সৰ্থেবাৰীৰ সভা মহোৎসৱ

সৰ্থেবাৰীৰ সভা মহোৎসৱ
  • 13 Feb, 2012

ৎসৱ-পাৰ্বন, সভা মহোৎসৱ আদিয়ে মানুহৰ মনত আনন্দ প্ৰদান কৰাৰ উপৰিও ই একোটা অঞ্চলৰ নিজৰ কলা-কৃষ্টি আৰু সংস্কৃতিৰো বহুখিনি দিশ পোহৰলৈ আনি মানুহৰ মাজত একতা, সম্প্ৰীতি আৰু সদ্ভাৱৰ এনাজৰীডাল সুদৃঢ় কৰি তোলে।

সৰ্থেবাৰীয়া ৰাইজে সমূহীয়া সাৰ্ব্বজনীন ধৰ্মানুষ্ঠান এটিৰ পোষকতা কৰি সভা মহোৎসৱৰ আৰম্ভণি কৰিছিল, যাতে সকলো পন্থী লোকৰ মাজত সহযোগ, সমন্বয় আৰু ঐক্য বৰ্তি থাকে। জগতৰ নাথ মহাপ্ৰভু জগন্নাথৰ নামত অনুষ্ঠিত হয় এই পৱিত্ৰ সভা মহোৎসৱ। সভাৰ নিৰ্ধাৰিত দিনৰ ১৫ দিন আগতে, অৰ্থাৎ অমাৱস্যা তিথিৰ দিনৰ পৰাই সভাৰ মেল আৰম্ভ হয়। সভাৰ মেলৰ বিশেষত্ব এই যে মেললৈ কোনো মানুহকে ব্যক্তিগতভাৱে নিমন্ত্ৰণ কৰিব নালাগে। সভাৰ মেলতে সভাৰ সকলো ধৰণৰ প্ৰস্তুতিৰ কাম সমাধা কৰা হয়। সভাৰ সকলো কাম সৰ্থেবাৰীৰ পাঁচখেলৰ গঞা গয়ৰহে পৰিচালনা কৰে। সভালৈ সৰ্থেবাৰী পাঁচখেল উন্নয়ন সমিতিয়ে আগতীয়াকৈ বন্দোৱস্ত কৰা থিয়েটাৰ, কথাছবিৰ পৰিচালনা আদিৰ বাবে সমিতিবোৰ সভাৰ মেলতে গঠন কৰা হয়। পাঁচখেল ৰাইজৰ সভাৰ বৰঙণি এই মেলতে স্থিৰ কৰা হয়। গাঁৱৰ মানুহৰ দায়-দোষ, গোচৰ, বিচাৰ আদি সভাৰ মেলতে আলোচনাৰ মাধ্যমেৰে নিস্পত্তি কৰা হয়। সভাৰ মেলখন ৰাইজৰ বাবে এক উচ্চক্ষমতা সম্পন্ন আদালত স্বৰূপ। সকলোৱে সভাৰ মেলৰ ৰায় মানি চলিব লাগে। সৰ্থেবাৰী পাঁচখেল উন্নয়ন সমিতিয়ে সভাৰ খলাৰ নক্সা এখন তৈয়াৰ কৰি সভালৈ অহা বেপাৰীসকলক দোকানৰ মাটিৰ ব্যৱস্থা কৰি দিয়ে। অৱশ্যে ইয়াৰ বাবে বেপাৰীসকলে নিৰ্দ্ধাৰিত হাৰত মাটিৰ মাচুল আদায় দিব লাগে।

সৰ্থেবাৰীৰ সভা

সৰ্থেবাৰীৰ পাঁচখেলৰ মুৰব্বীসকলক পঞ্চপ্ৰধান বোলা হয়। আতাথেৰ খেলৰ ওপৰত ভঁৰালীৰ, শালাকাঠিয়াথেৰ খেলত মজুমদাৰৰ, কাজিথেৰ খেলত বৰ পাঠকৰ, তালুকদাৰ খেলত অৰ্চকৰ আৰু তামুলীথেৰ খেলত আহ্বায়কৰ দায়িত্ব থাকে।

প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ পৱিত্ৰ তিথিত সৰ্থেবাৰীৰ সভা অনুষ্ঠিত কৰা হয়। সভা মহোৎসৱ পাঁচদিন ব্যাপি চলে। প্ৰথম দিনা গন্ধ। গন্ধৰ দিনা ৰাতিপুৱা প্ৰতি খেলৰ প্ৰতিঘৰ মানুহৰ পৰা একোডালকৈ বাঁহ আনি নিৰ্দিষ্ট ঠাইত ‘চাইনা’ (চালি) দিব লাগে। সৰ্থেবাৰীৰ মুঠ খেল পাঁচটা, কিন্তু একোটা খেলতে দুই-তিনিটাকৈ চুবা আছে। গন্ধৰ দিনা ৰাতি প্ৰতিটো খেল আৰু চুবাৰ কীৰ্তনঘৰৰ পৰা গোসাঁইৰ বিগ্ৰহবোৰ সজাই-পৰাই উলিয়াই আনি সভাৰ খলাৰ বৰগোসাঁইৰ ঘৰত যথা স্থানত ৰখা হয়। ইয়াকে গোসাঁই উলিওৱা বোলে। ৰাতিৰ গোসাঁই উলিওৱা অনুষ্ঠানটি এটি আকৰ্ষণীয় অনুষ্ঠান। হিলৈ, ফটকাৰ শব্দ, ঢুলীয়াৰ ঢোলৰ কোব, জীয়ৰী-বোৱাৰী, আয়তীসকলে জাউৰিয়ে জাউৰিয়ে গোৱা গীতৰ ধ্বনিয়ে গোটেই পথছোৱা মুখৰিত কৰি তোলে।

সৰ্থেবাৰীৰ সভা

গন্ধৰ পিছদিনা হোম। হোমৰ দিনা ৰাতিপুৱাৰ পৰাই বৰগোসাঁই ঘৰত ভক্তিপ্ৰাণ ৰাইজে চাকি-বন্তি জ্বলায়। ৰাতিপুৱা আইসকলৰ নামৰ পাছত হোমৰ ব্যৱস্থা কৰা হয়। মণিকূটৰ গাতে লাগি আছে সভাঘৰ। এই সভাঘৰত মাহ-প্ৰসাদৰ শৰাই পতা, ব্ৰাহ্মণসকলৰ পূজা-পাতল, হোম-যজ্ঞ, ভাগৱত পাঠ আৰু নাম-প্ৰসঙ্গ হয়। হোমৰ স্থানৰ দক্ষিণে ভাগৱত পাঠ অৰু পশ্চিমে নাম-প্ৰসঙ্গ হয়। দহ-এঘাৰমান বজাত ভাগৱত পাঠ আৰম্ভ হয়, তাৰ কিছু সময় পিছত হোম-যজ্ঞৰ প্ৰাৰম্ভিক কৰ্ম শেষ কৰি হোমাগ্নি প্ৰজ্জ্বলন কৰে আৰু লগে লগে বৰ পাঠকে পাঠ শেষ কৰি নাম ডাকে। লগে লগে গোটেই ঠাইখনতেই এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশে বিৰাজ কৰে। নামৰ ধ্বনি আৰু ভোৰতালৰ শব্দই দশোদিশ মুখৰিত কৰি তুলি এক অপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰে। দূৰ-দূৰণিৰ পৰা আহি অনেক লোকে হোমৰ নামত অংশ গ্ৰহণ কৰে। হোমৰ নামৰ এক বিশেষত্ব হ’ল— চেনি দান। এই চেনি প্ৰসাদৰ লগত মিহলি কৰি দিয়া হয়। হোমৰ দিনা সকলোৱে উপবাসে থাকে। হোমৰ ফোঁট, প্ৰসাদ আদি লোৱাৰ পিছতহে খোৱা-বোৱা কৰে। হোমৰ দিনা দুপৰীয়া সকলোৱে ভাতৰ পৰিৱৰ্তে চিৰা, কোমল চাউল আদি গ্ৰহণ কৰে। হোমৰ দিনাৰে পৰা তিনিদিন ধৰি দূৰ-দূৰণিৰ পৰা সভা চাবলৈ অহা যাত্ৰীসকলক, আনকি যাত্ৰাপাৰ্টিকো গধূলি সিধা যোগান ধৰা হয়। প্ৰকৃততে ই যেন এখন মহা মিলনৰহে ক্ষেত্ৰ।

সৰ্থেবাৰীৰ সভা

সভাৰ আন এটা আকৰ্ষণীয় দিশ হ’ল বজাৰক্ষেত্ৰ । বিভিন্ন সামগ্ৰীৰ এই ডাঙৰ বাণিজ্য মেলাত কাপোৰৰ বিপণীয়েই সৰহ।

❧ | আৰু পঢ়ক: মাহপ্ৰসাদ: এক বিজ্ঞানসন্মত অৱলোকন

টোকা:
১. গন্ধ: প্ৰতিটো খেলৰ পৰা গোসাঁই (বিগ্ৰহ) আনি সভাৰ মূল গোসাঁই ঘৰত একগোট কৰি ধুপ-ধূনা জলাই সুগন্ধি কৰি তোলা এক ভক্তি মাৰ্গীয় পৰিৱেশ।
২. সিধা: চাউল, দাইল আদি এসাঁজ খোৱাৰ জোখাৰে ৰাইজৰ পৰা দান কৰা খাদ্য সামগ্ৰী।

সহায়ক গ্ৰন্থ: ডেকা, কাশীনাথ, ‘এইখন সৰ্থেবাৰী’, ৰাজেন্দ্ৰ কুটীৰ, সৰ্থেবাৰী, বাপুজী নগৰ, ১৯৯৫

ছবি: ধনঞ্জয় ডেকা

সৰ্থেবাৰীৰ সভা মহোৎসৱ | ধনঞ্জয় ডেকা

Follow Nilacharai on Facebook