজ্জাকৰ-খনিকৰ ৰূপে।

গুৰু শঙ্কৰৰ দিনত বন্ধা কলা-কৃষ্টিৰ ভেটিটো শ্ৰীশ্ৰীমাধৱদেৱৰ দিনত পৰিকল্পিত ৰূপত সত্ৰসমূহৰ যোগেদি নাট‍্য-নৃত‍্য শৈলীৰ লগতে নামঘৰীয়াৰ বিভিন্ন কৰ্মৰে পৰিৱৰ্দ্ধন ঘটে। নৃত‍্য, গীত, নাট‍্যৰ উপস্থাপনত বহুতো গুণী-জ্ঞানীৰ কলাত্মক সৃজনীশীলতাই ইয়াক যুগপোযোগী কৰি ৰাখিবলৈ অহৰহ প্ৰচেষ্টা চলাই ৰাখিছে। এই বিকাশৰ প্ৰচেষ্টা কলিয়াবৰতো বিদ‍্যমান। কলিয়াবৰৰ বৰেণ‍্যৰ পৰা শত-সহস্ৰজন শ্ৰমজীৱী লোক, ধনাঢ‍্যৰ পৰা নিঃস্বজন– সকলোৰে এই ক্ষেত্ৰত কম-বেছি পৰিমাণে অৰিহণা আছে। এই ক্ষেত্ৰত সততে মনলৈ অহা শ্ৰীশ্ৰীভলাগুৰি সত্ৰৰ জীৱেশ্বৰ গোস্বামী, শ্ৰীশ্ৰীখুন্দামৰা সত্ৰৰ মহেশ চন্দ্ৰ গোস্বামী, শ্ৰীশ্ৰীপুৰণি সত্ৰৰ ৰুদ্ৰকান্ত গোস্বামী, শ্ৰীশ্ৰীশ্ৰৱণী সত্ৰৰ গিৰিকান্ত মহন্ত, শ্ৰীশ্ৰীমাধৱ আতা সত্ৰৰ তিলক মহন্ত, শ্ৰীশ্ৰীবিহিমপুৰ সত্ৰৰ থুলেশ্বৰ মহন্ত, সৰুভগীয়াৰ নাৰায়ণ মুক্তিয়াৰ, শ্ৰীশ্ৰী মাউৰা গোৱিন্দ সত্ৰৰ যোগেন গোস্বামী— এই প্ৰয়াতসকল প্ৰণিধানযোগ‍্য। আজিৰ এই আলোচনাৰ মধ‍্যমণি শ্ৰীশ্ৰীশ্ৰৱণী সত্ৰৰ প্ৰয়াত গিৰিকান্ত মহন্ত।

সত্ৰীয়া কলা-কৃষ্টিৰ বিকাশত গিৰিকান্ত মহন্তৰ বৰঙনি চিৰস্মৰণীয় হৈ ৰ’ব। ঐতিহ‍্যমণ্ডিত কলিয়াবৰৰ শ্ৰীশ্ৰীশ্ৰৱণী সত্ৰত ১৯০৯ চনত জন্ম লাভ কৰা প্ৰয়াত গিৰিকান্ত মহন্তই ১৯২৭ চনত মাধ‍্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ কলিয়াবৰৰ আদৰ্শ বিদ‍্যাপীঠত দশম শ্ৰেণীত পঢ়ি থকা কালতে ১৯৩০ চনত অসহযোগ আন্দোলনত যোগ দিয়াৰ বাবে চাৰি মাহ কাৰাবাস খাটিছিল। ১৯৩৪ চনত শিক্ষকতা জীৱন আৰম্ভ কৰি ১৯৪১ চনত যোৰহাট নৰ্মাল স্কুলত পঢ়িবলৈ গৈছিল যদিও ১৯৪২ চনত পুনৰ স্বাধীনতা আন্দোলনত যোগ দি চাকৰিৰ পৰা বৰ্খাস্ত হ’ব লগা হয়। বহুদিন পলাটক হৈ থকাৰ বাবে নৰ্মালৰ শিক্ষা ১৯৪৪ চনতহে সম্পূৰ্ণ কৰে। তাৰ পাছত কলিয়াবৰ হাইস্কুলত ৩৮ বছৰ কাল শিক্ষকতা কৰি ১৯৭২ চনত শিক্ষক জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেখেত চৰকাৰৰ পৰা তাম্ৰপত্ৰ আৰু পেঞ্চন লাভ কৰা মুক্তি যুঁজাৰু আছিল।

‘শিক্ষক গিৰিকান্ত মহন্ত’ পৰিচয়তকৈ সত্ৰীয়া শিল্পী ৰূপেহে তেখেত অধিক পৰিচিত। এই ক্ষেত্ৰত তেখেতৰ পিতৃ দেৱকান্ত মহন্তৰ লগতে মোমায়েক শ্ৰীশ্ৰীখুন্দামৰা সত্ৰৰ প্ৰয়াত মহেশ চন্দ্ৰ গোস্বামীৰ প্ৰভাৱ অধিক। তদুপৰি শ্ৰীশ্ৰীৰূপনাৰায়ণ পোৰাভেটি সত্ৰৰ প্ৰয়াত গণেশ মহন্তৰ পৰাও সত্ৰীয়া গীত-মাতৰ শিক্ষা লাভ কৰিছিল। পাছলৈ তেজপুৰৰ শ্ৰীশ্ৰীনিকামূল সত্ৰৰ সত্ৰাধিকাৰ গহনচন্দ্ৰ গোস্বামীৰ সঙ্গ লাভ কৰি সত্ৰীয়া সংস্কৃতিৰ এগৰাকী সুনিপুণ শিল্পী ৰূপে প্ৰতিষ্ঠা লাভ কৰে। সাত বছৰ কাল শ্ৰীশ্ৰীনিকামূল সত্ৰত অতিবাহিত কৰাৰ সময়তে গিৰিকান্ত মহন্ত চকুত পৰে ৰূপকোঁৱৰ জ‍্যোতিপ্ৰসাদ আগৰৱালাৰ আৰু তেখেতক জ্যোতিপ্ৰসাদৰ নাট‍্যদলৰ সহযোগী শিল্পী হিচাপে নিৰ্বাচন কৰে। তাতে মহন্তদেৱে এক নতুন ৰূপত ঐক‍্যতান বাদনৰ সৃষ্টি কৰে। ৰূপকোঁৱৰৰ শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম আদি নাটকৰ প্ৰস্তাৱনাত সংযোজিত হোৱা ঐক‍্যতান বাদনত খোল সঙ্গত কৰিছিল গিৰিকান্ত মহন্ত আৰু গহনচন্দ্ৰ মহন্তই। সেই সময়ছোৱাতে মহন্তদেৱৰ পৰিচয় হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত। জ‍্যোতিপ্ৰসাদে গিৰিকান্ত মহন্তৰ শৈল্পিক নিপুণতা দেখি কৈছিল– ‘জাৰ্মানীত মই সঙ্গীত শিক্ষা ল’লো, বৰদোৱাত যদি মই ছমাহমান থাকিব পাৰিলোঁহেঁতেন, তেতিয়া আৰু কামত আহিলহেঁতেন। যি কি নহওক, তুমিয়েই গুৰুজনাই দি যোৱা সম্পত্তিসমূহক আঁকোৱালি লৈ আয়ত্ত কৰাৰ যত্ন কৰা। বিদেশলৈ যাব নালাগে।’ আনহাতে, প্ৰয়াত গহনচন্দ্ৰ গোস্বামীৰ লগত অৰুণাচলৰ পাহাৰীয়া ছাত্ৰ-ছাত্ৰীসকলক খোল-তাল, গীত-নাচৰ প্ৰশিক্ষণ দিয়াৰ বাবে কলাগুৰু বিষ্ণু ৰাভাই ‘পাহাৰীয়া সত্ৰীয়া শিল্পী গোসাঁই’ বুলি অভিহিত কৰিছিল। তদুপৰি, সঙ্গীত সূৰ্য‍ ড° ভূপেন হাজৰিকাই গিৰিকান্ত মহন্তৰ খোল বাদনৰ অপূৰ্ব কলাশৈলী দেখি ‘খোলৰ যাদুকৰ’ বুলি তেখেতক সম্বোধন কৰিছিল।

অসমৰ লগতে দেশৰ বিভিন্ন স্থান আৰু নতুন দিল্লীৰ গণৰাজ‍্য দিৱসত সত্ৰীয় সংস্কৃতি প্ৰদৰ্শন কৰি গিৰিকান্ত মহন্ত প্ৰশংসিত হৈছিল। ১৯৫২ চনত সেৱাগ্ৰামত বহা সৰ্বভাৰতীয় শিক্ষা সন্মিলনত সত্ৰীয়া নাচ, গীত, বাদ‍্য আদি প্ৰদৰ্শন কৰি মহন্তদেৱ ভূয়সী প্ৰশংসিত হোৱাৰ লগতে সেই সভাত উপস্থিত থকা পণ্ডিত নেহৰুৰ নিৰ্দেশ মৰ্মে মহন্তদেৱে সুকীয়া সুকীয়াকৈ সত্ৰীয়া সংস্কৃতি পৰিৱেশন কৰিব লগা হৈছিল। অসম সাহিত‍্য সভাৰ একত্ৰিংশ ডিগবৈ অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াত বৰগীত, চো-মুখা সন্নিৱিষ্ট কৰি সাংগীতিক পৰিযোজনাৰে স‍্যমন্ত হৰণ নাট পৰিৱেশন কৰি শিল্পী-সাধকগৰাকীয়ে সকলোৰে মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

১৯৫২ চনত ছিলং অনাতাঁৰ কেন্দ্ৰত ৰূক্মিণী হৰণ নাট পৰিৱেশন কৰাৰ পৰা প্ৰয়াত গিৰিকান্ত মহন্তই ঠিক মৃত‍্যুৰ আগলৈকে গুৱাহাটী আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত বৰগীত, ১৯৭১ চনত ৰূক্মিণী হৰণ অঙ্কীয়া নাট, ১৯৭৮ চনত যুৱবাণী অনুষ্ঠানত কেলিগোপাল অঙ্কীয়া নাট পৰিৱেশন কৰিছিল। সঙ্গীত নাটক অকাডেমিৰ অসম শাখাৰ তত্ত্বাৱধানত ‘বৰগীত গৱেষণা সমিতিৰ স্বৰ ৰেখাত বৰগীত’ গ্ৰন্থখন সঙ্কলন কৰোঁতে ছটা বৰগীতৰ স্বৰলিপি প্ৰস্তুত কৰণত মহন্তদেৱৰ অৱদান বিশেষভাৱে উল্লেখনীয়। সেই সূত্ৰেই ১৯৭২ চনত ভাৰত চৰকাৰৰ সঙ্গীত নাটক অকাডেমিয়ে সত্ৰীয়া সঙ্গীতৰ বিষয়ে গৱেষণা কৰিবৰ বাবে গিৰিকান্ত মহন্তক ফেল’শ্বীপ প্ৰদান কৰে। এই গৱেষণা কাৰ্য‍ ড° মহেশ্বৰ নেওগৰ তত্ত্বাৱধানত সম্পন্ন হোৱাৰ পাছত ‘সত্ৰীয় নৃত‍্য আৰু সত্ৰীয়া নৃত‍্যৰ তাল (মধ‍্য অসম)’ শীৰ্ষক গৱেষণা পত্ৰ ১৯৭৩ চনৰ ২ জুন তাৰিখে ড° মহেশ্বৰ নেওগৰ হাতত জমা দিয়ে। এই গৱেষণা পত্ৰত সত্ৰীয়া নৃত‍্য আৰু সত্ৰীয়া নৃত‍্যৰ তালসমূহৰ উপৰিও ‘গাণিকা’ৰ বিভিন্ন অংশৰ গীত ব‍্যৱহৃত ২৪খন তালৰ আৰ্য‍া, খোলৰ জন্ম বৃত্তান্ত আৰু বিভিন্ন অংশৰ আৰ্য‍া, তাল-সুৰৰ তালিকা বিষয়বস্তু হিচাপে আছিল। কিন্ত পৰিতাপৰ বিষয়, আজি পৰ্য‍ন্ত সেই গৱেষণাপত্ৰখনি গ্ৰন্থ আকাৰত প্ৰকাশ হৈ নোলাল। গিৰিকান্ত মহন্তৰ ‘খোলৰ প্ৰাথমিক জ্ঞান, আৰু ‘অঙ্কীয়া ভাওনাৰ প্ৰশিক্ষণ’ নামৰ গ্ৰন্থ দুখন সত্ৰীয়া সংস্কৃতিৰ দুখন গুৰুত্বপূৰ্ণ সমল গ্ৰন্থ যদিও এতিয়া সেই সমল বিচাৰি উলিওৱা কঠিন।

১৯৫২ চনত কলিয়াবৰৰ হাটবৰত শঙ্কৰী সঙ্গীত বিদ‍্যালয় স্থাপন কৰি ২৪বিধ বাদ‍্যৰ সমন্বয় সাধন কৰি নিজে সেই সকলো বাদ‍্যৰ শিক্ষা দি প্ৰায় সাত বছৰ কাল বিদ‍্যালয় চলায়। তেখেতৰ যত্নতে বিদ‍্যালয়খনৰ বাবে দুবছৰীয়া পাঠ‍্যক্ৰম প্ৰস্তুত কৰি সঙ্গীত নাটক অকাডেমিৰ অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল।

গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত গিৰিকান্ত মহন্তই বীৰেন্দ্ৰ নাথ দত্ত, ৰুদ্ৰ বৰুৱা, সুদক্ষিণা শৰ্মা, দীপালী বৰঠাকুৰ আদি শিল্পীসকলক বৰগীত শিকাইছিল। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা মাজে-মধ‍্যে মহন্তদেৱৰ কণ্ঠৰ বৰগীত ‘ৰাম গোসাঞি কৰহোঁ গোহাৰি’ আৰু ‘ভালি নাচে ভাল মদন গোপাল’ শুনা গৈছিল।

গিৰিকান্ত মহন্ত অঙ্কীয়া শৈলীৰ নাট ৰচনাতো পাৰ্গত আছিল। শ্ৰীশ্ৰীশঙ্কৰদেৱৰ জন্মযাত্ৰা, বৈকুণ্ঠ প্ৰয়াণ, ধৰ্ম সংবাদ, শিলাদিত‍্য বধ, নৰকাসুৰ বধ, প্ৰভাস যাত্ৰা, অশ্বকৰ্ণ-জঙ্ঘাসুৰ বধ আদি কেইবাখনো নাট উল্লেখযোগ‍্য যদিও আন ভালেকেইখন নাট ৰচনা কৰাৰ কথা শুনা যায় যদিও সেইসমূহৰ স্থিতি আজিকোপতি অজ্ঞাত হৈ আছে।

অসমৰ সমাজ-সাংস্কৃতিক-ধৰ্মীয় জীৱনৰ ত্ৰাণকৰ্তা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ বিষয়ে বিভিন্ন গ্ৰন্থাদি বিভিন্ন সময়ত ৰচিত হৈ আহিছে। গীত, কবিতা, প্ৰবন্ধ, উপন‍্যাস, চলচ্চিত্ৰ, নাট আদিতো দুজনা গুৰুৰ চৰিত্ৰৰ অৱলোকন-বিশ্লেষণ কৰা হৈছে। ১৯৩৯ চনতেই মহাপুৰুষ গুৰুজনাৰ অঙ্কীয়া নাটৰ আৰ্হিৰে ব‍্যতিক্ৰমী চিন্তাৰে গুৰুজনাৰ বিশাল গুণাৱলী বৰ্ণনা কৰাৰ প্ৰয়াস কৰিছিল গিৰিকান্ত মহন্তই। কিন্তু ব‍্যতিক্ৰমী বৰ্ণনাৰ বৰ প্ৰচাৰ আৰু প্ৰসাৰ নহ’ল। কাৰণ যিয়েই নহওক কিয়, এনে এক মহৎ কাৰ্য‍ক ৰসগ্ৰাহী সমাজৰ মাজত চিনাকি কৰাই দিয়াৰ চেষ্টা অসম সাহিত‍্য সভাৰ ত্ৰিসপ্ততিতম কলিয়াবৰ অধিৱেশনে কৰিছিল। ২০১৫ চনত কলিয়াবৰ অধিৱেশনত উদ্‌যাপন সমিতিয়ে প্ৰকাশ কৰি উলিওৱা ‘তা দেখহ শুনহ’ নাট সংকলনত ‘শ্ৰীশ্ৰীশঙ্কৰদেৱৰ জন্মযাত্ৰা’ নাটখন সন্বিবিষ্ট কৰা হৈছে। কলিয়াবৰৰ নাট‍্যকাৰসকলৰ অঙ্কীয়া শৈলীৰ নিৰ্বাচিত নাট সংকলনখনৰ সম্পাদক দেৱকান্ত মহন্তই নাটখন কেনেদৰে উদ্ধাৰ কৰিলে সেই বিষয়ে সম্পাদকীয়ত উল্লেখ কৰিছে– ‘…সত্ৰীয়া-শঙ্কৰী কলা-কৃষ্টিৰ উজাৰূপে খ‍্যাত গিৰিকান্ত মহন্তদেৱে শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মযাত্ৰা’ নামেৰে এখনি নাট প্ৰণয়ন কৰি থৈ গৈছে। সাম্প্ৰতিক সময়ত দুষ্প্ৰাপ‍্য বুলি ভবা নাটখনি আমি সৌভাগ‍্যবশতঃ ধৰ্মপুৰ (নলতলি) গাঁৱৰ সমীৰণজ‍্যোতি হাজৰিকাদেৱৰ পৰা লাভ কৰিলো। ১৯৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ পুথিঘৰ প্ৰেছত ছপা কৰা মধ‍্যম দৈৰ্ঘ্যৰ এই নাটখনি মহন্ত প্ৰভুৱে ১৯৩৯ চনতে ৰচনা কৰা বুলি (৪৯০ শঙ্কৰাব্দ) উল্লেখ আছে। কলিয়াবৰ হাইস্কুলৰ তদানীন্তন শিক্ষক বাসুদেৱ মহন্তদেৱে ৫০০ শঙ্কৰাব্দৰ ৰঙালী বিহুত এই নাটখনি প্ৰথম প্ৰকাশ কৰে। পুথিঘৰ প্ৰেছৰ স্বত্বাধিকাৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ একান্ত অনুৰাগী কমল চন্দ্ৰ বৰাদেৱে উদ‍্যোগ লৈ নাটখনি প্ৰকাশত সহায় কৰে। নাটখনিৰ উছৰ্গাত নাট‍্যকাৰে এইদৰে লিখিছে—

“…সাধু সমস্ত ভক্তবৃন্দৰ চৰণধূলি লৈ শ্ৰীমন্ত শঙ্কৰদেৱৰ পঞ্চশত বাৰ্ষিকী উৎসৱৰ এই পুণ‍্য তিথিত শ্ৰৱণী সত্ৰৰ সত্ৰাধিকাৰ স্বৰ্গীয় দেউকান্ত মহন্ত আতা ঈশ্বৰৰ অভাজন পুত্ৰ এজন্মযাত্ৰাই নিঃকিনেও সেৱা জনাই ‘শ্ৰীশ্ৰীশঙ্কৰদেৱৰ জন্মযাত্ৰা’ নাটখনি আগবঢ়াই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পাদ-পদ্মত অৰ্পণ কৰা হ’ল। ইতি—

শ্ৰীগিৰিকান্ত মহন্ত কলিয়াবৰ, শ্ৰৱণী সত্ৰ, নগাঁও (অসম)”

নাটখনি বহুলাংশে অস্পষ্ট আৰু শেষৰ অংশ-বিশেষ নথকা অৱস্থাত আমি পাওঁ। নাটভাগি সেয়ে কিছু যত্নৰে যুগুতাব লগা হৈছে। লগত ‘★’ এই চিহ্ন দিয়াৰ পৰা শেষ অংশ এই সম্পাদকেহে নিজৰ ধাৰণাৰে যোগ দিছে। অপৰাধ মাৰ্জনীয়।’

‘তা দেখহ শুনহ’ গ্ৰন্থৰ বেটুপাত
‘তা দেখহ শুনহ’ গ্ৰন্থৰ বেটুপাত

‘শ্ৰীকৃষ্ণৰ জন্মযাত্ৰা’ নাটৰ আৰ্হিত ৰচনা কৰা ‘শ্ৰীশ্ৰীশঙ্কৰদেৱৰ জন্মযাত্ৰা’ নাটখনিত সূত্ৰ, নাৰায়ণ, মহেশ্বৰ, ব্ৰহ্মা, লক্ষ্মী, পাৰ্ৱতী, নাৰদ, ইন্দ্ৰ, যম, ব‍্যাস, বশিষ্ঠ, অগষ্ট্য, দেৱাহুতি, কপিল, কুসুম্বৰ, সত‍্যসন্ধ‍্যা, খেৰসূতি, সণ্ঢৰাই, বিপ্ৰগণ, পৰিচাৰিকাৰ চৰিত্ৰ আৰু ষোল্লটি গীত সন্নিৱিষ্ট কৰা হৈছে। এই নাটখনি কলিয়াবৰৰ লগতে অসমৰ বহু ঠাইত পৰিৱেশন কৰা হৈছিল বুলি শুনা যায়। জানিব পৰা মতে, ১৯৭০ চনত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ কলিয়াবৰ আঞ্চলিক শাখাই গুৰু জয়ন্তীত এই নাটখনি শেষৰবাৰৰ কাৰণে অভিনয় কৰিছিল।

সত্ৰীয়া সংস্কৃতিলৈ গিৰিকান্ত মহন্তই আগবঢ়োৱা মহান অৱদানসমূহ সম্প্ৰতি স্বয়ং কলিয়াবৰীয়া ৰাইজেই পাহৰিছে যদিও শেহতীয়াকৈ ১৯৮০ চনৰ ১ অক্টোবৰ তাৰিখে ইহলীলা সম্বৰণ কৰা ওজা পুৰুষগৰাকীৰ মৃত‍্যু দিৱসটি দীৰ্ঘকালৰ অন্তত সমন্বিত যুৱতীৰ্থ, কলিয়াবৰ জিলা সমিতিৰ ব‍্যৱস্থাপনাত পালন কৰি তেখেতৰ অৱদানসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ বাট নকৈ মুকলি কৰিছে বুলি ভবাৰ থল আছে।

শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৩ সংখ‍্যক আৱিৰ্ভাৱ তিথিত প্ৰয়াত গিৰিকান্ত মহন্তক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আশা কৰিছোঁ, তেখেতৰ অৱদানসমূহ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰত আজিৰ প্ৰজন্মই গুৰুত্ব দিব।

তথ‍্য সূত্ৰ:

  • ‘শঙ্কৰী কলা-কৃষ্টি বিকাশত কলিয়াবৰ’, দেৱকান্ত মহন্ত, মনপুৰ-মৌচন্দা, অসম সাহিত‍্য সভাৰ ত্ৰিসপ্ততিতম কলিয়াবৰ অধিৱেশনৰ স্মাৰক গ্ৰন্থ, ২০১৫, সম্পাদক: ভূপেন শৰ্মা
  • ‘গিৰিকান্ত মহন্ত’, ঊষা মহন্ত, সোণালী সৌৰভ, স্মৃতিগ্ৰন্থ, সোণালী জয়ন্তী উৎসৱ, জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, ২০১৪, সম্পাদক: বিপুল চন্দ্ৰ ভট্টাচাৰ্য‍
  • ‘সত্ৰীয়া সংস্কৃতিৰ ওজা সাধক গিৰিকান্ত মহন্ত’, ঊষা মহন্ত, সত্ৰ-মঞ্জৰী, অসম সত্ৰ মহাসভা পত্ৰিকা, সম্পাদক: দুলাল গোস্বামী
  • সম্পাদকীয়, দেৱকান্ত মহন্ত, তা দেখহ শুনহ, কলিয়াবৰৰ নাট‍্যকাৰসকলৰ অঙ্কীয়া শৈলীৰ নিৰ্বাচিত নাট সংকলন, অসম সাহিত‍্য সভাৰ ত্ৰিসপ্ততিতম কলিয়াবৰ অধিৱেশন, ২০১৫
  • ‘ঐতিহ‍্যমণ্ডিত কলিয়াবৰ’, লীলাধৰ বৰা, লয়াৰ্ছ বুকষ্টল
‘শ্ৰীশ্ৰীশঙ্কৰদেৱৰ জন্মযাত্ৰা’ নাটৰ ৰচক সত্ৰীয়া সংস্কৃতিৰ ওজা প্ৰয়াত গিৰিকান্ত মহন্তৰ বিষয়ে যৎকিঞ্চিৎ | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook