তৰগ ৰস ৰস ইন্দু

তৰগ ৰস ৰস ইন্দু
  • 12 Jul, 2020

‘অ ই অই অৰিন্দম, সোনকালে আহ। অথনিৰে পৰা তোৰ বাবে ৰৈ আছোঁ।’

একেজাঁপে চকীখনৰ পৰা উঠি আলনাত থকা চাৰ্টটো হাতত লৈয়ে বাৰাণ্ডা পালোহি। ইয়াৰ, এই অভিনৱটোৰ কলেজীয়া দিনৰ ঢেৰেকনিটো সলনি নহ’লেই। তাৰ কথাৰ ছেৱেই তেনেকুৱা। তাতে যোৱা কেইদিনমানৰ পৰা আমাৰ দুয়োৰে বন্ধু যুগতীৰ্থ আহি আমাৰ আলহী হৈছে। গতিকে তিনিও লগলাগি নৰক গুলজাৰ কৰি আছোঁ।

‘তোৰ মৰাপাট কলৰ চাকৰিটো বাদ দি এইবাৰ শিলঘাটৰ পৰা ওলা বুজিছ। আটাইকেইটা সেই আগৰ দিনবোৰৰ দৰে গুৱাহাটীতে ঘৰ এটা ভাড়া লৈ থাকোঁগৈ।’
‘হেৰ’, ক’বলৈ বৰ সহজ অ’। থাকিবি কেনেকৈ, খাবি কি?’
‘ভোজনং যত্ৰ তত্ৰ শয়নং হট্ট মন্দিৰে।’
‘তোৰ মূৰটো। মোৰ হ’লে ইয়াত থাকি বৰ ভাল লাগিছে। তহঁতৰ গুৱাহাটীৰ দৰে গেলা গৰম, বানপানী আৰু বাটে-পথে ক্ৰাইম— একো নাই ইয়াত। ঘৰত, বাহিৰত য’তেই নাথাক কিয় এচিত থকাৰ দৰে লাগে। আজিৰ দিনতো কিছু গছ-গছনি আছে এইবিলাক ঠাইত। বহুতৰে লুভীয়া চকুৰ পৰা হাত সাৰি পাহাৰ-পৰ্বতো আছে কিছু আৰু মুকলি ঠাইও আছে। মন গ’লে হাবিৰ মাজেৰে, পাহৰৰ মাজেৰে, চাহ গছৰ মাজৰ লুংলুঙীয়া বাটেৰে গৈ নৈৰ পানীত সদায় আবেলিৰ বেলিটো চাব পাৰি। দীঘলীয়া বাটেৰে বহুদূৰলৈ খোজকাঢ়ি যোৱাৰ আনন্দ পাব পাৰি।’
‘অই অই তীৰ্থ, ইয়াৰ টেমাটোচোন আগৰ দৰে আছে অ’। অকণো উন্নতি হোৱা নাই। ইয়াক অলপ মানুহ কৰিব লাগিব।’

যুগতীৰ্থই হাঁহি হাঁহি মোলৈ চালে।
‘আজি পাছে আমাক কি দেখুৱাবলৈ নিবি?’
‘হাতীমূৰা পৰ্বত।’
‘কি অদ্ভুত নাম অ’ এইটো। হাতীৰ মূৰটোৰ লগত তহঁতে আকৌ পৰ্বত কেলেই সাঙুৰি দিলি অ’ সোণটো? বেচেৰা হাতীয়ে কি দোষ কৰিলে যে আমি সেই সৰুতে ‘ষ্টেচু’ বুলি ক’লেই য’তে যেনেকৈয়ে থাকোঁ ৰৈ থকা খেলটোকে খেলিবলগীয়া হ’ল?’
‘মই নাই কৰা অ’ এইবোৰ। আগৰে পৰা সেইটোৱে নাম। ব’ল, লেকচাৰ এৰ এতিয়া।’
‘উঃ! গাড়ীখনত ইমানসোপা পানীৰ বটল কেলেই থৈছ?’
‘তোৰ মূৰত ঢালিবলৈকে অ’ বছ। চাওঁ ষ্টিয়েৰিং মোক দে।’

কিছুপৰৰ পাছত আমি চিৰি বগাই হাতীমূৰা পৰ্বতৰ ওপৰলৈ উঠি গ’লো, পাহাৰখনে যিমান পাৰি ওখ হৈ আকাশ চুবলৈকে যেন চেষ্টা কৰিছে। আৰু সেইবোৰত ওলমি লুকাভাকু খেলাত ব্যস্ত হৈ আছে অজস্ৰ বান্দৰ। প্ৰাণপণে মাকৰ গাত খামুচি ওলমি থকা কণ কণ পোৱালিবোৰ দেখি বৰ ভাল লাগিল। অমাত জন্তুৰ মাজতো মাতৃত্বৰ স্নেহ কেনেকৈ ফুটি উঠিছে।

মন্দিৰটোৰ পিছফালেও হাবি আৰু পাহাৰ। ৰেলিং দি থোৱা আছে। বেলৰ গছবোৰত পকা বেল। আম, কঁঠাল আৰু নাৰিকলবোৰ বান্দৰে নোচোৱে হেনো। ফুলৰ গছো আছে দুই চাৰিজোপা, অৰ্থাৎ দেৱতাৰ নৈবেদ্য আৰু ফুলৰ ব্যৱস্থা নিজে নিজে যোগাৰ হৈ আছে।

হঠাতে যুগতীৰ্থই হাউলি কিবা এটা বুটলি ল’লে। মই বৰকৈ মন নিদিলো, বান্দৰৰ বান্দৰালিবোৰে মোক বৰ আমোদ দিছিল। অভিনৱৰ ফটো তোলাৰ চখটো দেখিছোঁ আগৰ দৰে আছে। পঞ্চাশ মেগা পিক্সেলৰ কেমেৰাটো বাহিৰৰ পৰা অনা। তাৰ বৰ মৰম সেইটোলৈ। বিভিন্ন এংগোলৰ পৰা মন্দিৰ আৰু পাহাৰখনৰ বহুতো ফটো তুলি ল’লে সি।

‘আজি দেওবাৰ যেতিয়া একো অসুবিধা নাই দে। বাটত ক’ৰবাত ধাবা এখনতে ভাত এমুঠি খাই তেজপুৰলৈ গুচি যাম। তাত অলপ পেটৰ কথা আছে।’ কেমেৰাটো দেখুৱাই সি হাঁহিলে। অৰ্থাৎ ক’ৰবাত চাগে ফটো দিবলৈ আছে। তাৰ হাতখন ভাল আৰু সঁচা অৰ্থত ফটোগ্ৰাফীৰ বিষয়ে ভাল নলেজ আছে ল’ৰাটোৰ। কেবাবাৰো আন্তৰ্জাতিক প্ৰতিযোগিতাত পুৰস্কাৰো পাইছে। তেজপুৰ আৰু যোৰহাটলৈ চাকৰিৰ কামত সি প্ৰায়ে গৈ থাকিব লাগে। আহোঁত-যাওঁতে সময় হাতত থাকিলে আমি লগালগি হৈ সোঁৱৰণিৰ কুঁৱলি ফালোঁ।

হঠাতে অভিনৱ আগুৱাই যাবলৈ ধৰিলে। চিৰিৰে নামি এইবাৰ পুনৰ কাষৰ বাটটোৰে পাহাৰখনৰ ওপৰলৈ উঠিবলৈ ধৰিলে সি। মই মন্দিৰৰ পিছফালৰ ৰেলিঙৰ ওচৰতে থিয় হৈ তালৈ চাই থাকিলো। বহুপৰৰ মূৰত সি উভতি আহিল। তাক বৰ চিন্তিত যেন লাগিছিল। আহোঁতে গোটেই বাটটোত সি কাকো মাতবোল নকৰিলে। তেজপুৰলৈ নগৈ সি আমাৰ লগতে শিলঘাটলৈকে উভতি আহিল। ৰাতিটো মোৰ কোৱাৰ্টাৰতে মদনে বঢ়িয়াকৈ ৰান্ধি আটাইকে খুৱালে। এনেয়ে মই নিজেই ভাতমুঠি ৰান্ধি খাওঁ, আজি আহোঁতে পলম হ’ব পাৰে বুলি সততে মোক ইটো-সিটো কৰি সহায়ৰ হাত আগবঢ়োৱা মদনকে ৰান্ধিবলৈ কৈ গৈছিলো।

ভাত খাওঁতেও বৰ অন্যমনস্ক হৈ আছিল অভিনৱ। অৱশেষত ৰ’ব নোৱাৰি মই সুধিয়ে পেলালো, ‘বছ, বৰ মনে মনে আছ যে? কি হ’ল হঠাতে?’ সি সেমেকা হাঁহি এটাৰে মূৰ দুপিয়ালে। মোৰ কিবা আখজা যেন লাগিছিল, এনেকৈ থকা ল’ৰা নহয় সি। নিশ্চয় সি কিবা এটা লুকুৱাইছে। আজি ৰাতিটো বাৰু তাক নিজৰ মতে চিন্তা-ভাবনা কৰিবলৈ দিয়া যাওক। কাইলৈ দেখা যাব। তাক আৰু আমনি নকৰি মই ডন ব্ৰাউনৰ ‘দ্য লষ্ট চিম্বল’খন লৈ বিছনাত বাগৰিলো। সিটো কোঠালিত যুগতীৰ্থ টিভি চোৱাত লাগিল।

ৰাতিপুৱা সোনকালে উঠি খোজকাঢ়িবলৈ যোৱাটো মোৰ বহুদিনৰ অভ্যাস। স্কুলীয়া দিনত চাৰি বজাতে উঠি ফুটবল বা ক্ৰিকেটৰ কোচিং কৰিছিলো। সাত বজাৰ পৰা চাৰে আঠ বজালৈ টিউচন, ন বজাত স্কুলৰ বাবে সাজু হৈছিলো। কলেজীয়া জীৱনত অৱশ্যে পঢ়াৰ চাপ বাঢ়ি যোৱাৰ বাবে ফুটবল-ক্ৰিকেটৰ কোচিং কেৱল বন্ধৰ দিনতহে সম্ভৱ হৈছিল। বহু নিশালৈ পঢ়িবলগীয়া হোৱাত পুৱতি নিশা টোপনিটো গাঢ় হৈ পৰিছিল।

‘আজিকালি ফুটবল, ক্ৰিকেট এইবোৰ কিবাকিবি খেলনে নাই?’ যুগতীৰ্থই চাহৰ মেজত এমোকোৰা হাঁহিৰে সুধিছিল। মোৰ নিষ্প্ৰভ হাঁহিটোৱে নীৰৱে উত্তৰ দিছিল।
‘তহঁতে বাৰু সেই মানুহজনক আগতে দেখিছনে?’
‘কোনজন মানুহৰ কথা কৈছ?’
‘সেই যে মই কালি কথা পাতিছিলো। হাতীমূৰাত।’
‘হাতীমূৰাত আমি মন্দিৰত সেৱা কৰিবলৈ অহা যাত্ৰীসকলকহে পাইছিলো। তাত চিনাকি মানুহ পোৱা নাছিলো দেখোন।’
‘নহয় অ’, মন্দিৰত নহয়; পিছফালৰ সেই পাহাৰখনত মানুহজনক দেখা পাই আগবাঢ়ি গ’লো। বৰ চিনাকি যেন লাগিছিল।’
‘মই নেদেখিলো নহয়। আকৌ এদিন যাম বাৰু আটায়ে একেলগে।’
‘আকৌ এদিন নহয়, আজিয়ে ওলা আকৌ।’
‘হেৰৌ, চাকৰি এটা আছে নহয় মোৰ। শিলঘাটৰ মৰাপাট কলটোৰ বিশেষত্ব কি জান জানো? ঊনৈশ শ পঁচাশী চনলৈ কলটো তেতিয়াৰ শইকীয়া চৰকাৰে বন্ধ কৰি থৈছিল। অগপ চৰকাৰ আহিল পঁচাশী চনৰ ডিচেম্বৰত। আহিয়ে চিয়াশী চনৰ এক জানুৱাৰীত মৰাপাট কলটো খুলি ৰাইজৰ উদ্দেশ্যে উছৰ্গা কৰিলে। তেতিয়াৰ পৰা এতিয়ালৈকে মৰাপাট কলটো এদিনলৈও বন্ধ হোৱা নাই। প্ৰত্যক্ষভাৱে চাৰে আঠশতকৈও বেছি মানুহে চাকৰিৰ জৰিয়তে সংস্থাপন পাইছে। আকৌ খেতিয়ক, বনুৱা, চাপ্লায়াৰ, ট্ৰাক মালিক, ড্ৰাইভাৰ আদি বহুতো মানুহৰ পৰোক্ষভাৱে ভাতমুঠিৰ ব্যৱস্থা হৈছে। ধৰ্ণা, অসম বন্ধ আৰু কোনো ধৰণৰ তেনেকুৱা কাৰ্যসূচীবোৰ মেচিন চলাত বাধা হৈ থিয় দিব পৰা নাই। মৰাপাটৰ পৰা যে কিমান ধৰণৰ বস্তু তৈয়াৰ হয়, চাহপাতৰ বেগৰ পৰা বিয়াই-সবাহে পৰা কাৰ্পেট আৰু আনকি ভিন ভিন বিধৰ ৰচি, হেচিয়ান কাপোৰ। চালে বৰ ভাল পাবি তহঁতে। এদিন লৈ যাম ৰ।’
‘হ’ব দে বুজিলো, এই বয়সত ধুনীয়া ছোৱালীৰ প্ৰেমত পৰিবলৈ এৰি এওঁ মৰাপাট কলৰ প্ৰেমতহে পৰিল। হায় হায়! তোৰ দুখ দেখি বাটৰ কাউৰী-শিয়ালেও কান্দিব। মানুহ নহলি তই আৰু।’ যুগতীৰ্থই অভিনৱৰ কথাৰ সুৰটো নকল কৰি মোক জোকোৱাত লাগিল।
‘সেইবোৰ এৰ বছ, আজি কেনেবাকৈ বাংক্‌ কৰিব পাৰি যদি চা। হাতীমূৰা আৰু শিলঘাটৰ কামাখ্যা মন্দিৰ আজিৰ মিছন।’ এইবাৰহে অভিনৱৰ মাত শুনা গ’ল। মাতটোত পাছে সদায় শুনি থকাৰ দৰে প্ৰাণ নাছিল। তাক বৰ চিন্তিত যেন লাগিছিল।
‘শিলঘাটৰ কামাখ্যালৈ যাৱ যদি এটা কাম কৰ না তহঁতে, ভাতকেইটা খাই আহি থাক, মই সোনকালে অফিছলৈ যাওঁ। এঘণ্টাৰ কাম আছে মোৰ, মই গৈ পায়েই গাড়ীখন পঠাই দিম।’
‘হেৰৌ, আলৰ বুঢ়া বুলি ভাবিছ নেকি আমাক? তই আমাক শিলঘাটৰ কামাখ্যা মন্দিৰৰ ওপৰতে পাবি যা, এতিয়া ওলা। তই কাম শেষ কৰ মানে আমি পাহাৰটোকে ঘূৰি-পকি চাম। ফটো তুলিবও পাৰিম। ব’ল, সোনকালে।’

সেইমতেই সকলো হ’ল। প্ৰডাকচন মেনেজাৰক মোৰ কথাখিনি বুজাই কৈ সিদিনাই কৰিবলগীয়া দৰকাৰী কামকেইটা শেষ কৰি ওলাই আহোঁতে প্ৰায় ডেৰ ঘণ্টাই লাগিল। দুয়োকে কামাখ্যা মন্দিৰৰ পাহাৰটোতে পালোগৈ। অফিছৰ একেবাৰে গাতে লগা পাহাৰখন। আহোম ৰজাৰ সৈতে মোগলৰ যুদ্ধ হোৱাৰ বৰতোপৰ গোলাবোৰ এতিয়াও তাত মাটি খান্দিলে পোৱা যায় হেনো। কিছুসময় তাতে থাকি আমি এইবাৰ ওলালো হাতীমূৰালৈ।

‘কালি ইয়াতে এইটো পাইছিলো, চাচোন।’ যুগতীৰ্থই পকেটৰ পৰা এটা তামৰ পইচা উলিয়াই দেখুৱালে। ‘ৰাতি ভালদৰে চোৱা নহ’ল। ৰাতিপুৱাহে দেখিলো ইয়াত কিবাকিবি অঁকা আৰু লিখা আছে। ৰজাদিনীয়া বস্তু নেকি আকৌ।’

আমি তিনিও মনপুতি চালো। এইবিলাক বিষয়ত বৰ বিশেষ নাজানো যদিও মুদ্ৰাটোত মূৰ্তি এটা দেখিলো। দেৱী দুৰ্গাই হাতত ত্ৰিশূল লৈ থকা যেন লাগে। পিছফালে লুটিয়াই চাওঁতে কিবাকিবি আখৰ লিখা থকা যেন লাগিল। ধৰিব নোৱাৰিলো।

‘কালি গোটেই নিশা মোৰ টোপনি নহ’ল। লাইটটো নুমালেই কোঠালিটোত কোনোবা ঘূৰি ফুৰা যেন লাগে।’
‘ধেৎ, একৈশ শতিকাৰ ডেকা ল’ৰাই আজিৰ কম্পিউটাৰৰ যুগত এইবোৰ কি কৈছ?’ মই উৰুৱাই দিলো। ‘সেইটো কোৱাৰ্টাৰত ইমান দিনৰ পৰা আছোঁ, মোৰ আগতেও কতজন থাকি গৈছে। তেতিয়াও একো শুনা নাই, তই আকৌ…?’
‘এৰা অ’, সেইকাৰণে সংকোচতে মই ৰাতিপুৱাৰ পৰা একো কোৱা নাছিলো। কিন্তু মনটো বৰ গধুৰ লাগি থকা বাবে এতিয়া কৈ পেলালো।’
‘বাৰু দে, নেমু টেঙা ঘঁহি তামৰ মুদ্ৰাটো অলপ চাফা কৰি ল’ব লাগিব। তাৰ পাছত ভালদৰে চাব পৰা যাব।’
‘তাতকৈ ভাল চাফা হ’ব পাৰে।’— হঠাতে পিছফালৰ পৰা কোনোবাই কৈ উঠিল। মই চক খাই জঁপিয়াই উঠিলো। উভতি চাই তিনিও আচৰিত হ’লো, এজন তেনেই সাধাৰণ গঞা মানুহ। পিন্ধনত আঁঠুলৈকে বহল ঘৰত বোৱা কাৰ্বি গামোচা আৰু হাত কটা ঢিলা চোলা এটা। মুখখনত সময়ে আপোনমনে অকণো বাধা নোপোৱাকৈ নানা নক্সা আঁকিছে।
‘কোনোবাই কিবা পাইছে ইয়াত, নহয় জানো? দেখুৱাওকচোন।’ মানুহজনৰ চেহেৰাটো তেনেই হোজা যেন লাগে যদিও মাতটো এইবাৰ টান সুৰতে ওলাল। সঁচা কোৱাত লাজ নাই। আমি আটাইকেইজনে অলপ থতমত খালো।
‘এয়া চাওক।’ যুগতীৰ্থই মুদ্ৰাটো আগবঢ়াই দিলে। মানুহজনে ঘূৰাই-পকাই চালে, তাৰ পাছত হঠাতে বৰ গহীন হৈ সেইটো পুনৰ ওভোতাই দি আমাক তাতে ৰ’বলৈ ইংগিত দিলে। গহীন দীঘল দীঘল খোজেৰে এইবাৰ তেওঁ মন্দিৰলৈ সোমাই গ’ল। অলপ পাছতে তিনিখন পদুমৰ পাতত বুট-মগুৰ প্ৰসাদ আৰু সুকীয়াকৈ অকণমান ধোৱা চাউল লৈ ওলাই আহিল। মন্দিৰৰ পিছফালে ভক্তসকলৰ বাবে পানীৰ ব্যৱস্থা আছে। টোপোলাকেইটা আমাৰ হাতত দি তেওঁ সেইফালে ইংগিত কৰিলে। অৰ্থাৎ হাত-মুখ ধুই আমি প্ৰসাদ খাব লাগে। গছৰ ছাঁত বহি আমি প্ৰসাদ খোৱাত লাগিলো। তেওঁ ধোৱা চাউলকেইটাৰ মাজত মুদ্ৰাটো থৈ ঘঁহিবলৈ ধৰিলে। কিছু সময়ৰ পাছতে সেইটো একেবাৰে নতুনৰ দৰে চিকমিকাই উঠিল। আমি আচৰিত।

‘তোমালোকে নাজানা চাউল আৰু পানীৰে তামৰ মুদ্ৰা, তামৰ বাচন ধুব লাগে।’ মানুহজনৰ মাতত আন্তৰিকতা। সম্বোধনটোও সলনি হোৱা যেন মন কৰিলো। ‘সেই তাহানিৰে পৰা এইবোৰ এনেকৈয়ে ধোৱা হৈ আহিছে। এইবাৰ চোৱাচোন কি লিখা আছে এইটো ছবিত, দেখাত ৰজা যেন লাগে, আখৰবোৰ চেষ্টা কৰি চালে চিনিব পাৰি— তৰগ ৰস ৰস ইন্দু।’
‘অৰ্থাৎ? এই শব্দবোৰৰ অৰ্থ কি?’
‘সময়ত বুজিবা। পাছে এইটো যাৰ তেৱেঁ তোমাৰ পৰা আনিবলৈ কাৰোবাক পঠাব। কেইদিনমান ৰাখা বাৰু। বহুত পৰিৱৰ্তন আহিব পাৰে, ভয় নকৰিবা।’

আমাক হতবাক কৰি তাতে এৰি থৈ ৰাজহাড় পোন কৰি দীঘল দীঘল খোজেৰে তেওঁ গ’লগৈ। পিছফালৰ পৰা তেওঁ যোৱা চাই থাকিলো আমি।

‘এইজন মানুহকে মই কালি দেখিছিলো। তেওঁ মোক মাতিছিল, সেয়ে পাহাৰ বগাই তেওঁৰ ওচৰলৈ গৈ আছিলো। আচলতে মোক কিহবাই টানি নিয়াদি নিছিল। পাছে মানুহজনক য’ত থিয় হৈ থকা দেখিছিলো, সেইখিনি পাই মানুহজনক আৰু নেদেখিলো। কালি দেখোঁতে বৰ উজ্জ্বল হাঁহিমুখীয়া যেন লাগিছিল। আজিৰ দৰে নহয়।’
‘তোৰ ক’ৰবাত কিবা ভুল হৈছে চাগে। এইবোৰ বাদ দে, তামৰ মুদ্ৰাটো পিছে এইকণ সময়তে নতুনৰ দৰে হৈ গ’ল নহয়নে?’ মই দুয়োৰে মনটো আনফালে ঢাল খুৱাবলৈ চেষ্টা কৰিলো।
‘এই পাহাৰখন পাছে বেচ ভাল লগা দেই। ঠাণ্ডা আৰু ইমান গছ-গছনিৰে ভৰা। কিয় বাৰু ইয়াৰ নামটো হাতীমূৰা হ’ল জাননে?’
‘ক’ৰবাত পঢ়িছিলো অ’। আহোম ৰজা প্ৰমত্ত সিংহদেৱে এক বিশেষ পৰিস্থিতিত এই মন্দিৰটো সজাইছিল। বৰ ইণ্টাৰেষ্টিং কাহিনীটো।’
‘তোৰ বৰ উৎসাহ দেখিছোঁ। তথ্যচিত্ৰ এখনকে কৰিব পাৰ দেখোন। ইমান সুন্দৰ জীয়া কাহিনীবোৰ থাকোঁতে সমল বিচাৰি আমাৰ মানুহবোৰে দিহিঙে-দিপাঙে ঘূৰি ফুৰে।’
‘কৰিব পাৰোঁ বুজিছ। এটা ভাল কাম হ’ব। তই বাৰু কাহিনীটো আগতে কচোন।’
‘যদি সঁচাকৈয়ে কাহিনীটো শুনিব বিচাৰিছ, তেন্তে আহোম ৰজা প্ৰমত্ত সিংহৰ দিনলৈ উভতি যাব লাগিব।’ মই অলপ ৰৈ দুয়োৰে মনৰ ভাব অনুমান কৰিবলৈ চেষ্টা কৰিলো।
‘তাৰমানে ইয়াত অসম বুৰঞ্জীও সোমাই আছে? বুৰঞ্জী আধাৰিত কাহিনী?’
‘এৰা অ’, ঠিকেই ধৰিছ।’
‘বুৰঞ্জীৰ আধাৰত চলি অহা বহুত কাহিনীত পাছে সময়ে নিজৰ কাৰিকৰী খটুৱায়। সঁচাৰ সৈতে বহুতো কল্পনা মিহলি হৈ থাকে।’
‘ঠিকেই কৈছ। পাছে বহু ধৰণৰ সমলৰ পটভূমি আৰু শক্তিশালী ভেটিও আছে, য’ত এই কাহিনীবোৰে সমৰ্থন পায়, বিশ্বাসযোগ্য হৈ পৰে।’
‘বাৰু ইয়াৰ কথা বাদ দে, অৰিন্দম তই কৈ যা।’ যুগতীৰ্থই মোক উৎসাহ দিলে।
‘অ’ কি কৈছিলো, স্বৰ্গদেউ চুচেংফা বা প্ৰমত্ত সিংহ ৰজাৰ দিনৰ কথা। শকটো আছিল ১৬৬৭। সেই সময়তে এবাৰ স্বৰ্গদেৱে কমতাপুৰৰ পৰা ৰংপুৰলৈ উজাই আহি থাকোঁতে ভোমোৰাগুৰি পাহাৰৰ ওচৰ পালে। ৰাতি হৈ আহিছিল। এনেতে হঠাতে স্বৰ্গদেউৰ চকুত পৰিল, সৌৱাচোন পানীত কিহবাই কক্‌বকাই আছে। ভালদৰে মন কৰি তেওঁ বুজি পালে সেয়া এজনী অতি সুন্দৰী ছোৱালীহে। ৰজাৰ মনটো দুখ আৰু সহানুভূতিৰে ভৰি পৰিল। বৰ আৱেগিক হৈ তেওঁ নাৱৰীয়াসকলক যেনেতেনে ছোৱালীজনী উদ্ধাৰ কৰি নাৱত তুলি ল’বলৈ আদেশ দিলে। পাছে নাৱৰীয়াসকলে বহু কষ্টৰ মূৰত তেওঁক উদ্ধাৰ কৰি অনাৰ পাছত দেখা গ’ল ছোৱালীজনীয়ে নাৱত এখন্তেকো থিৰেৰে নাথাকে। হাতীৰ মূৰৰ দৰে আকৃতিৰ পাহাৰটোলৈ দেখুৱাই তেওঁ বাৰে বাৰে ইংগিত দিবলৈ ধৰিলে বোলে নাওখন তালৈ নিব লাগে। নিশা ভালেখিনি হৈছে তেতিয়া। হঠাতে ছোৱালীজনীয়ে নাৱতে নাচিবলৈ ধৰিলে। সেই উদ্দাম নাচোনে সকলোকে বৰ আতংকিত কৰি পেলালে। তেতিয়াই নাৱৰীয়াসকলে গম পালে, নাও আৰু আগনাবাঢ়ে, ওচৰৰ পৰ্বতৰ কাষৰ ঘূলি এটাত নাওখন লাগি ধৰিছে। ৰজাৰ মনত কিবা সন্দেহে বাহ ল’লে, তেওঁ নাচি থকা ছোৱালীজনীৰ গাত কিবা দেও-ভূত লম্ভিল চাগে বুলি ভাবি চমতাৰে কোবাই নৈত পেলাই দিবলৈ আদেশ দিলে। সেইমতে ছোৱালীজনীক কোবাই ঘূলিটোত পেলাই দিয়া হ’ল।’
‘দেখিছ? নিশাখন কণমানি অসহায় ছোৱালীজনীক দেশৰ ৰজাই কেনেকৈ নিৰ্যাতন কৰি পানীত ডুবাই মাৰি পেলালে?’ অভিনৱে হঠাতে কৈ পেলালে। ‘আগৰ দিনৰ ৰজা মহাৰজাবোৰ বৰ নিষ্ঠুৰ আছিল অ’।’
‘ৰচোন ৰ। কথাবোৰ তই ভবাৰ দৰে নহয় যেন লাগিছে। ইয়াক ক’বলৈ দেচোন। অৰিন্দম, তই কৈ যা, বৰ ইণ্টাৰেষ্টিং কাহিনীটো।’

অভিনৱে চাপোৰ্ট নাপাই যুগতীৰ্থলৈ পোন্দোৱাকৈ চালে, তাৰ পাছত চিঞৰি দিলে। তাৰ কাণ্ড দেখি আমি হো হোৱাই হাঁহি পেলালো। সিও আৰু থাকিব নোৱাৰি আমাৰ হাঁহিত যোগ দিলে।
‘দে, তোৰ পাণ্ডিত্যৰ পৰা আমাৰ আৰু নিস্তাৰ নাই যেন পাইছোঁ। ক, কৈ থাক।’
সি হাতত কেতিয়াবাৰে পৰা লৈ থকা পদুমৰ পাতখিলা আমাৰ ফালে জোকাৰি গ্ৰীন চিগনেল দিলে। তাৰ এনেকুৱা ল’ৰামতীয়া স্বভাৱবোৰৰ সৈতে আমাৰ চিনাকি আছে। আগৰ পৰাই সি তেনেকুৱা। তাক সেইবাবে বৰ ভাল পাওঁ।
‘সেই ছোৱালীজনী খন্তেক পাছতে ঘূলিটোত নেদেখা হ’ল। ৰজাৰ নাও উজাই যাবলৈ ধৰিলে। এসময়ত কাজিৰঙা পাই নাৱৰীয়াসকলে নিশাটোৰ বাবে তাতে নাও বান্ধিলে। ৰজাৰ লগত সৈন্য-সামন্ত, পাইক, অলধৰাসকলৰ এটা বৃহৎ দল আছিল। নিশা কাজিৰঙাতে ভাত-পানী ৰান্ধি খাই সকলো নাৱতে শুই থাকিল। ৰজাৰ হ’লে টোপনি অহা নাছিল। কিছুপৰৰ আগৰ সেই ঘটনাটোৱে তেওঁৰ মনটো বৰ অস্থিৰ কৰি পেলাইছিল। সেইবোৰকে ভাবি-গুণি একো উৱাদিহ নাপাই পৰি থাকোঁতে এসময়ত এটা সপোন দেখিলে। সপোনত অতি সুন্দৰ এগৰাকী গোসাঁনীয়ে তেওঁক কৈছে,— মোক য’ত পেলাই দিছিলি, তাৰে ওচৰত এটা পাহাৰ দেখিবি। হিংগুলা পাহাৰ। পাহাৰটো চিনি পাবলৈ তোক এটা উপায় দিওঁ শুন, তাতে হাতীৰ মূৰটোৰ লেখিয়া এটা প্ৰকাণ্ড শিল আছে। শিলটোত মোৰ মূৰ্তি কাটি মন্দিৰ স্থাপন কৰিবি। তাত পূজা সেৱাৰ ব্যৱস্থা কৰিলে মই তাতে থিত ল’ম।’
‘এইবোৰ তই নিজে কোৱা কথা নে আগৰ কোনোবা বুৰঞ্জীবিদ বা পণ্ডিত মানুহে কৈ গৈছে বছ?’
‘তোৰ এই অবিশ্বাসী কথাবিলাকৰ পৰা কেতিয়াবা বিপদত পৰিবি চাবি। এইবোৰ কিবা সাজি ক’ব পৰা কথা জানো? গৱেষক লীলাধৰ বৰা, পণ্ডিত কনকলাল বৰুৱা আৰু আনন্দ চন্দ্ৰ আগৰৱালাদেৱে কোৱাৰ উপৰি মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্যই ১৯০১ চনতে প্ৰতিষ্ঠা কৰি থৈ যোৱা কামৰূপ অনুসন্ধান সমিতিয়েও হিংগুলা পৰ্বত বা হাতীমূৰা পৰ্বতত দেৱী দুৰ্গাৰ মন্দিৰটোৰ বিষয়ে উল্লেখ কৰিছে। মানৰ অত্যাচাৰৰ পৰাও এই মন্দিৰটোৱে ৰক্ষা পোৱা নাছিল বছ। অলপ পঢ়িবি, শিকিবি, নিজৰ ঠাইখনৰ কথা আমি নিজেই যদি নাজানো…।’ বেঁকা হাঁহি এটাৰে দাঁত নিকটাই তাক জ্বলোৱাৰ এই সোণালী সুযোগকণ মই হেৰুৱাব নিবিচাৰিলো। মোক সি পাণ্ডিত্য দেখুওৱা বুলি কোৱা কথাৰ হোৰ তুলিব পাৰি মনটো ফৰকাল লাগি গ’ল।
‘মানৰ আক্ৰমণে ইয়াতো ক্ষতি কৰিছিল তেন্তে?’ বুদ্ধিমান যুগতীৰ্থই ট্ৰেফিক কণ্ট্ৰোল কৰিলে দক্ষতাৰে। তাৰ দুষ্টামি বুজি পায়ো মই একো নোবল ৰিভেঞ্জ নোলোৱাকৈ অকল আত্মপ্ৰসাদৰ হাঁহি এটাৰে তাৰ ইগোত এখন্তেক সুৰসুৰাই দিলো।
‘মানে এই মন্দিৰৰ সোণৰ কলচিটো লৈ গৈছিল। দুৰ্গা গোসাঁনীৰ মূৰ্তিও হেনো নিবলৈ ধৰিছিল, তেনেতে কেইজনমান মান সৈন্য পানীত ডুবি মৰাত তেওঁলোকৰ মনত ভয় উপজিল আৰু গোসাঁনীজনা নিব নোৱাৰিলে। পাহাৰখনৰ তলতে বিঘ্নবিনাশক গণেশ দেৱতাৰ মূৰ্তিও আছে। সেয়ে ভক্তসকলে মন্দিৰলৈ উঠি যাওঁতে তাত সেৱা কৰি ওপৰলৈ উঠি যায়।’
‘ব’ল ব’ল, আমি আজি আৰু কেইবাঠাইতো ফটো তুলিম, ঠাই চোৱাও হ’ব।’
‘ৰচোন, তাৰ পাছত প্ৰমত্ত সিংহ স্বৰ্গদেৱে তাত মন্দিৰ স্থাপন কৰিলে, কিন্তু মানে যিবিলাক বস্তু লৈ গ’ল, সেইবোৰ বাৰু পাছত কোনোবা ৰজাই উদ্ধাৰ কৰিব পাৰিলেনে?’
‘সেই বিষয়ে বৰকৈ জনা নাযায়। পাছে গোসাঁনী ডুবি অৰ্থাৎ সেই ঘূলিটোত হেনো বহুতো বস্তু পোৱা গৈছিল। মন্দিৰৰ সম্পদ বুলিয়ে অনুমান কৰিছিল ৰাইজে।’
‘আমি এদিন ইয়াত নাও এখন লৈ ফুৰিব নোৱাৰোঁনে?’
‘পাৰোঁ। একেবাৰে চিনাকি নাৱৰীয়া এজন আছে। মাজে মাজে ভাল মাছ পালে মোকো অলপ দি যায়।’ তাক আৰু অলপ জ্বলাবলৈ অনাৱশ্যকভাৱে কথাষাৰ যোগ কৰি দি থাৰ্টি টু অল আউট কৰি পুনৰ ক’লো, ‘তাৰ নাম দীনদয়াল পেগু। তাক বিচাৰিম ৰ। সিয়ে আমাক নাও বাই ফুৰাই আনিব পাৰিব।’

পাছে নিশা কোৱাৰ্টাৰ পোৱাৰ পাছত যুগতীৰ্থৰ তীৰকঁপে জ্বৰ উঠিল। আমাৰ চিনাকি ডাক্তৰ ৰবীন ভট্টাচাৰ্যক ফোন কৰিলো। গম পালো, তেওঁ কেইদিনমানৰ বাবে কলিকতালৈ গৈছে। জখলাবন্ধাতো কোনো ডাক্তৰ নাপালো। এই নিশাখন তেজপুৰলৈ নিলেও কাক ক’ত পাম নাজানো। তাৰ মূৰত জলপটি দি ক্ৰোচিন এটাকে খুৱাই দিলো। পাছে মানুহটো বৰ অস্থিৰ হৈ পৰিল। মুখেৰে কিবাকিবি কৈ থাকে। মাজে মাজে উচপ খাই উঠে। ৰাতিটো যেনেতেনে পাৰ কৰি পোহৰ হোৱাৰ লগে লগে তাক নগাঁৱৰ নাৰ্ছিংহোম এখনলৈ লৈ গ’লো। সকলো ধৰণৰ পৰীক্ষা-নিৰীক্ষা কৰোৱা হ’ল। ৰাতিপুৱা দহমান বজাত সি শুলে। মই কোঠালিটোতে বহি আছোঁ। নিশা থাকিবলগীয়া হ’লে অভিনৱ থাকিব, দিনটোত মই থাকিম বুলি কৈ অভিনৱক পঠিয়াই দিলো। টিভিটো চাই আছোঁ যদিও কি চাইছোঁ ক’ব নোৱাৰো। মনটো বৰ খেলিমেলি হৈ পৰিছে।

‘মই বুজিছ, প্ৰকাণ্ড মানুহ এজনে খেদি অহা যেন দেখোঁ। তেওঁৰ হাতত এখন দীঘল দা। দাখনৰ পৰা টোপা টোপে তেজ পৰি আছে। বাৰে বাৰে মোৰ ফালে আঙুলি টোঁৱাই খঙেৰে কিবাকিবি কয়, তাৰ পাছত আৰু প্ৰচণ্ড খঙেৰে দাখন জোকাৰি দেখুৱায়।’
‘এইবোৰ ভাব মনৰ পৰা আঁতৰাই পেলা। ভালকৈ শুলে গাটো ভাল লাগিব। মেলেৰিয়াই পালে যেন পাইছোঁ। কেতিয়াবা তেজ পৰীক্ষা কৰিলেও এই ভাইভেক্স আৰু ফেলচিপেৰাম বদমাছ দুটা ক’ৰবাত উগ্ৰপন্থীয়ে আত্মগোপন কৰাদি লুকাই থাকে। ৰিপোৰ্টত একো নাথাকে। সোচো মৎ, ঘাবৰাও মৎ, ম্যেয় হু না…।’ কথাষাৰ পাতল কৰি দিবলৈ মই ঢেকঢেকাই হাঁহি এটা মাৰি দিলো।

সি পাছে শেঁতা হাঁহি এটা মাৰি ‘ঘাবৰাও মত’ৰ ওলোটা সমীকৰণটোহে কৰি দেখুৱালে। অভিনৱৰ নাম্বাৰটো দেখি ম’বাইলটো কাণত ল’লো।

‘হেৰ’, তাত সেই হাতীমূৰা পৰ্বতত যে এজন মানুহ লগ পাইছিলো, মনত আছেনে? তেওঁ হেনো অসুস্থ হৈ পৰিছে। তেজ বতিয়াই আছে। দুপৰীয়া একো কাম নথকাত মই তালৈকে গৈছিলো। বাৰে বাৰে কৈ আছে, তেওঁক কোনোবাই হাতত দা এখন লৈ খেদি আহে আৰু কিবাকিবি শব্দ কয়, তাৰে ভিতৰত কেইটামান শব্দ তেওঁ বুজি পাইছে। মই গৈ তোক সকলো কথা ক’ম বাৰু, বাটতে আছোঁ, আধা ঘণ্টাৰ ভিতৰতে পামগৈ।’

অভিনৱ, মই আৰু যুগতীৰ্থ নাৰ্ছিংহোমৰ কোঠালিতে বহি কথা পাতি আছোঁ।
‘তোৰ লগত সেই তামৰ মুদ্ৰাটো আছেনে?’
‘এৰা, এয়া লগতে আছে।’ যুগতীৰ্থই সুস্থ মানুহৰ দৰে কৈ উঠিল। তাৰ পাছত মানিবেগত কাগজৰে মেৰিয়াই থোৱা মুদ্ৰাটো উলিয়াই দিলে। লগতে কাপোৰ অনা বেগটোৰ পৰা এফুটমান দীঘল এপাত ত্ৰিশূলো উলিয়াই দিলে।
‘এইপাত আকৌ ক’ত পালি?’ মই আচৰিত হ’লো।
‘সেই মন্দিৰটোৰ পিছফালে। তাতো কিবাকিবি লিখা আছে। চাফা কৰি লৈ একেলগে তহঁতৰ লগত বহি পঢ়িবলৈ চেষ্টা কৰিম বুলি…।’

ছিষ্টাৰক লৈ গজ কাপোৰ অলপ খুজি আনি তাত পানী লগাই মই আৰু অভিনৱে ত্ৰিশূলপাত চাফা কৰাত লাগিলো। বহুপৰৰ চেষ্টাৰ মূৰত আখৰকেইটা জিলিকি উঠিল। ‘তৰগ ৰস ৰস ইন্দু’ স্পষ্ট। ভালকৈয়ে পঢ়িব পাৰি।

‘ইয়াতো কিছুমান ছবি আছে অ’, ভালদৰে ধৰিব নোৱাৰি। পাছে কথাখিনি মুদ্ৰাটোৰ সৈতে যে একে সেয়া খাটাং।’

মোৰ মগজুত বিজুলী চমকাদি কিবা খেলি গ’ল। এই যুগতীৰ্থৰ বেমাৰ আৰু মন্দিৰত লগ পোৱা মানুহজনৰ বেমাৰ, লগতে শব্দকেইটা! এই আটাইবোৰৰ কিবা যোগসূত্ৰ নাইতো! ডাক্তৰক কৈ কিছু সময়ৰ বাবে যুগতীৰ্থক উলিয়াই আনিলো। ডাঃ বৰাই প্ৰথমতে অলপ থেঁৰো-গেৰো কৰিছিল যদিও বৰ দৰকাৰী কাম আছে বুলি ডিক্লেয়াৰেচন এখন লিখি দিয়াত আহিবলৈ দিলে যেনিবা।

আকৌ হাতীমূৰা মন্দিৰ পালো। মানুহজন বিছনাতে আছে। কোনো চিকিৎসকক নেদেখুৱায়, দৰৱ নেখায় হেনো। দেৱীৰ নিৰ্মালি আৰু পদজল খাই দুৰ্গানাম জপ কৰি আছে। অত্যন্ত দুৰ্বল। আমাৰ মাত শুনি ওলাই আহিল।

যুগতীৰ্থৰ বেমাৰৰ কথা ক’লো। স্থিৰ চাৱনিৰে কিছুপৰ চাই থাকিল তেওঁ। তাৰ পাছত ক’লে, ‘আমি মানুহবোৰে যে ভ্ৰমত পৰি মাৰ মূৰ্তি মাটিৰে সজাই ৰং সানি পূজা কৰো, আমি সঁচাকৈয়ে মাৰ মহিমা নাজানো বুজিছা? তেওঁক জানো মাটিৰ মূৰ্তিৰে তুলনা কৰিব পাৰি? তেওঁ সদা জাগ্ৰত, অসীম শক্তিৰ উৎস, চাচোন চা, দুপদ বস্তু এই পাহাৰৰ পৰা নাইকিয়া হওঁতে তেওঁৰ প্ৰহৰীসকল কেনেদৰে জাগ্ৰত হৈ পৰিল। আচলতে মানৰ আক্ৰমণৰ সময়তো তেনেকুৱা হোৱা বুলিয়ে শুনিছিলো। মন্দিৰৰ বস্তু-বাহানি লৈ পলাবলৈ ধৰা মান সেনাক হেনো দুজন শক্তিমান মানুহে এখন প্ৰকাণ্ড দা লৈ খেদি গৈছিল। কিছুমানে য’তে ত’তে বস্তুবোৰ দলিয়াই পেলাই নৈত জাঁপ দিছিল। তাৰ পৰা আৰু উদ্ধাৰ নাপালে। সেই খেদি যোৱাকেইজন হেনো স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনৰে মন্দিৰৰ ৰখীয়া। গদাধৰ তৰুণ দুৱৰা বৰফুকনে প্ৰমত্ত সিংহৰ দিনত তেওঁৰ আদেশত এই মন্দিৰ নিৰ্মাণ কৰোঁতে হেনো এইসকল লোকক মন্দিৰ ৰখীয়া পাতিছিল।’
‘কিমান চন আছিল সেয়া?’ ঘপহকৰে মোৰ মুখৰ পৰা ওলাই গ’ল।
‘পুৰণি সাঁচিপতীয়া পুথি আৰু নানা গৱেষকসকলৰ লিখনিৰ পৰা গম পোৱামতে ১৬৬৭ শকত। তাৰ পাছৰে পৰা মন্দিৰৰ কিবা বস্তু কোনোবাই ক’ৰবাত পাই বুটলি ল’লে মন্দিৰতে পুনৰ ওভোতাই দি থৈ যায়। নহ’লে বহুত অপায়-অমংগল ঘটিব ধৰে।’
‘কিন্তু বস্তুবোৰ মন্দিৰৰ বুলি…?’ ভয়তে মই কথাষাৰ সম্পূৰ্ণ কৰিব নোৱাৰিলো যদিও তীব্ৰ কৌতূহলে মোক চেপা মাৰি ধৰিছিল। মাত নাইকিয়া হৈছিল অভিনৱ আৰু যুগতীৰ্থৰো।
‘ইয়াৰ শিলালিপিখন চাইছানে বাৰু? ঠায়ে ঠায়ে ভাগি গৈছে যদিও সেয়া যে ১৬৬৭ শকত লিখা হৈছিল, ভালদৰে বুজি পোৱা যায়। সাংকেতিক শব্দৰে লিখা আছে।’ মানুহজনে ‘তই’ৰ পৰা আকৌ তুমি সম্বোধনলৈ উভতি গ’ল।

আমি ঘূৰি-পকি পুনৰ কেউফালে চালো। শিলালিপিখনৰ পাঠোদ্ধাৰ কৰিবলৈ আমাৰ জ্ঞান-বুদ্ধি নাই। সেই বিষয়টো জনা মানুহেহে কৰিব পাৰে। পাছে এষাৰ কথা দেখি উচপ খাই উঠিলো। আচলতে প্ৰথমতে যুগতীৰ্থই দেখিহে মোক আৰু অভিনৱক দেখুৱালে। শিল এচটাত প্ৰমত্ত সিংহই মন্দিৰটো স্থাপন কৰা বুলি লিখা আছে। তলত ‘তৰগ ৰস ৰস ইন্দু’ বুলি উল্লেখ আছে।

‘অৰ্থাৎ?’ মই মন্দিৰত থকা সাধকজনলৈ চালো।
আচৰিত ধৰণে তেওঁৰ শৰীৰত অসুস্থতাৰ কোনো চিন নাই। হাঁহিমুখে তেওঁ হাতখন আমালৈ আগবঢ়াই দিলে। চাৱনিত মৰম নে ক্ষমা? নে ভিতৰি ভিতৰি চকু দুটা জ্বলি আছে? হাতত দা লৈ খেদি অহা সেই প্ৰাচীন ৰখীয়াজনৰ চকু দুটা? বৰ ৰহস্যজনক আৰু ভয়লগা চাৱনি।

যুগতীৰ্থই ত্ৰিশূলপাত আৰু মুদ্ৰাটো আথেবেথে তেওঁৰ হাতত তুলি দিলে। একেখন হাতেৰে তেওঁ আমাৰ হাতবোৰ মুঠি মাৰি ধৰিলে। উঃ কি শক্তিশালী হাতখন! কোন বাৰু এওঁ?

❧ | আৰু পঢ়ক: ধ্ৰুৱজ্যোতি শৰ্মাৰ গল্প ‘মিথ্যাশ্ৰয়ী’

‘মই ইয়াতে আছোঁ, ইয়াতে থাকিম। সেই তৰগ ৰস ৰস ইন্দুৰ পৰা, তোমালোকৰ ভাষাত ষোল্লশ সাতষষ্ঠি শকৰ পৰা।’

কথাষাৰ কৈয়ে দীঘল দীঘল খোজেৰে মানুহজন আমাৰ ওচৰৰ পৰা আঁতৰি গ’ল। বতাহত বাৰে বাৰে প্ৰতিধ্বনিৰ দৰে বাজি থাকিল— ইয়াতে আছোঁ, ইয়াতে থাকিম সেই তৰগ ৰস ৰস ইন্দুৰ পৰা…!

সৰগ পৰা মানুহৰ দৰে আমি থৰ লাগি চাই থাকিলো।

তৰগ ৰস ৰস ইন্দু | জয়শ্ৰী গোস্বামী মহন্ত

Follow Nilacharai on Facebook