নদীৰ দেশৰ মানুহ

প্ৰকাশ: ৬ ছেপ্তেম্বৰ, ২০১৮ | অন্তিম সম্পাদনা: ৬ ছেপ্তেম্বৰ, ২০১৮

(নৈৰ বুকুত প্ৰাণ হেৰুওৱা প্ৰতিজনৰ স্মৃতিত)

নদীয়েই সপোন। নদীয়েই আপোন। বানত বুৰে পঁজা, নৈত বুৰে নাও। নৈয়ে ভাঙে, গঢ়ে সপোন। দুদিনীয়া জীৱনত নৈৰ গৰাতে প্ৰেম। জীৱনৰ জয়গান।

লুইত দিখৌ দিহিং পাগলাদিয়া কপিলীপৰীয়া মানুহবোৰে নৈৰ বাবেই সপোন দেখে। নৈতে জাহো যায় সপোন। তেনে এটা সপোন কাঠনীবাৰী ঘাট। মহিম বৰাৰ গল্পত চৰতীয়াৰ দৰে ৰঙা এটা বেলি।

তথাপিও সপোন দেখোঁ। লুইতৰ পাৰ, নৈৰ পাৰবোৰে, একালত থকা ঘাটবোৰে প্ৰাণ পাই উঠিব। ইপাৰ সিপাৰত নাও চলিব। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ বুকুত বৰনাও, মাৰনাও, জাহাজ চলিব। জাত জাত বিহুনাম সাৰ পাই উঠিব। উজাই আহিলে কোম্পানীৰ জাহাজ ঐ লুইততে পেলালে লঙৰ…।

নদীকেন্দ্ৰিক মানুহ। মানুহৰ জীৱনবোৰ সাৰ পাই উঠিব। বৰ বৰ কোম্পানীৰ লৰী-মটৰৰ ব্যৱসায়ৰ সলনি নৈবোৰে প্ৰাণ পাব।

প্ৰযুক্তিয়ে সলাই পেলোৱা পৃথিৱীখনত টাইটানিক বুৰিব নে? নুবুৰে। নৈৰ গতিপথ দিয়া, বতৰৰ জাননী দিয়া, দক্ষ নাৱিক-নাৱৰীয়াক প্ৰশিক্ষণ দিয়া এক ব্যৱস্থা গঢ় লৈ উঠিব। যাত্ৰীৰ বাবে আপদকালীন সেৱাৰ সুব্যৱস্থা একোটা হৈ উঠিব।

নৈবোৰে প্ৰাণ পাই উঠিব। ঘাটবোৰ জী উঠিব।

সঘন চলাচল হোৱা নদী পথবোৰে নদীৰ তলিৰ গেদবোৰ আঁতৰাই নিয়াত সহায় কৰিব। হয়তো বান-খহনীয়া ৰোধতো সহায় কৰিব।

আৰু পঢ়ক:  তেওঁৰ হাতৰ পতাকাখন

তাহানি শৰাইঘাটত নাৱে নাৱে বৰ লুইতত সাঁকো সাজি দিল্লীৰ বঙালক ৰণত ঘটুৱাই কাললৈ খিয়াতি ৰখা নৌযুঁজত নিপুণ অসমীয়াই এনে সপোন দেখিব পাৰে নে?

চৰতীয়া এটাৰ সমান ৰঙা বেলিটোৰ সপোন?

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts