ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক ওপজা দিন (৮ ছেপ্তেম্বৰ, ২০১৯) উপলক্ষে ‘কলগান’ শীৰ্ষক এটি গীত মুক্তি পাইছে। গীতৰ কথাৰে ভূপেন হাজৰিকাক অংকন কৰাৰ প্ৰয়াস কৰা গীতটি কণ্ঠেৰে সজাইছে নয়ন অসম কলিয়াবৰীয়া (নীলা চৰাইৰ অন্যতম নিয়মীয়া লেখক নয়নজ্যোতি শইকীয়া)ই। গীতৰ কথা আৰু সুৰো তেওঁৰে। গীতটি সংগীতেৰে সজাইছে নগাঁৱৰ প্ৰাঞ্জল বৰাই। কবৰী কুসুম মিউজিক ক্ৰিয়েচনৰ বেনাৰত মুক্তি পোৱা গীতটিৰ চিন্তন-ভাৱনৰ সময়ত পল্লৱপ্ৰাণ গোস্বামী (নীলা চৰাইৰ সম্পাদক)-এ সহযোগিতা আগবঢ়াইছিল। উল্লেখ্য যে গীতটি যোৱা ৫ ছেপ্তেম্বৰ তাৰিখে নীলা চৰাইৰ ফেচবুক পৃষ্ঠাত প্ৰিমিয়াৰৰ জৰিয়তে মুক্তি দিয়া হৈছিল।
কলগান
ড° ভূপেন হাজৰিকালৈ সাংগীতিক শ্ৰদ্ধাঞ্জলি
প্ৰকাশন: কবৰী কুসুম মিউজিক ক্ৰিয়েচন, নগাঁও
গীতৰ কথা, সুৰ আৰু কণ্ঠ: নয়ন অসম কলিয়াবৰীয়া
সংগীত: প্ৰাঞ্জল বৰা
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক




