সাম্প্ৰতিক অসমীয়া গীত-সংগীত: দুৰ্ভাৱনাৰ দুশাৰীমান

লোকসংগীতৰ স্বভাৱজাত ঐন্দ্ৰজালিক পৰিৱেশত মোহাচ্ছন্ন হৈ থকা সমাজ এখনত যুগনায়ক শ্ৰীমন্ত শংকৰদেৱে উচ্চাংগ সংগীতেৰে যুগান্তকাৰী পৰিৱৰ্তন আনিছিল৷ আধুনিক যুগৰ আগমনৰ সময়লৈকে সেই ধৰ্মীয় চিন্তাৰে সংপৃক্ত গীত-মাতৰ চুম্বকীয় আকৰ্ষণত অসমীয়া চহা জীৱনে উচ্চাংগ সংগীতৰ সোৱাদৰ মাজত মন-মগজু জীপাল কৰি ৰাখিব পাৰিছিল৷ বৃটিছৰ আগমনৰ সমসাময়িকভাৱে আধুনিক সাহিত্যৰ সকলোবোৰ উপাদানৰ লগতে সংগীতেও বঙলুৱা সাজ এটি পিন্ধি আধুনিকতাৰ আগমন ঘটালে৷ তাৰ পৰৱৰ্তী সময়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে লোক সংগীতৰ আলম লৈ গছে গছে যি নব্য কথা-সুৰৰ শৰাই পাতি দিলে, তাৰেই ফলশ্ৰুতিত অসমীয়া আধুনিক সংগীতৰ বিশ্বজয়ী যাত্ৰা আৰম্ভ হ’ল৷

জ্যোতিপ্ৰসাদৰ সমসাময়িক বিষ্ণুপ্ৰসাদ ৰাভা, লক্ষ্মীনাথ বেজবৰুৱাইও নতুন সৃষ্টিৰে আধুনিক গীতক মান্যতা প্ৰদান কৰিলে৷ দুজনা পৰিপক্ব গুৰুক হাততে পাই অসমীয়া সংগীতক অধিক গতিশীল কৰি তুলিলে কলাৰত্ন ভূপেন হাজৰিকাই৷ জ্যোতি-বিষ্ণুৰ সামাজিক সচেতনতা সাহিত্য সৃষ্টিৰ উপজীৱ্য হিচাপে লৈ ভূপেন হাজৰিকাই তেওঁৰ অসামান্য মেধাৰে অসমীয়া সংগীতক এক অনন্য মাত্ৰা প্ৰদান কৰি বিশ্ববন্দিত হৈ পৰিল৷ তাৰো আগৰে পৰা স্বনামধন্য কবিসকলৰ হাতত অসমীয়া গীতিসাহিত্যই সঁজাল ধৰিছিল; কিন্ত ভূপেন হাজৰিকা যিহেতু একাধাৰে গায়ক-গীতিকাৰ, তেওঁৰ হাতত এই সৃষ্টিশীল কলাই পৰিপক্বতা লাভ কৰিবলৈ সুযোগ পালে৷

ভূপেন হাজৰিকাৰ পিছত কেশৱ মহন্ত, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, হীৰেন ভট্টাচাৰ্যকে আদি কৰি অগণন কবি-গীতিকাৰে গীত সৃষ্টিত মনোনিৱেশ কৰি গীতিসাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিলে৷ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি সকলো সামাজিক-সাংস্কৃতিক সংকটৰ সময়ত সংগীত হৈ পৰিল সমাজ পৰিৱৰ্তনৰ ফলপ্ৰসূ আহিলা৷

আকাশবাণীৰ সংগীতানুষ্ঠান সজোৱাৰ বাবে প্ৰয়োজন হৈ পৰিল এচাম গীতিকাৰৰ৷ তাৰ লগতে চলচ্চিত্ৰৰ বাবেও গীত-সংগীত হৈ পৰিল অপৰিহাৰ্য অংগ৷ বৈপ্লৱিক চেতনা প্ৰকাশৰ বাহিৰেও মানুহৰ মনৰ চিন্তা-চেতনা প্ৰকাশক ভাবধাৰা, শাশ্বত প্ৰেমেও নিভাঁজ ৰূপত গীতিসাহিত্যত ঠাই পালে৷ বহু গীতিকাৰ আৰু কণ্ঠশিল্পীৰ জন্ম হ’ল৷ জয়ন্ত হাজৰিকাৰ দৰে প্ৰগতিশীল সংগীতশিল্পীৰ বাবে নিৰ্মলপ্ৰভাৰ সান্নিধ্য হৈ পৰিল মণিকাঞ্চন সংযোগ৷ পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ দাৰ্শনিক সংগীতৰ কথাও উনুকিয়াই নথ’লে ইতিহাসৰ প্ৰকৃত বিবৃতি আধৰুৱা হৈ ৰ’ব। অসমীয়া আধুনিক সংগীতৰ এই যাত্ৰাত যিসকল মহান লোকৰ অৱদান আছে, তাক মাথোন নামোচ্চাৰণৰ দ্বাৰা উল্লেখ কৰিবলৈ গ’লেও মহাকাব্যিক চৰিত্ৰ অৰ্জন কৰিবগৈ৷

এনে এক সোণোৱালী ঐতিহ্য থকাৰ পিছতো অসমীয়া আধুনিক সংগীতৰ বৰ্তমানৰ গতি-প্ৰকৃতিৰ বিষয়ে আলোকপাত কৰিবলৈ গ’লে বিষাদগ্ৰস্ততা আৰু হতাশাইহে যেন আৱৰি ধৰে, তেনে ভাব হয়৷ ভূপেন হাজৰিকাৰ অবৰ্তমানত অসমীয়া আধুনিক সংগীতৰ গতি-প্ৰকৃতি কিমান সমাজ-সচেতন আৰু দায়ৱদ্ধ সেয়া বিচাৰ্যৰ বিষয়৷

অসম আন্দোলনৰ জুই লগা সময়ত সৃষ্টি হোৱা জাতীয় দায়ৱদ্ধতা তাৰ পৰৱৰ্তী সময়ত একেই নিভাঁজ ৰূপত আছেনে, সি এক ডাঙৰ প্ৰশ্ন৷ জাতীয় নায়কসকলৰ সুবিধাবাদী চৰিত্ৰ আৰু বিপ্লৱৰ নামত হোৱা অনিয়ন্ত্ৰিত অস্ত্ৰচালনাৰ আত্মঘাতী ফলাফলৰ পাছত মানুহৰ মনৰ পৰা জাতীয়তাবাদী চিন্তাই মেলানি মাগিলে নেকি? আধুনিকতাৰ নামত সমগ্ৰ পৃথিৱীলৈ যি বস্তুবাদী চিন্তাৰ আগমন ঘটিল, সি মনৰ মাজৰ পৰা কলাৰ কলাসন্মত আকৰ্ষণ নোহোৱা কৰিলে নেকি?

যোৱা পঁচিশ বছৰমানৰ আধুনিক গীতৰ (সকলো নহয়) গীতিধৰ্মিতাৰ যদি এক সমীক্ষা চলোৱা হয়, তেতিয়া দেখা যাব যে ঐতিহ্যৰ মেটমৰা সম্ভাৰ থকাৰ পিছতো যেন আমি আধুনিকতাৰ দোহাই দি চিন্তাৰ জগতত পশ্চাদমুখিতাকে আদৰি লৈছোঁ৷ তৰল চিন্তা আৰু ভাবধাৰাৰ কথাৰে ধ্বংসকাৰী প্ৰৱণতা এটা সৃষ্টি কৰি আজিৰ অসমীয়া সংগীতে যেন ঐতিহ্যক ভেঙুচালি কৰিছে! ক’ত হেৰাল জ্যোতি-বিষ্ণু-পাৰ্ৱতিৰ সপোন সনা সুৰৰ আৱেশ? ক’ত হেৰাল ৰসৰাজৰ একেটি সুৰত বন্ধা বাঁহীৰ সুৰ? ক’ত হেৰাল কেশৱ মহন্ত-খগেন মহন্তৰ ডাকোৱালৰ চিঠি? ক’ত এৰি থৈ আহিলো আমি জয়ন্ত হাজৰিকা-নিৰ্মলপ্ৰভাক? গতিয়েই যদি সংস্কৃতিক গতিশীল কৰে, তেনেহ’লে গতিশীলতাৰ পৰিৱৰ্তনৰ ধামখুমীয়াত কোন দিশে অসমীয়া আধুনিক সংগীত?

| পাঠকৰ প্ৰতি:
যোৱা পঁচিশ বছৰমানৰ অসমীয়া গীত-সংগীত প্ৰসংগত আপুনি কি ভাবে? আপোনাৰ মতামত তলত মন্তব্য আকাৰে আমাক জনাওক।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of