যন্ত্ৰণাক মৌনতাৰে বৰণৰ অন্য নাম ‘মা’

যন্ত্ৰণাক মৌনতাৰে বৰণৰ অন্য নাম ‘মা’
  • 18 May, 2020

ম্প্ৰতি বিশ্বৰ সৰ্বত্ৰে মাতৃ দিৱস উদযাপন কৰা হয়। আধুনিক বিশ্বত মে’ মাহৰ দ্বিতীয় দেওবাৰটো মাতৃ দিৱস (Mother’s Day) হিচাপে পালন কৰা হয়। মা দিৱস বা মাতৃ দিৱস এটি সন্মান প্ৰদৰ্শনমূলক অনুষ্ঠান, য’ত এগৰাকী মাতৃৰ মৰম, ত্যাগ, শক্তি, ধৈৰ্যৰ বিভিন্ন দিশ প্ৰতিফলিত হয়। কিন্তু এই কথাও সত্য যে মাতৃৰ মৰম, ত্যাগ, শক্তি, ধৈৰ্যক বছৰত এদিন পতা এটা অনুষ্ঠানৰ মাজেদি জুখি চোৱাটো কেতিয়াও সম্ভৱ নহয়। মাতৃ প্ৰেম এনেকুৱা এক প্ৰেম, যিয়ে কেতিয়াও আমাক দূৰলৈ নপঠিয়ায়। মাতৃত্বত এনেকুৱা পৱিত্ৰতা আছে, যাক কোনো কলঙ্কই স্পৰ্শ কৰিব নোৱাৰে।

‘মা’ এটি মাথোঁ শব্দ নহয়, মা হৈছে মৰমৰ সাগৰ, ধৈৰ্যৰ ভঁৰাল, শক্তিৰ অন্য এক ৰূপ। “Every mother in the world has gigantic hearts”— এগৰাকী মাতৃৰ হৃদয়ৰ বিশালতাক কেতিয়াও কোনেও জুখি চাই শেষ কৰিব নোৱাৰে। এগৰাকী মাতৃৰ বাবে জীৱনৰ আটাইতকৈ মূল্যৱান উপহাৰটিয়েই হৈছে তেওঁৰ সন্তান।

‘মা’ দেৱী স্বৰূপিনী। হিন্দুধৰ্মত মহাশক্তি, আদিশক্তি হিচাপে মাতৃ পূজা কৰা হয়। ভাৰতবৰ্ষত মাতৃক সমাজৰ গৌৰৱ আৰু প্ৰেৰণাময়ী শক্তি বুলি মান্য কৰা হয়। কেৱল হিন্দুধৰ্মতে নহয়, পৃথিৱীৰ অন্যান্য ধৰ্মতো মাতৃৰ স্থান উচ্চত।

সাম্প্ৰতিক সময়ত মাতৃ দিৱস উদযাপন এটি প্ৰতিযোগিতাৰ দৰে হৈ পৰিছে। বিদ্যালয় তথা অন্যান্য আনুষ্ঠানিক সংগঠনসমূহত মাতৃ দিৱস বৰ উলহ-মালহেৰে উদযাপন কৰা দেখা যায়, যিটো সমাজৰ বাবে এক ইতিবাচক সংকেত।

আমাৰ দেশ ভাৰতবৰ্ষক আমি দেশমাতৃ জ্ঞান কৰোঁ। পৰিহাসৰ কথা, এইখন দেশতে প্ৰতি মুহূৰ্তত বহুতো মাতৃ ঘৰুৱা হিংসাৰ বলি হ’ব লগা হৈছে। বৃদ্ধা মাতৃৰ ওপৰত অত্যাচাৰ চলি আছে। সমাজৰ হেজাৰগৰাকী মাৰ শেষ আশ্ৰয় হৈছে বৃদ্ধাশ্ৰম। সেয়েহে মনত প্ৰশ্ন হয়, মাতৃ দিৱসৰ য’ত উলহ-মালহৰ অন্ত নাই, তাৰ মাজত এনেবোৰ ঘটনাই দৰাচলতে কি বুজায়! যদি এনেদৰেই চলি থাকে, তেন্তে অদূৰ ভৱিষ্যতে মাতৃত্ব হয়তো দুখৰ হে কাৰণ হৈ পৰিব!

এগৰাকী মাকৰ বাবে সন্তানৰ মৰমেই হৈছে অমূল্য উপহাৰ। কিন্তু যান্ত্ৰিকতাৰ গ্ৰাসত আজিৰ অধিক সংখ্যক সন্তানে পাহৰি গৈছে মাকক এষাৰি মৰমৰ মাত দিবলৈ। আমি যদি আজি নিজকে এবাৰ প্ৰশ্ন কৰোঁ,— প্ৰতিদিনে বা সপ্তাহত এবাৰ হ’লেও মাক কৈছোঁনে— “মা তোমাক বহুত ভাল পাওঁ”, তেতিয়া নিশ্চয় এই প্ৰশ্নৰ উত্তৰ ওলাই পৰিব। এই বিশাল পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিছোঁ আমি মাৰ বাবে। অকৃত্ৰিম মৰমৰ ভাণ্ডাৰ থাকে কেৱল মাৰ বুকুত। এগৰাকী মাতৃয়ে সীমাহীন বেদনা সহ্য কৰি এটি শিশু ভূমিষ্ঠ কৰে। সেইবাবেই হয়তো হেজাৰ ত্যাগ আৰু যন্ত্ৰণাক মৌনতাৰে স্বীকাৰ কৰি সন্তানৰ মুখত এটি হাঁহি বিচাৰে। জন্মৰ পৰা আজিলৈ যদি হিচাপ কৰোঁ, আমি বহুবোৰ বসন্ত পাৰ কৰিলে, অজানিতে বহু সময় পাৰ কৰি দিলো মাৰ ত্যাগ, মাৰ যন্ত্ৰণাক, মাৰ মমতাক উপলব্ধি নকৰাকৈ! গতিকে আগন্তুক জীৱনৰ প্ৰতিটো দিনেই আমি ‘মাতৃ দিৱস’ৰ দৰে পালন কৰিম বুলি যদি প্ৰতিজ্ঞাবদ্ধ হওঁ, তেন্তে সমাজৰ প্ৰতিগৰাকী মা সঁচা অৰ্থত সুখী হ’ব পাৰিব।

❧ | আৰু পঢ়ক: দেউতাৰ শাওণ, মোৰ শাওণ

মা সুখী হোৱা মানে প্ৰতিটো পৰিয়াল সুখী হোৱা আৰু পৰিয়াল সুখী মানে দেশ সুখী হোৱা। সেয়ে ড° এ পি জে আব্দুল কালামে কৈ গৈছে— “When mother is happy, family is happy. When family is happy, nation is happy”।

❧ | আৰু পঢ়ক:

যন্ত্ৰণাক মৌনতাৰে বৰণৰ অন্য নাম ‘মা’ | ডলী মেধি

Follow Nilacharai on Facebook